Wednesday, June 5, 2019
বিশ্ব পৰিবেশ দিৱসৰ কিছু নিজা চিন্তা সৰু সৰু মানুহৰ কথা বা চিন্তাবোৰ গ্ৰহণযোগ্য নহয় তথাপিও লিখিব মন গল বাবে লিখিলোঁ ৷ এই লিখনিয়ে কাৰোঁবা অন্তৰত আঘাট হানিলে প্ৰথমে তেওঁলোকে ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ ৷ প্ৰথম কথা হল মানুহ বুলি যদি আমি নিজক পৰিচয় দিব বিচাৰোঁ তেতিয়া হলে নিজকে লাজ লাগে ৷ কাৰণ আমি সদায় সুযোগ গ্ৰহণ কৰি সমাজৰ সকলোবে মাজত জ্ঞানী বা বুদ্ধিয়ক বা শ্ৰেষ্ঠ নেতা পৰিচয় দি ভাল পাওঁ ৷ আজি দিনটো কথাকে কওঁ গছপুলি ৰোপন বা কোনো সৰু ঠাইত অকণমান ঝাড়ু এডাল লৈ পৰিস্কাৰ কৰি দেখুৱা লগতে কেইজন মান সমাজৰ গণ্যমান ব্যক্তি ডিঙিত কেইখন মান গামোচা পিন্ধাই দীঘলীয়া ভাষণ শুনি হাত চাপৰি বজাইয়ে "" বিশ্ব পৰিবেশ দিৱস "" উদযাপন কৰি পৰিবেশটো ৰক্ষা কৰিছোঁ বুলি গৌৰৱ কৰা আমি জীৱ শ্ৰেষ্ঠ মানুহ ৷ 1 ম দৃশ্য সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজা পদূলী সন্মূখৰ দি যোৱা পদপথ (ফুটপাদ) টো বা নলাটোত ঘৰৰ পেলনীয়া সামগ্ৰী সমূহ দলি মাৰি পেলোৱাঁ সময়ত আমি আমাৰ পৰিবেশটো কথা এবাৰোঁ নাভাবোঁ ৷ কিন্তু পৰিবেশ দিৱস দিনা আনক দেখুৱাবলৈ পৰিস্কাৰ কৰাত নামি পৰোঁ কাৰণ "" বিশ্ব পৰিবেশ দিৱস "" ত সহযোগীতা কৰা নামটো নলগালে অন্যান সকলে বেয়া পাৱ ৷ 2 য় দৃশ্য "" বিশ্ব পৰিবেশ দিৱস "" ৰ দিনা আমি কোৰ চিকপাং আৰু গছ পুলি লৈ যতে ততে যি যেনেকৈ পাৰে ৰোপন কৰোঁ আৰু নিজকে গৌৰৱ কৰোঁ আজি এটা গছ পুলি ৰোপন কৰিলোঁ আৰু আমাৰ পৰিবেশটো ৰক্ষা কৰিলোঁ ৷ কিন্তু সেই পথে বা সেই ঠাইকণলৈ আমি দৈনিক অহা যোৱা কৰিলেওঁ আমি নিজে "" বিশ্ব পৰিবেশ দিৱস ""ৰ দিনা ৰোপন কৰা গছপুলিটো কোনো গুৰুত্ব প্ৰদান নকৰোঁ ৷ কাৰণ দ্বিতীয় বছৰৰ "" বিশ্ব পৰিবেশ দিৱস "" ৰ দিনা সেই ঠাইকণত পোনৰ গছ পুলি ৰোপন কৰিব লাগিব নহয় ৷ নহলে কত আমি গছ পুলি ৰোপন কৰিম ৷ আজি দিনটোত লাখ লাখ পুলি ৰোপন কৰি পৰিবেশ ৰক্ষা কৰা নামত পৰিবেশ নষ্ট কৰিছোঁ শত দহটা পুলি যিকোনো প্ৰকাৰে জীৱিত থাকে বাকী 90 টা পুলিক আমি হত্যা কৰিছোঁ ৷ আমি জীৱ শ্ৰেষ্ঠ মানুহ ৷ কাৰণ আমাৰ বিবেক আছে বাবে আমি কৰিব পাৰোঁ ৷ 3 নং দৃশ্য নগৰৰ সমিতি বা পৌৰ সভা ক্ষেত্ৰ কওঁ তেওঁলোকৰ দ্বায়িত্ব নিজা নগৰৰ বা পৌৰ সভা এলেকাটো প্ৰতিদিনে পৰিস্কাৰ কৰি ৰাখিব লাগে ৷ তাৰ বাবে নিদিষ্ট ৰং ৰ পেলনীয়া সামগ্ৰী নাগৰিকে পেলাব পৰাকৈ ঠাই অনুসৰি পেলনীয়া সামগ্ৰী পাত্ৰ ৰাখিব লাগে ৷ যাতে সেই বোৰ ৰং অনুসৰি নাগৰিকে পেলনীয়া কাগজ বা তেনে ধৰণ সামগ্ৰী সমূহ পেলাব, খোৱা খাদ্য অতিৰিক্ত সামগ্ৰী বাবে বেলেগ ৰং ৰ পাত্ৰ, অতিৰিক্ত জড় সামগ্ৰী যেনে বটল, কাঠ, বাঁহ আদি বাবে বেলেগ পাত্ৰ ব্যবহাৰ কৰা লগতে সেই অনুসৰি সেইবোৰ সংগ্ৰহ কৰি নষ্ট কৰিব পৰা বোৰ নষ্ট কৰি পেলাব লাগে বা যিবোৰ নষ্ট কৰিব নোবাৰে সেইবোৰ সুৰক্ষিত স্হান কাৰোকে অনিষ্ট নকৰাকৈ পেলোবা ব্যবস্থা কৰিব লাগে কিন্তু তেওঁলোকে তাকে নকৰি সকলোবোৰ সামগ্ৰী একে লগে সংগ্ৰহ কৰি অ সুৰক্ষিত ভাবে পেলাই প্ৰতিদিনে এটা অ স্বাস্থ্য আৰু সুন্দৰ পৰিবেশ এটা নষ্ট কৰা সময়ত "" বিশ্ব পৰিবেশ দিৱস "" অনুভৱটো পাহৰি যায় ৷ এই ক্ষেত্ৰত সু নাগৰিক সকলেও নগৰৰ সমিতি বা পৌৰ কৰ্মী সকলক সহযোগীতা কৰা দেখা নাযায় ৷ কাৰণ আমি জীৱ শ্ৰেষ্ঠ মানুহ হয় ৷ নগৰৰ সমিতি বা পৌৰ সভা দ্বায়িত্ব আমি কিয় গ্ৰহণ কৰিম ৷ 4 নং দৃশ্য "" বিশ্ব পৰিবেশ দিৱস "" ৰ দিনা জন সংযোগ মাধ্যমত গছ পুলি ৰোপন, ঝাড়ুলৈ হাতে হাতে পৰিস্কাৰ কৰা দৃশ্য সমূহ প্ৰচাৰ কৰি আমোদ পোৱা যেন মোৰ অনুভৱ হয় ৷ তেওঁলোকে সকলে বৃক্ষৰোপন বা পৰিস্কাৰ কৰা লোক সকলক দেখুৱাই কি বুজাৱ বিচাৰে মই বুজি নাপাওঁ ৷ "" আজি আপোনালোকে কিমান বৃক্ষৰোপ কৰিলে? "" তেওঁলোকে ৰোপন কৰোঁতা সকলক প্ৰশ্ন কৰি ৷ কিন্তু তেওঁলোকে এইটো প্ৰশ্ন নকৰে "" আজি আপোনালোকে বৃক্ষ ৰোপন কৰা এই কাৰ্য্য সূচী সমূহ আমাৰ কেমেৰাত আৱদ্ধ বা আমাৰ কাকতত লিপিবদ্ধ হৈ প্ৰচাৰ হোৱা লগতে প্ৰকাশ পাৱ ৷ আমি আশা কৰিম আপোনালোকে যি মহান উদ্দেশ্য আৰু লক্ষ্য লৈ এই কাৰ্য্যসূচী হাতত ললে আগন্ত বৰ্ষত আপোনালোকে ৰোপন কৰা বৃক্ষ জোপা তলত আমি অন্তৰংগ আলাপ জড়িয়তে আপোনালোকৰ লগত লৈ "" বিশ্ব পৰিবেশ দিৱস "" উদযাপন কৰিম ""৷ এনে কৰিব বাবে আমাৰ হাতত সময় অভাৱ ৷ কাৰণ ৰোপ কৰা বৃক্ষজোপা জীৱিত বা মৃত তাৰ খৱৰ লোৱা আমাৰ প্ৰয়োজন ৱা কি? কাৰণ আমি সদায় পৰিৰ্বতন বিচাৰোঁ ৷ সেই পৰিৰ্বতনে আমাক উপকাৰ বা অপকাৰ যিয়ে নকৰক কিয় তাৰ লগত আমাৰ কোনো ধৰণ সম্পৰ্ক নাই ৷ শেষত সকলোৱে ওচৰত কৰযোৰে ক্ষমা ভিক্ষাৰে অনুৰোধ কৰিছোঁ মোৰ মনত যিবোৰ ভাৱ সৃষ্টি হৈছিল সেইবোৰ লিখিত কৰাত হয়টো কিৱা অপৰাধ হৱ পাৰে তাৰ বাবে ক্ষমা বিচাৰিছোঁ ৷ আশা কৰিছোঁ সকলোবে নিজক এজন সু নাগৰিক হিচাপে পৰিচয় দি নিজা চুবুৰীটো, নিজা গাঁও বা নগৰ খন সুন্দৰ কৈ সজাই তুলি সুন্দৰ পৰিবেশৰ বাৰ্তা বিশ্ব বাসী আগত দাঙি ধৰিব সক্ষম হৱ ৷ আজি দিনটো সকলোবে যেনেকৈ নিজা পৰিকল্পনা অনুসৰি পৰিবেশ ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰিছে তেনেকৈ প্ৰতিদিনেই আজৰি সময়কণৰ পৰা অকণমান সময় খৰছ কৰি নিজা পৰিবেশটো সুন্দৰ কৰিব ৷ """" সেউজী ধৰণী ধুনীয়া """
Monday, May 27, 2019
প্ৰসংগ: কবিতা এক. কবিতা কাক বোলে জনচনক সুধিলে বচৱেলে: --ছাৰ, তেনেহ'লে কবিতানো কাক বোলে? জনচনে উত্তৰ দিলে: --তাতকৈ কোনবোৰ কবিতা নহয়, সেইটো নোসোধে কিয় মহাশয়? সেই কথা ক'বলৈকে সহজ হ'লহেঁতেন। পোহৰ কি বস্তু আমি সকলোৱেই জানো। কিন্তু পোহৰ কি সেই কথা কোৱাটো সহজ কাম নহয়। তথাপি যুগ যুগ ধৰি কবিতা কি, কাক বোলে কবিতা, সেই বিষয়ে ক'বলৈ প্ৰয়াস কৰিছে দেশে দেশে বিভিন্নজনে। আনকি এই প্ৰয়াস কৰিছে জনচনে নিজেও। কৈছে: কবিতা হৈছে ছন্দোবদ্ধ ৰচনা (metrical composition)। আনন্দ আৰু সত্য--এই দুয়োকে গ্ৰথিত কৰাৰ শিল্প, য'ত যুক্তিক সাহাৰ্য কৰিবলৈ কল্পনাক মাতি পথিওৱা হয়। জনচনৰ বহু পূৰ্বে এৰিষ্টটলে আকৌ কৈছিল: --কবিতা দৰ্শনতকৈ শ্ৰেয়; ইতিহাসতকৈ জ্যেষ্ঠ। এনেকৈয়ে কবিতাৰ সংজ্ঞা দিছে অন্যান্য বিভিন্ন জনেও। ফ্লবেয়াৰ: কবিতা জ্যামিতিৰ নিচিনাকৈয়ে নিখূত বিজ্ঞান। এডগাৰ এলেন পো: সৌন্দৰ্যৰ ছন্দোময় সৃষ্টি। শ্যেলী: কবিতা হৈছে পৰিতৃপ্ত শ্ৰেষ্ঠ মনৰ পৰিতৃপ্তি আৰু শ্ৰেষ্ঠ মুহূৰ্তবিলাকৰ বিৱৰণ। কাৰ্লাইল: কবিতা সাংগিতিক ভাৱনা। মেথিউ আৰ্নল্ড: Simply the most delightful and perfect form of utterance that human words can reach. কীটছ: কবিতা হ'ব লাগিব মহৎ আৰু বাঞ্ছিত, আত্মাৰ অন্তঃস্থলেদি যাৰ যাত্ৰা, যি তাৰ ৰূপ-বৈচিত্ৰ্যৰে বিমুগ্ধ বা বিস্মিত কৰিলে নহ'ব, বৰঞ্চ কৰিব লাগিব বিষয়বস্তুৰে। ক'লৰিজ: গদ্য= সৰ্বোকৃষ্ট শব্দৰ বিন্যাস। পদ্য= সৰ্বোকৃষ্ট শব্দৰ সৰ্বোকৃষ্ট বিন্যাস। ওৱৰ্ডছৱৰ্থ: সমগ্ৰ প্ৰজ্ঞাৰ উশাহ-নিশাহ আৰু সূক্ষ্ম আত্মা। অ'ডেন: কবিয়ে পিতৃত্বৰে কবিতাৰ জন্ম দিয়ে যি ভাষাক ধাৰণ কৰে। আৰু এলিয়ট? কবিতাৰ সম্পৰ্কে বহু কথাই কৈ গৈছে এলিয়টে। উদাহৰণ: ক. কবিতা ৰচনা হৈছে তেজক চিয়াহীলৈ ৰূপান্তৰিত কৰাৰ যন্ত্ৰণা। খ. অপৈণত কবিয়ে নকল কৰে; পৈণত কবিয়ে চুৰি কৰে; অকবিয়ে বিকৃত কৰে; ভাল কবিয়ে সকলোখিনি বদলাই দিয়ে নতুনভাৱে, অথবা সম্পূৰ্ণ নতুনকৈ সৃষ্টি কৰে নিজে। কবিতা সম্পৰ্কীয় আৰু কেইজনমানৰ বক্তব্য এয়া। অৱশ্যে পূৰ্বোল্লেখিতসকলৰ দৰে এখেতসকলো পাশ্চাত্যৰে। ১. বোডলেয়াৰ: সেইসকল কবিৰ বাবে দুঃখিত যিসকল কেৱল সহজাত প্ৰবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। ক'বলৈ গ'লে, তেওঁলোক অপৈণত। এজন সমালোচক কবি হৈ উঠাটো আশ্চৰ্যকৰ কথা। কিন্তু এজন কবিৰ মাজত যদি সমালোচক এজন জাগ্ৰত নহয়, সেইটো আৰু আশ্চৰ্যকৰ কথা। ২. ওৱৰ্ডছৱৰ্থ: কবি হৈছে a man, speaking to man. ৩. ভ্যালৰি: কবিতা হৈছে কাব্য-মানস উৎপাদক যন্ত্ৰ-বিশেষ, য'ত উৎপাদন মাধ্যম হৈছে শব্দ। ৪. মেলাৰ্ম: কবিতা শব্দৰ বিন্যাস, ধাৰণাৰ নহয়। ৫. ব্ৰেখ্ট: All great poem has a documentary value. ৬. ম্যাকিনচ: A poem should not mean but be. ৭. ৰবাৰ্ট ফ্ৰষ্ট: কবিতাৰ বিষয়ে মই বহু কথাই ক'ব পাৰোঁ। তথাপি তাৰ মাজতে মূল কথাটো হৈছে--ই metaphor, saying one thing and meaning another, saying one thing in terms of another. ৮. অ'ডেন: কোনোবা উচ্চাকাংক্ষী যুৱকে যদি মোক কয়হি-- 'মোৰ গুৰুত্বপূৰ্ণ বক্তব্য আছিল', তেওঁ কবি নহয়। বৰঞ্চ যদি স্বীকাৰ কৰেহি--'শব্দৰ চৌপাশে বিচৰণ কৰি মই ভাল পাওঁ, সিহঁতে কি ক'ব খুজিছে কাণ পাতি শুনিব খোজোঁ', তেন্তে তেওঁৰ বাবে কবি হ'বগৈ পৰাৰ সম্ভাৱনা আছে। ৯. ইয়েটছ: কবিতা হৈছে ৰক্ত, কল্পনা আৰু বোধৰ যৌথযাত্ৰা। দুই. কবিতা এক মৰ্যাদাপূৰ্ণ পৰিশীলিত কলা ব্ৰন'স্কিয়ে (১৯৭৩) কৈছিল: 'ভৌতিক বিজ্ঞানসমূহৰ অন্যতম উদ্দেশ্য হৈছে পাৰ্থিব বিশ্বৰ এক সমুচিত চিত্ৰ দাঙি ধৰা। অথচ এই উদ্দেশ্য যে অসাধ্য সেইটো ইতিমধ্যে প্ৰমাণিত হোৱাটো বিংশ শতাব্দীৰ পদাৰ্থবিজ্ঞানৰ অন্যতম সাফল্য।' ভৌতিক বিজ্ঞানৰ এই অপাৰগতাই ইতিমধ্যে উন্মোচিত কৰিছে সংযোগ মাধ্যম হিচাপে কবিতাৰ বিকল্প প্ৰাসংগিকতা। অনানুষ্ঠানিকভাৱে হ'লেও প্ৰায় স্বীকাৰ কৰিয়ে লোৱা হৈছে যে আবেগিক অভিজ্ঞতা আৰু বক্তব্য প্ৰকাশৰ বাবে আবেগিক ভাষাই অপৰিহাৰ্য, বৈজ্ঞানিক পৰিভাষা কেতিয়াও যথেষ্ট নহয়। সেয়ে যি কুৰি শতিকাৰ সত্তৰ-আশীৰ দশকে লক্ষ্য কৰিছিল কবিতাৰ বেলি লহিওৱা চাহিদা আৰু জনপ্ৰিয়তা সেই কুৰি শতিকাই শেহৰ ফালে উদযাপন কৰিলে প্ৰত্যাৱৰ্তিত কবিতাৰ ঐতিহ্য আৰু মহত্বৰ পুনৰাভিষেক। মুদ্ৰণ মাধ্যমতে হওক বা বৈদ্যুতিন মাধ্যমতে হওক কবিতাক সম্প্ৰতি ব্যাপকভাৱে দেশে-বিদেশে আদৰি লোৱা হৈছে। কবি-সমালোচক এলিয়টে কবিতাক 'a superior form of art' বুলি কৈছিল। সংস্কৃত আলংকাৰিক কুন্তকে আকৌ কবিতাৰ এক বিশেষ ধৰ্মলৈ আঙুলিয়াই দিছিল--'তদ্বিদ আহ্লাদকাৰিণী'। অৰ্থাৎ কবিতা হ'ব লাগে এক বিশেষ অৰ্হতাসম্পন্ন কাব্যৰসিকৰ (তদ্বিদ) বাবে আনন্দদায়ক। গতিকে কবিতা এক মৰ্যাদাবিশিষ্ট পৰিশীলিত কলা বিশেষ,--যি পাঠকৰ ৰুচিসন্মত উপস্থিতি দাবী কৰে, সংবেদনশীল পাঠকক সততে কবিতাৰ পাঠ(text)লৈ সাদৰ আমন্ত্ৰন জনায়। অৱশ্যে উপন্যাসো কলা। ছিনেমাও কলা। অথচ উপন্যাস বা ছিনেমাই সকলো কলাৰ উপাদান বিলাকৰ পৰা মৌ আহৰণ কৰি সম্প্ৰতি নিজকে যিদৰে ঋদ্ধ কৰিবলৈ সমৰ্থ হৈছে, কবিতা সম্ভৱ আজিও সিমানখিনি সক্ষম হোৱাগৈ নাই। আৰু যদি কবিতাই সাম্প্ৰতিক আধুনিক জীৱনৰ চক্ৰবেহুৰ অভিজ্ঞতা চয়ণ কৰাৰ সমানে সমানে আধুনিক কলাৰ উপকৰণবৈভৱক আপোন কৰি লোৱাৰ সম্পৰীক্ষাত অৱতীৰ্ণও হৈছে, কবিতাৰ পাঠকে হয়তো প্ৰায়ে তাত সঁহাৰি দিব বিচৰা নাই। কবিতাৰ বিপুল পাঠকৰ সৈতে চিৰাচৰিত দূৰত্বৰ ইও হয়তো অন্যতম কাৰণ। অথচ এক বিৰাট সম্ভাৱনাৰ সমুদ্ৰই আমাৰ আমাৰ সন্মুখত তিৰবিৰাই আছে। কবি আৰু পাঠক---উভয়ৰে দায়িত্ব আছে এই দূৰত্ব অতিক্ৰম কৰাৰ। কুৰি শতিকাৰে সত্তৰৰ দশকে পৰিচয় হোৱা পাঠক-প্ৰতিক্ৰিয়াশীল সমালোচনাই (Readers Response Criticism) ইতিমধ্যে পাঠকৰ হাতত অধিক দায়িত্ব ন্যস্ত কৰিছে। তিনি. কবিতাত দুৰ্বোধ্যতা পিকাছোৰ ওচৰলৈ গৈ এগৰাকী ভদ্ৰমহিলাই হেনো এবাৰ অভিযোগ কৰিছিল---বহু মানুহে বুজি নোপোৱা এইবোৰ আপুনি কি ছবি আঁকি আছে? পিকাছোৰ উত্তৰ: মহাশয়া, পৃথিৱীৰ সৰহসংখ্যকে বুজি নোপোৱা কি ভাষাত আপুনি ইমান দিনে কথা পাতি আছে? মহিলাগৰাকী জাৰ্মানভাষী আছিল। অকল পিকাছোৰ ছবি বা আধুনিক কবিতাই নহয়, বহু কথাই আমি ভালকৈ বুজি নাপাওঁ। হয়তো প্ৰায়বোৰ কথাই, আনকি একো কথাই কিজানি আমি সম্পূৰ্ণকৈ বুজি নাপাওঁ। তথাপি কবিতাক 'আৰু অলপ' বুজিবলৈ চেষ্টা পাঠকৰ সৰ্বকালৰ। কাৰণ ভাল কবিতাই সদায় পাঠকৰ মন, মগজু আৰু হৃদয়ত হেঁপাহ আৰু পিয়াহৰ সৃষ্টি কৰে। তাতে আধুনিক জীৱন জটিল। সেই আধুনিক জীৱনৰ যান-জঁট থকা কবিতাৰ ভাষাও দস্তুৰমত জটিল হ'বলৈ বাধ্য। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এই পংক্তিটো হয়তো হাততে পোৱা এটা দৃষ্টান্ত হ'ব পাৰে: বৰ যতনেৰে এটা ফুলৰ গুটি তাইৰ চকুত থ'লো। গছজোপা গজা নাই, বুকুখন দাঙি শিপাডাল পালো।। কবিতা হয়তো এনেকুৱাই। কবিয়ে কেৱল সযতনে বীজ এটাহে থয় পাঠকৰ চকুত। এয়া কবিতাৰ পাঠ (text)। পাঠকৰ হৃদয়ৰ অতল তলিত প্ৰোথিত শিপাডালেই কবি বা কবিতাৰ বাবে যথেষ্ট প্ৰাপ্তি। আপডাল কৰি মহীৰূঢ়লৈ পৰিণত কৰাৰ দায়িত্ব নিঃসন্দেহে পাঠকৰহে। চাৰি. প্ৰতিভাৰ নুফুলা ফুলৰ শতপাহি কবিতা, ন-প্ৰতিভাৰে নতুনকৈ তাঁত মেলা কবি আৰু পাঠক, লগতে সম্ভাৱ্য সকলো অমংগলৰ পৰা আপোন সন্তানক পোহৰতকৈও তীব্ৰগতিৰে লুকুৱাই থ'ব খোজা (যশোদাৰ নিচিনাকৈ?) অভিভাৱকজনলৈ যদি নিৰপেক্ষ সহানুভূতিৰে চাওঁ, আমি দেখিম প্ৰতিজন দেখোন নিজৰ নিজৰ স্থানতেই আছে, --আগতেও যেনেকৈ আছিল! পঢে পঢায় ৰোৱে পাণ, সেই তিনিয়ে নিচিন্তে আন। কবিতাৰ বিদ্যায়তনিক দিশ এটা নিশ্চয় আছে। শিশু-কিশোৰহঁতৰ all round development (গান্ধীজী) ৰ বাবে বা তেওঁলোকক complete man (UNESCO) একোজন কৰি তুলিবলৈ সুসম আহাৰৰ যেনেকৈ প্ৰয়োজন, নিৰ্বাচিত পাঠ্যক্ৰমৰো তেনেকৈ প্ৰয়োজন আছে । তাত অন্যান্যৰ লগতে বছা বছা কবিতাই থাকিব লাগিব। কিন্তু কবিতা আৰু সাহিত্যৰ অন্যান্য ৰূপবোৰ, লগতে বিভিন্ন শৈল্পিক উপকৰণবোৰ কেৱল পাঠ্যক্ৰম নহয়; জীৱনৰ একান্ত ব্যক্তিগত শৈল্পিক উদযাপনহে। লোক-হিতৈষী আয়তনটো সৰহ সময়তে পৰৱৰ্তী সামাজিক সংযোগহে। অৱশ্যে শিকন আহিলা হিচাপেই প্ৰস্তুত সাহিত্যৰাজি বা শিল্পসমূহৰ কথা কোৱা নাই। গতিকে আমাৰ শিশু আৰু কিশোৰহঁতৰ বয়স, ব্যক্তিত্ব আৰু চাহিদাৰ উপযোগীকৈ পাঠ্য কবিতা নিৰ্বাচনৰ দায়িত্বটো পাঠকৰ (লগতে শিক্ষক, অভিভাৱক আৰু শিক্ষাবিদৰ।) কবি কিন্তু নিজে শিক্ষক নহয়; হ'বও নেলাগে। কোনো পূৰ্বচৰ্ত নোহোৱাকৈ তেওঁ কেৱল লেখক কবিতা। ৰসগ্ৰাহী পাঠকে জানে কোনটো থাপনাত থ'ব লাগে; কোনটো শিতানত ল'ব লাগে; কোনটো পাঠ্যক্ৰমত দিব লাগে; আৰু কোনটো নলৈ, নথৈ, নিদি দূৰলৈ দলিয়াই পেলাব লাগে। হয়, সকলো কবিয়ে সদায় সমানে 'ভাল' (এই ভাল কিন্তু আপেক্ষিক; ইয়াৰ মাপ ল'বলৈ কোনো সৰ্বজন গ্ৰাহ্য স্কেল নাই) কবিতা লেখা নাই। হয়তো লেখিবও নোৱাৰে। নোবেল পোৱা এলিয়টেও পৰা নাছিল। কবি-বন্ধু এজৰা পাউণ্ডে কচাইৰ হাতেৰে ডাল-পাত কলম দি নিৰ্মাণ কৰিছিল ওৱেষ্টলেণ্ড। তাতে সকলো কবি in born নহয়, গৰিষ্ঠ সংখ্যকেই made; তেজ-মঙহৰ মানুহ। ভুল-শুদ্ধৰ মাজেৰেই তেওঁলোকৰ যাত্ৰা। অথচ কবিতা কবিৰ গৰ্ভজাত সন্তান; আৰু কোনো মাতৃয়ে বাৰে বাৰে একেটা সন্তানৰে গৰ্ভধাৰণ নকৰে। কবিতাৰ নিৰ্মাণো মাতৃগৰ্ভস্থ বৃদ্ধিৰ দৰে এক অসূৰ্যস্পৰ্শিত সৃজনশীল প্ৰক্ৰিয়া। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ক'বৰ দৰে, 'সকলো কবিতা সৃষ্টিৰ কালছোৱাত সকলো স্ৰষ্টাই হৈ পৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকীৰ দৰেই আন্তৰিক, সেই মুহূৰ্তকেইটা তেওঁৰ বাবে হৈ পৰে জীৱনৰ কোনোদিনে পাহৰিব নোৱাৰা আনন্দময়, বেদনাময় হৃদয় ঐশ্চৰ্য।' আপোন সন্তানৰ মংগল কামনা আৰু তেওঁলোকৰ উপযোগীকৈ পাঠ্যক্ৰম নিৰ্মাণত কাৰো আপত্তি থাকিব নালাগে, কিন্তু কবিতা এটা দলিয়াই পেলোৱাৰ আগতে, কবিজনক গালী পৰাৰ আগতে আমি কবিৰ জন্ম যন্ত্ৰণাৰ আনন্দময়, গৰিমাময় স্মৃতিকণকো অসন্মান কৰিব নালাগে। সেইবুলি সৰুৱে য'ত পিছল খোৱাৰ ভয় থাকে ডাঙৰে তাত কেতিয়াও পানী পেলাবও নালাগে। এই সৰুজন কবিয়েই হওক বা পাঠকেই হওক। আমাৰ সমাজখনত সমানে আপোন হৈ তেওঁলোক সদায় আমাৰ ওচৰা-ওচৰিকৈয়ে আছে। উৎকৃষ্ট ফল দিবলৈ গছ এজোপাকো সময় লাগে। আমাৰ ঈপ্সিত কবিতা এটা আমাক দিবলৈ নবীন কবি এজনকো অলপ সময় লাগিব পাৰে। অন্যহাতে সমসাময়িক সময়ে নস্যাৎ কৰা বহু কবিতাক কিন্তু পৰৱৰ্তী সময়ে মৰ্যদা দি গামোচাও পিন্ধাই গৈছে। পাঁচ. সমালোচক এজনো প্ৰাৰম্ভিকভাৱে পাঠকেই সবিনয়ে ভাবোঁ, কবিতাও এক সংযোগ মাধ্যম; ই অন্য সংযোগ মাধ্যমৰ দৰেই এক ডি-ক'ডিং চিষ্টেম য'ত বক্তা/শ্ৰোতাৰ ব্যক্তিগত পাৰিপাৰ্শ্চ, ঐতিহ্য, সংস্কৃতি, অভিজ্ঞতা, যুক্তি, আবেগ, আৰু সীমাবদ্ধতাই বক্তব্যক আওবাটে নিয়াৰ অবকাশ এটা নিৰন্তৰ থাকে। এই অবকাশৰ বাটটোতে ভাষাৰ সীমাবদ্ধতা, কবিতাৰ দুৰ্বোধ্যতা আৰু কবিতাৰ চাজেচটিভনেচৰো প্ৰাসংগিকতা। অথচ সকলো সত্যই আকৌ আপেক্ষিক। শেষ সত্য বুলিবলৈ দৰাচলতে পৃথিৱীত একো নাই। পাৰিপাশ্ব আৰু প্ৰাসংগিকতাই সত্যক কেতিয়াবা অৰ্থবহো কৰে, ডাল-পাত কাটি কলমো দিয়ে। আধুনিক জীৱন দৰাচলতে জটিল। বহু ইতিহাস, সংস্কৃতি আৰু দৰ্শনৰ দিকচৌ বাটৰ অলেখ কণ্ঠস্বৰৰ সমৃদ্ধি আছে ইয়াত; আপাত-ভিন্ন অথচ অতি-ব্যক্তিগত অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ তেনেকৈ ঋদ্ধিও আছে তাত। আধুনিক জীৱনৰ এই জটিল অভিজ্ঞতাৰ পৰা শিল-বালি-ইটা বুটলি নিৰ্মিত আধুনিক কবিতাৰ চৰিত্ৰও জটিল হ'বলৈকে বাধ্য। যদিও নিৰ্দিষ্ট কোনো ছাতিৰ তলত দীৰ্ঘদিন স্থায়ী বাসিন্দা হোৱাৰ বাধ্যবাধকতা আধুনিক কবিতাই স্বীকাৰ নকৰাটোৱেই স্বাভাৱিক। কবিসকল যেনেকৈ স্বাধীন; কবিতাৰ পাঠকো মূলতঃ স্বাধীন। পাঠকেও নিজৰ নিজৰ প্ৰিয় কবি আৰু প্ৰিয় কবিতা নিৰ্বাচন কৰি লোৱাৰ গণতান্ত্ৰিক অধিকাৰ উপভোগ কৰে; --কৰিব বিচাৰে। কবিতাৰ সকলো পাঠক নিজে হয়তো কবি নহয়। কোনো দিন নাছিলো। সেই বুলিয়ে তেওঁলোকে কবিতা নপঢ়িবনে? যদি পঢ়িবই নালাগে, কবিয়ে কবিতা লেখে কাৰ বাবে? অকল কবিসকলে পঢ়িবৰ বাবেইনে? নে নিজে পঢ়িবৰ বাবে? পাঠকৰ কোনো ভূমিকাই নাইনেকি কবিতাত? নে পাঠক হ'ব লাগে বোবা? থাকিব নালাগে কোনো বক্তব্য? এজন কবিয়ে কৈছিল, পাঠেহে কবিতাৰ পূৰ্ণতা আনে। কবি জ্ঞান পূজাৰীয়েও কৈছিল, কবি আৰু পাঠকৰ দুয়োখন হাত লগ হ'লেহে কবিতাৰ সভাত হাততালি বাজিব। কবিতা ভালপাওঁ। পঢ়োঁ। বাৰে বাৰে পঢ়োঁ। কবিতাটোৱে কি কৈছে কাণ পাতি শুনিবলৈ যত্ন কৰোঁ। তাৰ মাজতো সীমাবদ্ধতা স্বীকাৰ কৰোঁ। যেতিয়া দেখোঁ, আমাৰ বহু প্ৰতিষ্ঠিত প্ৰাজ্ঞ কবিয়ে দুভৰিয়ে স্বৰ্গ আৰু মৰ্ত্য ইতিমধ্যে দখল কৰিছে; তেওঁলোকৰ তৃতীয় ভৰি এখন শূন্যতে ওলমি আছে; আৰু তৃতীয় ভৰিখন থ'বলৈ পাঠকৰ মূঢ়তাৰে সন্ধান কৰিছে, মই অৱনত হৈ দিওঁ। সমালোচক এজনো প্ৰাৰম্ভিকভাৱে পাঠকেই। আৰু অৱনত পাঠক বহু বৰেণ্য কবিৰ হয়তো তৃতীয় ভূৱন!!! ছয়. কবিতাত চৌৰ্যবৃত্তি: জোনাক নে দৌৰাত্ম্য শিল্পী-সাহিত্যিকৰ ব্যক্তিত্বৰ বিশালতাই কেতিয়াবা কেতিয়াবা একোটা উপত্যকাৰ সৃষ্টি কৰি লয়। কেতিয়াবা আকৌ গুণমুগ্ধসকলে সেই উপত্যকাৰ পৰা শিল-বালি বুটলি সৃষ্টি কৰি লয় প্ৰতিবেশী চুবুৰী। গুণমুগ্ধজনৰ এই প্ৰৱণতাত সততে সৌজন্যতা, সততা আৰু আত্মলঘিমা থাকে---যি উৰ্বৰা শক্তি হৈ পৰৱৰ্তীকালত মৌলিকত্বৰ সন্ধান দিয়াই নহয়, স্বকীয় অনুশীলনেৰে জাতিষ্কাৰ হোৱাতো প্ৰতিবেশীজনক সাহাৰ্য দিয়ে। কেতিয়াবা আকৌ চৌৰ্যবৃত্তিৰ দৌৰাত্ম্যও থাকে, ---যি সাময়িক চিকমিকনিৰ যোগান ধৰিলেও নিজৰ মৌলিকত্বক সততে বিপৰ্যস্ত কৰে, আনকি নিজৰ সৃজনশীলতাকো অনতিপলমে আপোনঘাতী হ'বলৈ বাধ্য কৰে। সেয়ে স্বীকৃতি, সৌজন্যতা আৰু কৃতজ্ঞতা প্ৰতিষ্ঠিত শিল্পী-লেখকৰ প্ৰতি প্ৰাপ্য-পৰিশোধেই কেৱল নহয়, বৰঞ্চ চুবুৰীয়াজনৰ আত্ম-প্ৰতিৰোধো। এই আত্ম-প্ৰতিৰোধৰ বাটটোতে হয়তো অন্য এক পৰ্যায়ত সজ্ঞান-সচেতন সৌৰভ চলিহাই মাৰ্কুইজৰ 'One Hundred Years of Solitude' মেলি লৈও নপঢ়াকৈ আছিল মাৰ্কুইজৰ অবিসংবাদী প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিবলৈ। কাৰণটো নক'লেও হয়--একেখন আকাশৰে বাসিন্দা হ'লেও নক্ষত্ৰবোৰৰ পাৰস্পৰিক অৱস্থান সদায় দূৰণিবটীয়াহে; গাতে গা লগাই সিহঁত উজ্বলি নুঠে। প্ৰসংগতঃ প্ৰান্তিক(১-১৫ আগষ্ট, ২০১৬)ৰ কবিতা এটা পঢ়োতে ভাব হ'ল--কবিতাটো আগতেও পঢ়িছোঁ কিজানি কৰবাত। কিছু সন্ধানৰ পিছত সিদ্ধান্তলৈ আহিলোঁ। কবিতাটো পঢ়িছিলোঁ দৈনিক জনমভূমি (২৫ জুন ২০১৬)ত। কবি বিশাল অনুৰাগ। শিৰোনাম: বৰষুণৰ বাটবোৰ প্ৰেমৰ। সাম্প্ৰতিক বিশাল অনুৰাগৰ কবিতা আৰু কণ্ঠ, বিষয়বস্তু চয়ণৰ বৈচিত্ৰ্য আৰু ৰচনা-ৰীতিৰ বৈশিষ্ট্য ৰসজ্ঞ পাঠকৰ বাবে অচিনাকি মুঠেই নহয়। কবিতা দুটাৰ প্ৰকাশৰ দিন একে নহয়। জনমভূমিৰ কবিতাটো আগৰ। অথচ দুজন কবিৰ কবিতা দুটাৰ থীমহে আশ্চৰ্যজনকভাৱে ওচৰৰ। প্ৰকাশভংগীও কিছু আঁতৰৰ। জনমভূমিৰ কবিতাটোৰ চুটি স্কাৰ্ট পিন্ধা ছোৱালী এজনীয়ে যেন প্ৰান্তিকৰ কবিতাটোত স্কাৰ্টটো টানি-টুনি দীঘল কৰিবলৈ যত্ন কৰিছে। বিশাল অনুৰাগে প্ৰান্তিকৰ কবিতাটো পঢ়িছেনে নাইপঢ়া মই নাজানোঁ, প্ৰান্তিকৰ কবিজনেও বিশাল অনুৰাগৰ কবিতাটো পঢ়িছেনে নাই মই নাজানোঁ। মইহে কিন্তু বিশাল অনুৰাগৰ কবিতাটো কেইবাবাৰো পঢ়িলোঁ---প্ৰান্তিকৰ কবিতাটো পঢ়াৰ আগতো, পিছতো; আনকি প্ৰান্তিকৰ কবিতাটো পঢ়ি থাকোতেও। হয়, জোনাকত বুৰ গৈ থাকোতেও আমি জানো সজ্ঞান হৈ নাথাকোঁ---জোনৰ নিজা পোহৰ নাই; এই পোহৰ আচলতে বেলিৰে! সাত. ফেচবুকত কবিতাৰ অনুশীলন আৰু সমালোচনা কোনেও যেনেকৈ অভিধান এখন হাতত লৈ মাতৃভাষাত কথা ক'বলৈ নিশিকে তেনেকৈ কোনেও হয়তো আলংকাৰিক ব্যাকৰণ বা সাহিত্যিক সংবিধান এখন সন্মুখত লৈ কবিতাও নিলিখে। আৰু কাব্য-সমালোচকৰ ভূমিকা প্ৰাথমিকভাৱে এজন কাব্য-ৰসিকৰহে, তেওঁ ন্যায়পালিকা নহয় যে কবি/কবিতাক কাঠগড়াত ঠিয় কৰাই ঔদ্ধত ভাষাৰে ৰায় দিব? পাল্লাত উঠাই কবি/কবিতাৰ ওজন কৰাজন সমালোচক নহয়েই; সেই অপকৰ্মৰ বাবে সমালোচকক গালী-গালাজ কৰি থকাজন চাগৈ শূন্যতে পাখি কোবাই থকা দেৱদূত। কবিতা কবিৰ মাতৃভাষা; তেওঁ নিলিখাকৈ থাকিব নোৱাৰে। অথচ প্ৰতিজন কবিয়েই সকলো সময়তে সকলোৰে বাবে 'ভাল' কবিতা লিখিব নোৱাৰে। ইতিহাসে কয়--সৰ্বকালৰ প্ৰতিষ্ঠিত কবিসকলৰো প্ৰতিজনে পৰা নাছিল। এলিয়টৰ The Waste Land-ৰো ডাল-পাত কলম দিছিল কবি-বন্ধু এজৰা পাউণ্ডে। তাতে, কবিতা মূলতঃ এক পঠন আৰু শ্ৰৱন-বিশেষ যি আকৌ সততে এক de-coding ব্যৱস্থা য'ত পাঠক-সমালোচকৰ স্বকীয় আবেগ-অভিমান-পূৰ্ব ধাৰণা আদিৰ ভিন্নতাই কবিতাৰ বক্তব্যক আওবাটে নিয়াৰ আশংকা এটাও সদায় থাকে। গতিকে আজি এজনে নাকচ কৰা কবিতা এটাও কাইলৈ অন্য এজনৰ দ্বাৰা, আনকি হয়তো একেজনৰ দ্বাৰাও প্ৰশংসিত হ'ব পাৰে। ইতিহাসে কয়, ভৱিষ্যতে সদায় বৰ্তমানক অতিক্ৰম কৰে, যদিও অতীতক বুনীয়াদ হিচাপে লৈয়ে বৰ্তমানে গঢ় লয়। বহুজনে হয়তো ফেচবুকতে কবিতা লিখিবলৈ লৈছে, কী পেডত আঙুলি বুলাইছে। ফেচবুক নাথাকিলে তেওঁলোকৰ বহুতে হয়তো কবিতা নিলিখে; দুৰ্ঘটনাবশতঃ আঙুলীকেইটা নাথাকিলেও লিখিবলৈ অসুবিধা পাব; কিন্তু এই দুৰ্ভাৱনাক মাপ-কাঠি হিচাবে লৈ তেওঁলোকৰ কাব্যিকতাৰ মূল্যায়ন কৰিবলৈ গ'লে নিশ্চয় ভুল হ'ব। ব্যক্তিগতভাৱে মই কবি বা সমালোচক নহওঁ। তথাপি আশা কৰোঁ---কবিতা/সমালোচনাৰ ইতিহাস-ৰীতি-নীতি যিসকলৰ নখ-দৰ্পনত সেই বিজ্ঞসকল নবীন কবি-সমালোচকৰ প্ৰতি সহানুভূতিশীল হওক, তুচ্ছ-তাচ্ছিল্য নকৰি স্বকীয়া প্ৰাজ্ঞতাৰে আঁৰিয়া ধৰি আগবঢ়াই নিয়ক। অৱশ্যে বনৰীয়াৰ পৰা পোহনীয়া হোৱাটোও সভ্যতাৰ এটা ঢাপ। আঠ. কবিতা পঢ়েনে কবিতা পঢ়েনে? আৰু কবিতা-বিষয়ক আলোচনা-সমালোচনাবোৰ? পঢ়েনে কোনোবাই? যদি সঁচাকৈ পঢ়ে, ---কিমানে পঢ়ে? এজন কবিয়ে কৈছিল---কবিতা যিসকলে নপঢ়ে, কবিতা সেইসকলৰ বাবে! কিন্তু কবিতা-বিষয়ক আলোচনা-সমালোচনাবোৰো সিহঁতক নপঢ়াসকলৰ বাবে হয়নে? নিশ্চয় নহয়। তেন্তে এইযে আমি কবিতা এটি পঢ়ি মন্তব্যবোৰ লিখোঁ, লিখিয়েই থাকোঁ সদায়, ---কাৰ বাবে লিখোঁ? কিয় লিখোঁ? মই কিন্তু নিজৰ বাবে পঢ়োঁ। নিজৰ বাবেই লিখোঁ। কবিতা পঢ়ি ভালপাওঁ বাবে ভাললগাখিনি কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যায় বাবে লিখোঁ। সাম্প্ৰতিক কবিতা কাব্যৰসিকৰ যথেচ্ছা বিহাৰ নহয়, বৰঞ্চ এক পৰিশীলিত মৰ্যাদাপূৰ্ণ কলা বুলি বিশ্বাস কৰোঁ বাবে দেশ-বিদেশৰ কাব্য-সাহিত্যত উৎকৃষ্ট বুলি বিবেচিত সমলবোৰ আমাৰ কবিতাত পুনৰাৱিস্কাৰ কৰিবলৈ লিখোঁ। ব্যক্তিগত পৰ্যায়ত মোৰ বাবে গুৰুত্বপূৰ্ণ কথা একোটা বহু বিজ্ঞজনৰ বাবে গুৰুত্বপূৰ্ণ নোহোৱাই স্বাভাৱিক। তেন্তে মই নক'লেনো কি হয়? নিলিখিলেনো কি হয়? একেষাৰে----হয়তো একো নহয়! সংগৃহীত
Wednesday, May 15, 2019
** আত্মসন্তুষ্টি বনাম বিশ্ব পৰিবেশ দিবস আৰু কিছু প্ৰাসংগিকতা ইত্যাদি *** ৰাজনৈতিক, কৰ্মোদ্যম আৰু জনসচেতনতা বাবে প্ৰতিবছৰে পাচ জুন তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আমি মাথো আত্মসন্তুষ্টি লাভ কৰি আহিছো । সেই দিনটো হাজাৰ হাজাৰ গছপুলি ৰোপন কৰি আত্ম সন্তুষ্টি লাভ কৰা হৈছে বৰ্তমান সমাজৰ এক নতুনত্বৰ আদৰ্শ বা লক্ষ্য । আমি আত্ম বিশ্লেষণ নকৰো যে আমি সেই দিনা ৰোপণ কৰি অহা হাজাৰ হাজাৰ জোপা মূল্য বান গছ মৃত্যু মুখলৈ ঠেলি ৰং চাইছো । কাৰণ আমাৰ বহুতৰে পৰিবেশ অধ্যয়ন সম্পৰ্কে সাম্য জ্ঞানৰ অভাৱ । আৰু পৰিবেশ অধ্যয়ন সম্পৰ্কে জ্ঞান থকা সকলৰ অবহেলা বাবে সেউজী ধৰণী খনৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয । সমাজ পাতি বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে যিদিনা নিজৰ ঘৰটো, বাৰীখন, পদুলি টো , চুবুৰীটো সুন্দৰকৈ সজাই তুলিব নিশিকিব সেই দিনালৈকে আমাৰ পৰিবেশ বাৰ্তাবৰণ প্ৰদূষিত হৈ ৰব । এটা সুন্দৰ মনৰ অধিকাৰী গৰাকী হে বিশ্ব পৰিবেশ দিবস ৰ মূল্য দিব পাৰে । উদাহৰণ স্বৰূপে আজি আমি যদি লক্ষ্য কৰো আমাৰ পদূলি সমূহ তেতিয়া হয়তো দেখা পাম বহু লেতেৰা আৰ্বজনাৰে পদুলি মুখত ভৰি আছে । বাৰীখন সুন্দৰকৈ সজাবলৈ নজনা বাবে বহু সম্পদ অনিষ্ট হোবা উপৰিও পৰিবেশটো সুন্দৰ বাৰ্তাবৰণ দিব সক্ষম নহয । চুবুৰীয়া লোক সকলৰ পদুলি মুখত সমূহ লেতেৰা বাবে ৰাস্তা পদুলি সমূহ লেতেৰা বোকা আৰু দুগুন্ধময । গতিকে আমি সেইবোৰ পৰিপাটি কৰি এটা সুন্দৰ পৰিবেশ সৃষ্টি কৰিব পদক্ষেপ যিদিনা লব শিকিম সেইদিনা পৰা আমি আমাৰ পৰিবেশ টো প্ৰদুষণ পৰা লাহে লাহে সম্পূৰ্ণ মুক্ত কৰি সক্ষম হম । আজি অলপ দিনৰ আগৰ পৰা আমি এটি কাৰ্যসূচী হাতত লৈ আগবাঢ়িছিলো যে আমাৰ সহকৰ্মী, বন্ধু বান্ধৱী সকলৰ যি কোনো শুভ অনুষ্ঠানত উপহাৰ আৰু শুভকামনা জনাবলৈ যাওঁতে দুটা কৈ মূল্য বান গছপুলি তেওঁৰ হাতত দি সেই শুভ দিন টো বা দুখৰ দিন টো স্মৃতি জীয়াই ৰাখিব লৈ গছ পুলি দুটা ৰোপন কৰি পালন কৰিব দ্বায়িত্ব প্ৰদান কৰা লগতে অনুৰোধ কৰিছিলো । আৰু পৰৰ্ৱতী সময়ত তেখেতৰ সকলৰ ঘৰলৈ আলহী হিচাপে গৈ গছপুলি কেইটা কিমান ডাঙৰ হৈছে তেওঁৰ উপস্থিত নিজে চাই আহিছিলো । সেইদৰে আমি বনভোজ খাবলৈ যোবা ঠাই সমূহলৈ গলে বহুতো কাগজৰ কাটুন লৈ গৈছিল উদ্দেশ্য হল আমাৰ কাষতে বনভোজ খাবলৈ যোৱা দল সমূহক সেইবোৰ দি তেওঁলোকৰ পেলনীয়া সামগ্ৰী সমূহ তাত পেলাবলৈ অনুৰোধ কৰিছিলো । আৰু বনভোজ পৰা উভতি অহা আগতে এটি নিদিষ্ট স্থানত সেইবোৰ জ্বলাই নষ্ট কৰি আহিছো । ইয়াৰ উপৰিও বিভিন্ন ৰাজহুৱা স্থান সমূহ এটা নিৰ্দিষ্ট দিনৰ অন্তৰালত পৰিস্কাৰ কৰি সেই স্থানৰ ব্যক্তি সকলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছো । এনেকুৱা কাৰ্য্য সুচী সমুহ গ্ৰহণ কৰি সফলতা লাভ কৰা লগতে পৰিবেশ সুৰক্ষা দিবলৈ এটি প্ৰযাস জড়িয়তে আত্ম সন্তুষ্টি লাভ কৰিব সক্ষম হৈছো । গতিকে আমি প্ৰতিজন মানুহে এনেকুৱা অভিনব কাৰ্যসূচী হাতে কামে কৰি গলে আমি এটা সময়ত পৰিবেশ প্ৰদূষণ পৰা কিছু পৰিমানে মুক্ত কৰি সক্ষম হম । আজি ব্যস্ততাপূৰ্ণ জীৱনত এনেকুৱা সৰু সৰু চিন্তা বোৰ কৰি মানব জাতিটোৰ সময় অভাৱ নে মনৰ উৎসাহ অভাৰ বুজি নাপালো? আমি সকলোৱে সাধাৰণতে কেইটামান গছপুলি ৰোপন কৰি ডাঙৰ ডাঙৰ ফলক কেইখনমান আৰি দি বা ডাঙৰ ডাঙৰ ভাষণ দি বা সভা সমিতি আয়োজন কৰিলে বিশ্ব পৰিবেশ দিৱস পালন কৰা লক্ষ্য আৰু উদ্দেশ্য সফলতা লাভ কৰিবলৈ সক্ষম নহয । উল্লেখযোগ্য যে আমি যি স্থানত বিশ্ব পৰিবেশ দিবস পালন কৰা বাবে সভা আয়োজন কৰো সেই ঠাইকন সভা ভংগ হোৱা পিছত লেতেৰা হৈ থকা সকলো পৰিলক্ষিত । ইয়াৰ উপৰিও সেই গছপুলি কেইটা পিছদিনা ৰদত শুকাই পৰা অনুভব কণ আমি কৰিব নোৱাৰা এক লজ্জাজনক কথা । তেন্তে কিয এই নিদিষ্ট দিনটো আমি উলহমালহেৰে আয়োজন কৰি আহিছো?? আজি পলিথিন মোনা বা পলিথিনৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পাইছে যে তাক ভাষাৰে প্ৰকাশ কৰিবলৈ কঠিন । এই পলিথিন ব্যৱহাৰ ফলত আমাৰ সমাজত কিমান ভয়ংকৰ প্ৰদুষণ আমি নিজে সৃষ্টি কৰিছো সেই কথা টো চিন্তা কৰি কাৰো সময় নাই । এই ক্ষেত্ৰত প্ৰতিজন মানুহেই সুবিধা বাদী । আজি সাগৰৰ তলিত প্ৰতি দিনত কিমান টন পলিথিন আবদ্ধ হৈ আছে আমি জানিব ইচ্ছা প্ৰকাশ কৰিছো নে? সেইদৰে মটৰ গাড়ী, কল কাৰখানা, আধুনিক মিউজিক চিষ্টেম ব্যৱহাৰকাৰীয়ে এবাৰ প্ৰদূষণ ৰ দৰে ভবিষ্যত ভয়ংকৰ ছবি খনৰ কথা চিন্তা কৰি নোবাৰা বাবে দিনক দিনে এই বোৰৰ পৰা প্ৰদুষণ বৃদ্ধি পাইছে । গতিকে আমি সজাগ আৰু কৰ্মোদ্যোগী নহয বা হবলৈ প্ৰযাস নকৰা বাবে এসময়ত এখন সুন্দৰ পৃথিৱী আমাৰ বাবে ধবংস হব । গতিকে পৰিবেশ দিবস পালন কৰা দৰে আমি প্ৰতিদিনে পৰিবেশ সুৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ।
Tuesday, May 14, 2019
*** আত্মসন্তুষ্টি অন্য এক নাম ইশ্বৰ বিশ্বাস **(আত্ম বিশ্লেষণ ) বহু লোকে মোক প্ৰশ্ন কৰে আপুনি ইশ্বৰক বিশ্বাস কৰে নে ? মই একেষাৰতে কব বিচাৰো মই ইশ্বৰ বিশ্বাস নকৰো বা ইশ্বৰ ভক্ত বা নাস্তিক ও নহও । কাৰণ মই সদায় মোৰ শৰীৰৰ সন্মুখ অংশ দেখি আহিছো আৰু নিজ চকুৰে দেখা অংশ টো বিশ্বাস কৰো আৰু সেই অংশ সমূহ বিষয়ে সম্পূৰ্ণ বাখ্যা দাঙিব পাৰিম । কিন্তু মোৰ শৰীৰৰ পিছ অংশ মানে পিঠি অংশ টো সম্পূৰ্ণ ভাৱে দেখা পোবা নাই আৰু সেই অংশটো চাবলৈ চেষ্টা কৰা নাই বাবে মতামত দিব নোবাৰিম বাবে আনে কলেও বিশ্বাস নকৰো । সেইদৰে ইশ্বৰ ক্ষেত্ৰত মই কিছু অবাস্তব ধাৰণা বা যুক্তি কথা শুনিবলৈ নিবিচাৰো আৰু বিশ্বাস নকৰো । এই ক্ষেত্ৰত ইয়াৰ অৰ্থ এইটো নহয যে মই নাস্তিক । মানুহে সমাজ পাতি বসবাস কৰা দিনৰপৰা আত্ম সন্তুষ্টিৰ বাবে হক বা শান্তি, সম্প্ৰতি, সমৃদ্ধি, ঐক্যবদ্ধ বাবে হক ইশ্বৰ শব্দটো প্ৰয়োগ কৰি নানা নাম দি পৰম্পৰাগত ভাৱে বিভিন্ন ধৰণৰ ৰীতি নীতি জড়িয়তে ইশ্বৰ সন্ধান বা বিশ্বাস কৰি আছে আৰু কৰি গলে আত্ম সন্তুষ্টি লাভ উপায পাই তেন্তে সেই ক্ষেত্ৰত একো নাই । কিন্তু ইশ্বৰ শব্দটো প্ৰয়োগ কৰি গুৰামি , দাম্ভকতা,অযুক্তিকৰ তত্ত্ব বাখ্যা জড়িয়তে সমাজত নিজকে সৰ্বজ্ঞানী বুলি প্ৰতিস্থা কৰিব বিচৰা ক্ষেত্ৰত অসন্তুষ্ট । সমাজত এনে বহুতো ব্যক্তি আছে যিসকলে দুখনমান ধৰ্ম পুথি অধ্যয়ণ কৰি ইশ্বৰক যেন সাক্ষাৎকাৰ কৰা লগতে দৰ্শন কৰি আহিছে । বিজ্ঞানেও কৰিব নোৱাৰা যুক্তি প্ৰদৰ্শিত কৰি তেওঁলোকক ইশ্বৰ স্বৰূপ হৈ পৰা যুক্তি প্ৰদৰ্শন কৰি সমাজ সমূহ পৰিচালনা কৰা পৰিলক্ষিত । তেওঁলোকৰ যুক্তি খন্ডন কৰিব নোবাৰা সকল ভক্ত হৈ অন্ধকাৰ জগতত প্ৰৱেশ কৰা হাজাৰ হাজাৰ উদাহৰণ বৰ্তমান সমাজত উল্লেখযোগ্য উদাহৰণ হব । মানবতা কল্যান নামত ইশ্বৰ শব্দ প্ৰতিষ্ঠা কৰা বিপৰীতে মানবতা ধবংস কৰা বাবে এচাম লোকে ঈশ্বৰ শব্দটো প্ৰয়োগ কৰি ইশ্বৰ নামত একো একোটা বৃহত্তম ব্যবসায দোকান খুলি বহি থকা আমি সকলোকে জানো যদি আপত্তি নকৰো । কাৰণ আমি আমাৰ আত্ম সন্তুষ্টি বাবে ঈশ্বৰক বিশ্বাস কৰো । দহজন আগত নিজকে ধাৰ্মিক হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা বাবে এচাম লোকে ইশ্বৰ দোকান খুলিবলৈ সুবিধা লাভ কৰিছে । সেইসকলে ইশ্বৰ দৰ্শন কৰা পিছতো লোভ -মোহ ত্যাগ কৰিব নোৱাৰে; ইয়াৰ মূলত দোষ আমাৰ বিনা ঘোচত ইশ্বৰে চকু মেলি নাচায বাবে আমি ঘোচ আগবঢাও । যেনে -- অমুক কামটো বাবে অমুকটো দিম । আৰু যেতিয়া আপুনি সন্তুষ্ট লাভ কৰি সেইটো কাৰোবাক সাক্ষী কৰি দিবলৈ আগবাঢ়িব সেই সময়ত আপুনি ভবা দৰে অঙ্কটো নহয়গৈ । কাৰণ সাক্ষী সকলেও ইশ্বৰ সাক্ষী এনেই নহয তেওঁলোকৰ বাবে ইশ্বৰে কিছুমান ৰীতি নীতি বান্ধি দিছে যিবোৰ ইশ্বৰ ক এবাৰ দেখুৱাই নিজৰ নিজৰ বেগটো ভৰ্তি কৰা হয । অন্যহাতে আপুনি সেইবোৰ পৰিশোধ কৰিবলৈ বাধ্য কাৰণে ইশ্বৰক আপুনি ঘোচ দিম বুলি আশা দিছিল নহলে আপুনি পাপ পৰাতকৈ শান্তি ৰে থাকিব নোৱাৰে এই কাৰণে আপুনি আত্ম সন্তুষ্ট লাভ কৰিব বাবে সেইবোৰ দিব লাগিব । জীবনত আত্ম সন্তুষ্টি লাভ কৰিব হলে নিজৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যক্ষ ভাৱে চাই নিজকে পুবা গধূলি এবাৰ বিশ্লেষণ কৰক । আৰু ভুল বোৰ সংশোধন কৰি মানব কল্যান হকে চিন্তা কৰিলে ইশ্বৰক পাব ।
Saturday, May 11, 2019
**প্ৰাসঙ্গিক :: সন্মান বনাম কৃত্ৰিম সন্মান ** মানব জীবনৰ অন্য এক উল্লেখযোগ্য চাবিকাঠি হল সন্মান । পৃথিৱীৰ সকলো মানুহৰে একো একোটা নিজস্ব সন্মান আছে । সন্মানৰ ক্ষেত্ৰত জাতি-ধৰ্ম ,বৰ্ণ , উচ্চ -নিম্ন মধ্যবিত্ত আদিৰ কথা নাহে । গতিকে প্ৰতিজন ব্যক্তি যে নিজৰ সন্মানক সদায প্ৰধান্য দিয়া পৰিলক্ষিত । সন্মান টকাৰে কিনিব নোৱাৰে । সন্মান স্বতন্ত্ৰ বিষয । আজি আধুনিক সমাজৰ ব্যৱস্থাত দেখা পোৱা গৈছে যে যাৰ টকা পইচা, ধন সম্পত্তি আছে তেওঁৰ সন্মান আছে । আৰু সেই সকললোকে সদায সন্মানৰ সন্ধানত দৌৰি ফুৰা পৰিলক্ষিত । প্ৰকৃততে সেইসকল লোকে সন্মান প্ৰকৃত অৰ্থ হৃদয়ৰ সংগম বা উপলব্ধি কৰিব নোৱাৰে । কেইটকা মান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বৰঙণি আগবঢ়োৱা সভা সমিতি সমুহত ৰাইজৰ মাজত ডিঙিত আনে গামোচা এখন পিন্ধালেই তেওঁলোকে বহু সন্মান পালো বুলি আত্ম গৌৰৱৰ কৰাটো পৰিলক্ষিত । সেইবোৰ হল কৃত্ৰিম সন্মান । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ হোৱা পৰিলক্ষিত কেইখনমান কিতাপ, কেইটামান সমাজ সেবা কাম কৰি , কেইখনমান নাটক বা অভিনয কৰি টকা জড়িয়তে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এ প্ৰদান কৰা সন্মানীয় বটা কেইটামান গ্ৰহণ কৰিব পৰাটো কিছুমান ব্যক্তিৰ জীৱনৰ এক লক্ষ্য হৈ পৰিছে । ৰাতিটো ভিতৰত আজি সমাজত বহু হাজাৰ জন এনে ধৰণৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, গল্পকাৰ, উপন্যাসিক, সমাজসেৱক ইত্যাদি ইত্যাদি হোবা সকলোৱে জ্ঞাত । সেই সন্মান সমুহৰ মূল্য ক্ষণতেকিযা । আচলতে প্ৰকৃত ব্যক্তিয়ে কেতিয়াবা তেনে সন্মান আশা নকৰে বাবে তেওঁলোক সমাজৰ প্ৰচাৰ বিমুখ ব্যক্তি তালিকা অন্তৰ্ভুক্ত । আজি সমাজৰ মানসিকতা হল হকে বিহকে যিকোনো এটা অনুষ্ঠান সময বা অসময়ত আয়োজন কৰি মোটা অংকৰ অনুঠানটোলৈ আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ কৰি গামোচা পিন্ধোৱা সংস্কৃতি গঢ়ি তোলা এক প্ৰকাৰ লক্ষ্য হৈ পৰিছে । গামোচা বদনাম বিশিষ্ট ব্যক্তি এক উল্লেখযোগ্য অনুষ্ঠান আজি সমাজৰ এক লক্ষ্য কিছু দিশত হোৱা দেখা পোৱা যায । উদাহৰণ স্বৰূপে আজি আমি কব পাৰো বৰ্তমান প্ৰায সংখ্যাক বিহু মঞ্চত "" স্মৃতি গ্ৰন্থ "" প্ৰকাশ কৰাটো এক শুভ লক্ষণ । সেই গ্ৰন্থ সমুহত কিছুমান ব্যক্তিয়ে আনপৰা টকা জড়িয়তে উন্নত লেখা সংগ্ৰহ কৰি নিজৰ নামত প্ৰকাশ কৰা কোনো ক্ষেত্ৰত দৃষ্টিগোচৰ আমাৰ সকলোৰে হয । সেই ব্যক্তি সকলে তেনে কৰা কাৰন হল বিহু সমিটি খনত তেখেত গুৰুত্বপূৰ্ণ দ্বায়িত্ব ব্যক্তি । দ্বায়িত্বশীল ব্যক্তি হৈ তেওঁৰ আয়োজন কৰা বিহু খনত যদি লেখা এটা প্ৰকাশ কৰিব নোবাৰে লাজ বিষয । গতিকে টকা জড়িয়তে তেখেতে এগৰাকী সাহিত্যিক ও এই কথা সমাজৰ আগত দাঙি ধৰা তেওঁৰ এটা লক্ষ্য । আন গীত এটা নিজৰ গীত আৰু সুৰ বুলি কব বিচৰা আমাৰ সমাজত বহু উদাহৰণ আছে । কিন্তু প্ৰকৃতাৰ্থত সেই সাহিত্যিক, গীতিকাৰ, সুৰকাৰ সমাজ প্ৰচাৰ বিমুখ ব্যক্তি হিচাপে চিৰদিনৰ বাবে থাকি যায । আৰু তেওঁলোকৰ সন্মান সদায উচ্চ স্থান লাভ কৰে যেতিয়া তেওঁলোকৰ বিষয়ে সকলোৱে জানে ।
@@@@ মন যায় @@@ ( পুত্ৰ সুশান্তু নাথৰ অনুৰোধ ক্ৰমে তেওঁ হাতত তুলি দিব পৰাকৈ এখন শিশু নাট লিখা প্ৰয়াস মাথোঁ) ( নেপথ্য পৰা:::::: আমি কণমানি আমাৰো আছে বহু হেপাঁহ, আশা, আৰু জগত মুহি নিজক প্ৰতিষ্ঠা কৰিব পৰা ধৈৰ্য্য,সাহসক, বুদ্ধিমত্তা ৷ আমাৰ সপোন বোৰ, আমাৰ ৰাপ, হাবিয়াস,লক্ষ্য, উদ্দেশ্য বোৰত মাথোঁ আপোনালোকৰ আৰ্শীবাদ আৰু প্ৰেৰণা প্ৰয়োজন ৷ আপোনালোকৰ আৰ্শীবাদ, প্ৰেৰণা পালে আমি আমাৰ লক্ষ্য উদ্দেশ্যত সফল হব পাৰিম ৷ গতিকে আমাৰ মনক আপোনা সবে বুজিব চেষ্টা কৰিব বুলি আশা কৰিছোঁ ৷) বি: দ্ৰ: পৰিচাকে নিজৰ সুবিধা অনুসৰি বাদ্য যন্ত্ৰ, অভিনেতা, অভিনেত্ৰী সৃষ্টি কৰি লব ৷ ( মুকলি মঞ্চত তিনিটা স্থানত শিশু সকলে বিভিন্ন ভংগীমা যেনে খেলা,পঢা, নচা, ভাওনা কৰা, পঢা, আদি ভংগীমাত ৰৈ থাকিব ৷ মঞ্চ কাপোৰ আতৰা লগে লগে "" নেযাবি ৰঙে মন মাছে মাৰিবলৈ ধুমুহা আহিব হল ৷ ক 'ৰবাত কেনেবকৈ ঘৰিয়ালে পাব বোবাৱ তেজেৰে নৈ ৷ আকাশলৈ চাই চাই হিয়া খনি ভুকুবাই ৰ 'দৈ বাউলী হল ৷ "" ৰংমন:: সেইয়া আই মাত ৷ মোক মাতিছে ৷ আই!!!! ( উচুপি উচুপি) আই তুমি মোক বাধা দিলেও মই যাব লাগিব আই ৷ নহলে ভোকে মৰিব লাগি আটাই ৷ ( দ্বিতীয় দলত """ আগলী কলৰ পাত লৰে কি চৰে চিলনী আই মোৰ আগতে পৰে ৷ (নেপথ্য পৰা গীতটো গাব ) পৰী::: আই , আই!!! ( উচুপি উচুপি) আই মোৰ বৰ ভোক লাগিছে জানা ৷ তুমি কিয় মোক এৰি গুচি গলা আই???? ( ত়তীয় দলত::: ( নেপথ্য পৰা) "" হালধীয়া চৰাই বাউধান খাই সাউদৰ পুতেকে নাওঁ মেলি যায় নাওঁবে বুলে তুলুং ভূটং বঠাই বোলে নাওঁ গধুলিতে গধুলিতে দৱা কোৱাও ৷ হিৰণ্য:: ( কিটাপ খন জপাই,হামিয়া) ওহ!! কিমান পঢিবা আৰু ৷ ইমান বোৰ কিতাপ!!! (গাটো বেকা বেকি কৰি) কিটাপ বেগটোলৈ মনত পৰিলে পিঠিখন দেখুন বিষাই ৷ ( মঞ্চত মিনতি প্ৰবেশ) মিনতি:: ৰতন, বিমল, পৰী,ৰংমন তহঁতবোৰ ক 'ত গলি অ '!! বেলি বঢিব হল ৷ আহ হৈ আহ হঁত ৷ ( তিনিওটা দলে একে লগে::::: "" গৈছোঁ, আমি সকলো গৈছো ৰ ৷) ( প্ৰথম দলে নাচি নাচি "" অ' লৌ গুটি, টো 'লৌ গুটি কচু গুটি লাই ৷ যি খন হাত গুটি আছে সেই হাতে পাই ৷ "" সকলোবে একে লগে হাঁহি মাৰে ৷ "" তই হৱা কেতিয়াবাই আহিলি ন?? "" মিনতি:: অ '!! বাকী বোৰ ক 'ত অ '!!! ( দ্বিতীয়, তৃতীয় দলে এলেলগে ৰেল গাড়ী দৰে হৈ উকি মাৰি, নাচি বাগি "" ৰেল অ ' ৰেল ৷ """ """ আমিও আহি পালোঁ ভাই ৷ "" ( সকলোবে হাঁহি হাঁহি হাত ধৰা ধৰিকৈ গাৱ "" বগলীয়ে সবাহলৈ নগলি কিয়? "" ৷ এটা সময়ত সকলো নাচি বাগি ভাগৰি যেনি তেনি বঢিব ৷ কোনো কোনোবে শুই পৰিব ৷ কিছু সময় পিছত) মিনতি:: ঐ!! তহঁতবোৰে বঢ়ি শুইয়েই কটাবি নেকি? ়়়়়় উঠ আকৌ!! ৰংমন::: মোৰ হলে বৰ ভাগৰ লাগিছে পাই ৷ হিৰণ্য:: ভাগৰিলে নহৱ ৷ মিনতিবাই ,আমাৰ উদ্দেশ্যবোৰ কোৱা আকৌ ৷ মিনতি:: কৈছোঁ ৰবা ভাইটি!! ( সকলোবে থিয় হৈ মিনতিক মাজত লৈ """ কোৱা, কোৱা মিনতি বাই ৷) তেন্তে শুনা সকলোবে ৷ আমাৰ গাওঁৰ ক্লাৱত শিশু দিৱস পাতিব বুলি কোৱা শুনিছোঁ ৷ আমি সকলোবে যদি তাত যোগদান কৰিব পাৰোঁ কেনে হব বাৰু ৷ ( সকলোবে একে লগে "" কেনেকৈ যোগদান কৰিবা বাই ৷ "") আমি তাত সকলোবে নাচিম, গাম, কবিতা আবৃত্তি কৰিম, নাটক কৰিম আৰু???? ৰংমন::: আমাক সেইবোৰ কোনে শিকাব? আমাক জানো ক্লাৱত সেইবোৰ কৰিব দিব ?? হিৰণ্য:: আমি সেইবোৰ নিজে নিজে শিকি কৰিম অ ' ৷ মিনতি::: আমাৰ মা ক্লাৱৰ সভানেত্ৰী মই মাক কৈছিলোঁ কথাটো ৷ ( সকলোবে "" কি কথা বাই?? "") আমি নাচিম, গাম,কবিতা আবৃত্তি কৰিম বুলি ৷ ( সকলোবে "" তেওঁ কি কলে? "") তেওঁ দিম বুলি কলে!! ( সকলোবে কিৰিলি মাৰি জপিয়া জপিয়া ফুত্তি কৰে ৷ ৰংমন আৰু পৰী দুয়ো মন মাৰি আতঁৰত বঢ়ি পৰে ৷) মিনতি:: ( ৰংমনৰ কাষলৈ গৈ গাত ধৰি) কি হল ৰংমন ৷ তুমি যে ভাগি পৰিছা ৷ হিৰণ্য:: ( পৰী কাষলৈ গৈ) তোমাৰ মূখতযে আজি হাঁহি নাই ৷ ( মিনতিয়ে ৰংমনক হিৰণ্যই পৰীক হাত ধৰি উঠাই মঞ্চ মাজলৈ আনে সকলোবে দুয়ো কাষে থিয় হৈ সিহঁত দুয়োলৈ চাই সুধে """ কি হল এওঁলোকৰ? """) ৰংমনে::: ( উচুপি উচুপি চকুপানী মোহাৰি) মোৰো মন যায় তোমালোকৰ লগত বিদ্যালয় যাব ৷ হাঁহি ধেমালি কৰি সকলোবোৰ কথা শিকিব ৷ কিন্তু? ( সকলোবে "" কিন্তু?? কি? "") মই জানো সেইবোৰ কৰিব পাৰিম ৷ কচু,ঢেকীয়া বুটলি, মাছ ধৰি বজাৰত বা মানুহ ঘৰত বিক্ৰি নকৰিলে গধূলী পাকঘৰত চৌকা নজ্বলে অ '!! পৰী::: ( উচুপি উচুপি চকুলোঁ মোহাৰি) মোৰো বৰ ভয় লাগে মাহী আইলৈ ৷ তেওঁ যিহে খং!! পিতাইও ঘৰত নাথাকে ৷ ( ভৰি কলাফুল দুটা দেখোৱাই) এইয়া চা!! ( সকলোবে একেলগে জুমি চাই """ ইচ!! ইচ!! ইমান বেয়া নে তেওঁ?? "") হিৰণ্য:: তহঁতবোৰ দূখ কাহিনীবোৰ দেখি শুনি বৰ দূখ পালোঁ ৷ তেন্তে মোৰ দূখৰ কাহিনী শুন, নিজা গাওঁ, ভাষা, তহঁতবোৰ লগত থাকিলে মই বেয়া হম বুলি মা দেউতাই আলোচনা কৰি চহৰৰ ব্যক্তিগত বিদ্যালয়ত নাম লগাই দিছে ৷ যাতে তহঁতবোৰতকৈ মই বহু বেলেগ হৈ তহঁতবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ ৷ কিন্তু?? (সকলোবে "" কিন্তু?? কি? "") মই তহঁতবোৰক পাহৰিব নোৱাৰোঁ ৷ নোৱাৰো সহিব সেই কিটাপৰ বুজাবোৰ!! ( তেনেতে নেপথ্য পৰা কিৰিলি মাৰে, সকলোবে ইফালে সিফালে জুমি চাই যদিও একো দেখা নেপায়,; পুণবাৰ কিৰিলি মাৰে সকলোবে জুমি চাই ৷ মিনতিয়ে দেখা পাই!) মিনতি:: ঐ!! ঐ !! নামি আহ ৷ নামি আহ ৷ ( সকলোবে মিনতি কাষত থিয় হৈ ৷ "" অ ' সেইটো আমাৰ জলৌ দেখুন!!! ়়়়় ঐ নামি আহ!! নামি আহ!! "" কিছু সময়ৰ পিছত সেমেনা সেমেনিকৈ জলৌ সকলোবে মাজলৈ আহে সকলোবে হাত ধৰা ধৰিকৈ জলৌক মাজত ৰাখি নাচি বাগি গাই "" হলৌ উঠিল তকৌ গছত লগাই খদৌ মদৌ, ়়়়়়় "" সকলোবে হাঁহি হাঁহি "" কি খবৰ জলৌ??? , আমাৰ লগত থাকি বেয়া পাওঁ নেকি?? """ জলৌ::: না়়়় পাওঁ অ৷ ত়়়়়়়ত়়়তহঁ়়তে জো়়়়়়কা়়়়়়়অ বা়়়়়বা়়়়়়বাবে গ়়়়়়গ়়়়়়়গছৰ প়়়়়়়পৰা শু ়়়়়শু়়়় শুনি আ়়়়়ছোঁ ৷( সকলোবে "" অ ' ই আমাৰ সকলো কথা শুনিলে, এতিয়া তই কি কৰিবি ন? জলৌ::: মো ়়় মো ়়়়মোৰ ম ়়় ম ়়়়় মন যা ়়়যা ়়়়় যায় ৷( সকলোবে "" মন যায় "" (নেপথ্যত "" মন যায় "" গীতটো বাজিব সকলোবে এটা ভংগীত ৰৈ থাকিব ৷) সমাপ্ত বি: দ্ৰ: নাটক লিখা অভ্যাস নাই যদিও পুত্ৰ সুশান্তু নাথক উৎসাহিতত কৰিব বাবে প্ৰয়াস কৰিছোঁ ৷ ভূল বোৰ আঙুলিয়াই দিব বুলি কৰযোৰে সকলোকে অনুৰোধ কৰিলোঁ ৷
*** প্ৰসঙ্গ মাতৃ দিৱস :: নৈ সমান বব কোন ? আই সমান হব কোন ?*** আমি প্ৰতিবছৰে মাতৃ সকলে সমাজলৈ আগবঢ়োৱা অবদানৰ কথা সুবঁৰি মাতৃ সকলৰ সন্মানাৰ্থে "" মাতৃ দিৱস "" পালন কৰি আহিছো । আমি সকলোৱে জানো সেই সকল ব্যক্তি সদায সৌভাগ্যৱান যি সকলৰ মাতৃ বৰ্তমান জীবিত । এগৰাকী নাৰীয়ে সেইটো ভালদৰে অনুভব কৰে যে এটা সময়ত তেওঁৰ এগৰাকী মাতৃ হব । মাতৃ হোবা সেই সৌভাগ্য কথা হয়তো তেওঁৰ হয়তো ভাষাৰে বুজাব নোবাৰে । এখন ঘৰৰ পৰা গৈ আন এখন ঘৰ আকোঁৱালি লৈ সমস্ত দ্বায়িত্ব লগতে নিজৰ সতি সন্ততিক ডাঙৰ দীঘল কৰা উপৰিও সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ জৰিয়তে নিজকে সমাজত প্ৰতিষ্ঠা কৰা ত্যাগ আমি পাহৰি যোবা উচিত নহয । আজি সমাজ ব্যৱস্থাত কিছু ক্ষেত্ৰত দেখা পোৱা যায যে মাতৃ সকলৰ কথা আমি পাহৰি নিলাজ ৰ দৰে আমি নিজৰ পুত্ৰ পৰিবাৰ লগত আনন্দত মতলীয়া হৈ পৰো । নিজা জন্ম দিযা মাতৃগৰাকীক দাসী দৰে ব্যৱহাৰ কৰো । বছৰৰ যিকোনো উৎসব আদিত নিজৰ মাতৃক পাহৰি যোৱা বহু উদাহৰণ আজি সমাজত পৰিলক্ষিত । এই সকলোবোৰ দোষ -কষ্ট সহ্য কৰি সতি সন্ততি বিপদৰ সময়ত সকলোতকৈ আগত খবৰ আৰু যত্ন লোৱা নাৰী গৰাকীয়ে হল মা ।""মা"" তুমি অনন্যা । কবি আনন্দ চন্দ্ৰ আগৰৱালা কৈছে --'---------- "" কোনে মোক তুলি -তালি কৰিলে ডাঙৰ মৌ সনা মিঠা মাতে মাৰিলে ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেওঁ মোৰ পূজনীয় মৰমৰ আই । """
Friday, May 10, 2019
*** নেপথ্যত মই ভোলানাথ এ কৈছো ---""( দ্বিতীয় খণ্ড ) গল্পকাৰে গল্পটো লেখা সামৰি বিয়া লৈ বুলি ওলাল । দুয়োৰে একেলগে গাওঁৰ বিয়া খনলৈ ৰাওনা হল । বহু আশা আৰু সপোন লৈ দুজন অচিনাকি মানুহ এদিন সমজুৱা মাধ্যমেৰে চিনাকি হয আৰু বিবাহৰ দৰে সামাজিক অনুষ্ঠান আয়োজন কৰি দুয়ো একেলগে চিৰদিনৰ বাবে সুখ -দুখ লগৰী হিচাপে থাকিব সংকল্প লৈ যুগ্ম জীৱন আৰম্ভ কৰাৰ পদ্ধতিটোৱে হল বিবাহ । গতিকে তেওঁলোকৰ মংগলাৰ্থে বিবাহ অনুষ্ঠানত উপস্থিত থকা আৰু আৰ্শীবাদ দিয়া উপৰিও দিহা-পৰাৰ্মশ দিবলৈ বুলি দুয়ো যাত্ৰা কৰিলে । ৰাতি বহুত হল বিবাহ ঘৰৰপৰা আহোতে আজি ভোলানাথৰ বিষয়ে পুণৰবাৰ লেখা ইচ্ছা প্ৰকাশ কৰি গল্পকাৰে নিজা ৰূমৰ টেবুলৰ কাষত বহি কলমটো তুলি ললে । নন্দৰামেও আইদেউ পৰিয়ালৰ সদস্য সকলক প্ৰভু ইশ্বৰ আদেশ অনুসৰি নিমন্ত্ৰণ জনোৱা লগতে আইদেউ লগত আনিবলৈ অনুৰোধ কৰিলে । যথা সময়ত আইদেউ আৰু পৰিয়ালৰ সকলো সদস্য প্ৰভু ইশ্বৰ অস্থায়ী সত্ৰ নামঘৰ ত উপস্থিত হল । প্ৰভু ইশ্বৰে নন্দৰাম ৰ উপস্থিত আইদেউ পৰিয়ালৰ সদস্য সকলক নিমন্ত্ৰণ কৰা উদ্দেশ্য অবগত কৰি কলে,"" সেই বৈষ্ণৱী সকল আজি আপোনালোকৰ নিমন্ত্ৰণ কৰা ঊদ্দেশ্যে হল আমাৰে বৈষ্ণৱ ভকত নন্দৰাম এ আপোনাসৱৰ আইদেউ ক মনেপ্ৰাণে গ্ৰহণ কৰি যুগ্ম জীৱন আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা কথাটো তেওঁৰ পৰা গম পোৱা বাবে আপোনাৰ সবক নিমন্ত্ৰণ জনোৱা হল । কোনো মনুষ্য জন্ম, মৃত্যু, বিবাহ বিষয়ে সঠিক কৈ উল্লেখ কৰিব নোৱাৰে । গতিকে এই শুভক্ষনত আপোনাৰ সবে মতামত দিলে গুৰু জনা আসন খনকে সাক্ষী কৰি দুয়োৰে মংগলাৰ্থে আৰ্শীবাদ দি বিদায দিব পাৰো । "" আইদেউ পৰিয়ালৰ সদস্য সকলে কলে "" প্ৰভু ইশ্বৰে যি ভাল দেখে তাকে কৰক । তাত আমাৰ কোনো ধৰনৰ আপত্তি নাই । "" "" তেন্তে শুনা এই নামঘৰৰ দাতিতে থকা মাটি বিঘা নন্দৰামক আমাৰ লগত থাকিব বৈষ্ণৱ সকলক সেবা আগবঢ়োৱা বাবে উপহাৰ হিচাপে গ্ৰহণ কৰিব দিলো । আৰু আপানৰ সবে নিজা পুত্ৰ দৰে সকলো কথা শিকাই বুজাই নন্দৰাম ক গ্ৰহণ কৰিব বুলি আশা কৰি গুৰু জনা আসনক সাক্ষী কৰি আমাৰ তৰফৰপৰা আৰ্শীবাদ কৰিলো । প্ৰভু ইশ্বৰে তেওঁলোকৰ যুগ্ম জীৱনৰ প্ৰতিটো ক্ষণতে সহায কৰক আৰু আপোনাৰ সবক বিদায দিলো । "" বুলি প্ৰভু ইশ্বৰে কলে । সকলোৱে প্ৰভু ওচৰত আঠু লৈ নতুন জোবাই সৈতে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে । আইদেউ পৰিয়ালৰ সদস্য সকলে নন্দৰাম ক নিজকে থকা মেলা সুবিধা কণ কৰি দিয়া লগতে জীবিকা পথৰ বাবে গৰু আৰু খেতি মাটি কেইডৰা মান সংগ্ৰহ কৰি দিলে । আইদেউ প্ৰেৰণা আৰু বুদ্ধি অনুসৰি নন্দৰাম এ হাবি ভাঙি বহু বিঘা মাটি মুকলি কৰি খেতি পথাৰৰ কামৰ লগতে গৰু -মহ খুটি স্থাপন কৰি স্বাবলম্বী হল । লাহে লাহে নন্দৰাম আৰু আইদেউৰ মাজলৈ এটি দুটি কৈ পাচোঁটা পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান জন্ম হল । হাঁহি ধেমালি মাজত আৰম্ভ কৰা যুগ্ম জীৱনৰ কোনো এক ক্ষণত দুয়োবে দূখ কৰে কাৰণ তেওঁলোকৰ ডাঙৰ পুত্ৰ জন্ম গত ভাবে অকৰা । এইদৰে দিন বোৰ আগুৱাই গল সাতোটা সন্তান লাহে লাহে ডাঙৰ দীঘল হল ডাঙৰ জনে খেতি পথাৰ কামত মন দিলে আৰু বাকী কেইজনে পঢ়াশালি লৈ অহা যোৱা কৰা লগতে ঘৰৰ কাম ত সময সুবিধা অনুসৰি সহযোগ কৰি গল । নন্দৰামে আৰু আইদেউ বয়স বাহি অহা লগে লগে ঘৰুৱা কাম বনত কৰি ঘৰতে পুবা গধূলি ইশ্বৰৰ নাম ললে । সেইসময়ত অসমত ইংৰাজ খেদি ভাৰত স্বাধীন কৰিব বাবে সকলো অঞ্চলত আন্দোলন কাৰ্য্যসূচী জনসাধাৰণে হাতত লৈছিল । সেই আন্দোলনৰ কাৰ্যসূচীত নন্দৰাম ৰ ডাঙৰ পুত্ৰ বাহিৰে বাকী ছজনে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল । আৰু ভাৰতৰ স্বাধীনতা হোবা পিছত তেওঁলোকে মুক্তিযোদ্ধা হিচাপে চৰকাৰৰ পৰা সন্মান লাভ কৰিলে । ( তৃতীয খন্ডত পৰবৰ্তী লেখা প্ৰকাশ )
১)কেৰেলা পাত: আইৰন, মেগনেচিয়াম, পতাচিয়াম, ভিটামিন C ৰ উৎস। মধুমেহ নিয়ন্ত্ৰনত সহায় কৰে, কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰে, চুলি আৰু চালৰ ৰোগ প্ৰতিৰোধ কৰে, লিভাৰৰ বিসংগতি দূৰ কৰে, শৰীৰৰ ছৰ্বি কমায়, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। ২)চজিনা পাত: অস্থি মজবুত কৰে, ৰক্তসংশোধন কৰে, ডায়বেটিছ নিয়ন্ত্ৰনত সহায় কৰে, হজমী শক্তি বৃদ্ধি কৰে আৰু যৌন দূৰ্বলতা নাশকৰে। ৩)ওলকচু: কেঁচুমূৰীয়া ভালকৰাত সহায়ক আৰু গ্ৰহণী ৰোগ নাশক। ৪)কচুশাক: পিত্ত আৰু শোথ ৰোগ নাশক। ৫)কঁঠালৰ মুচি: কেঁচুমূৰীয়া আৰু পোৰণী গ্ৰহণী নাশক। ৬)কলমৌ শাক: স্তনত গাখীৰ বৃদ্ধি কৰে, পুৰুষৰ শুক্ৰবৰ্দ্ধক ৰুপে কামকে। ৭)দুপৰ টেঙা: English: Sprout leaf প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য। ৮)কাঠআলুৰপাত: English: White Yam : : বলবৰ্ধক। ভিটামিন B6, B1, ফলিক এচিড আৰু c ভিটামিনৰু ভাল উৎস। ৯)কুকুৰাঠেঙীয়া: English: Bandicotberry: : দাঁতৰ ৰোগ, কেন্সাৰ, ডায়বেটিছ, জ্বৰ, খৰ-খজুলি আদি ৰোগ নাশক। ১০)কেঞাবন: English: Nut grass চালৰ ৰোগ নাশক, ছৰ্বি নাশক,ডায়েৰীয়া নাশক, হজমী শক্তি বৰ্ধক। ১১)অমিতা ফুল: English:papaya ই হজম শক্তি বৃদ্ধি কৰে, যকৃত সৱলকৰে, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘাঁ শুকুৱাত সহায় কৰে। ১২)কোমোৰা পাত: English: Ash gourd ৰক্তক্ষৰণ বন্ধ কৰি ঘাঁ শুকোৱাত সহায় কৰে, হৰমনৰ বিসংগতি দূৰকৰাত সহায় কৰে, শৰীৰৰ উজন হ্ৰাস কৰাত সহায় কৰে। ১৩)খুতৰাশাক: English:green amaranth হজম শক্তি বৃদ্ধি কৰে, ভোক বঢ়াই, পিত্ত, কফ, বিষ নাশক। ১৪)গাখীৰতী: English: Milky herb স্নায়ু ৰোগ, দাঁতৰ ৰোগ, শ্বাস-প্ৰশ্বাস জনিত ৰোগ আৰু কোষ্ঠকাঠিন্য আাদি দূৰ কৰে। ১৫)গৰুখিচ: English: Wild strawberry গাউত, আৰ্থাৰাইটিছ, ডায়েৰীয়া,ছালৰ ৰোগ নাশক আৰু দেহৰ ৰোগ প্ৰতিৰোধি ক্ষমতা বৃদ্ধি কাৰক। ১৬)আদা: English:Ginger হজমিশক্তি বৃদ্ধি কৰে, কাহ, বমি, বীজাণু নাশক। ১৭)চালকুঁৱৰী আগ: English: Aloevera চালৰ ৰোগ নাশক, পৰিপাক ক্ৰীয়া মজবুত কৰে, ডায়বেটিচ নিয়ন্ত্ৰনত সহায় কৰে, কোষ্ঠকাঠিন্য দূৰকৰাত সহায় কৰে। ১৮)চিৰতা পাত: মেলেৰিয়া, বহুমূত্ৰ ৰোগ দূৰ কৰে, তেজৰ পৰিস্কাৰ কৰে, চালৰ ৰোগ দুৰ কৰে। ১৯)চুকাশাক: English: Sorrel বায়ু ৰোগ নাশক ২০)চেংমৰা/চেঙামু: English: Spiny arum হাপানী, ব্ৰংকাইটিছ, বাট বিষ, পেটৰ বিষ নাশক ২১)জবাফুল: English:China rose: : চুলিৰ সমস্যা দুৰ কৰে, ৰক্ত শোধন কৰে, ৰক্তস্ৰাৱ আৰু কলেষ্ট্ৰৰেল নিয়ন্ত্ৰন কৰে। ২২)জলকীয়া পাত: দৃষ্টিশক্তি বৃদ্ধিৰ কাৰক, চাল আৰু চুলি মজবুত কৰে, সংক্ৰমন ৰোধকৰে, ৰক্তস্ৰাব কমাত সহায় কৰে, শ্বেতৰক্তকনিকা বৃদ্ধিৰ কাৰক। ২৩)জাতিলাউ পাত: English: gourd Bottle: পুষ্টিকৰ, শীত বীৰ্য, শুক্ৰবৰ্দ্ধক। ২৪)জালুকপাত: English:Black pepper: বীজাণু নাশক, গা বিষ নাশক। ২৫)জিকা পাত: English: Ridge gourd পুষ্টিবৰ্ধক, ইয়াৰ গুটি চাইনাচাইটিচ নাশক। ২৬)জিলমিল: English: Pigweed ভোক বৃদ্ধিৰ কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক। ২৭)জেটুলীপকা পাত: English: Wild raspberry ৰক্তবৰ্দ্ধক ২৮)জ্যেষ্ঠমধু পাত: English: Licorice: অন্তৰ ঘাঁ-শুকোৱাত সহায়ক,হৃদ ৰোগ, কফ, পিত্ত নাশক। ২৯)টিকনি বৰুৱা: English: Pickly ivys: শক্তিদায়ক। ৩০)টুবুকী লতা/ টুপুৰী লতা: কেন্সাৰ নাশক, মহিলাৰ বগাস্ৰাৱত ভাল কামকৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ কাৰক। ৩১)টেঙামৰা: English: Rozella: গ্ৰহণী নাশক। ৩২)টেঙেচি টেঙা: English: Wood sorrel: স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক। ৩৩)ঢেঁকীয়া: English: Fern পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক। ৩৪)ঢেঁকীয়ালতি: English: Maidenhair creeper: : : বাট বিষ নাশক। ৩৫)তৰা গজালি: : পেলুৰ প্ৰতিষেধক। ৩৬)তিতাফুল/ৰামবাহক/ৰঙা বাহক: কিমি নাশক, ৰক্তশোধক। ৩৭)তিতাবাহক/ তিতাকুচি/বগা বাহক: English:Malbar nut. Botanical: Justicia adhatoda syn Adatoda vasica: হাঁপানী, ব্ৰংকাইটিছ, ডিঙিৰ বিষ, কাঁফ নাশক। ৩৮)তিঁয়হ পাত: English: Cucumber: Botanical: Cucumis sativus : পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বলতা বৃদ্ধি কৰে। ৩৯)তুলসী পাত: English: Basil: Botanical: Ocimum sanctum: কাঁহ, হাঁপানী, কফ নাশক। ৪০)দহি কচু: English: Botanical: Alocasia odora: ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক। ৪১)দাংবদি/লেছেৰা মাহ: English:Cowpea :Botanical: Vigna sinensis: পুষ্টি বৰ্ধক। ৪২)দুপৰটেঙা: English: Sproutleaf: Botanical: Bryophyllum pinnatum: পাথৰী নাশক, প্ৰস্বাৱৰ ৰোগ নাশক। ৪৩)দূবৰি বন: English: Dog grass:Botanical: Cynodon dactylon: মাহেকীয়াৰ সমস্যা দুৰ কৰা, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। কোষ্ঠবদ্ধতা নাশক। ৪৪)দোৰোণশাক/দুৰুম/ দ্রুণ: English: Botanical: Leucas aspera: বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য। ৪৫)ধতুৰা: English: Thronapple: Botanicatl: Datura stramonium: ঘাঁ শুকোৱাত সহায় কৰে, হাঁপানী আৰু স্নায়ু ৰোগনাশক। ৪৬)ধনিয়া/মেমেধু: English: Coriander Botanical: Coriandrum sativum: ৰক্তহীনতা, চালৰ ৰোগনাশক, হৃদৰোগ নশক, বেক্টেৰিয়া বিজানু নাশক, হজম শক্তি বৰ্ধক। ৪৭)নৰসিংহ: English: Curry leaf: Botanical: Murraya koenigii: চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক। ৪৮)নহৰু : English: Garlic Botanical: Allium sativum: হজমী শক্তি বৰ্ধক, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক, হৃদৰোগ নাশক, জীৱনী শক্তি বৰ্ধক। ৪৯)নিলাজী বন: English: Sensitive plant: Botanical: Mimosa pudica: ডায়েৰীয়া প্ৰতিৰোধ কৰে, ডাইবেটিছ নিয়ন্ত্ৰন কৰাত সহায় কৰে, অৰ্শ ৰোগ নাশক, এন্টি ফাংগেল। ৫০)নীলকণ্ঠ: English: Blue fox tail: Botanical: Ecbolium linneanum: মাহেকীয়াৰ সমস্যা, বাট বিষ আৰু প্ৰাস্বাৰ সমস্যা দুৰীকাৰক। ৫১)নেওঠনীয়া/নেওঠনী: English(?)Botanical: Portulaca grandiflora: এজমা, ডাইবেটিছ, কন্সাৰ নাশক। ৫২)নেফাফু: English:Botanical: Clerodendrum colebrookianum: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত। ৫৩)নুনি পাত: English: Mulberry:Botanical: Morus alba: ব্লাডচুগাৰ নিয়ন্ত্ৰন কৰে, জাৱনীশক্তি বঢ়ায়। ৫৪)পচতীয়া: English: (?) Botanical: Vitex pentaphylla: চালৰ ৰোগ নাশক, কঁফ নাশক। ৫৫)পদিনা: English: Mint: Botanical: Mentha viridis: গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক। ৫৬)পনৌনৌৱা/পূর্ণনৱা: English: Hog weed : Botanical: Peperomia pellucid: ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱা সহায়ক। ৫৭)পালেং: English: Spinach: Botanical: Spinacea oleracia: ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে। ৫৮)পিৰালি পালেং: English: Garden spinach: Botanical: Talinum triangulare: প্ৰচুৰ ভিটামিনৰ উ ৎস, বল বৰ্ধক। ৫৯)পিঁয়াজপাত: English: Onion: Botanical: Allium cepa: মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক। ৬০)পুৰৈশাক: English: Malabar nightshade: Botanical: Basella rubra, Basella alba: পুষ্টিকাৰক, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক। ৬১)বন জলকীয়া: English:Wild chilli: Botanical: Clematis cadmia: এন্টিচেপ্তিক। ৬২)বন জালুক: English:Wildpepper:Botanical: Oldenlandia diffusa, O. Corymbosa : ছালৰ ৰোগ, পেটৰ ৰোগ নাশক। ৬৩)বন ধনিয়া: English:Sweetleaf: Botanical: Scopuria dulcis : হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ। ৬৪)বৰটেঙেচি: English: Irish shamrock: Botanical: Oxalis corymbosa: স্মৰণ শক্তি বৃদ্ধিত সহয় কাৰক, গ্ৰহণী নাশক। ৬৫)বৰালি বুকুৱা: English: Botanical: Pouzolzia zeylanica, P. Indica: ডিচেন্ট্ৰি, ঘাঁ, ফুঁড়া, প্ৰস্বাৱৰ সমস্যাত সহায়ক। ৬৬)বৰিয়াল/বৰবৰিয়াল/সোণবৰিয়াল: English: Broom jute Botanical: Sida cordifolia:মূত্ৰাশয় আৰু কিডনীৰ সমস্যা নাশক। ৬৭)বর্হমথুৰি/বৰমথুৰি: English: Lipstick champa: Botanical: Magnolia hodgsonii, Talauma hodgsonii: বেক্টেৰিয়া নাশক। ৬৮)বাবৰি/বালি বাবৰি: English: (?) Botanical: Myriactis javanica: ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী। ৬৯)বিলাহী পাত: English: Tomato: Botanical:Lycopersicon esculentum: তেজবৰ্দ্ধক, ছাল নিমজ কাৰক। ৭০)বিশল্যকৰণি/তিতাবাহক/তিতাখাৰি English(?): Botanical: Jasticia gendarussa SynGendarussa vulgaris: বিষ নাশক। ৭১)বিহলঙনি: English: Botanical:Polygonum glabrum , P. Orientale: বিষ, বাত বিষ নাশক। ৭২)বেঙেনা(খৰুৱা): English: Brinjal: : ৰক্তবৰ্দ্ধক। ৭৩)বেতগাজৰ পাত: English: Slender Rattan Cane :Botanical: Calamus viminalis, V. Rotang: ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক। ৭৪)ব্ৰাহ্মীশাক: English: Brahmi: : স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে। ৭৫)ভাঙৰ আগ: English: Hemp : ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক। ৭৬)ভাতকেৰেলা: English: Spine gourd : : পুষ্টিকাৰক। ৭৭)ভীমৰাজ বন/ভৃগৰাজ: : হৃদয় টনিক, বেক্টেৰিয়া বিজানু নাশক, চুলিৰ সমস্যা নাশক, হজমী শক্তি বৰ্ধক। ৭৮)ভেঁকুৰি তিতা/তিতা ভেঁকুৰি: English: Pickly night shade:: ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক। ৭৯)ভেদাইলতা/ভাদুলিলতা/ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা: English: Skunk vine: Botanical: Paederia foetida: শক্তিদায়ক, বাত, গ্ৰহণী নাশক। ৮০)মচন্দৰী/মুচন্দৰী/মচুন্দৰী: English: Heart leaf: Botanical:Houttuynia cordata: গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী। ৮১)মজাঠি/মজেঠি: English: Indian madder: বেক্টেৰীয়া প্ৰতিৰোধী, ডাইবেটিচ, কিডনী পাথৰ নাশক, ডিচেন্ট্ৰী প্ৰতিৰোধক। ৮২)মধুৰীআমৰ পাত: ডায়েৰীয়া, গ্ৰহনী নাশক। ৮৩)মধুসোলেং: গ্ৰহণী আৰু পেটৰ ৰোগ নাশক। ৮৪)মৰলীয়া পাত/ফুটুকী বন/ঠোঁটনী শাক/ঠোঠনী শাক: English: Chick’s wort: : পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে। ৮৫)মৰিচা: English: Amarntha: Botanical: Amaranthus gangeticus: স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য। ৮৬)মহানিমৰ পাত: English: Neem: তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে। ৮৭)মাটি কাঁদুৰি: English: Sessile joyweed: Botanical: Alteranthera sessile: পেটৰ ৰোগৰ কাৰণে উপকাৰী। ৮৮)মানধনিয়া/নগা ধনিয়া: Englisndh: Long coriander: Botanical: Eryngium foetidum: হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ। ৮৯)মানিমুনি(বৰ): English: Asiatic pennywort: Botanical: Centella asiatica: পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক। ৯০)মানিমুনি(সৰু): English: Andem:Botanical: Hydrocotyl sibthorpiodes: স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক। ৯১)মূলাশাক: English: Radish : Botanical: Raphanus sativus: কোষ্ঠকাঠিন্য, ৰক্তচাপ নিয়ন্ত্ৰনৰ কাৰক, কিডনী ৰোগ নাশক, হাঁপানী নাশক। ৯২)ৰঙালাউ আগ: English: Pumpkin: Botanical: Cucurbita moschata: চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে। ৯৩)লফা শাক: English: Cluster mallow Botanical: Malva verticillata: কিডনীষ্টন, হাঁপানী, বংকাইটিচ নাশক, নিদ্ৰাহীনতা, শানমইনা নাশক। ৯৪)লাই শাক: ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে, কেন্সাৰৰ প্ৰতিৰোধক, হৃদ যন্ত্ৰ শক্তিশালী কৰে, নিম্ন ৰক্তচাপৰ বাবে ভাল। ৯৫)হাতীখুতৰা/ হাতী চৰিলি/ কাঁটা খুতৰা: গ্ৰহণী আৰু বিষ নাশক ৯৬)মেথিশাক: English: Fenugreek: k foenum-graecum: বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী। ৯৭)শেৱালি ফুল: English: Night jasmine : ক্ৰিমি নাশক, জ্বৰ নাশক। ৯৮)উৰহী: English: Dolichs bean: : শুক্ৰকাৰক, বলকাৰক। ৯৯)লাইজাবৰী: English:Tropical chickweed কফ নাশক, চাইনাচাইটিচত উপকাৰী। ১০০)শুকলতি: English: Patchouli: গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে। ১০১)কালমেঘ: English: Kalmegh যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক। ●সংগ্ৰহিত ডাঃ হৰিকান্ত দাস। ★★★অনুগ্ৰহ কৰি পেজ টো লাইক কৰিব★★★
*** পাপ,পূণ্য মাজতে মানব জীৱন টো *** পৃথিৱীত বসবাস কৰা জীব সমূহৰ ভিতৰত মানব জীব শ্ৰেষ্ঠ বুলি বিবেচিত কৰা হয । কাৰণ মানব বা মানুহৰ আবেগ, অনুভূতি, দয়া আৰু বিবেক ইত্যাদি আছে । নিজা বিবেকৰ জড়িয়তে মানুহে শুদ্ধ -অশুদ্ধ, ভাল-বেযা ইত্যাদি বিবেচনা কৰিব পাৰে । গতিকে প্ৰতিজন মানুহে পাপ পুণ্য বিশ্লেষণ কৰি পৰা ক্ষমতা আছে । আনৰ আগত ইশ্বৰ বা পাপ ,পূণ্য বিশ্বাস নকৰো বুলি যুক্তি আগবঢ়োৱা জনেও জীৱনৰ কোনো এক ক্ষণত ইশ্বৰ বা পাপ-পূণ্য ইত্যাদি গোপনে বিশ্বাস কৰা লগতে অনুসূচনা কৰিব বাধ্য হয । পুবা শুই উঠা পৰা বিচনালৈ যোৱা সময়ৰ লৈকে প্ৰতি জন ব্যক্তিয়ে জ্ঞাত বা অজ্ঞাত ভাবে এনে কিছুমান কাম কৰিবলৈ বাধ্য হয যিবোৰ কামৰ ক্ষেত্ৰত সমালোচক সকলে তেওঁক লৈ সমালোচনা কৰা সময়ত পাপ-পূণ্য কথা পৰিলক্ষিত হয । পৃথিৱীত বসবাস কৰা প্ৰতিজন মানুহে যিহেতু ইশ্বৰ নামৰ এক অদৃশ্য শক্তি বিশ্বাস কৰে । গতিকে এই সূত্ৰ অনুসৰি সকলোৱে পাপ-পূণ্য বিশ্বাস কৰে । এতিয়া মূল কথা হল মানব জাতি কল্যান আৰু উন্নয়ন হকে কৰা কাৰ্য্য সমৃহ হল পূণ্য আৰু বাকী সমূহ পাপ । ইয়াৰ উপৰিও মানুহ চৰিত্ৰ দোষ সমূহ সংশোধন কৰা ক্ষেত্ৰত সমাজ ব্যৱস্থাত পাপ-পূণ্য দিশটো উপস্থাপন কৰি সমালোচনা কৰা হয । ইয়াৰ মূল লক্ষ্য হল যাতে শৃংখলা বদ্ধ ভাবে পৰিচালিত হৈ সুখ,শান্তি, সমৃদ্ধি আৰু ঐক্য এনাজৰী মাজত মানব জাতি জয গান গাব পৰা যায । সেইবাবে পৃথিৱীৰ সকলো ধৰ্মৰ গ্ৰন্থ সমূহত পাপ-পূণ্য কথা পৰিলক্ষিত । আমাৰ বিবেক থাকিও কোনো কোনো ক্ষেত্ৰত আমি বিবেকহীন কাম কৰি যোৱা হাজাৰ হাজাৰ উদাহৰণ পৰিলক্ষিত । আজি সমাজৰ এক শ্ৰেণী লোকে নিজৰ স্বাৰ্থৰ হকে নিজৰ সম্পৰ্ক লোকৰ ক্ষেত্ৰত ও বিবেকহীন কাৰ্য্য সম্পাদন কৰা হাজাৰ হাজাৰ উদাহৰণ পোবা যায । উদাহৰণ স্বৰূপে বৃদ্ধাশ্ৰম আজি সমাজৰ এক নতুনত্বৰ চিন্তা বা মানসিকতা । পিতৃ -মাতৃ বৃদ্ধ হলে লালন পালন কৰাতকৈ বৃদ্ধাশ্ৰমত ৰাখিব লাগে । শিশুটোৱে নিজে খোজ কাঢ়ি অকণমান জনা হলে আবাসী বিদ্যালয়ত নামভৰ্তি কৰি নিজকে মুক্ত কৰিব বিচৰা এক নতুন মানসিকতা পৰিলক্ষিত । আৰু সেই সকলোকে এসময়ত অনুসূচনা কৰে জীবনত কি পাপ কৰিলো? এখন সুস্থ সবল চিন্তা ধাৰা সমাজ প্ৰতিষ্ঠা কৰা ক্ষেত্ৰত এসময়ত পাপ-পূণ্য বিষযটোবে গুৰুত্বপূৰ্ণ লাভ কৰিছিল যদিও ধৰ্মৰ কিছু গোড়ামিৰ বাবে সেইবোৰ গুৰুত্ব কমি নতুন মানসিক চিন্তা প্ৰচলন হোবা উদাহৰণ ওপৰত উল্লেখ কৰা হৈছে । যেতিয়া লৈকে প্ৰতি জন ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি সমাজৰ বিভিন্ন স্তৰত কাম কৰি যাব তেতিয়া লৈকে পৃথিৱীৰ সকলো স্তৰত পাপে স্থান লাভ কৰি এটা সময়ত সকলোৱে ক্ষতি কৰিব । গতিকে প্ৰথম নিজা পৰিয়ালটোৰ সকলোকে গুৰুত্ব দি উন্নতি সাধন কৰিব পৰা কাম জড়িয়তে সমাজৰ সকলো স্তৰৰ লোকক একেডাল এনাজৰী ডোলেৰে বান্ধি সকলো উন্নয়ন কথা চিন্তা কৰিব পাৰিলে হে পূণ্য ই সমাজত স্থান পাব । যিহেতু পাপ-পূণ্য মাজত হে মানব জীৱন ।
Thursday, May 9, 2019
** নেপথ্যত :: "" মই ভোলা নাথে এ কৈছো -----"" এটা গল্পৰ কাহিনী সন্ধানত যেতিয়া গল্পকাৰে কল্পনা সাগৰত মগ্ন আছিল ; ঠিক সেই সময়তে তেওঁৰ ঘৰত স্বয়ং ভোলা নাথ উপস্থিত হৈছিল কিবা এটা কামৰ সমাধান বিচাৰি । সেইসময়ত গল্পকাৰে নিজা ঘৰৰ চোতালত বহি আছিল । গল্পকাৰ দেখা লগে লগে মিচিকিয়াই হাঁহিটোৱে ভোলানাথ এ সুধিলে, "" হেৰা ডম্বৰু তোমাৰ গাটো ভাল নহয় নেকি? তোমাৰ মনটো ৰঙালী নহয যে ?"" গল্পকাৰ এ হাঁহি মাৰি কলে ,"" গাটো ভালেই । কিন্তু এটা গল্প কাহিনী সন্ধানত আছো । পিছে তুমি এই পুৱাতে যে ।"" গল্প কাহিনী বাবে চিন্তা প্ৰয়োজন নাই । তুমি দেখোন মোৰ বিষয়ে গল্প বিষয বস্তু লৈ লিখিব পৰা । ""---ভোলানাথ এ কলে । গল্পকাৰে মই খুলি হাঁহি মাৰি কলে, "" হয়তো তোমাৰ জীৱনত ঘটি যোৱা ঘটনাবোৰ ও এটা কাহিনী হব পাৰে । তোমাক কি বুলি ধন্যবাদ জনাম ভাষা বিচাৰি পোৱা নাই । ""ইটো সিটো কথা পাতি ভোলানাথক গল্পকাৰে বিদায় দি নিজৰ ৰূমৰ টেবুলৰ কাষ পালেগৈ । ওচৰতে থকা চকী খন টানি বহিলৈ টেবুলত থকা বহী আৰু কলমটো হাতত তুলি ললে । বহু সময় চিন্তা কৰি কলমটোবে লিখিব আৰম্ভ কৰিলে "" মই ভোলানাথ এ কৈছো ---" । নগাঁও জিলাৰ গুৰিমাৰি অঞ্চলৰ নন্দৰাম নাথে শংকৰীযা কলা কৃষ্টি, একশৰণ ধৰ্ম প্ৰতি আকৰ্ষিত হৈ মাজুলী দক্ষিণ পাত সত্ৰলৈ ঘৰবাৰী ত্যাগ কৰি গোপনে আহি সত্ৰৰ সত্ৰাধিকাৰ শৰনাগত হৈ কেবলীযা ভকত হিচাপে সত্ৰতে থাকিব ললে । সেইসময়ত সত্ৰাধিকাৰ মহাপ্ৰভুবে বিভিন্ন স্থানত থকা ভকত সকলক সুবিধাৰ্থে বিভিন্ন স্থানত অস্থায়ী শিবিৰ পাতি সত্ৰ আদৰ্শ প্ৰচাৰ কৰা লগতে ভকত সকলক শৰন ভোজন দিব বাবে ঘুৰি ফুৰোতে নন্দৰামক লগত লৈ গৈছিল । প্ৰভু বিশ্বাসী নন্দৰাম এও প্ৰভু আদেশ শিৰোধাৰ্য্য কৰি সিঠাই ইঠাই প্ৰভু লগত ঘুৰি ফুৰোতে এবাৰ গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰ লৈ অহা পথত দেৰগাঁৱৰ গেলাবিল নদী দাঁতিকাষৰীয়া অঞ্চল ফুলগুৰি চাপৰিত অস্থায়ী ভাবে পতা শিবিৰত বহু কেইমাহ জিৰণি লৈ ভক্ত সকলক শৰন ভোজন দিয়া দিহা কৰিলে । নন্দৰামেও সেই কেইমাহমান প্ৰভু সকলো কামত সহযোগীতা কৰা লগতে প্ৰভু আগমনৰ কথা প্ৰচাৰৰ বাবে দাঁতিকাষৰীয়া অঞ্চল ৰ বৈষ্ণৱক দেখা সাক্ষাত কৰা সময়ত এগৰাকী ৰূপে গুণে গুণৱতী যুবতী আইদেউ প্ৰেমত পৰিল আইদেউ আৰু নন্দৰাম প্ৰেমৰ কাহিনী গম্ভীৰ হোবাত ইকান সিকান কৰি প্ৰভু ইশ্বৰেও অবশেষত গম পালে । এদিন ফুলগুৰি পুখুৰী পৰা পানী তুলি নন্দৰামে অস্থায়ী ভাবে প্ৰতিষ্ঠা কৰা সত্ৰ নামঘৰটো পৰিস্কাৰ কৰা সময়ত প্ৰভু ইশ্বৰে নন্দৰাম চলন-ফুৰন জিৰণি চৰাত বহি লক্ষ্য কৰি আছিল আৰু কিছু সময়ৰ পিছত নন্দৰামক তেওঁৰ কাষলৈ মাতি পঠিয়ালে । নন্দৰামেও খৰধৰকৈ গাটো তিয়াই উঠি জিৰণি চৰাত বহি থকা প্ৰভু ওচৰত আঠু লৈ সেবা ললে । প্ৰভু ইশ্বৰেও আৰ্শীবাদ দি বহু সময় নন্দৰাম লৈ চাই হাঁহি মাৰি কলে, """ আপুনি যদি সংসাৰ কৰিব ইচ্ছা প্ৰকাশ কৰিছে তেন্তে আপুনি সংসাৰ নিশ্চিত মনে কৰিব পাৰে । আৰু এটা দিন পিছত মই মাজুলী লৈ যাত্ৰা কৰিম । গতিকে সকলো সিদ্ধান্ত আপোনাৰ ওপৰত । লাজ বা ভয নকৰিব । যদি আপোনাৰ সিদ্ধান্ত ইতিবাচক হয তেন্তে বৈষ্ণৱী গৰাকী লগতে পৰিয়ালৰ সদস্য সকলক মই মাতিছো বুলি কব । তেওঁলোক কিছু দিহা দি স -সন্মানেৰে আপোনাক মই বিদায দিব বিচাৰো ।"" কথাষাৰ কৈ প্ৰভু ইশ্বৰে সত্ৰ নামঘৰত প্ৰবেশ কৰিলে গৈ । গল্পকাৰে লিখি থাকোঁতে তেওঁলোকৰ পদূলিৰে আযতি সককে বিয়া নাম গাই পানী তুলিব যোবা দৃশ্যটো ৰূমৰ খিৰিকীৰ খনে জুমি চালে । "" হেৰি শুনিছেনে আজি গধূলিকৈ কতো ওলাই নাযাবা । দৰা কন্যা আৰ্শীবাদ এটা দিব বাবে বিয়া ঘৰলৈ যাব লাগিব ।"" --ভিতৰৰপৰা শ্ৰীমতীয়ে মাত লগালে ।( পৰবৰ্তী লেখাত ।)
Tuesday, May 7, 2019
@@একাপ চাহৰ অনুভৱ@@@ আগচোতালৰ বাৰান্ডা খনত আৰামি চকী খনত আউজি বাতৰি কাকত খন হাতত লৈ চকু ফুৰাবলৈ চেষ্টা কৰা মহেন্দ্ৰ বৰুৱাই বৰ ভাগৰুৱা অনুভৱ কৰাই নহয় আজি কালি অকলশৰীয়াও অনুভৱ কৰে ৷ তেতিয়া মহেন্দ্ৰ বৰুৱা চকু কেইটা জপাই অনুৱভ কৰা লগতে অতীতৰ হেৰাৱ খোজা স্মৃতিবোৰ মনত পেলাৱলৈ চেষ্টা কৰে ৷ বয়স হৈ অহা কাৰণে চকু দুটাইও ভালকৈ নেদেখে, লাখুটি ডাল নহলেও ইফাল সিফাল কৰিব নোৱাৰে ৷ বৰ্তমান তেওঁ সাৰথি একমাত্ৰ ঘৰুৱা কাম কৰা বিধৱা মহিলা মালতী ৷বৰুৱা পত্নী বিয়োগ হোৱা পিছৰে পৰা স্বাস্থ্য, খোৱা, বোৱা আদি সকলো দিশতে মালতিয়ে তদাৰক নকৰিলে পৰিয়াল আন সকলৰ খৱৰ নাই ৷ শিক্ষকতা নিচিনা কামত জীৱনটো উৎসৰ্গা কৰি বহু ছাত্ৰ ছাত্ৰীক মানুহ হিচাপে গঢ়ি তুলিব সক্ষম হল যদিও নিজা লৰা ছোৱালী কেইটাক মানুহও মানুহ কৰিলে যদিও তেওঁ জীৱন অন্তিম সময়কণত লৰা ছোৱালী কেইটা পৰা যি আশা কৰিছিল সেই আশাবোৰ পূৰণ নোহোৱা বাবে তেওঁ অকলশৰীয়া অনুভৱ কৰে ৷ পুৱা পৰা ৰাতি শোৱাপাটিলৈ নোযোৱালৈকে হামিয়া হিকতিয়া সময়বোৰ প্ৰায় পাৰ কৰে ৷ মাজে সময়ে চুবুৰিটো ই ঘৰ সি ঘৰলৈ গৈ কিছু সুখ দূখ কথা পতা লগতে চুবুৰিটো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বোৰত অংশ গ্ৰহণ নকৰা কৰি আনন্দ পালেও ঘৰখনত যেন সেই আনন্দ বোলা বস্তুটো অভাৱ হৈছে তেওঁ বৰকৈ আজি কালি অনুভৱ কৰে ৷ তেওঁ ছোৱালী মীনাক্ষিক বিয়া দিয়া পিছত একমাত্ৰ পুত্ৰ সৌৰভৰ সংসাৰ খন পাতি দিছিল ঘৰ খন ধৰি ৰাখিব বাবে কিন্তু তেওঁ ভৱাদৰে সেইটো নহল গৈ ৷ চৰকাৰী চাকৰি সূত্ৰে পূত্ৰ ই ঠাই পৰা সি ঠাই বদলি হৈ ঘূৰি ফুৰা ৰাজহ চক্ৰ বিষয়া সৌৰভ ৰ লগে লগে সৌৰভৰ পত্নী পুত্ৰও ঘুৰি ফুৰে ৷ মহেন্দ্ৰ বৰুৱা একমাত্ৰ নাতি বিপ্লব হঠাৎ সৌৰভৰ পুত্ৰ পুৱা গধুলী ফোনৰ জড়িয়তে তেওঁ খবৰ লয় ৷ জী জোৱাই চাকৰি সূত্ৰে অসমৰ বাহিয়ত থাকে ৷ গতিকে কেতিয়াৱা কেতিয়াৱা মনত পৰিলে ফোনৰ জড়িয়তে কথা বতৰা হয় ৷ পত্নী দেৱলতা বিয়োগ হোৱা পিছত বৃহৎ ঘৰটো শূন্য হৈ পৰাত চুবুৰী মালতীক তেওঁ বাৰি ঢাপতে সৰুকৈ জুপুৰি এটা সাজি লৰা ছোৱালী কেইটা সৈতে ৰাখি নিজা ঘৰ খনৰ চোৱা চিতা দ্বায়িত্ব দিয়ে ৷ সৌৰভে ফোন জড়িয়তে ঘৰটো ভাড়া দি তেওঁলোকৰ লগত থাকিব বাবে মহেন্দ্ৰ বৰুৱাক কয় যদিও তেওঁ ইচ্ছা প্ৰকাশ নকৰে ৷ আজি তেওঁ বৰ ভাগৰুৱা অনুভৱ কৰিছে শিক্ষকতা চাকৰি কালৰ পৰা সঘনাই চাহ আৰু তামোলখন খোৱা অভ্যাসটো গঢ লৈ উঠা বাবে এতিয়া তেওঁ হুমুনি থাকিব লগা হয় ৷ দেৱলতাই তেওঁ সেই অনুভৱ কণ বুজি পাইছিল কাৰণে সময়ে সময়ে সেই খাদ্য দুবিধ যোগান ধৰিছিল ৷ আজি পত্নী নোহোৱা দহটা বছৰ অতিক্ৰম কৰিলে ৷ তেওঁ পত্নী পিছতে এতিয়া সেইবোৰ সাধ্য অনুসৰি কামৰ ব্যস্তা মাজত মালতীয়ে যোগান ধৰে ৷ যোৱা কালি পৰা মালতী গাটো বৰ ভাল নহয় বুলি তেওঁ গম পাই সেইহে তেওঁ একাপ চাহৰ অনুভৱ ৰ ইচ্ছা চকুদুটা জপাই দমন কৰিব চেষ্টা কৰিছে ৷
Friday, May 3, 2019
** জীবনৰ চাবিকাঠি ::আবেগ-অনুভূতি,সফলতা- বিফলতাৰ ইত্যাদি -----***( আত্ম বিশ্লেষণ ) আমি জীৱশ্ৰেষ্ঠ মানুহৰ; আমাৰ বিবেক দ্বাৰা পৰিচালিত । আবেগ-অনুভূতি আৰু সফলতা বিফলতাৰ চাবিকাঠি আমাৰ নিজৰ হাতৰ মুঠিত । টকা পইচা; শিক্ষা দীক্ষা জড়িয়তে আমি যিমানেই আগবাঢ়ি গলে ও নিজকে সফল ব্যক্তি বুলি পৰিচয দিব বা প্ৰমাণিত কৰি নোবাৰিম । কাৰণ আমি আত্ম বিশ্লেষণ নকৰো ;অতীতক পাহৰি যোৱা স্বভাৱৰ বাবে আমি অসফল । প্ৰতিবাদ সাব্যস্ত কৰা আগতে আমি বিশ্লেষণ কৰি চোৱাতো উচিত বুলি ভাবো । আত্ম গৌৰৱৰ বাবে চৰিত্ৰ দাগী লগা জীব শ্ৰেষ্ঠ মানুহ ৰূপত সেই সময়ত বা কিছুমান ক্ষেত্ৰত নিজেই লজ্জাজনক হোৱাৰ পৰিপ্ৰেক্ষিতত । সেইসময়ত বা কিছু ক্ষেত্ৰত পাহৰি যাও যে আমি কি কৰিছো বা আনক দোষ দি বা সন্মান হানি কৰি নিজৰ চৰিত্ৰ তথা নিজৰ সন্মান নিজে হানি কৰি নিজৰ মানদণ্ড আৰু দক্ষতা ক লঘু কৰি কি বুজাব বিচাৰিছো । উদাহৰণ স্বৰূপে কোনো ব্যক্তি এজনে আমাক মুখ অশ্লীল বাক্য জড়িয়তে আক্ৰমণ কৰিলে আমি সেই ব্যক্তিজনৰ মানসিক দৰে উত্তৰ দিবলৈ গলে নিজৰ সন্মান , দক্ষতা ইত্যাদি সকলো লঘু কৰি সফল ব্যক্তি হিচাপে পিছত আনৰ আগত পৰিচয় দিবলৈ পাৰিম জানো । সেইসময়ত আমি নিৰৱতা অৱলম্বন কৰি আতৰি আহিলে নিজৰ সকলোবোৰ ( জীৱন মূল চাবিকাঠি বা জীৱনৰ লেকাম ডাল ) বাচিব । আৰু তেতিয়া আমি সফলতা অৰ্জন কৰিব পাৰিম। তাকে নকৰি আবেগ গুৰুত্বপূৰ্ণ ভূমিকা দি বিবেক দলিয়াই শিক্ষা মানদণ্ড ক লঘু কৰা বহু উদাহৰণ আজি সমাজত পৰিলক্ষিত । কেইটকা মান হাতত থাকিলে নিজকে ধনী বুলি ভবা গুৰু গোঁসাই ক চিনি নোপোৱা স্বভাৱৰ বাবে সমাজ ব্যৱস্থা কোনো দিশত আগুৱাই গৈছে তাক কোনেও বিশ্লেষণাত্মক দিশে চালি জাৰি যাব ইচ্ছা প্ৰকাশ নকৰাটো বৰ্তমান পৰিস্থিতি পৰিলক্ষিত । আনৰ দোষ খুচৰি ফুৰিবলৈ আমাৰ সমাজত বহুত ব্যক্তি আছে । সেই ব্যক্তি সকলৰ মানসিকতা ই সমাজ ব্যৱস্থা কোন দিশত আগুৱাই নিবলৈ সক্ষম হৈছে এবাৰ চিন্তা কৰিব হল । গতিকে জীৱন চাবিকাঠি বা লেকাম ডাল নিজে ঠিক নকৰিলে সমাজত বহু সমস্যা ই গা কৰি উঠিব সেইটো খাটাং ।
** বাপতি সাহোন ৰঙালী বিহু **"" ঢোলৰ চেৱে চেৱে মনটি ৰঙাই চিফুঙৰ সুৰে হৃদয় জুৰাই আমাৰ মৰমৰ এনাজৰী কৃষ্টিৰ পথাৰত ইজনে সিজনক একতা ডোলেৰে বান্ধো আজি ।"" চতৰ আৰম্ভণি ৰ লগেলগে অসমৰ গ্ৰাম্য জীৱনত নতুন ক চোবা হেপাহত উখলমাখল হৈ পৰে ।তাঁতশাল, বননিত কুলি কেতেকী সুমধুৰ গীত, ঢেঁকী চাপ,পথাৰ সমাৰ , ফুল ফলৰ গোন্ধত চৌদিশে আমোলমোল, বিহুবান ডেকা গাভৰুৱে বিহু গীতত গাই ---- "" বিহু আনন্দীযা বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰানএনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান । "" এই বিহু শব্দটো "বিষু বা বিষুবণ"ৰ পৰা আহিছে বুলি বহু পণ্ডিত তে মন্তব্য কৰা পৰিলক্ষিত । ডঃ পবন চন্দ্ৰ শ ইকীয়া ""দেউৰী চুতীয়া " ত তথ্য সহকাৰে প্ৰকাশ কৰিছে "" চুতীয়া ভাষাত বিহু ক " বিচু" বুলি কোৱা হয । " বি" মানে অতি আৰু "চু" মানে আনন্দময বুজাই । বিচু শব্দটো অপভ্ৰংশ ই বিহু উৎপত্তি । অন্য হাতে গবেষক ডিম্বেশ্বৰ গগৈ যে মত প্ৰকাশ কৰিছে যে টাই ভাষাৰ "" পযহু"" শব্দ অপভ্ৰংশ হল বিহু । " পয " মানে উৎসৱ আৰু " হু" মানে গৰু মহ ক গা ধোৱা বুজাই ।যিকি নহওঁক কিয় অসমৰ জাতি জনজাতিৰ বাবে বহাগ উৰ্বৰা পথাৰ । হেমাংগ বিশ্বাসে কৈছিল --- "" যি নাই বিহু গীতত সি নাই অসমত । যি নাই অসমত সি নাই বিহুগীতত । অসম আৰু অসমীয়া জনমানসৰ নিভুল দাপোণ এই বিহু ।"" 19শতিকাৰ আগভাগলৈ বিহু উজনি অসমৰ খিলঞ্জীয়াৰ জনগোষ্ঠী সমূহৰ একচেতীয়া সংস্কৃতি আছিল । আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত বিহুক অন্য মাত্ৰা প্ৰদান কৰিলে । ( পৰবৰ্তী লেখাত )
** সময়ে কথা কয :: শৈশব ,অতীত, বৰ্তমান আৰু ভৱিষ্যত ***( আত্ম বিশ্লেষণ ) "" বাৰীৰে বগৰী পকি সৰিব আমাৰে মইনা বুটলি খাব ------------------------------------"" আজি এই গীতটি শুনি শৈশৱলৈ মনত পৰি গল । আই কোলাত ওমলৈ ; ককা -আইতা , জেঠাই -পেহী, বৰদেউতা -খুড়া সকলোৱে মৰম ,আদৰৰ মাজত আনন্দ মনে আমি ডাঙৰ হৈছিলো । সন্মান, শ্ৰদ্ধা নৈতিকতাৰ আৰু সামাজিক, সংস্কৃতিৰ পৰম্পৰাগত ৰীতি নীতি ইত্যাদি আদি পাঠ যৌথভাৱে থকা পৰিয়ালৰ পৰাই শিকিব প্ৰযাস কৰিছো । তাৰ পৰিবৰ্তে আজি আমাৰ ব্যস্ততাৰ মাজত (আচলতে নিজা সুবিধা বাবে ) আমিবোৰে পৃথক হৈ যৌথ পৰিয়ালৰ পৰা নিজাকৈ একোটা পৰিয়াল লৈ নিজা পৰিকল্পনা অনুসৰি এটি পৃথক পৰিয়াল সৃষ্টি কৰি বসবাস কৰিবলৈ লোৱা আমাৰ শিশু সকলক যৌথ পৰিয়ালৰ সুবাদৰ পৰা বঞ্চিত কৰি আহিছো । আজি আমি পাশ্চাত্য সভ্যতাৰ সংস্কৃতি গ্ৰহণ কৰি আমাৰ সভ্যতাৰ সংস্কৃতি দলিয়াই আমাৰ শিশুক সেইবোৰ শিক্ষা লাভ কৰিব সুযোগ প্ৰদান কৰা পৰিলক্ষিত । যাৰ বাবে আজি অসমীয়া জাতিটোৰ পৰম্পৰাগত সম্পৰ্ক আৰু সমন্ধ সমুহ লুপ্ত হৈ পৰাও পৰিলক্ষিত । আমাৰ শিশু সকলে পাপা,মামী ,আঙ্কূল ইত্যাদি সমন্ধবোৰ গ্ৰহণ কৰা বাবে তেওঁলোকে আমি মৰমত মতা আই ,পিতা , বৌটি , ইত্যাদি শব্দ বোৰ শুনিলে হাঁহি মাৰি উৰুৱাই দিয়ে । শৈশৱৰ সেই দিনবোৰত আমাৰ চুবুৰীয়া সকলো জাতি ভাষা সমনীয়া সমূহৰ লগত হাঁহি ধেমালি কৰি ডাঙৰ হৈছিলো । সমনীয়া সকলৰ পৰম্পৰা সাহিত্য সংস্কৃতি, ৰীতি নীতি, ধৰ্মীয উৎসব আদিত অংশ গ্ৰহণ কৰি সেইবোৰ শিকিব চেষ্টা কৰি আহিছো । কিন্তু আজি আমাৰ শিশু সকলে সেইবোৰ পৰা আতঁৰি নিজা পৰম্পৰাগত সংস্কৃতিৰ আৰু ধৰ্মীয ৰীতি নীতিক প্ৰাধান্যতা দিযাটো এটি দিশত শুভলক্ষণ যদিও অন্য হাতে ই অশুভ । কাৰণ সকলো ভাষা , সাহিত্য, সংস্কৃতি ধৰ্ম ৰীতি নীতি জড়িয়তে আমি অসমীয়া । যদি আজি আমি সকলোৱে পৃথক পৃথক ভাবে নিজৰ ভাষা ,সাহিত্য সংস্কৃতি ধৰ্মক গুৰুত্ব দি পৃথক পৃথক ভাবে কথাবোৰ চিন্তা কৰো তেতিয়া হযটো এটা সময়ত আমি সকলোৱে নিজক অসমীয়া বুলি পৰিচয দিব নোবাৰিম । এই সকলোবোৰ দিশ বৰ্তমানৰ সময়ত বিশ্লেষণ কৰিবলৈ হল । যিদৰে আমি যৌথ পৰিয়াল আমাৰ সুবিধা বাবে লুপ্ত কৰিলো সেই দৰে আমি আমাৰ সুবিধা বাবে এদিন সকলোৱে আগত নিজক পৰিচয দিয়া অসমীয়া জাতিটো লুপ্ত কৰি স্বতন্ত্ৰ নতুন জাতি হিচাপে পৰিচয দিব লাগিব । আজি আমাৰ শিশু সকলে নিজা জাতি ,জনজাতিৰ আদি বোৰ দাবী কৰি একেলগে বসবাস কৰি অহা আমাৰ চুবুৰীয়া বিভিন্ন জাতি -জনজাতি লোক সকলৰ পৰা আতঁৰি পৃথক ভাবে ক্ষমতা লাভৰ লুভত যি বোকা চটিওৱাৰ ৰাজনৈতিক বাৰ্তাবৰণ প্ৰচাৰত উঠি পৰি লগা পৰিলক্ষিত হৈছে ইয়াৰ পৰা আমি অসমীয়া জাতিটোৰ ভবিষ্যত যে অন্ধকাৰ তাৰ ইংগিত অনুভব কৰিছো । বৰ্তমান সময়ত আমাৰ সমাজখনত আমাৰ শিশু সকলক অতীতৰ সেই পৰম্পৰা সাহিত্য সংস্কৃতি ধৰ্মীয় ৰীতি নীতি মাজত থাকি ডাঙৰ হৈ আমি লাভ কৰা সুবাদ বোৰ দিব প্ৰয়াস কৰিব লাগিব । আমাৰ মাজত পৰস্পৰ সমন্বয়ৰ জড়িত আমাৰ সম্পৰ্ক বোৰৰ মাজত লুকাই থকা অন্তৰ্হিত কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব । (আগলৈ )
Wednesday, May 1, 2019
** নিম্নতম মজুৰি , প্ৰাপ্য সুবিধা ইত্যাদি পৰা বঞ্চিত শ্ৰমিক শ্ৰেণী ** ""----------------- মে দিৱসৰ গানে গানে নীলা আকাশৰ তলে দূৰ শ্ৰমিকৰ জয় গানত কাণ পাতি শুনা সেই হেনৰিৰ হাতুৰীৰ সুৰ ।"" অতীতৰ পৰা আজিলৈকে শ্ৰমিক সকলে প্ৰাপ্য সুবিধা বাবে সংগ্ৰাম কৰি আহিছে আৰু সংগ্ৰাম কৰি যাব লাগিব । সংগ্ৰামৰ অবিহনে নিম্নতম মজুৰি, প্ৰাপ্য সুবিধা, ইত্যাদি পৰা সদায শ্ৰমিক সকলক চৰকাৰ ,পুঁজিপতি, মালিক কতৃপক্ষই প্ৰৱঞ্চনা কৰি আছে । ইয়াৰ মূল কাৰণ হল চৰকাৰ পুঁজিপতি, মালিক কতৃপক্ষ আভ্যন্তৰিক বুজা পৰা । চৰকাৰে প্ৰস্তুত কৰা বা প্ৰনয়ন কৰা শ্ৰমিক আইন সমূহ পুঁজিপতি পক্ষত । শ্ৰমিক শ্ৰেণী এ সেই সমুহ ক্ষেত্ৰত প্ৰতিবাদ কৰিব গলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত । আজি সমাজৰ বিভিন্ন শ্ৰেণীৰ শ্ৰমিক সকলে কৰ্মস্থলীত পাবলগীয়া নিৰাপত্তা সুনিশ্চিত বহু ক্ষেত্ৰত নহয । কাৰণ পুঁজিপতি সকলে ধনৰ বলত সকলো কাগজ পত্ৰ সুবিধা প্ৰদান কৰা কথা উল্লেখ কৰি শ্ৰমিক সকলক সঠিক সময়ত প্ৰৱঞ্চনা কৰা বহু উদাহৰণ বিচাৰিলে পোবা যাব । শ্ৰমিক নিৰাপত্তা সুনিশ্চিত কৰিব বাবে যিকেইখন আচনি চৰকাৰে গ্ৰহণ কৰিছে সেই আচনি সমূহ আজি তাৰিখ লৈকে সকলো শ্ৰমিক অন্তৰ্ভুক্ত কৰিব পৰা নাই । শ্ৰমিকৰ স্বাস্থ্য বীমা আচনি, ভবিষ্যত সুৰক্ষা নিধি আচনি বিষয়ে আজি তাৰিখত বহু শ্ৰমিকে ভাল দৰে নাজানে কাৰণে এইক্ষেত্ৰত শ্ৰমিক সকলে প্ৰতিবাদ কৰিব ভয় কৰা বহু ক্ষেত্ৰত পৰিলক্ষিত । বিশেষকৈ অসমত সংগঠিত বা অসংগঠিত ভাবে বহু শ্ৰমিক আছে যিসকলে কৰ্মচাৰী স্বাস্থ্য বীমা আঁচনিৰ পৰা বঞ্চিত । কাৰণ তেওঁলোকে নাজানে এই আঁচনিৰ জৰিয়তে তেওঁৰ পৰা কৰ্তন কৰা ধন সমুহ চৰকাৰে নিৰ্দিষ্ট শিতানত জমা কৰি স্বাস্থ্য সেবা আগবঢ়োৱা হয । বহু অসংগঠিত শ্ৰমিকে টকা অভাবত কৰ্মচাৰী স্বাস্থ্য বীমা অন্তৰ্ভুক্ত হোবা পিছটো হাত সাবতি বহি এটা সময়ত মৃত্যু হোবা বহু হাজাৰ উদাহৰণ অসমতে পোবা যাব । এইক্ষেত্ৰত চৰকাৰে কৰ্মচাৰী স্বাস্থ্য বীমা অধীনত যিমান পৰিমানৰ চিকিৎসালয়ৰ গঢি তুলিব লাগিছিল সিমান পৰিমাণে কৰিব পৰা নাই । আজি গোলাঘাট জিলা কথা উদাহৰণ হিচাপে যদি লোৱা যায তেন্তে দেখা পোবা যাব গোলাঘাট জিলাত বহু কেইখন ডাঙৰ ডাঙৰ চাহবাগিছাৰ, ইটাভাটা,ক্ষুদ্ৰ উদ্যোগ, নুমলীগড় শোধনাগাৰ ইত্যাদি উপৰিও বহুতো অসংগঠিত শ্ৰমিক আছে তাৰ তুলনাত কৰ্মচাৰী স্বাস্থ্য বীমা অধীনত কেইখন চিকিৎসালয় আছে? হয়তো এই ক্ষেত্ৰত ই এছ আই কতৃপক্ষই কব বিচাৰিব আমাৰ লগত অন্তভূৰ্ক্ত শ্ৰমিকৰ সংখ্যা কম কাৰণে আমি তেনেকৈ স্থায়ী ভাবে চিকিৎসালয়ৰ চিন্তা কৰিব পৰা নাই । এতিয়া প্ৰশ্ন উত্থাপন হব পাৰে যে গোলাঘাট জিলাত শ্ৰমিক সঠিক তথ্য কি ? সঠিক তথ্য জনাপাছত সেই শ্ৰমিক সকলে কিমান সুবিধা পাইছে ইত্যাদি ইত্যাদি বহুতো প্ৰশ্ন উত্থাপন লগে লগে সেইবোৰ সঠিক উত্তৰ আজি কোনেও দিব নোৱাৰে বুলি কলেও ভুল নহব । ইয়াৰ মুখ্য কাৰণ হল সকলো ক্ষেত্ৰতে যোৰা তাপলি মাৰি চৰকাৰে হক বা মালিকে হক চলি আছে । যিকি নহওঁক কিয আজি বিশ্ব ইতিহাসত শ্ৰমেৰে নিজৰ ঘামেৰে দুবেলা দুমুঠি অৰ্জন কৰা লোকসললে ঐক্যবদ্ধ হৈ যি আন্দোলন কৰিছিল সেই আন্দোলনৰ প্ৰথমটো বিজযৰূপে আজি দিনটো অতি গুৰুত্বপূৰ্ণ । আজি সেই শ্ৰমিক সকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি আমি শ্ৰমিক আমাৰ প্ৰাপ্য সুবিধা সমূহ পাবলৈ আৰু জানিবলৈ ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগিব । নহলে আমি সদায আমাৰ বঞ্চিত হব লাগিব ।
Monday, April 29, 2019
** চোৰ গলে লাঠি, বৰষুণ গলে জাপি;জীৱনৰ লটিঘটি আৰু মানসিকতা ** আমাৰ সমাজত অতীতৰ পৰা কিছু প্ৰবচন চলি আহিছে আৰু চলি যাব । কৰ্মস্থলীত বা ব্যক্তিগত জীৱনৰ যিকোনো সময়ত সফলতা, নিজা বুদ্ধিমত্তা, দক্ষতা ইত্যাদি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰযোগ্য প্ৰবচন ফাকি হল "" চোৰ গলে লাঠি, বৰষুণ গলে জাপি "" । আমি সঠিক সময়ত সঠিক সিদ্ধান্তত উপনীত হব নোৱাৰা বাবে কেতিয়াবা জীবনত বহু লটিঘটি খাব লাগে যাৰ ফলত আমাৰ মানসিকতা পৰিবৰ্তন হোবা পৰিলক্ষিত । আমি কেতিয়াও নিজক আত্মবিশ্লেষণ কৰিব নিবিচাৰো । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ অন্য এক উল্লেখযোগ্য কাৰণ হল আত্মবিশ্লেষণ নকৰাটো । আমি সদায লোক ওপৰত নিজে কৰা ভূল সমূহ বা দোষ সমূহ জাপি দিব বিচাৰো । যাৰ ফলস্বৰূপে আমাৰ সমাজত এক বিভেদশীল মনোভাব সৃষ্টি আৰু অভ্যান্তৰিক সংঘাত অংকুৰ ফলত সমাজ ব্যৱস্থাত ঘূণে ধৰে । এটি সাধাৰণ উদাহৰণ হল---- বজাৰত এজন বেপাৰী যে দুটা ছাগলী বিক্ৰী কৰিব আনিলে সেই সময়তে এজন গ্ৰাহক তাত উপস্থিত হল । গ্ৰাহক জনৰ লক্ষ্য কম মূল্যত ভাল ছাগলী কিনা ।তেওঁ বেপাৰী জনৰ লগত দাম দৰ কৰি গম পালে সৰু ছাগলী টো দাম দুশ টকা আৰু ডাঙৰ ছাগলী টো দাম চাৰিশ টকা । তেতিয়া গ্ৰাহক জনে লগে লগে বেপাৰী জনক কলে মোৰ হাতত ডাঙৰ ছাগলী টো কিনিব পৰা টকা নাই কিন্তু মোক ডাঙৰ ছাগলী টো প্ৰয়োজন যদি আপুনি নগদ দুশ টকা আৰু সৰু ছাগলী টো বিনিময়ত মানে চাৰি শ টকা ডাঙৰ ছাগলী টো দিয়ে তেন্তে মই সুখী হম । বেপাৰী জনে হিচাপ কৰিলে সৰু ছাগলী টো যিহেতু বিক্ৰী কৰি তেওঁৰ পৰা দুশ টকা পালেই ইয়াৰ উপৰিও তেওঁক বিক্ৰী কৰা সৰু ছাগলী টোও দিব । গতিকে তেওঁৰ উচিত মূল্য পালো বুলি গ্ৰাহক জনক ডাঙৰ ছাগলী টো দি বিদায দিলে । পিছত যেতিয়া হিচাপ কৰি গম পালে তেও নিজে ভূল কৰা বাবে লটিঘটি খাব লগা হল আৰু তাৰ পৰা এক সংঘাত সৃষ্টি হব পাৰে বুলি জানি নিজক সংশোধন কৰা চিন্তা কৰিলে । আৰু গ্ৰাহক জনৰ বিচাৰি নিজৰ ভূল স্বীকাৰ কৰি উচিত মূল্য গ্ৰহণ কৰিলে । দুয়োৰে মানসিকতা এক হোবা বাবে শুধৰোৱা সম্ভব হল । নহলে? ??? গতিকে সঠিক সময়ত সঠিক চিন্তা ৰে আগবঢ়ালে আমি শুদ্ধ মানসিকতা সুন্দৰ সমাজ তেতিয়া ও গঢিব নোৱাৰো । নিজেও তেতিয়া ও সফল হব নোৱাৰিম ।
** চোৰ গলে লাঠি, বৰষুণ গলে জাপি;জীৱনৰ লটিঘটি আৰু মানসিকতা **
আমাৰ সমাজত অতীতৰ পৰা কিছু প্ৰবচন চলি আহিছে আৰু চলি যাব । কৰ্মস্থলীত বা ব্যক্তিগত জীৱনৰ যিকোনো সময়ত সফলতা, নিজা বুদ্ধিমত্তা, দক্ষতা ইত্যাদি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰযোগ্য প্ৰবচন ফাকি হল "" চোৰ গলে লাঠি, বৰষুণ গলে জাপি "" । আমি সঠিক সময়ত সঠিক সিদ্ধান্তত উপনীত হব নোৱাৰা বাবে কেতিয়াবা জীবনত বহু লটিঘটি খাব লাগে যাৰ ফলত আমাৰ মানসিকতা পৰিবৰ্তন হোবা পৰিলক্ষিত ।
আমি কেতিয়াও নিজক আত্মবিশ্লেষণ কৰিব নিবিচাৰো । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ অন্য এক উল্লেখযোগ্য কাৰণ হল আত্মবিশ্লেষণ নকৰাটো । আমি সদায লোক ওপৰত নিজে কৰা ভূল সমূহ বা দোষ সমূহ জাপি দিব বিচাৰো । যাৰ ফলস্বৰূপে আমাৰ সমাজত এক বিভেদশীল মনোভাব সৃষ্টি আৰু অভ্যান্তৰিক সংঘাত অংকুৰ ফলত সমাজ ব্যৱস্থাত ঘূণে ধৰে ।
এটি সাধাৰণ উদাহৰণ হল---- বজাৰত এজন বেপাৰী যে দুটা ছাগলী বিক্ৰী কৰিব আনিলে সেই সময়তে এজন গ্ৰাহক তাত উপস্থিত হল । গ্ৰাহক জনৰ লক্ষ্য কম মূল্যত ভাল ছাগলী কিনা ।তেওঁ বেপাৰী জনৰ লগত দাম দৰ কৰি গম পালে সৰু ছাগলী টো দাম দুশ টকা আৰু ডাঙৰ ছাগলী টো দাম চাৰিশ টকা । তেতিয়া গ্ৰাহক জনে লগে লগে বেপাৰী জনক কলে মোৰ হাতত ডাঙৰ ছাগলী টো কিনিব পৰা টকা নাই কিন্তু মোক ডাঙৰ ছাগলী টো প্ৰয়োজন যদি আপুনি নগদ দুশ টকা আৰু সৰু ছাগলী টো বিনিময়ত মানে চাৰি শ টকা ডাঙৰ ছাগলী টো দিয়ে তেন্তে মই সুখী হম । বেপাৰী জনে হিচাপ কৰিলে সৰু ছাগলী টো যিহেতু বিক্ৰী কৰি তেওঁৰ পৰা দুশ টকা পালেই ইয়াৰ উপৰিও তেওঁক বিক্ৰী কৰা সৰু ছাগলী টোও দিব । গতিকে তেওঁৰ উচিত মূল্য পালো বুলি গ্ৰাহক জনক ডাঙৰ ছাগলী টো দি বিদায দিলে । পিছত যেতিয়া হিচাপ কৰি গম পালে তেও নিজে ভূল কৰা বাবে লটিঘটি খাব লগা হল আৰু তাৰ পৰা এক সংঘাত সৃষ্টি হব পাৰে বুলি জানি নিজক সংশোধন কৰা চিন্তা কৰিলে । আৰু গ্ৰাহক জনৰ বিচাৰি নিজৰ ভূল স্বীকাৰ কৰি উচিত মূল্য গ্ৰহণ কৰিলে । দুয়োৰে মানসিকতা এক হোবা বাবে শুধৰোৱা সম্ভব হল । নহলে? ???
গতিকে সঠিক সময়ত সঠিক চিন্তা ৰে আগবঢ়ালে আমি শুদ্ধ মানসিকতা সুন্দৰ সমাজ তেতিয়া ও গঢিব নোৱাৰো । নিজেও তেতিয়া ও সফল হব নোৱাৰিম ।
আমাৰ সমাজত অতীতৰ পৰা কিছু প্ৰবচন চলি আহিছে আৰু চলি যাব । কৰ্মস্থলীত বা ব্যক্তিগত জীৱনৰ যিকোনো সময়ত সফলতা, নিজা বুদ্ধিমত্তা, দক্ষতা ইত্যাদি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰযোগ্য প্ৰবচন ফাকি হল "" চোৰ গলে লাঠি, বৰষুণ গলে জাপি "" । আমি সঠিক সময়ত সঠিক সিদ্ধান্তত উপনীত হব নোৱাৰা বাবে কেতিয়াবা জীবনত বহু লটিঘটি খাব লাগে যাৰ ফলত আমাৰ মানসিকতা পৰিবৰ্তন হোবা পৰিলক্ষিত ।
আমি কেতিয়াও নিজক আত্মবিশ্লেষণ কৰিব নিবিচাৰো । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ অন্য এক উল্লেখযোগ্য কাৰণ হল আত্মবিশ্লেষণ নকৰাটো । আমি সদায লোক ওপৰত নিজে কৰা ভূল সমূহ বা দোষ সমূহ জাপি দিব বিচাৰো । যাৰ ফলস্বৰূপে আমাৰ সমাজত এক বিভেদশীল মনোভাব সৃষ্টি আৰু অভ্যান্তৰিক সংঘাত অংকুৰ ফলত সমাজ ব্যৱস্থাত ঘূণে ধৰে ।
এটি সাধাৰণ উদাহৰণ হল---- বজাৰত এজন বেপাৰী যে দুটা ছাগলী বিক্ৰী কৰিব আনিলে সেই সময়তে এজন গ্ৰাহক তাত উপস্থিত হল । গ্ৰাহক জনৰ লক্ষ্য কম মূল্যত ভাল ছাগলী কিনা ।তেওঁ বেপাৰী জনৰ লগত দাম দৰ কৰি গম পালে সৰু ছাগলী টো দাম দুশ টকা আৰু ডাঙৰ ছাগলী টো দাম চাৰিশ টকা । তেতিয়া গ্ৰাহক জনে লগে লগে বেপাৰী জনক কলে মোৰ হাতত ডাঙৰ ছাগলী টো কিনিব পৰা টকা নাই কিন্তু মোক ডাঙৰ ছাগলী টো প্ৰয়োজন যদি আপুনি নগদ দুশ টকা আৰু সৰু ছাগলী টো বিনিময়ত মানে চাৰি শ টকা ডাঙৰ ছাগলী টো দিয়ে তেন্তে মই সুখী হম । বেপাৰী জনে হিচাপ কৰিলে সৰু ছাগলী টো যিহেতু বিক্ৰী কৰি তেওঁৰ পৰা দুশ টকা পালেই ইয়াৰ উপৰিও তেওঁক বিক্ৰী কৰা সৰু ছাগলী টোও দিব । গতিকে তেওঁৰ উচিত মূল্য পালো বুলি গ্ৰাহক জনক ডাঙৰ ছাগলী টো দি বিদায দিলে । পিছত যেতিয়া হিচাপ কৰি গম পালে তেও নিজে ভূল কৰা বাবে লটিঘটি খাব লগা হল আৰু তাৰ পৰা এক সংঘাত সৃষ্টি হব পাৰে বুলি জানি নিজক সংশোধন কৰা চিন্তা কৰিলে । আৰু গ্ৰাহক জনৰ বিচাৰি নিজৰ ভূল স্বীকাৰ কৰি উচিত মূল্য গ্ৰহণ কৰিলে । দুয়োৰে মানসিকতা এক হোবা বাবে শুধৰোৱা সম্ভব হল । নহলে? ???
গতিকে সঠিক সময়ত সঠিক চিন্তা ৰে আগবঢ়ালে আমি শুদ্ধ মানসিকতা সুন্দৰ সমাজ তেতিয়া ও গঢিব নোৱাৰো । নিজেও তেতিয়া ও সফল হব নোৱাৰিম ।
Sunday, April 14, 2019
## আজি মানুহ বিহু ## ""ন পানী বঢ়া নাই; নাহৰ ফুল ফুলা নাই বিহু লগা নাই গাত এই বেলি বিহু টি ৰমকে জমকে নাহৰ ফুল ফুলিব বতৰ নাহৰ ফুলৰ গোন্ধে নাচনী ততে নাই গছকত ভাঙি যাওঁ যতৰ । "" আজি পুৱা সকলোৱে স্নান কৰি গুৰু ঘৰত সেৱা লয । সৰুবে ডাঙৰৰ ওচৰত সেবা লৈ বছৰটো মংগলাৰ্থে আৰ্শীবাদ লয । ইজনে সিজনক মৰমৰ বিহুবান দিযাটো এটি পৰম্পৰা । পৰম্পৰাগত নীতি অনুসৰি নাম ঘৰত সামূহিক নাম কীৰ্ত্তন কৰা হয । অঞ্চলৰ অনুসৰি বুলবুলি চৰাইৰ যুঁজ, কণী যুঁজ,ম'হ যুঁজ, কড়ি খেল ইত্যাদি আয়োজন কৰা হয । কড়ি খেল প্ৰজনন ৰ প্ৰতীক । জনবিশ্বাস অনুসৰি যদি কোনো পুৰুষ ৰ কড়ি ফুটে তেন্তে সেই পুৰুষৰ ভাগ্যোদয হয আৰু যদি জিকে অবিবাহিত হলে বিবাহৰ যোগ মিলে । সেইদৰে কথিত আছে যে বিহু দিনা আমৰলি পৰুৱা বাহঁ ভাঙিলে বিভিন্ন বেমাৰৰ পৰা উপশম পোবা লগতে বংশ ৰক্ষা হয । আজি সকলোৱে হুচঁৰি মাৰে । হুচঁৰি ভাগ দুটা । হুচঁৰি খোলা আনটো বিহুতলী নাচ বা যোজনা নাচ বুলি কোৱা হয । মোৱামৰীয়া বিদ্ৰোহৰ পৰাই অসম বুৰঞ্জী ত বহাগ বিহুত হুচঁৰি গোবা উল্লেখ পোবা যায । মিছিং ডেকা গাভৰু সকলে ইজনে সিজনৰ হাতে হাতে বিহু গায । এই কাৰ্য্যত "" আচতি "" বোলা হয । বিহু নাচ স্বতঃস্ফুত নচা নাচ । বিহু নাচ ভংগীমা যুক্ত বা মুদ্ৰাযুক্ত নাচ নহয । বিহুগীতত গোবা হয --- " " কানীয়াৰ নযাবি ,কানি দিব লাগিব আৰু দিব লাগিব কুটি কানি খাই থাকোতে পিঠা দিব লাগিব ধুই দিব লাগিব ধূতি ।" সেইদৰে আকৌ বিহু গীত পোবা যায ----- "" চাহপাত ছিঙিলো চটাইত মেলিছিলো তেতেলীপতীযা হল শহুৰ জীয়েক ক আনি বৰে পৰা খুটি ম'হ বিকিযে গল । গৃহস্থ চোতালত গোবা হয ---- এটা বাটিত নহৰু এটা বাটিত পনৰু এটা বাতি খতুৰা শাক মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে থাক । ""
** গৰু বিহু ** "" দীঘলতিৰ দীঘল পাত,গৰু কোবাও জাত জাত মাখিয়তীৰ মাখি পাত,মাখি মাৰো জাত জাত ।"" চতৰ সংক্ৰান্তি দিনা দীঘলতি, মাখিয়তীৰ, যাগ বা থুপা( নামনি অসমত ) গৰুক নোবাই ধোবাই গৰুকেইটা মংগল ৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায । জনবিশ্বাস অনুসৰি যাগ বা থুপা ধোবাই মহ-ডাহ ,কীট-পতংগ,বেমাৰ বীজাণু ৰোধ কৰিব পৰা ক্ষমতা থকা বুলি ধাৰণা কৰা হয । চতৰ সংক্ৰান্তি দিনা হঠাত গৰু বিহুৰ দিনা গৃহস্থী ঘৰত এক উখলমাখল পৰিবেশ সৃষ্টি হয । মাহ হালধি পিচা, ছাট প্ৰস্তুত কৰা আদি । মাহ হালধি যে গৰুক নোবাই ধোবাই ছাটৰ গৰু গালৈ মাৰি আনন্দ আৰু হাঁহি ধেমালিৰে গোৱা হয "" লাওখা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু ।"" এই সকলোবোৰ পৰ্ব সমাপ্ত কৰি গৃহস্থই গৰু গাধোৱা থাকি যোৱা মাহ হালধিৰে নিজে স্নান কৰে । জনপ্ৰবাদ অনুসৰি সেইবোৰে স্নান কৰিলে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি । সন্ধিয়া পৰত পথাৰৰ পৰা গৰু ঘৰলৈ ঘুৰি অহা পাছত যাগ বা থুপা দি বিচনীৰে বিচি দিয়া পিছৰ পৰা সকলোৱে বিচনি ব্যৱহাৰ কৰে । জনবিশ্বাস অনুসৰি সন্ধিয়া পৰত গৰু খুডাত কোনো ধৰনৰ বেমাৰ নহবলৈ মাছৰ পানীৰে গৰু ভৰি ধোওবা হয । সেইদিনা নাহৰ পাতত লেখা হয । "" দেব দেব মহাদেব নীলগ্ৰীব জটাধাৰ বাত বৃষ্টি হৰং দেব মহাদেব নমস্তে ।""
Thursday, April 11, 2019
** বাপতি সাহোন ৰঙালী বিহু **(2) আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত পথাৰ আৰু গছ তলৰ বিহু আহি ৰংঘৰৰ বাকৰিত শুৱনি কৰিলে । এইক্ষেত্ৰত স্বগদেউ ৰুদ্ৰ সিংহই পোন প্ৰথমে বিহুক জাতীয উৎসব হিচাপে স্বীকৃতি দিয়ে বুলি কথিত আছে । অন্যহাতে ৰাজকুমাৰ বিদ্যা ৰত্নৰ "" উদাসীন সত্য শ্ৰবাৰ অসম ভ্ৰমণ ""(1881)শীৰ্ষক গ্ৰন্থক বিহুক জাতীয উৎসব হিচাপে অভিহিত কৰিছে । বিহুত আৰ্যমূলীয উপাদান নৃতান্তই গৌণ কাৰণ বিহু মূলত মংগোলীয উৎসব । অসম আন্দোলনৰ (1979-85) সময়ত বিভিন্ন সভাসমিতি অথবা সমদলত বিহুক অসমৰ স্বাভিমান আৰু জাতীয জাগৰনৰ প্ৰতীক হিচাপে তুলি ধৰা হৈছিল । সেইদৰে ভাষা আন্দোলনৰ (1960-61) সময়ত মহান গণশিল্পী ভূপেন হাজৰিকাদেৱৰ, হেমাংগ বিশ্বাস দেবে শান্তি বাহিনীত গণশিল্পী মঘাই ওজা ৰ জৰিয়তে বিহুক উপস্থাপন কৰি জনগণৰ মাজত শান্তি আৰু একতা বাৰ্তা প্ৰেৰণ কৰা তথ্য পোবা যায ।সেইদৰে 1934 চনত বৰ্তমানৰ গোলাঘাট জিলাৰ বেতিয়নি অঞ্চলত মঞ্চত বিহু পৰিবেশন ৰ তথ্য পোবা যায । পৰবৰ্তীকালত 1952 চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত বিহু সন্মিলনেই আছিল সবাতোকৈ চৰ্চিত বিহু মঞ্চ । স্থান বা অঞ্চল বিশেষ আৰু বিভিন্ন জাতিৰ জনজাতিৰ সকলৰ মাজত প্ৰচলিত বিভিন্ন উৎসব ,গীত ,নৃত্য আদিত বিহু পৰিলক্ষিত । যেনে -- মিজো সকলৰ ছাবছাৰকুট , ত্ৰিপুৰীসকলৰ গৰিযা পূজা ,মণিপুৰীসকলৰ চাইৰোবা , নাগসকলৰ চিচো ,গাৰোসকলৰ উবান গালা আৰু ৰংচোগালা ইত্যাদি । বিহু গীত সমূহত ডেকা গাভৰু প্ৰেম পীৰিতিত আভাষ পোৱা যায । যেনে -- **মিছিং গীতত "" বৰনৈ চুমলি পৃন দুঃৰঃ পৌদং আচি পাঅঃ মালা ঙককৌ আচিন পৃন দুঃৰঃ অইনক অগম পাঅঃ মালা ।"" অসমীয়া অনুবাদ এনেকুৱা -- "" বৰ নৈ শুকাইছে পানীৰে বেজাৰত / দিচাং নৈ শুকাইছে কিয /মই চেনাই শুকাইছো তোমাৰে বেজাৰত / তুমি শুকাইছা কিয ? "" (পৰবৰ্তী লেখাত )
** বাপতি সাহোন ৰঙালী বিহু ** "" ঢোলৰ চেৱে চেৱে মনটি ৰঙাই চিফুঙৰ সুৰে হৃদয় জুৰাই আমাৰ মৰমৰ এনাজৰী কৃষ্টিৰ পথাৰত ইজনে সিজনক একতা ডোলেৰে বান্ধো আজি ।"" চতৰ আৰম্ভণি ৰ লগেলগে অসমৰ গ্ৰাম্য জীৱনত নতুন ক চোবা হেপাহত উখলমাখল হৈ পৰে ।তাঁতশাল, বননিত কুলি কেতেকী সুমধুৰ গীত, ঢেঁকী চাপ,পথাৰ সমাৰ , ফুল ফলৰ গোন্ধত চৌদিশে আমোলমোল, বিহুবান ডেকা গাভৰুৱে বিহু গীতত গাই ---- "" বিহু আনন্দীযা বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰান এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান । "" এই বিহু শব্দটো "বিষু বা বিষুবণ"ৰ পৰা আহিছে বুলি বহু পণ্ডিত তে মন্তব্য কৰা পৰিলক্ষিত । ডঃ পবন চন্দ্ৰ শ ইকীয়া ""দেউৰী চুতীয়া " ত তথ্য সহকাৰে প্ৰকাশ কৰিছে "" চুতীয়া ভাষাত বিহু ক " বিচু" বুলি কোৱা হয । " বি" মানে অতি আৰু "চু" মানে আনন্দময বুজাই । বিচু শব্দটো অপভ্ৰংশ ই বিহু উৎপত্তি । অন্য হাতে গবেষক ডিম্বেশ্বৰ গগৈ যে মত প্ৰকাশ কৰিছে যে টাই ভাষাৰ "" পযহু"" শব্দ অপভ্ৰংশ হল বিহু । " পয " মানে উৎসৱ আৰু " হু" মানে গৰু মহ ক গা ধোৱা বুজাই ।যিকি নহওঁক কিয় অসমৰ জাতি জনজাতিৰ বাবে বহাগ উৰ্বৰা পথাৰ । হেমাংগ বিশ্বাসে কৈছিল --- "" যি নাই বিহু গীতত সি নাই অসমত । যি নাই অসমত সি নাই বিহুগীতত । অসম আৰু অসমীয়া জনমানসৰ নিভুল দাপোণ এই বিহু ।"" 19শতিকাৰ আগভাগলৈ বিহু উজনি অসমৰ খিলঞ্জীয়াৰ জনগোষ্ঠী সমূহৰ একচেতীয়া সংস্কৃতি আছিল । আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত বিহুক অন্য মাত্ৰা প্ৰদান কৰিলে । ( পৰবৰ্তী লেখাত )
অনুশোচনা ( অনুগল্প) আজিৰ পৰা কেইদিনমানৰ আগতে বৰুৱানীয়ে চুবুৰীয়া শইকীয়ানী ঘৰত গৈ বোৱাৰী কেইগৰাকী বুজাই আহিছে যে শাহু গৰাকী মনত কোনো দূখ নিদি তেওঁৰ স্বাস্থ্য যত্ন কি দৰে লব লাগে ৷ অসুস্থ শাহুৱেকে স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া অনুভৱ কৰিলে কি হব ইত্যাদি ৷ আজি দুদিন হল বৰুবানী পেট চলা অসুখ ৷ ঘৰত থকা বোৱাৰী দুজনী লগতে পুত্ৰ দুজনও খবৰ এটা লবলৈ সময় নাই ৷ আজি স্বামী জীয়াই থকা হলে কিমান যে যত্ন ললে হয় ৷ বৰুবানীয়ে আজি মনত পেলাবলৈ চেষ্টা কৰিছে তেওঁ বাৰু তেওঁৰ শাহু গৰাকীক কেতিয়াবা কিবা কামত অবহেলা কৰিছিল নেকি ?
Wednesday, April 10, 2019
কলাজিৰা বা কালজিৰাৰ ঔষধি গুুণৰ বিষয়ে জানো আহক। * * * * কলাজিৰাক সকলো ৰোগৰ উপশমকাৰী ভেষজ বুলি কোৱা হয়।ইয়াক হিন্দীত কলোঞ্জী, ইংৰাজীত Nigella seeds বোলে। ইয়াৰ বৈজ্ঞানিক নাম- Nigella sativa linn. বিভিন্ন ৰোগত ইয়াৰ প্ৰয়োগ সম্পৰ্কে জানি নগণ্য মূল্যতে নানা অসাধ্য ৰোগৰ পৰা পৰিত্ৰাণ পাওক। ১. প্ৰসূতিৰ গাখীৰ নহলে ৫০০ মি.গ্ৰা. কলাজিৰা গৰম কৰি গুৰি কৰি লৈ ১০ চামুচ গাখীৰৰ লগত মিহলাই পুৱা গধুলি এসপ্তাহ খোৱালে গাখীৰ বাঢ়িব। ২. মহিলাৰ মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়া, কমকৈ হোৱা, বেছিকৈ হোৱা আদি কষ্টকৰ আৰু বিৰক্তিকৰ ৰোগত কলাজিৰা কম জুইত তাৱা বা কেৰাহীত গৰম কৰি মাহেকীয়া আৰম্ভ হোৱাৰ ৫/৭ দিন আগৰ পৰা ৫০০ মিলি গ্ৰাম মাত্ৰাত গুৰি কৰি কুহুমিয়া গৰম পানীৰ লগত পুৱা গধুলি খাব। বা ভালদৰে লেলাওতিৰ লগত মিলি যোৱাকৈ চোবাই খাই গৰম পানী খাব। অসুবিধা ৰৈ গলে একেদৰেই পিছৰ ২/৩ মাহ খাব লাগিব । ৩. বাধক দোষ ছোৱালীৰ বয়ঃসন্ধি বা যৌৱন প্ৰাপ্তিৰ পিছৰ এক জটিল সমস্যা ।এই সমস্যাত ৰোগীৰ মানসিক ভাৰসাম্য হেৰাই। কিছু ৰোগী আত্মসুখৰ বিকৃতিত পৰে, কোনোবা সুচিবায়ু গ্ৰস্থ হয়, কোনোবা শুকাই খীনাই যাব ধৰে, কোনোবাই দেৱী শক্তি ঐশ্বৰীক শক্তি লাভ কৰাৰ বিভিন্ন ক্ৰিয়া কলাপ দেখুৱাব খোজে, মনৰ ওপৰত এইৰোগৰ ভিষণ প্ৰতিক্ৰিয়া হয়। কিছুমানে কামজ উন্মাদত ভোগে, এইদোষত কিছুমানে জননগ্ৰন্থিৰ ক্ৰিয়াশক্তি হেৰুৱাই পেলাই আৰু লগে লগে এশ এবুৰি সমস্যা আৰু উপসৰ্গই দেখা দিয়ে। কলাজিৰা গৰম কৰি গুৰি কৰি এটা পাত্ৰত থৈ ৭৫০ মিলিগ্ৰাম পৰিমাণে পুৱা গধুলি ২/৩ মাহ খালে বাধক দোষ নিৰাময় হয়। মাহেকীয়াৰ মাজতো ইয়াৰ গুৰি খাই থাকিব লাগিব । ৪. প্ৰসৱৰ পিছত কলাজিৰাৰ ক্বাথ খালে গৰ্ভাশয়ৰ দ্বাৰ সংকোচণ হয় আৰু প্ৰসূতিৰ গাখীৰ বাঢ়ে। ৫. কষ্টৰজ বা অল্পৰজত পৰিমাণ মতে কলাজিৰা সেৱনে আৰোগ্য কৰে ঋতুস্ৰাব বঢ়ায় কিন্তু অধিক মাত্ৰায় গৰ্ভস্ৰাব কৰায়। ৬. মূৰৰ বিষ আৰু পানী লগাত ৰুমালৰ চুক এটাত আধাচামুচ কলাজিৰাৰ টোপোলা বান্ধি টোপোলা টো মোহাৰি এটা নাকৰ ফুটা বন্ধ কৰি আনটো ফুটাত দি উশাহ টানিলে মূৰৰ বিষ ভাল হয়। ৭. কলাজিৰা সিজোৱা পানী খুৱালে সন্তান প্ৰসৱ সোনকালে হয়। ৮. ঘিউৰ লগত মিহলাই খালে মুখৰ ৰঙ উজ্জ্বল আৰু বগা হয়। ৯. ভিনেগাৰত তিয়াই খালে গুৰাকৃমি নষ্ট হয়। ১০. পৰিমাণ মতে কলাজিৰা খালে বন্ধ প্ৰস্ৰাৱ খোলে। পেচাব পৰিস্কাৰ হয়। *** ইছলাম ধৰ্মৰ হাদিচত কলাজিৰাক মৃত্যুৰ বাহিৰে আন সকলো ৰোগৰ ঔষধ বুলি কোৱা হৈছে। অৰ্থাৎ মৃত্যুৰ বাহিৰে আন যিকোনো ৰোগ কলাজিৰাই আৰোগ্য বা প্ৰতিৰোধ কৰিব পাৰে। এই লিখনিত বিশেষকৈ মহিলা সকলৰ বিভিন্ন জটিল সমস্যাৰ (মেচেঞ্জাৰ যোগে পোৱা) কলাজিৰাৰ দ্বাৰা সৰল সমাধান আগবঢ়োৱা হল। কলাজিৰাৰ আন দহটা ৰোগ নিৰাময়ৰ বিষয়ে পুনৰ লিখিম। বিঃদ্ৰঃ শ্বেয়াৰ কৰি আনৰো উপকাৰ কৰিব । কপি কৰাৰ আগত অনুমতি লব।
Thursday, March 28, 2019
** নাথ বা যোগী সম্প্ৰদায় চমু আভাষ (2) ** ( যোৱা সংখ্যা পিছত) নাথ সকল ত্ৰয়োদশ বা পঞ্চদশ শতিকাৰ আগভাগৰ পৰাই অসমত বসবাস কৰি ( ইতিহাসে বঙ্গ দেশৰপৰা অহাটো ডাঙি ধৰে) জীবিকা নিবাহৰ বাবে পাট পলু পুহি আথিৰ্ক দিশটো ভাৰসাম্য ৰক্ষা কৰিছিল ৷ আগৰ সংখ্যা উল্লেখ কৰিছিলোঁ যদিও পুণ বল্লালসেনৰ ৰাজত্ব কালৰ ( 1158AD - 1169 AD) বণৰ্না দিয়া ""বল্লাল চৰিত্ৰ ""ত উল্লেখ ৰ মতে ব্ৰাক্ষণ সকল ব্ৰক্ষাৰ মূখৰ পৰা, ক্ষত্ৰিয় স্কন্ধৰ পৰা,বৈশ্য উৰুৰ পৰা,শূদ্ৰ ভৰিৰ পৰা, পুলস্ত্য সোঁ কাণৰ পৰা,পুলহ বাওঁ কাণৰ পৰা, অত্ৰি সোঁ চকুৰ পৰা,ক্ৰত বাওঁ চকুৰ পৰা আৰু একাদশ ৰূদ্ৰ ( নাথ বা যোগী) ব্ৰক্ষাৰ কপালৰ পৰা জন্ম বুলিও উল্লেখিত ৷ আগাম সংহিতাৰ মতে--- ""নামযোগী পঞ্চবিপ্ৰা যোগ যোগী সহস্ত্ৰশঃ বিন্দু নাথ মমকায়ঃ তস্মাৎ যোগী নিৰঞ্জণ ঃ ৷ অনাদি গোত্ৰ যোগী চ উৎপত্তি ৰুদ্ৰ কুলকে ত ত্ৰৈব শিৱ গোত্ৰস্য কাশ্যপ গোত্ৰে বিবাহিতং ৷ **************************************** যোগীদেহং ভস্মং কৃত্বা স যোগী নৰকং ব্ৰজেৎ ৷৷ "" অন্যহাতে প্ৰাচীন ভাৰতত একমাত্ৰ ব্ৰাক্ষণেই সাধনা বা তপস্যা কৰিব পাৰিছিল ৷ অন্য সকলৰ বাবে নিষেধ আছিল ৷ যিহেতু সন্যাসী নাথযোগী ( নাদজ) আৰু গৃহস্থী নাথযোগী ( বিন্দুজ) সকলে সাধনা কৰি ব্ৰক্ষজ্ঞান লাভ কৰে ৷ সেইবাবে তেওঁলোক শ্ৰেষ্ঠ ব্ৰাক্ষণ ৷ নাথ বা যোগী সকলক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি (1) সাধাৰণ যোগী (2) জাতত যোগী ( 3) সন্যাসী যোগী ৷ শাপ আৰু সাপ, যুগী আৰু যোগী শব্দৰ বৰ্ণবিন্যাস আৰু অৰ্থ নজনা বাবে বহুলোকে নাথ বা যোগী সম্প্ৰদায় লোক সকলক সাপ খোৱা যোগী বুলি মৌখিক প্ৰতিফলন ঘটা দেখা যায় ৷ আচলতে ইয়াৰ এক কাহিনী আছে বশিষ্টৰ শাপত শাপ ভ্ৰষ্ট হৈছিল যোগী বা নাথ সম্প্ৰদায় ৷ শ্ৰীমন্ত শংকৰ দেব আৰু শ্ৰীশ্ৰী মাধৱ দেবে পঞ্চদশ শতিকাত নববৈষ্ণৱ ধৰ্ম প্ৰচাৰত ব্ৰাক্ষণ্য ধৰ্মৰ দ্বাৰা বহু বাধাৰ সন্মুখীন হব লগাত পৰিছিল ৷ বহুলাংশে নাথ ধৰ্মও অৱলুপ্তিৰ পথত অগ্ৰসৰ হৈছিল ৷ আৰ, চি,মজুমদাৰ ৰ মতে ""নাথ সকল ক্ৰমে লাহে লাহে তেওঁলোকৰ চৰিত্ৰৰে উন্নয়ণ সাধণ কৰি নাথ পন্থাৰ উদাসীন সন্নাসীৰ আশ্ৰম ব্যবস্থা পৰিত্যাগ কৰি হিন্দু সমাজত বেলেগ জাতি হিচাপে প্ৰতিষ্ঠা হল ৷ নাথ সকলে বৰ্ণবাদক অগ্ৰাহ্য কৰে ৷ মূৰ্ত্তি পূজা নামানে, বিধি বিধান থকা ব্ৰাক্ষণ ধৰ্মক কৃত্ৰিম মিছা ধৰ্ম বুলি অভিহিত কৰে ৷ শিক্ষা, সংস্কৃতি আৰু ধৰ্মৰ ওপৰত গোড়া ব্ৰাক্ষণ্যবাদৰ নিস্পেষণৰ বিপৰীতে একপক্ষীয় আধিপত্যৰ মুক্তি পাবলৈ নাথ সকল সচেতন৷ """ ( বন্ধুবৰ্গৰ অনুৰোধ ক্ৰমে নাথ বা যোগী সম্প্ৰদায় সম্পৰ্কে কিছু আভাষ সংগ্ৰহ আৰু সাম্য জ্ঞানে লিখিছোঁ ৷ বিৰ্তক নকৰি ভূলসমূহ আঙুলিয়া দিব ৷)
Wednesday, March 27, 2019
*** মৰমৰ বহনালৈ বুলি মুকলি চিঠি ----------****** ""তাঁতৰ পাতত বহি ভৰি গৰকাতে তই চেনাই আহিবি এই বহাগতে ৷ """ মৰমৰ বহনা তাহানিতে আমাৰ গাওঁৰ হুচৰি দলটো তুমি গোবা গীতটিয়ে বৰকৈ আজি আমনি কৰে ৷ আজি অতীতৰ গাঁওখনলৈ বৰকৈ মনত পৰে ৷ একবিংশ শতিকা গৰকা নগৰাঞ্চলৰ সমাজ ব্যবস্থাৰ মাজত আবদ্ধ হৈ পৰি নিজা গাঁওখনৰ কথা পাৰহি যাওঁ কেতিয়াবা ৷ ফাগুনৰ পচোৱা বতাহজাকে উৰুৱা ফুৰা মনটোলৈ তাহানি বহু জল্পনা কল্পনাত হয়টো ব্যস্ত হৈ ৰং ধেমালি কৰি সময়বোৰ পাৰ কৰিছিলোঁ ৷ গাঁওৰ প্ৰতিঘৰৰ চোতালত থকা তাঁতশাল খনে এটা সময়ত গাঁওৰ বোৱাৰী - জীয়াই সকলোকে ব্যস্ত কৰি আনন্দ দিছিল কিজানি!!! আজি সেই আনন্দবোৰ নোহোৱা যেন পৰিলক্ষিত হয় ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰৰ দেবৰ মহান সৃষ্টিৰাজি ""বৃন্দাবন বস্ত্ৰ "" খনে অসমীয়া শিপিনি তাঁতশালৰ আৰম্ভনি বুলি অনুমান কৰিব পৰা যায় ৷ তাঁত শালৰ চাৰিটা খুটা, গাৰি,মুঠি,মকৰা,চেৰী,ফুলচেৰী,মহুৰা,যতঁৰ,গৰকাবাৰী,চেৰেকী,বলন দিয়া, ববিন,সৰুকাঠি ইত্যাদি অসমীয়া শিপিনি চিৰ পৰিচিতত ৷ তাঁতশালত সৃষ্টি গামোচাখন অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক ৷ বহনা আমাৰ অসমৰ নামনি ফালে গামোচাখনক গাম্চা,মক্চা,বা দুহেইটা আদি নামেৰে পৰিচিতত ৷ এই গামোচাখন ব্যবহাৰৰ ওপৰত নিৰ্ভৰ কৰি পানী গামোচা, তামোল গামোচা, বিহুবান আদি নামেৰে নামাকৰণ কৰা হয় ৷ আমাৰ নামনিত আকৌ বিয়া আদি কাৰ্য্য বাবে আনাকাটা গামোচা ব্যবহাৰ কৰা হয় ৷ বহনা তাহানিতে বিহুগীত জুৰিছিলা ------- "" ৰাতি দুপৰলৈ কাটি সূতালাহী ধনলৈ বিহুবান বলো ৰঙাকৈ আঁচুৰে বাছি পানে কটা টিপতে লুকুবাই থলোঁ ৷ """ বহনা জাপি অসমৰ অন্যতম লোককলা ৷ আমাৰ গাঁও অঞ্চলত ব্যবহাৰ অনুযায়ী জাপি তিনি প্ৰকাৰৰ ৷ সেইবোৰ হল --- উকা জাপি, বৰ জাপি আৰু ফুলাম জাপি ৷ উকা জাপি ছাতি সলনি, বৰ জাপি ডা- ডাঙৰীয়া অথবা সম্ভান্ত লোকৰ সন্মানাৰ্থে, ফুলাম জাপি অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপে ব্যবহাৰ কৰা হয় ৷ সেইহে গোবা হয় ---- "" সৰুদৈয়া জাপি দুহাতে ঘুৰাই ঘুৰাই, নাচিলি নচুবালি মোক ------ "" আজি অতীতৰ বিহু হুচৰি দলটোলৈ বৰকৈ মনত পৰে অ বহনা ৷ গতিকে শেষত বিহুগীত ফাকিৰে আজিলৈ সামৰনি মাৰিছোঁ --------------- "" বৰ নৈ শুকালে মাছৰে বেজাৰত ৰঙা নৈ শুকালে কিয় মই চেনাই খীনাইছো তোমাৰে বেজাৰত তুমি খীমাইছা কিয় """
Wednesday, March 20, 2019
তোমালৈ বুলি এখন চিঠি ়়়়় মৰমৰ, স্নেহৰ, শ্ৰদ্ধা, প্ৰিয়তম আদি শব্দবোৰ প্ৰায় নোহোৱা হল চিঠিবোৰ যেন কোনেও গুৰুত্ব নিদিয়া হল ডাকোৱা জনও আজি কালি আমাৰ গাওঁলৈ অহা সেৰেঙা হল তথাপিও তোমালৈ বুলি এখন চিঠি লিখিবলৈ মন গল ৷ তোমাৰ জানো মনত আছে এল পি স্কুলৰ পাটী বহি তোমালৈ বুলি লিখা চিঠি খনৰ কথা!! টুকুৰা কাকত খনত যে লিখা আছিল "" প্ৰিয়তমা ভাল নে তোমাৰ? তোমাৰ অবিহনে মোৰ জীৱনটো আধৰুৱা ৷ "" তুমিযে বৰ ভয় খাইছিলা বাইদেউ হাতত চিঠি টুকুৰাটো দি বহু সময় চিঞৰী চিঞৰী কান্দিছিলা সেই খনেই আছিল মোৰ জীৱনৰ প্ৰথম নীলা খামৰ চিঠি তোমালৈ বুলি ৷ নীলা নীলা চৰাই নীল আকাশত উৰি যায় তোমালৈ লিখা চিঠিবোৰে অতীতটোক সোৱঁৰাই ৷ অতি হেঁপাহে বাট যাওঁ ডাকোৱা জনলৈ পাওঁ নেকি তোমাৰ পৰা নীলা খামৰ চিঠি বহু আশালৈ ৷ আজি ব্যস্ততা মাজত থাকি চিঠি লিখিবলৈ সময় নোহোৱা হল হাতত থকা মবাইটোৰ এচ এম এচ বোৰ একোখন যেন চিঠি হৈ গল ৷ প্ৰিয়তমা ভাল নে তোমাৰ? চিঠি লিখিবলৈ ভাষাবোৰ নোহোৱা হৈ গল চিঠি মাজত লিখা কবিতা বোৰৰ ভাষা বোৰ লুপ্ত হল তথাপিও তোমালৈ বুলি চিঠি এখন লিখিব মন গল ( বি: দ্ৰ: কবিতা লিখা প্ৰয়াস কৰিছোঁ গতিকে ভুল সমূহ দেখুৱাই দিৱ বুলি আশা কৰিলোঁ ৷)
*** হৰ্ষ, উল্লাস আৰু সদ্ভাব প্ৰতিছবি উৎসৱ ফাকুৱা বা হোলী ****** "" ৰংগে ফাগু খেলে চৈতন্য বনমালী দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী ৷৷ ----শ্ৰীমন্ত শংকৰদেব অসমত শ্ৰীমন্ত শংকৰদেবৰ 21 বছৰ বয়সত বৰদোৱাত তেওঁ নিজে দৌল উৎসব আৰম্ভনি কৰিছিল ৷ ফাকুৱা বা হোলী বিভিন্ন নামে জনা যায় সেইবোৰ হল --- হোলী,ফাকুৱা,ফলগু,বসন্তোৎসব ,মদনোৎসব, হোলিকা দাহন, দেউল উৎসব ইত্যাদি ৷ এই উৎসৱৰ বিষয়ে বিভিন্ন কাহিনী পোৱা যায় ৷ যেনে - পুৰাণত উল্লেখিত অনুসৰি এসময়ত ধুন্দা নাম ৰাক্ষসী এগৰাকীয়ে বহু উপদ্ৰব কৰিছিল ৷ সেই উপদ্ৰবৰ পৰা হাত সাৰিব বাবে ফাগুন মাহৰ পূৰ্ণিমা তিথি দিনা সন্ধিয়া সময়ত সকলোবে গাত নানা তৰহৰ ৰং সানি একে লগে চিঞৰ বাখৰ কৰি ৰাক্ষসী খেদি গৈছিল আৰু ধুন্দা নাম ৰাক্ষস গৰাকীয়ে ভয়তে পলাইছিল ৷ আৰু তেতিয়া পৰা ফাকুৱা উৎসব আৰম্ভ হয় বুলি কব বিচাৰে ৷ সেইদৰে জনবিশ্বাস মতে কুৰুক্ষেত্ৰ যুদ্ধত শৰশষ্যাত থকা ভীস্মদেবক ইচ্ছা মৃত্যু পিছত ফাকুব দিনা দহন কাৰ্য সম্পন্ন কৰিছিল ৷ অন্যএক জনবিশ্বাসৰ মতে হিৰণ্যকশিপুৰৰ ভনীয়েক হোলীকাই নিজা কোলাত প্ৰহ্লাদক লৈ জুইমাজত বহোতে নিজা অংহকাৰ কথা বুজি প্ৰহ্লাদক ক্ষমা প্ৰৰ্থনা বিচৰাত প্ৰহ্লাদে ফাগুন ফাকুৱা দিনটো হোলী দিন হিচাপে সকলোবে স্মৰণ কৰিব বুলি বৰ দিছিল ৷ গতিকে ফাকুবা প্ৰথম দিনটো হোলিকা দহন দিন বা সৰুহোলি দিন হিচাপে পালন কৰা দেখা যায় ৷ ঠিকসেই দৰে পাৰ্বতীয়ে মহাদেব শিব স্বামী হিচাপে পাবলৈ তপস্যাত ব্ৰত থকা সময়ত মহাদেবও গম্ভীৰ তপস্যাত মগ্ন আছিল ৷ দেবতা সকলে ঘটনাটো গম্ভীৰভাবে লৈ মহাদেবৰ তপস্যা ভংগ কৰিব বাবে কামদেবক কামবান নিক্ষেপ কৰিব কয় ৷ তেতিয়া মহাদেব ক্ৰোধ হৈ ত্ৰিনয়নৰ জডিয়তে কামদেবক ভস্মীভূত কৰিছিল ৷ গতিকে ফাকুৱা দিনটো কাম দহন দিন হিচাপেও পালন কৰা দেখা যায় ৷ সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ,ত্যাগৰ প্ৰতিনিধিত্ব দিন হিচাপে কাম দহন দিনা পালন কৰা হয় ৷ আকৌ হোলী উৎসৱৰ উপলক্ষে গোৱা গীতবোৰত যথেষ্ট প্ৰানবন্ত আৰু উদ্দীপনাময় কৃষ্ণ লীলাৰ সাবলীল বৰ্ণনা পোৱা যায় ৷ যিকি নহওঁক কিয় হৰ্ষ,উল্লাস আৰু সদ্ভাব প্ৰতিছবি হোলী বা ফাকুৱা উৎসব ৷ অতীতত গছৰ ফুল, ফল, মূল আদি জডিয়তে ৰং প্ৰস্তুত কৰি ৰং এজনে আনজনক সানি আনন্দ লাভ কৰিছিল ৷ বৰ্তমান বিভিন্ন ধৰণ ৰসায়নিক সামগ্ৰী দ্বাৰা প্ৰস্তুত কৰা ৰং গুৰিবোৰ পৰা আনন্দ মাজত আমাৰ শৰীৰত বিষ বিষপাব পাৰে ৷ গতিকে ৰং আনন্দ কৰিব যাওঁতে সাবধানতা অৱলম্বন কৰা উচিত ৷
Sunday, March 17, 2019
এখন শৰাই দিয়া এটা পৰম্পৰা বা ধৰ্মীয় নীতি। এনেদৰে আগবঢ়োৱা মাহ প্ৰসাদৰ শৰাইত আছে অসমীয়া জাতীয় জীৱনৰ সমাজ নীতি, কৃষিনীতি, নৈতিকতাৰ আদৰ্শ আৰু খাদ্য নীতিৰ এক সুন্দৰ বিজ্ঞানসন্মত সমাহাৰ। প্ৰসাদত থকা ঔষধি গুণবোৰ এনেধৰণৰ- #মগুমাহ মগুমাহ হৈছে পুষ্টিকাৰক, শক্তিবৰ্ধক। মগুমাহ খালে কফ-পিত্তনাশ হয়। চকুৰ দৃষ্টি শক্তি বাঢ়ে। #বুটমাহ বুটমাহ হৈছে শক্তি বৰ্দ্ধক। বুট আৰু মগুমাহত উচ্চ মত্ৰাত প্ৰোটিন থাকে। ইয়াৰ ঔষধি গুণ হৈছে-ই তেজ বৃদ্ধি কাৰক, বাত-বিষ নিবাৰক। বুটে ৰক্ত দোষ নাশ কৰে। ইয়াৰ উপৰি বুট মাহ খালে শৰীৰৰ শক্তি বাঢ়ে। বুট মাহত বিশেষকৈ ভিটামিন ‘এ’ আৰু ‘চি’ অধিক পৰিমাণে থাকে। সৰুতে আমাক আয়ে ৰাতি পাত্ৰত বুট তিয়াই তাৰ পানী ৰাতিপুৱা খাবলৈ দিছিল। ইয়াৰ কাৰণ আছিল বুট তিওৱা পানী খালে শক্তি বৃদ্ধি হয়, মুখৰ ৰ্ং উজ্জ্বল হয় আৰু ছালৰ সৌন্দৰ্য বাঢ়ে। #আৰৈ_চাউল ই হজম শক্তি বৃদ্ধি কৰে। অম্ল ৰোধকাৰী হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। আগতে মানুহে মাহ প্ৰসাদৰ উপৰি ৰাতিপুৱা আৰৈ চাউল আৰু দুবৰি বনৰ ৫ টা আগ চোবাই খাইছিল।। ইয়াৰ দ্বাৰা পিত্ত নাশ হয় বুলি কোৱা হৈছিল। আমাক সৰুতে গধুলি আৰৈ চাউল বা আহু চাউল তিয়াই থৈ শুকান নাৰিকল সৰু সৰুকৈ কাটি তাত অকণমান নিমখ দি খাবলৈ দিছিল। এনেদৰে চাউল নাৰিকল চোবাই খোৱাৰ ফলত দাঁতৰ গুৰি বহি যায়, দাঁত টান আৰু মজবুত হয় বুলি কোৱা হয়। ইয়াৰ উপৰি কেঁচা আৰৈ চাউলত ফ্লৰিণ কিছু পৰিমাণে থাকে। ই হাড়ৰ বেমাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে। #নাৰিকল মাহ প্ৰসাদত নাৰিকল নহ’লে নহয়। মাহ প্ৰসাদৰ লগত সৰু সৰুকৈ নাৰিকল কুটি দিয়া হয়। দীঘলকৈ কাটিও প্ৰসাদৰ শৰাইত উপকৰণ ৰুপে দিয়া হয়। পূজা পাৰ্বন আদিতো নাৰিকল অপৰিহাৰ্য। বৈষ্ণো মাতা মন্দিৰত আকৌ নাৰিকল প্ৰসাদ হিচপে আগ বঢ়োৱাৰ নিয়ম। নাৰিকল ভাৰতৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত অতি জনপ্ৰিয় ফল। নাৰিকল গুৰুপাকী, পুষ্টিকাৰক আৰু শীত বীৰ্জ গুণ সম্পন্ন। ই পিত্তজনিত ৰোগ নাশ কৰে। #কল কল খালে বল হয়। পকা কলত থাকে ক, খ, গ ভিটামিন আৰু ‘নিয়াচিন’ নামৰ এবিধ পদাৰ্থ। কলত থাকে কাৰ্বোহাইড্ৰেট আৰু কেলচিয়াম। কল হজমকাৰী, সুস্বাদু ফল। কল শুক্ৰবৰ্দ্ধক, বলকাৰক আৰু ই খোৱাৰ ৰুচি বৃদ্ধি কৰে। কলৰ বহুতো ঔষধি গুণ আছে। ই তৃঞ্চা নাশক, পিত্ত নাশ কাৰক আৰু শক্তি বৃদ্ধিকাৰক। চৰ্বি বৃদ্ধি কৰাত কল বিশেষ সহায়ক হয় বুলি কোৱা হৈছে। গতিকে মাহ প্ৰসাদৰ শৰাইখনত কল নহ’লে উপকৰণ সম্পূৰ্ণ নহয়। শৰাই এখনি আগবঢ়াবলৈ হ’লে কল অপৰিহাৰ্য। #আদা আদা হজম শক্তি বৃদ্ধি কাৰক গুণ সম্পন্ন। ই গুৰু, তীক্ষ্ণবীৰ্য, বাত, কফ, পিত্ত নাশকাৰক, উত্তম ঔষধি গুণ থকা মছলাজাতীয় দ্ৰব্য। আদাই হজম শক্তি বৃদ্ধি কৰে। সেয়েহে কেতিয়াবা পেটৰ অসুখ হ’লে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খাবলৈ দিয়া হয়। কুষ্ঠ, পাণ্ডু ৰোগ বাত বিষ, দাঁতৰ বিষ, দাঁত ফুলা আদি ৰোগৰ উত্তম ঔষধ। দাঁতৰ গুৰি উখহি উঠিলে তাত আদা বটি লগালে বিষ নাইকীয়া হয়। #নিমখ নিমখ এবিধ হজম শক্তি বঢ়োৱা লুণীয়া বস্তু। মাহ প্ৰসাদত এই নিমখ দিয়াটো অত্যন্ত জৰুৰী। নিমখ বা চেনি মিহলাই দিলে মাহ প্ৰসাদখিনি খাবলৈ সোৱাদ হয় আৰু আদা আৰু নিমখে ইয়াক হজম কৰাত বিশেষ সহায় কৰে। #তিয়ঁহ মাহ প্ৰসাদৰ শৰাইখনত তিয়ঁহৰ উপকৰণ দিয়াটোও এটা নিয়ম। এই তিয়ঁহত পটাচিয়াম যথেষ্ট থাকে। শৰীৰৰ বিষ, কোষ্ঠ্য কাঠিন্য আদি নাইকীয়া কৰে। চৰ্মৰোগ, স্নায়ু দুৰ্বলতা, পেট জ্বলা পোৰা কৰা আদি ৰোগ নিৰাময় কৰে। তিয়ঁহ বমি নাশক এবিধ উত্তম ঔষধি গুণ সম্পন্ন খাদ্য। সহজলভ্য তিয়ঁহ পাচলি ৰুপেও ব্যৱহাৰ কৰা হয়। তিয়ঁহত পানীৰ পৰিমাণ অধিক থাকে। #কুহিয়াৰ কুঁহিয়াৰ নৈবদ্যৰ এবিধ অতি লাগতিয়াল উপকৰণ। কুঁহিয়াৰ খালে দাঁতৰ শক্তি বাঢ়ে। শৰীৰ শীতল হয় আৰু পেচাব পৰিস্কাৰ হয়। ●মাহ-প্ৰসাদৰ শৰাইত দিয়া উপকৰণৰ কথাহে ইয়াত উল্লেখ কৰা হৈছে। বাকী দামী উপকৰণ, যিবোৰ সৰ্বসাধাৰণ ৰাইজে সহজতে যোগাৰ কৰিব নোৱাৰে সেইবোৰৰ কথা এৰা হৈছে। উৎস : ধনেশ্বৰ হুজুৰি, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন ●●●অনুগ্ৰহ কৰি পেজটো লাইক কৰিব ●●●
Saturday, March 16, 2019
মই কোন?? মই কোনো বুলি সুধিছা সচাঁই সুধিবা মোক সদায়ই মই কোন? মই কোন? মই এজন ক্ষুদ্ৰ খেতিয়ক বুলি কৱলৈ নিজকে লাজ লাগে নদী দাঁতি কাষৰীয়া খেতি মাটি কেইডৰা বলীয়া বানে বাৰে বাৰে নষ্ট কৰে কোনো মতে দুবেলা দুমুঠি পাম বুলি আশা কৰা খেতি মাটি কেইডৰা নিৰাশ কৰে ৷ তেন্তে মই কোন? কোন মই? মই এজন দক্ষ শ্ৰমিক বুলি কৱলৈ নিজকে লাজ লাগে কাৰন নিদিষ্টকৈ শ্ৰমদান কৰিবলৈ শ্ৰমদান কৰি পৰাকৈ একোটা স্থান বা লক্ষ্য মোক লাগে কিন্তু সেইয়া মোৰ বাবে অসম্ভৱ হৈ পৰে শ্ৰমদান কৰিলেহে পাঘৰ চৌকাটো জ্বলে ৷ তেন্তে মই কোন? মই কোন? মই নহয় কোনো কবি সাহিত্যক গল্পকাৰ, উপন্যাসিক অথৱা প্ৰবন্ধকাৰক মই নহয় কোনো নেতা অথৱা পালি নেতা যাকলৈ নোৱাৰোঁ নিজা পৰিচয় তোমাক দিবলৈ!! তেন্তে মই কোন তুমি সুধিছাঁ সচাঁই সুধিৱা মোক সদায়ই মই কোন? কোন মই? নহওঁ মই খেতিয়ক, শ্ৰমিক, কবি সাহিত্যক নহওঁ মই নেতা পালিনেতা অথৱা দেশৰ ৰজা মই মাথো ধৰিত্ৰীৰ বুকু এটি মাথোঁ ক্ষুদ্ৰতম ধূলিকনা ৷ আহিবানে তুমি সদায়ই সুধিৱা নে সঁচাই ""তুমি কোন বুলি? "" তুমি আহিৱা সদায়ই আঁকিৱা সঁচাই এটি বিষাক্ত পখিলা ছৱি ৷
সকলোৰে জানিব লগীয়া কিছু কথা,,১)চাৰিবেদ- ঋ্ক,যজু,সাম আৰু অথৰ্ব্ব। ২)চাৰিধাম-শ্ৰীজগন্নাথ, শ্ৰীদ্বাৰিকানাথ,শ্ৰীৰামনাথ আৰু শ্ৰীবদৰিনাথ (বদৰিকাশ্ৰম)। ৩)চাৰিশৰণ-দেৱ,গুৰু,নাম আৰু ভকত। ৪)চাৰিসিদ্ধি-সনক,সনন্দ,সনতকুমাৰ আৰু সনাতন। ৫)চাৰিঅস্ত্ৰ-শঙ্খ,চক্ৰ,গদা আৰু পদ্ম। ৬)চাৰিপুৰুষাৰ্থ-ধৰ্ম্ম,অৰ্থ,কাম আৰু মোক্ষ। ৭)বিষ্ণুৰ দশ অৱতাৰ- মৎস্য,কুৰ্ম্ম,বৰাহ,নৰসিংহ,বামন,পৰশুৰাম,হলিৰাম,শ্ৰীৰাম,বুদ্ধ আৰু কল্কি। ৮)দশপ্ৰাণ-প্ৰাণ,অপান,সমান,উদান,ব্যান,নাগ,কৃকৰ,কূৰ্ম্ম,দেৱদত্ত আৰু ধনঞ্জয়। ৯)সাত পাতাল-অতল,বিতল,সুতল,তলাতল,মহাতল,ৰসাতল আৰু পাতাল। ১০)সাত বৈকুন্ঠ- শ্বেতবিলাস,চিত্ৰবিলাস,কুপিনীবিলাস,অম্বৰুবিলাস,পুষ্পবিলাস,কনকদন্তবিলাস আৰু পঙ্কজবিলাস। ১১)অষ্টাঙ্গ যোগ-যম,নিয়ম,আসন,ধ্যান,ধাৰণা,প্ৰাণায়ম,প্ৰত্যাহাৰ আৰু সমাধি। ১২)ছয় ৰিপু -কাম,ক্ৰোধ,লোভ,মোহ,মদ আৰু মাৎসৰ্য্য। ১৩)ছয় ভক্ত-উদ্ধৱ,মৈত্ৰেয়,বিদুৰ,হনুমান,বিভীষণ আৰু জাম্বৱন্ত। ১৪)বাৰ বৈষ্ণৱ- ব্ৰহ্মা,মনু,হৰ,কপিল,কুমৰ,শুক,ভীষ্ম,বলি,যম,জনক,নাৰদ আৰু প্ৰহ্লাদ। ১৫)অষ্ট ঐশ্বৰ্য্য- অনিমা,লঘিমা,প্ৰাপ্তি,প্ৰকাম্যা,ঈশিতা,মহিমা,বশিতা আৰু কাম্যা। ১৬)অষ্ট প্ৰকৃতি- পৃথিৱী,জল,বহ্নি,বায়ু,আকাশ,অহঙ্কাৰ,মন আৰু বুদ্ধি । ১৭)চৈধ্যশাস্ত্ৰ -শিক্ষা,কল্প,জ্যোতিষ,মীমাংসা,ন্যায়,নীতি,দণ্ড,ব্যাকৰণ,আয়ুৰ্ব্বেদ,স্মৃতি,নিৰুক্তি,গান্ধৰ্ব্ব,ধনুৰ্ব্বেদ আৰু কাব্য। ১৮)চৈধ্য পাৰিষদ- সুনন্দ,কুমুদ,নন্দ,পুষ্পদন্ত,প্ৰবল,বিজয়,জয়,উজ্বল,জয়ন্ত,বিশ্বসেন,কুমুদাক্ষ,শ্ৰুতদেৱ,গৰুন্দ আৰু সাত্যকি। ১৯)বাৰ বনৰ নাম- নালবন,তমালবন,কুঞ্জবন,মুঞ্জবন,অশোকবন,ভাণ্ডিৰবন,লোভবন,মোহবন,কামাবন,নিকুঞ্জবন, তীমালবন আৰু সুদ্ৰবৃহদল। ২০)বাৰ গোপালৰ নাম- স্তোককৃষ্ণ,দেৱপস্থ, সুবল, সুদাম,ঋষভ, বিষাল, বৰূথপ,বসুদাম,ভদ্ৰসেন,অৰ্জ্জুন,দাম আৰু শ্ৰীদাম। ২১)ওঠৰ পুৰাণ- ব্ৰহ্মা, পদ্ম, বিষ্ণু, শিৱ, ভবিষ্য,নাৰদ, ভাগৱত,অগ্নি, লিঙ্গ, মাৰ্কণ্ডেয়, স্কন্দ, ব্ৰহ্মাণ্ড, গৰুড়, কূৰ্ম্ম, বৰাহ, বামন, মৎস্য, আৰু ব্ৰহ্মবৈৱৰ্ত্ত। ২২)ওঠৰ উপপূৰাণ- আদি, নৃসিংহ, বায়ু, শিৱধৰ্ম্ম, দুৰ্ব্বাসা, নাৰদ, নন্দীকেশ্বৰ, উসনস, পিল, বৰুণ, শাম্ব, কালিকা, মহেশ্বৰ, পদ্ম, দেৱ, পৰাশৰ, মৰীচ আৰু ভাস্কৰ । ২৩)কীৰ্ত্তনৰ পাঁচ ৰস- লীলা, প্ৰেম, মান, বীৰ আৰু নিবিৰ। ২৪)ঘোষাৰ চাৰি ৰস- সেৱা, নাম, ফল আৰু কৃপা। ২৫)ভাগৱতৰ দশ ৰস- চোৰ, চাটুৰী, শৃঙ্গাৰ, মাধুৰী, বীৰ, বীৰত্ব, লাবণ্য, কলা, কৌশল আৰু সুগন্ধি। ২৬)মহাতীৰ্থ- গঙ্গা, গয়া, কাশী, প্ৰয়াগ, যমুনা, গোদাবৰী, সৰস্বতী, নৰ্মদা, সিন্ধু, কাবেৰী, গণ্ডকী, কুৰুক্ষেত্ৰ, পুষ্কৰ, তান্ৰপনী, কৃতমালা, পয়স্বিনী, প্ৰতাচী আৰু মহানদী । (-কীৰ্ত্তনৰ পৰা সংগ্ৰহ কৰা)।ধন্যবাদ
Friday, March 15, 2019
তুমি হয়টো ভুল নুবুজিৱা প্ৰেম হয়টো এনেকৈয়ে হয় দুটি অচিনাকী চিনাকী মন লৈ ৷ প্ৰেম মানে এটি মিঠা অনুভৱ মাথোঁ প্ৰেম মানে এজাক ফাগুনৰ বতাহ প্ৰেম মানে আৰু বহু কিৱা!!!!!! এটি মাথোঁ ৰং নম্বৰ এটি মিচিকীয়া হাঁহি অচিনাকী চিনাকী হৈ গঢ় দিয়া এটি মিঠা অনুভৱ মাথোঁ ৷ এটি বীজ অঙ্কুৰণ হল এখন সমাজত দুটি অচিনাকী চিনাকী মনৰ চিন্তা ভাৱনা বিনিময় হল ৷ উজাগৰী নিশা শব্দ মায়াজাল এটি দুটিকৈ শব্দ বুটলি লিখিছোঁ কবিতা তোমালৈ বুলি ়়়়়!! মই তোমাক বহু ভাল পাওঁ তুমি হয়টো ভুল নুবুজিৱা ৷
Wednesday, March 13, 2019
** বিচিত্ৰ পৃথীৱী, বিচিত্ৰ মানুহ ** আমি বসবাস কৰা পৃথীৱীখনৰ বৰ্ণনা দিবলৈ বহু জটিল ৷ কাৰণ এই পৃথীৱীখনত বসবাস কৰা সকলো বস্তুবেই বিচিত্ৰময় ৷ বিচিত্ৰময় পৃথীৱীখনত সভ্যতা পোহৰলৈ নহা আগৰ পৰা মানুহ নাম প্ৰাণী বিধ বসবাস কৰি আহিছে ৷ বৰ্তমান একবিংশ শতিকা গৰকা সভ্যতা পোহৰৰ মাজত আবদ্ধ সৰহ সংখ্য মানুহৰ ব্যক্তিগতত চিন্তা,ভাব, আদৰ্শ,চৰিত্ৰ বৈশিষ্ট বিচিত্ৰময় ৷ মানুহ পৰিবেশৰ দাসত্ব ৷ পৰিবেশ প্ৰভাৱত মানুহৰ চিন্তা, ভাৱনা,আদৰ্শ, চৰিত্ৰ বৈশিষ্ট ইত্যাদি গঠনৰ ক্ষেত্ৰত বহু প্ৰভাব পৰে ৷ মানুহে যেতিয়া পৰা সমাজ পাতি বসবাস কৰিব ললে তেতিয়া পৰা মানুহে বহু ৰীতি নীতি, ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰাগত আদৰ্শ, ইত্যাদিবোৰ সুকীয়াকৈ প্ৰস্তুত কৰি নিজা জাতিয় পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰা লগতে গৌৰববোধ কৰিব লয় ৷ মানুহে গঢা মানুহ সমাজ খনত পৰম্পগত, ভাষা, সাহিত্য- সংস্কৃতি, ৰীতি- নীতি, জাতীয় সাজ- পাৰ, ধৰ্ম, ইত্যাদিবোৰ বিচিত্ৰময় ৷ এই বিচিত্ৰময় সমাজখনৰ মাজত বসবাস কৰা প্ৰতিজন ব্যক্তি চৰিত্ৰ বোৰ বিচিত্ৰময় ৷ বিচিত্ৰতা মাজত বসবাস কৰা প্ৰতিজন মানুহেই একতা এনাজৰী মাজত আবদ্ধ হৈ নিজকে জীৱ শ্ৰেষ্ঠতা পৰিচয় দাঙি ধৰাটো বিচিত্ৰ যেন অনুভৱ হয় ৷
Sunday, March 3, 2019
** শিয়ালৰ বংশধৰ আমাৰ বৰুৱা *** ( বৰুৱাকলৈ অনুভূতি সমুহ মন কথাৰে ---) আমাৰ সমাজত প্ৰচলিত অমুক সিংহ পুৰুষ, অমুকৰ বাঘ কলিজা, অমুক চুঙা বাদুল কিন্তু আমাৰ আজি আখলৰ শিয়ালৰ বংশধৰ আমাৰ সকলোবে চিৰ পৰিচিত বৰুৱা ৷ সকলো দিশত পাৰ্গত, সকলোবে মন জয় কৰিব পৰা আমাৰ বৰুৱা মুখত সকলো সময়তে হাঁহিটো থাকেই ৷ পুৱা - গধুলি সময়ত আমাৰ আখলৰ উল্লেখযোগ্য ব্যক্তি হল বৰুৱা ৷ বৰুৱা নহলে আমাৰ আখলত আড্ডা নজন্মে ৷ বৰুৱাই মূখে বিভিন্ন বাদ্য বজাই, বিভিন্ন ভংগীমাই নাচ, ভাও ,সুৱলা কণ্ঠৰে গীত গাই, সুহুতিয়া কথা কব জনা বৰুৱা হল শিয়ালৰ বংশ ধৰৰ ৷ অভাবে মানুহক কেতিয়াবা স্বভাৱ নষ্ট কৰা দৰে বৰুৱা কিছু স্বভাৱ আছে আৰু সেই স্বভাৱ সমূহৰ বাবে ক্ষন্তেক সময়ৰ বাবে আন ওচৰত অপ্ৰিয় হয় ক্ষন্তেক সময়ৰ বাবে ৷ যদিও ক্ষন্তেক সময়তে নিজৰ দোষ স্বীকাৰ কৰি অপ্ৰিয় হোৱা ব্যক্তি জনৰ ওচৰত প্ৰিয় হব পৰা শিয়াল বুদ্ধি গুণ সম্পন্ন বৰুৱা সচাঁকৈয়ে শিয়ালৰ বংশ ধৰ ৷ পৰিবেশ আৰু পৰিস্থিতি সপেক্ষে বৰুৱাই নতুনত্ব ৰূপ লৈ ন - ন কথাৰে এটি সুন্দৰ পৰিবেশ গঢিব পৰা ক্ষমতাটো খুব কম সংখ্যক ব্যক্তি গাত থাকে ৷ এবাৰ দুয়ো একে লগে বেংকলৈ গৈ আছিলো ৷ মোৰ হাতত মোৰ ব্যক্তিগত তথ্য এটা ফাইল আছিল ৷ দুয়ো গৈ থাকোতে হঠাৎ মোৰ হাতৰ ফাইলটো বৰুৱা টান মাৰি কাষ লতি তলত লৈ পকেটৰ পৰা চাদা টেমাটো উলিয়াই হাতত চাদা লৈ চাদা বনাবলৈ আৰম্ভ কৰিলে ৷ মই তেওঁ তেনে কৰা কাৰ্য্যতে বুজি পালো ইয়াত কিবা এটা ৰহস্য আছে ৷ অলপ আগবাঢি যোৱা পাছতে দে ক লগ পালোঁ মানে মুখা মুখি হলোঁ ৷ দে দেখা মাত্ৰকে বৰুৱা হাঁহিটো মাৰি দুগুন জোৰে হাতত থকা চাদাখিনি চাপ দি কলে "" দেখিছেই নহয়, বেংক মেনেজাৰ এইমাত্ৰ ফোন কৰিলে এই সপ্তাহতে কামটো হব ৷ কামটো হলেই মই আপোনা ঘৰলৈ গৈ আছোঁ ৷ """ চাদা এপালি দে লৈ আগুৱাই দি কলে , "" নাথে সকলো জানে ৷ এই কাগজ পত্ৰ পুৰ কৰা কামবোৰত মই কেচাঁ গতিকে নাথক লৈ আহিলোঁ ( হাতৰ ফাইটো দে দেখুৱাই ) ৷ দে কথা হয় নে বুলি মোক সুধা লগে লগে দে নেদেখাকৈ মোক চকু টিপ দি হয় কৱলৈ ইংগিত দিয়ে ৷ মইও উপায়হীন হৈ হয় বুলি উত্তৰ দিয়াত দে আমাৰ পৰা বিদায় লৈ আতঁৰি গল ৷ দে যোৱা পিছত বৰুৱা পৰা কথাটো কি গম পায় তেওঁ উপস্থিত বুদ্ধি শালাগ লোৱা লগতে ইমান সুন্দৰ পৰিবেশ এটা ক্ষন্তেকতে উপস্থাপ কৰা বাবে আচৰিত হলো ৷ গতিকে সকলোবে পৰিচিতত শিয়ালৰ বংশধৰ আমাৰ আড্ডা আখলৰ বৰুবা কথাবোৰ নেলেখাকৈ থাকিব নোৱাৰা বাবে এই লেখাতে এটি আভাষ দিলোঁ মাথোঁ ৷ আপোনালোকে হয়টো সেই বৰুবা নামৰ মানুহজনৰ নামটো কল্পনা কৰি লব ৷
Friday, March 1, 2019
*** বৰ্তমান সময় আৰু শিশু সকল *** ( মনৰ এক অনুভূতি) আজি একবিংশ শতিকা গৰকা শিশু সকলৰ আমি বোৰ অভিভাৱক ৷ আজি আমি শিশু সকলক কিছু কিছু ক্ষেত্ৰত মুক্ত মনে ডাঙৰ হোৱা বাধা দিয়া পৰিলক্ষিত হয় ৷ তেওঁলোকৰ ইচ্ছা, হেঁপাহ সমূহ আমি বুজি নলৈ আমাৰ ইচ্ছা, আশাবোৰ একো একোটা ডাঙৰ বেগত ভৰাই তেওঁলোকক লৈ ফুৰিব বাবে দ্বায়িত্ব ভাৰ অৰ্পন কৰি আমি অভিভাৱক সকলে গৌৰৱ বা আন আগত ফুটনি মৰাটোও আজি সমাজত পৰিলক্ষিত ৷ "" আমাৰ লৰাটোবে অমুকটো কৰিব জানে, অমুকটো বজাবলৈ জানে,অমুকটো বিষয়ত ভাল নম্বৰ পালে ইত্যাদি ইত্যাদি! """ বাকী অভিভাৱক সকলে যেতিয়া নিজৰ সন্তানে তেনে কৰিব নোৱাৰে তেতিয়া বলপূৰ্বক হেচাঁ প্ৰয়োগ কৰি সেইবোৰ আয়ত্ব কৰিব বাধ্য কৰাও বহু ক্ষেত্ৰত পৰিলক্ষিত হয় ৷ এতিয়া প্ৰশ্ন হয় তেনে বোৰ বোজা আমি শিশু সকলক দিয়া উচিত নে? দাসত্ব জীৱনৰ মাজত আবদ্ধ আমাৰ শিশু সকলে আজি আনন্দত সেই গীত সমূহ চিঞৰী নাগাই ৷ "" কি কথা? বেং কথা,কি বেং? পাত বেং? কি পাত? মৰাপাত, কি মৰা? দেওঁ মৰা, কি দেওঁ? শণি দেওঁ, কি শণি? কুকুৰা কণী!!! """ আজি শিশু সকলে খলিগুটি, ৰজা- ৰানী,কুকুৰা যুজঁ, কপটি বা হৈ গুদু ইত্যাদি ইত্যাদি খেলিব নাজানে আৰু ফুটকলি বা বাঁহৰ খজা বন্দুক হাতত লৈ খেল ধেমালি নকৰে ৷ তমোল গছ পাতেৰে গাড়ী বনাই চোতালত এজনে আনজনক বহিব দি জুচৰাই টনা টনি নকৰে ৷ কাৰণ আমি তেওঁলোকক সেই খেলবোৰৰ বিষয়ে শিকিব সুবিধা নিদি আমাৰ মতে বৰ্তমান সময়ৰ লগত মিলা খেল সমূহত আবদ্ধ কৰি ৰাখিছোঁ ৷ কাৰণ আমাৰ দৃষ্টিত সেইবোৰ আধুনিক সমাজৰ তালিকাত নাই ৷ কিন্তু আমি বিশ্লেষণ কৰি নাচাওঁ সেই খেল সমূহ মাজত কি তত্ব আছে বা কি গুণাগুন আছে ৷ সেই খেল সমূহ পৰা আমাৰ শিশুবে আয়ত্ব কৰিব পৰা বহু কথা আছে ৷ কিন্তু??? আজি অভিভাৱ সকলে মনত এবাৰ পেলাওঁক আমি শিশু অবস্থাত খেলা অঞ্চল অনুসৰি বিভিন্ন নাম থকা খেল সমুহৰ ভিতৰত "" কপটি বা হৈ গুদু "" খেলোটে একে উশাহে গোৱা গীতটো ------- "" মাগুৰ কি মাগুৰ জালি ঘোঁৰাৰ আগত দিলো পানী ঘোঁৰাই বোলে নাখাওঁ পানী ইৰিকতি, মিৰিকতি,বাঁহৰ শলা মোমায়েৰ আনিব তিনিটা ঘোঁৰা অ বান্দৰ পোৱালি কচকচী ছোৱালী ৰামে দিয়া শাৰীখন কত সেন্দুৰ লগালি ৷ ""
Thursday, February 28, 2019
** কিতাপ, বাতৰি কাকত বিচাৰি ফুৰা লৰাটো ** ( এক মনৰ অনুভৱ) জ্ঞান বহু ধৰণে আয়ত্ব কৰিব পাৰি ৷ জ্ঞান আহৰণৰ বাবে এটি উত্তম মাধ্যম হল কিতাপ ৷ কিতাপ অধ্যয়ন কৰি যিদৰে বিভিন্ন নজনা কথা জানিব পাৰি , ঠিক সেইদৰে পৰিবেশ পৰা, দেখি, শুনি, আৰু ঠেকিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰি ৷ যদিও কিতাপ পঢি বা অধ্যয়ন কৰি যি দৰে জ্ঞান অধ্যয়ণ কৰিব পাৰি সেই দৰে আনন্দও লাভ কৰিব পাৰি ৷ কিতাপ, বাতৰি কাকত আদি পৰা নজনা কথা শিকা আগ্ৰহ এটা শৈশৱৰ পৰা গঢি তোলা এজন বলিয়া শিশু,এসময়ৰ যুবক আৰু বৰ্তমানৰ এজন পূনাঙ্গ ব্যক্তি ৷ এখন কিতাপ আৰু বাতৰি কাকত কৰোবা দেখা মাত্ৰই হাতত তুলি এপাক চকু নুফুৰালৈকে তেওঁ মনটো কেতিয়াও শান্তি নালাগে ৷ তেওঁ সদায় আলহী ঘৰলৈ ফুৰিব গলে প্ৰায় এটা কথা বেচি গুৰুত্ব সহকাৰে লব বিচাৰে সেইটো হল তেওঁ ফুৰিব যোৱা ব্যক্তি ঘৰত কিতাপ, বাতৰি কাকত আদি জাতীয় কিবা সাম্পদ আছে নেকি? কাৰণ তেওঁ সেইবোৰৰ মাজত নিজকে গম্ভীৰৰ পৰা গম্ভীৰলৈ অধ্যয়নত মনোনিবেশ কৰি বেচি আনন্দ লাভ কৰে ৷ গতিকে তেওঁ মানিবেগ, আৰু পকেটতত সদায় বিভিন্ন ধৰণৰ কাগৰ টুকুৰা পোৱা গৈছিল ৷ সেই টুকুৰাটো বোৰত কিতাপ অধ্যয়ন কৰি মনত নথকা বা গুৰুত্ব পূৰ্ণ্য কিছু তথ্য লিপিবদ্ধ কৰি ৰখাটো এটা অভ্যাস হিচাপে গঢ়ি তুলিছিল ৷ মুঠওপৰত নজানা কথা জানি বা সেইবোৰ প্ৰয়োগ কৰি বা বাখ্যা কৰিব বাবে তেওঁ মনটো কিতাপৰ লগত সম্পৰ্কৰ কৰিব বাবে প্ৰয়াস কৰে ৷ কাৰণ কিতাপ তেওঁ একমাত্ৰ সংগী ৷ গতিকে বন্ধুত্ব তালিকাখন দীঘলিয়া হলেও কম সংখ্যক বন্ধু তেওঁ লগত সকলো সময়ত থাকে ৷ বৰ্তমান ইন্টানেটৰ যুগটো তেওঁ সেই একে অভ্যাস ৷ ইন্টাৰনেটত তেওঁ সেই আনন্দ দিব পৰা কিতাপ সমূহ অধ্যয়ণ কৰে মন আনন্দ বাবে ৷ দিনটো আজৰি সময় কণত যিকোনো বিষয় এটা অধ্যয়ণ নকৰালৈকে শান্তিৰে দিনটো পাৰ নহল যেন অনুভৱ কৰে ৷ যত কিটাপ বা বাতৰি কাকত তেওঁ নাপায় এটা সময়ত তাত থাকিব লগা হলে তেওঁ নিজাকৈয়ে পঢি সময় কটাব পৰা কিতাপ বা বাতৰি কাকত খন বা কলমটো লগতে কাগজ এখন লগত লৈ গৈছিল ৷ আজি ইন্টাৰনেট যুগত সেই অধ্যয়ণ কৰা কৌশলটো তেওঁ পৰিৰ্বতন কৰিলে ৷
Sunday, February 24, 2019
*** সময় এবাৰ ৰৈ যায় --------- """( এক অনুভূতি) ***** সময় বোৰ গতিশীল ৷ সময়ৰ গতি লগত খোজ দিব পৰা জনেই হল সফল ব্যক্তি ৷ যি জীৱনৰ প্ৰতিটো ক্ষণত সময়ক সঠিক পৰিকল্পনাক প্ৰয়োগ কৰি আগুৱাই যাব পাৰে ৷ কিন্তু মানৱ জীৱনলৈ এনে কিছু সময় আহে সেই সময় এবাৰ ৰৈ যায় ৷ সেইবোৰ সময় যত মানৱ জীৱনৰ সুখ- দুখ, আবেগ- অনুভূতি আদি সকলোবোৰ বিষয় জড়িত হৈ থাকে ৷ প্ৰতিজন ব্যক্তি আবেগ - অনুভূতি লগত জডিত থকা সেই ঘটনাবোৰৰ সময়কণ জীৱনৰ প্ৰতিক্ষণত ৰৈ যায় ৷ কাশ্মীৰত আজি অলপ দিনৰ আগতে হৈ যোৱা স্বহীদ জোৱান সকলৰ সেই সময়কণ সকলো হৃদয়ত এবাৰলৈ হলেও ৰৈ যোৱা উপৰিও তেওঁলোকৰ পৰিয়ালবৰ্গ বাবে চিৰদিনৰ বাবে 14 ফ্ৰেব্ৰুৱাৰী দিনৰ সময়কণ এবাৰৰ বাবে হলেও ৰৈ গল ৷ এনে বহু ঘটনা আমি বসবাস কৰা পৃথিৱীখনত আছে যত সময় এবাৰলৈ হলেও ৰৈ যায় ৷
*** ভিক্ষাৰী**** মা!! মানুহবোৰে কিয় ক' ই আমি হেনো ভিক্ষাৰী আচলতে আমাৰ প্ৰকৃত পৰিচয় নো কি? মা!! মানুহে মানুহৰ সুবিধাৰ্থে গঢ়া পথৰ দুয়ো দাঁতিত দীঘল দীঘলকৈ থকা সেই পদ পথটি দিনৰ পোহৰত দেখা পাওঁ বহু ভি' ৰ!! মা!! সেই ভি' ৰ বোৰৰ মাজত বহু মানুহে পদ পথটি এলাগি কৰি ৰাতি আন্ধাৰত যায় বাৰু কেনি? ক' বা নে তুমি? আমি বাৰু কিয় ভিক্ষাৰী?? মা!! জোন- বেলি তৰাবোৰৰ লগত খেলি খেলি ৰ' দ,বৰষুণ,বতাহ- ধুমুহা জাকৰ লগত যুঁজি যুঁজি ৰাতিটো বাৰু উজাগৰে ক' টাই নে সিঁহতি? মা!! কোৱা চোন প্ৰকৃততে আমি নো কি? মা!! সকলোবে লগত হাঁহি- মাতি, থাকো সকলোবে লগত মিলিজুলি; হিংসা- হিংসী,জেদা- জেদি নাই আমাৰ মনৰ ভাৱ এটুকুৰা বস্ত্ৰৰে বছৰ বছৰ ধৰি পিন্ধি আনে খাব নোবাৰি অতিৰিক্ত পেলনীয়া খাদ্য খিনি গ্ৰহন কৰি জীয়াই থাকো আমি প্ৰতি দিনে হাঁহি - মাতি; তথাপিও কিয় কয় আমাক ভিক্ষাৰী? কিয়? মা!! কিয়?? ( নতুনকৈ লিখিব শিকিছোঁ ভূল সমূহ আঙুলিয়া দিব বুলি আশা কৰিছোঁ }
Thursday, February 21, 2019
*** মোৰ দৃষ্টিত সুখ- দুখৰ সংজ্ঞা ৰ এক অনুভূতি আলোকপাত *** সৰুতে বিদ্যালয়ত পঢ়িছিলোঁ "" সুখ নাই সুখ নাই ক' ত ধাৰোৱা ---- "" ৷ সুখ সংজ্ঞা বিচাৰি আমি আজি হাবাতুখাই ফুৰি প্ৰতিক্ষণত দুখৰ সন্মুখিন হওঁ কিয়? মৰু মাজৰ মৰীচিকা দৰে আমাৰ চৌদিশে সুখবোৰ ঘুৰি ফুৰে কিন্তু ধৰিব নোৱাৰোঁ কিয়? বহু সম্পতি, বহু শিক্ষা দীক্ষা, পৰিকল্পনা অনুসৰি জীৱনৰ কাৰ্য্যক্ৰমনিকা হাতত লৈ আগুবাই গলেও আমি সুখ নেপাওঁ ৷ মানৱ জীৱনৰ মুল ভেটি হল:: মানৱ চৰিত্ৰ ৷ যিদৰে এটি ঘৰৰ ভেটিটো সবল নহল এদিন নহয় এদিন ভাগি পৰে ঠিক সেইদৰে মানৱৰ চৰিত্ৰ ভেটিটো সবল নহলে এদিন নহয় এদিন সুখৰ পৰা বঞ্চিতত হব লগা হয় ৷ মই ভাবোঁ মানৱৰ জীৱনটো ই' গ হঠাৎ আবেগ, অনুভূতি আদিবোৰৰ লগত জড়িতত ৷ আবেগক প্ৰধান্য দি আমি প্ৰতি খোজত আগুৱাই যাওঁ বাবে আমাৰ প্ৰতিক্ষণত দুখে পিছ নেৰে ৷ আমাৰ জীৱনৰ প্ৰবল ইচ্ছা শক্তিক বাধা প্ৰদান কৰাত আমি সুখী হব নোৱাৰোঁ ৷ আমাৰ ইচ্ছা শক্তিক সবল কৰিব হলে আমি কেতিয়াবা আবেগ - অনুভুতি ত্যাগ কৰি আগুৱাই যাব লাগিব ৷ আমাৰ পৰিকল্পনা,আমাৰ লক্ষ্য- উদ্দেশ্য সমুহ কঠিন হব লাগিব তেতিয়া হয়টো সুখৰ সংজ্ঞা পাম ৷ হঠাৎ প্ৰবল ইচ্ছা শক্তি থাকিলেহে আমি সুখী হব পাৰিম ৷ উদাহৰণ হিচাপে আমি সকলোবে জানো "" মানুহ মৰণশীল ৷ জন্ম হলে এদিন মৃত্যু হব ৷ "" তথাপিও আমি আমাৰ আত্মীয় বিয়োগত ভাগি পৰো কিয়? কাৰণ আমাৰ সকলোবে আবেগ- অনুভূতি আছে; আবেগ- অনুভূতিক আমি আশ্ৰয় দি নিজে দুখৰ সমভাগী হওঁ ৷ ঠিক সেইদৰে আমি জানো যে জীৱনত প্ৰতিটো ক্ষণত সফলতা - বিফলতা, জয়- পৰাজয় আদি থাকিবই ৷ যেতিয়া আমি কোনো এটা কাম কৰি বিফল হওঁ বা পৰাজয় স্বৃীকাৰ কৰোঁ তেতিয়া আমি দুখ অনুভৱ কৰোঁ ৷ কিন্তু আমি কেতিয়াও বিশ্লেষণ কৰি নাচাওঁ কি কাৰণত আমি বিফল বা পৰাজয় হলোঁ ৷ ইয়াৰ মূলত্ব আমাৰ চৰিত্ৰ ভেটি লগতে ইচ্ছা শক্তি কোনোবা এটি ক্ষণত দুৰ্বল ৷ দুৰ্বল ইচ্ছা শক্তি আৰু চৰিত্ৰ ভেটি বাবে জীৱনত সুখৰ সংজ্ঞা বিচাৰিলেওঁ দুখহে পাওঁ ৷ গতিকে সুখী হবলৈ আমাক প্ৰবল ইচ্ছাশক্তি আৰু সবল চৰিত্ৰ ভেটি প্ৰয়োজন ৷
Wednesday, February 20, 2019
** আজি মাতৃ ভাষা দিবস **( এক অনুভৱ) আমি নিজক অসমীয়া বুলি পৰিচয় দিব হলে প্ৰথমে অসমীয়া ভাষাটো গুৰুত্ব প্ৰদান কৰিব লাগি ৷ নিজা মাতৃভাষাটো প্ৰতি আমি কিমান সচেতন বাৰু? আজি আমি সকলোতে ইংৰাজী শব্দ ব্যবহাৰ কৰিব লোৱা পৰিলক্ষিত হৈছে ৷ আমাৰ উঠি অহা কণ কণ শিশু সকলক ইংৰাজী মাধ্যমত পঢ়া শুনা কৰাই তেওঁলোকক অসমীয়া ভাষাটো পৰা বঞ্চিত কৰা নাই নে? ডাডি,আন্টি,পাপা,ম' ম,আঙ্কুল আদি শুৱলা শব্দবোৰ তেওঁলোকে কলে শুনি ভাল লাগে আৰু নিজৰ সন্তান স্মাট হৈছে বুলি আনৰ আগত ফুটনি মৰা বহু অভিভাৱক এক বিশেষ চৰিত্ৰ আজি সমাজত পৰিলক্ষিত ৷ সন্তানে যেতিয়া পিতৃক সুধে,"" পিছত মানে কি পাপা? "" হাঁহি মাৰি উত্তৰ দিয়া হয় "আফটা "! তেতিয়া হয়টো সেই সকলে অনুভৱ নকৰে নিজা সন্তানে যে নিজা মাতৃভাষাটো বুজি পোৱা নাই ৷ গতিকে আজি মাতৃ ভাষা দিবস দিনা সকলোকে বিনম্ৰ অনুৰোধ সকলোবে যাতে প্ৰতিক্ষণত নিজা মাতৃ ভাষাক গুৰুত্ব প্ৰদান কৰে ৷ নহলে এদিন নিজা মাতৃভাষাটো হেৰায় যাব ৷
#ধাৰা_৩৭০ #Article_370 আম্বেদকাৰে নিজেই নিজৰ সংস্মৰণখনত ধাৰা ৩৭০ হিন্দুস্থানৰ সংবিধানত সংযোজনৰ কথাষাৰৰ স্পষ্টীকৰণ দি লিখিছিল যে---- “যেতিয়া চন ১৯৪৯চনত সংবিধানৰ ধাৰাসমূহৰ লিপি লিখি থকা হৈছিল তেতিয়া শ্বেখ আব্দুলা: মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল যে, নেহৰুয়ে মোক আপোনাৰ ওচৰলৈ এইবাবে পঠাইছে আৰু কৈ পঠাইছে যে আম্বেদকাৰৰ সৈতে লগ হৈ নিজৰ ইচ্ছা অনুসৰি এনেকুৱা লিপি প্ৰস্তুত কৰক যিটো ভাৰতীয় সংবিধানৰ সৈতে একলগ কৰিব পাৰি৷” আম্বেদকাৰে লিখিছে যে-“ মই শ্বেখ আব্দুলাৰ সকলো কথা মনোযোগেৰে শুনিলো আৰু তেখেতক ক’লো- আচলতে আপুনি বিচাৰে যে ভাৰতেই কাশ্মীৰক চোৱা-চিতা কৰক, কাশ্মীৰৰ বাসিন্দাসকলক ৰক্ষা কৰিব, তেওঁলোকৰ উন্নতিৰ আৰু বিকাশৰ বাবে প্ৰয়াস কৰিব আৰু কাশ্মীৰীসকলক ভাৰতৰ সকলো প্ৰান্ততেই সকলোধৰণৰ সা-সুবিধা দিয়া হওক কিন্তু ভাৰতৰ অন্যান্য অংশৰ মানুহক সেই একেধৰণৰ সু-সুবিধা, অধিকাৰ কাশ্মীৰত দিয়া নহওক ৷ আপোনাৰ কথাত এনেকুৱা লাগিছে যে আপুনি কাশ্মীৰত দিয়া সা-সুবিধা তথা অধিকাৰখিনি ভাৰতৰ অন্য প্ৰান্তৰ মানুহক দিয়াতো নিবিচাৰে!! ধাৰা ৩৭০ ৰ বাৱেই জম্মু আৰু কাশ্মীৰৰ নাগৰিক সকলে দ্বি - নাগৰিকত্ব লাভ কৰি আহিছে তাৰ ৰাষ্টীয় পতাকা সুকীয়া । জম্মু আৰু কাশ্মীৰৰ চাৰিসীমাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ অপমান কৰিলে আইনৰ দৃষ্টিত অপৰাধ বুলি গন্য কৰা নহব ।ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় (Suprime court) ৰ কোনো আদেশ বা আইন জম্মু আৰু কাশ্মীৰত প্ৰযোজ্য বা বলৱত নহব। ভাৰতৰ সংসদে সীমিত কেইটামান বিষয়ৰ বাহিৰে যি কোনো বিষয়ত জম্মু আৰু কাশ্মীৰৰ সম্পৰ্কে আইন প্ৰণয়ন কৰিব নোৱাৰিব। ইযা়ৰ বিধান সভাৰ কাৰ্যকাল ৬ বছৰৰ।কিন্তু ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ বিধান সভা সমূহৰ কাৰ্যকাল ৫ বছৰৰ। জম্মু আৰু কাশ্মীৰৰ মহিলাই ভাৰতৰ অন্য কোনো ৰাজ্যৰ পুৰুষৰ সৈতে বিবাহ হোৱাৰ লগে লগে তেওঁৰ নাগৰিকত্ব নাইকিয়া হব। কিন্তু পাকিস্তানৰ পুৰুষৰ লগত বিবাহ হলে পাকিস্তানৰ পুৰুষজনে বিবাহ সুত্ৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব ।ধাৰা ৩৭০ ৰ বাৱেই জম্মু আৰু কাশ্মীৰত RTI বলৱত নহয় । RTE বলৱত নহয়। CAG বলৱত নহয়। জম্মু আৰু কাশ্মীৰৰ মহিলাৰ ক্ষেত্ৰত শ্বৰীয়তৰ আইনহে প্ৰযোজ্য হয়। জম্মু আৰু কাশ্মীৰত পঞ্চায়তৰ অধিকাৰ নাই । জম্মু আৰু কাশ্মীৰত চকীদাৰ, প্ৰহৰী সকলৰ দৰমহা মাত্ৰ 2500 টকা | জম্মু আৰু কাশ্মীৰত সংখ্যালঘূ (হিন্দু আৰু শিখ) সকলে সংবিধান প্ৰদত্ত 16% আৰক্ষণৰ সুবিধা লাভৰ পৰা সদায় বঞ্চিত । ভাৰতৰ কোনো অন্য ৰাজ্যৰ মানুহে ধাৰা ৩৭০ ৰ বাবেই জম্মু আৰু কাশ্মীৰত মাটি কিনিব নোৱাৰে । ধাৰা ৩৭০ ৰ বাবেই পাকিস্থানৰ নাগৰিকে জম্মু আৰু কাশ্মীৰৰ মহিলাৰ লগত বিবাহ সম্পন্ন কৰি ভাৰতৰ নাগৰিকত্ব লাভ কৰি আহিছে । এই আইনৰ আচিলা লৈ উগ্ৰ জাতিয়তাবাদী সকলে সদায় কাশ্মীৰক হিন্দুস্থানৰ পৰা স্বাধীন বুলি হুঙ্কাৰ দিযে় আৰু তাৰ সুবিধা উগ্ৰবাদী জেহাদী সন্ত্ৰাসবাদীযে় লৈ এখন সুন্দৰ জগত কাশ্মীৰক এখন নৰ পিশাচৰ জগত কৰি আজিৰ পৰিবেশলৈ লৈ গৈছে... চৰকাৰে অনতি সোনকালে ধাৰা ৩৭০ বাতিল কৰক....
** বিদ্যালয় দুষ্ট লৰাটো ----** ( মনলৈ যেতিয়া লৰালি ওভতি আহে) আজি এৰিথৈ অহা বিদ্যালয়ত অধ্যয়ণ কৰি থকা দুষ্টামিবোৰে বৰকৈ আমনি কৰে ৷ ভাবিলে এনে লাগে তাহানি আমিবোৰে কম দুষ্ট আছিলোঁ নে? প্ৰাক্ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা আমাৰ বিদ্যালয় কাষতে এটা জুমা মজিদ আছিল ৷ অন্যহাতে বিদ্যালয়ৰ বেৰবোৰ আজি দৰে পকীবেৰ নাছিল ৷ বাঁহৰ ভগাবেৰে আমি বিদ্যালয়ৰ পৰা প্ৰতি শুক্ৰবাৰে পাৰহৈ মজিদত চেনিখাব দৌৰিছিলোঁ ৷ সকলোবে লক্ষ্য মাথোঁ এটাই শুক্ৰবাৰৰ আজানটো ৷ কিমান সোবাদ আজি চেনি ( হালোবা) হাতত শিক্ষকৰ বেটৰ কোববোৰ আমি পাহৰি গৈছিলোঁ ৷ আমাৰ অপৰাধ যেতিয়া সুবিধা পাওঁ তেতিয়াই বিদ্যালয়ৰ ভঙা বেৰকেইখনৰ বেচিকৈ ভাঙি অহা যোবা কৰিব বাবে পথ মুকলি কৰা ৷ কাৰণ যিদিনাই আমাক যিকোনো এটা বিষয়ৰ ওপৰত মূখস্থ কৰিব বাবে টানকৈ শিক্ষক শিক্ষয়ত্ৰীয়ে ধৰিছিল ৷ মুখস্থ নথকা কেইজনে সেই ভগাবেৰে ঘৰলৈ বুলি কিটাপ বহী লৈ দৌৰ মাৰিছিল ৷ এই দৌৰ প্ৰতিযোগীতা এবাৰ অংশ গ্ৰহন কৰি বহু সময় কাণত ধৰি আঠু কাঢ়িব লগা হৈছিল ৷ কাৰণ সেইদিনা ছাত্ৰ ছাত্ৰী উপস্থিত সেৰেঙা আছিল ৷ মোৰ মুখস্থ আছিল যদিও লগৰ কেইজনৰ সেই বিষয়টো মূখস্থ নাথকা বাবে মোকো তেওঁলোকৰ লগত সহযোগীতা কৰিব অনুৰোধ কৰাত মই তেনে কৰিছিল ৷ পিছে তেওঁলোকৰ শাস্তিতকৈ মোৰ শাস্তি পিচদিনা বেছি হল ৷ তেনেকুবা বহু ঘটনা কেতিয়াবা মনত পৰিলে হাঁহি উঠে ৷ সেইদৰে হাইস্কুলত পঢ়ি থকা সময়টো বহু লগৰ বন্ধু বান্ধৱীক লটি ঘটি কৰি বিদ্যালয়ত ৰং কৰিব গৈ বহু বাৰ বেঞ্চত থিয় হৈ বা কেতিয়াবা বেট কোবৰ বাবে দুই হাত আগুৱাই যিহে নৃত্য অভিনয় কৰা হৈছিল ভাবিলে আচৰিত লাগে ৷ সেই সময়কণত কৰ পৰা যে কিমান দুষ্ট বুদ্ধি মনলৈ আহিছিল ৷ শ্ৰেণীটো ভিতৰত উৎপাত কৰি থকা লৰা দলটো মই আছিলোঁ সকলোতকৈ শান্ত লৰা ৷ বুদ্ধিবোৰ বাকী কেইজনক দি ৰং চায় বৰ ভাল লাগিছিল ৷ কিন্তু কেতিয়াবা মই দিয়া দুষ্ট বুদ্ধিবোৰ ধৰা পৰি যায়; তেতিয়া আৰু ৰক্ষা নাই ৷ হাইস্কুলত পঢ়ি থকা সময়ত কবিতা গল্প লেখা হেঁপাৰ আৰম্ভ হয় ৷ এবাৰ বাতৰি কাকতত এটা বিজ্ঞাপন পালোঁ "" তেজপুৰ সাহিত্য চৰা সৌজন্যত " সদৌ অসমভিত্তি চুটি গল্প প্ৰতিযোগীতা আয়োজন ৷ বিদ্যালয় প্ৰধানশিক্ষকৰ চহী থকা এখন প্ৰমান পত্ৰ প্ৰয়োজন হল ৷ তেওঁ চহীটো জালিয়তি কৰি মই প্ৰতিযোগীতাত অংশ গ্ৰহন কৰিলোঁ ৷ বহুত ভয় লাগি আছিল ৷ শেষট যেতিয়া দ্বিতীয় পুৰস্কাৰটো বিদ্যালয়লৈ পোষ্ট যোগে আহিল ৷ আৰু প্ৰধান শিক্ষকে মাতিলে তেতিয়া এনে লাগিছিল মই কৰা অপৰাধটো তেওঁ গম পালে ৷ আজি কি হব মোৰ সেই অপৰাধ শাস্তি ৷ ভয়ে ভয়ে প্ৰধান শিক্ষকৰ ৰূমত সোমালো যদিও সেইদিনা তেওঁ মূখত মিচিকীয়া হাঁহিটো দেখি বেচি ভয় লাগিছিল ৷ তেওঁ চকীদাৰ জনক মাতি যেতিয়া মোৰ পুৰস্কাৰটো অনা কথা কলে; মই চৌদিশে অন্ধকাৰ দেখা পালোঁ ৷ সহ শিক্ষক, চকীদাৰ জনে হাত এটি ডাকঘৰৰ টোপোলা লৈ মিচিকিয়া হাঁহি মাৰি মোৰ সুধিলে ""কেতিয়া পৰা গল্প লেখা আৰম্ভ কৰিলা ৷ আজিহে গম পায়ছোঁ যে আমাৰ বিদ্যালয়ত সাহিত্য চচ্চা কৰা লৰা এজন আছে ৷ তুমি তেজপুৰ সাহিত্য চৰা প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰিছা ৷ এইয়া লোৱা তোমাৰ পুৰস্কাৰ ৷ "" তেতিয়া মই উশাহ সলাব পৰা অবস্থালৈ ঘুৰি আহিলো ৷ সেইযে মোৰ প্ৰথম চুটি গল্প "" ৰমণী গাভৰু ডামিনি "" ৷ সেইদিনটোলৈ মনত পৰিলে আজিও অপৰাধী দৰে লাগে ৷ সেই লৰালি দুষ্ট কৰা লৰাটো আজিও যেন মহাদুষ্ট ৷
*** সকলো সৃষ্টি আৰু প্ৰেৰণা উৎস::: মানুহ *** আজি সকলো সৃষ্টি আৰু প্ৰেৰণা উৎস:: ""মানুহ "" সম্পৰ্কে এই লেখা ৷ মানুহ বা মানব; ইংৰাজীত Human's; বৈজ্ঞানিক নাম Homo sapiens বুলি কোৱা হয় ৷ জীৱ শ্ৰেষ্ঠ, সভ্য জগতত বসবাস কৰা মানুহ ৷ "" ধানটো প্ৰতি কণটো, মানুহটো প্ৰতি মনটো "" --- এই কথাষাৰ বাবে মানুহৰ মনটো বিশ্লেষণ কৰা জটিল ৷ যিহেতু প্ৰতিজন মানুহ চৰিত্ৰ বিভিন্ন ধৰণ ৷ চৰিত্ৰ হল মানুহৰ জীৱনৰ ভেটি ৷ সবল ভেটি প্ৰস্তুত কৰিব নোৱাৰিলে মানুহৰ চৰিত্ৰ দাগ লাগে ৷ যিদিনা পৰা মানুহে সভ্য জগতত বসবাস কৰিব ললে; সেই দিনা পৰা মানুহে মানুহৰ বাবে সৃষ্টি আৰু প্ৰেৰণা উৎস হয় বসবাস কৰিব ললে ৷ কিন্তু মানুহ যদিও সৃষ্টি আৰু প্ৰেৰণা উৎস নিজে ঠিক সেই দৰে ধংস কত্ৰা ৷ মানুহে নিজাকৈ পৃথিৱীত যিমান সৃষ্টি কৰিলে সেইদৰে বহু সম্পদও নষ্ট কৰিলে ৷ আজি মানুহে মানুহৰ বাবে সৃষ্টি কৰিব বিচৰা সম্পদ সমূহ পৰা আমি কিমান লাভবান বা কিমান ক্ষতি সন্মূখিন হৈছোঁ?? এবাৰ বিশ্লেষণ কৰা প্ৰয়োজন ৷ প্ৰশ্ন উপস্থাপন হব পাৰে মানুহে মানুহ চিন্তা, বুদ্ধি, কৌশল প্ৰয়োগ নিজক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰি উন্নয়ণ বা সাবলীকৰণৰ পৰিচয় দিব বিচাৰে নেকি? মানুহে সৃষ্টি কৰা জাতি- ধৰ্ম ,ভাষা, সাহিত্য - সংস্কৃতি, সমাজ ব্যবস্থা ,ৰীতি - নীতি, আদি বোৰত কেতিয়াবা হিংসা, অত্যাচাৰ, ব্যভিচাৰৰ প্ৰতীক স্বৰূপ সমাজৰ দাপোনত জিলিকি উঠা পৰিলক্ষিত হয় ৷ আকৌ কেতিয়াবা মানুহে মানুহৰ বাবে প্ৰেৰণা উৎস হৈ পৰাও সমাজৰ দাপোনত জিলিকি উঠে ৷৷ মুঠ ওপৰত মানুহে নিজা চৰিত্ৰ ভেটি সবল কৰি সকলো সৃষ্টি আৰু প্ৰেৰণা উৎস হৈ সভ্য সমাজত বসবাস কৰি নিজা পৰিচয় দাঙি ধৰা সকলো মানুহ হয় ৷
Tuesday, February 19, 2019
*** অচিনাকি ব্যক্তিজনৰ ঠিকনা সন্ধানত -----***( মনৰ এক অনুভৱ) মানুহে সমাজ পাতি বসবাস কৰা দিনৰ পৰা এজনে আনজনক সহায়ৰ হাত আগবঢ়াটো মানৱ সমাজৰ এক পৰম্পৰাগত সংস্কৃতি বুলি কব পৰা যায় ৷ সেইয়া মানৱ সমাজৰ এক সুন্দৰ নিৰ্দশন ৷ এজন বৃদ্ধ ব্যক্তিয়ে যেতিয়া চাৰি আলিটো পাৰ হৱ নোৱাৰি অসফল মনে অপেক্ষা কৰি থকা কোনো ব্যক্তি এজন ব্যক্তি দৃষ্টিগোচৰ হল আৰু বৃদ্ধ জনক হাতত ধৰি চাৰি আলিটো পাৰ কৰি কিছু দূৰ আগবঢ়াই দি দুয়োবে পোৱা আনন্দ কথা ভাষাৰে বুজাব নোৱাৰি ৷ মোৰ জীৱনত এনে বহু অচিন ব্যক্তিক লগ পাইছোঁ আৰু তেওঁলোকক সহায় কৰি বহু আনন্দ লাভ কৰিছোঁ ৷ ঠিক সেইদৰে মোকও বহু কেইজন অচিন ব্যক্তিয়ে সহায় কৰিছে আৰু মই তেওঁলোকৰ ঋৃণ হয়টো জীৱন পৰিশোধ কৰিব নোৱাৰোঁ ৷ তেনে এক ঘটনা আজি মই উপস্থান কৰিব বিচাৰোঁ ৷ সেইসময়ত মই একাদশ শ্ৰেণী ছাত্ৰ ৷ গুৱাহাটীলৈ এক বিশেষ কামত অকলে গৈছিলোঁ ৷ সকলো কাম কৰি ঘৰলৈ উভতিব সময়ত চিটিবাছত কোনো দুষ্ট ব্যক্তিয়ে মোৰ পকেটত মাৰিলে ৷ যেতিয়া চিটি বাছত মোক ভাড়া বিচাৰিছিল তেতিয়া মই গম পাইছিলো মোৰ মানিবেগটো কোনোবাই নিলে ৷ কথাটো লাজ আৰু ভয়ে ভয়ে প্ৰকাশ কৰাত তেওঁ হাঁহি মাৰি সুধিলে "" আপুনী গুৱাহাটী প্ৰথম আহিছে নেকি? ঘৰ কত? কত যাৱ? ইত্যাদি!! তেওঁ সকলো কথা প্ৰকাশ কৰাত তেওঁ ভাড়া কথা পুণবাৰ নকৈ মোক এখন চুপাৰত নিজা পকেটৰ টকা খৰছ কৰি ঘৰলৈ অহা সুবিধাকণ কৰি দিলে ৷ মই তেওঁ ঠিকনাটো বিচাৰিছিলোঁ যাতে ঘৰ পোৱা পিছত তেওঁ ঠিকনাত টকা কেইটা পৰিশোধ কৰিব পাৰোঁ ৷ কিন্তু!! তেওঁ হাঁহি মাৰি কলে এই চিটি বাছবোৰে আমাৰ ঠিকনা আজি ইয়াত কাইলৈ তাত ৷ আৰু লাহে লাহে তেওঁ আতঁৰি গৈ চিঞৰিলে গনেশগুৰি, গনেশগুৰি!! ----- আৰু কিছু সময়ৰ পিছত তেওঁ সেইঠাই পৰা বহু দূৰলৈ আতঁৰি গল ৷ এতিয়াও গুৱাহাটি গলে সেই মানুহ জনক চকুৰে বিচাৰোঁ কৰোঁৱাত দেখা পাওঁ নেকি? কিন্তু??????
Monday, February 18, 2019
সামাজিক ব্যাধি "" এঘৰীয়া ""!!!!!!!! নিজা পৰম্পৰাগতৰ ৰীতি নীতি, আধ্যাত্মিকতা ভাৱ আৰ্দশত ওপৰত প্ৰতিষ্ঠিত মানবতা জয় গান গাৱ প্ৰয়াস কৰা একবিংশ শতিকা গছকি আমি সকলোবে একোখন সমাজ গঢ় দি এডাল ঐক্যতা এনাজৰীৰে বান্ধোন মাজত বসবাস কৰি সুখ,শান্তি ৰে বসবাস কৰি ভাল পাওঁ কাৰণে তেনে সমাজ আমি গঢ় দিওঁ ৷ কিন্তু এই সমাজ ব্যবস্হাৰ বোৰত প্ৰচলিত গধূৰ শাস্তি "" এঘৰীয়া "" সিদ্ধান্তটো কিমান যুক্তি সংগত?? আমি বোৰে "" এঘৰীয়া "" কৰা আগত এবাৰ বিশ্লেষণ কৰি চাওঁ নে?? নে অন্ধবিশ্বাস? আবেগ? নেতৃত্ব মুনাফা? ব্যক্তিগত শত্ৰুতা প্ৰতিশোধ? ভৱিষ্যত শংকা ভয়ত? আমি কাৰোঁৱাক সমাজ ব্যৱস্হাৰ পৰা এঘৰীয়া কৰোঁ? আমাৰ দেশত এখন আইন আছে, যি খনক আমি সকলোবে সন্মান কৰা লগতে আইনী মতামত বা শাস্তি গ্ৰহণ কৰি চলি আহিছোঁ, যত যুক্তি বিশ্লেষণ, প্ৰমান , সাক্ষী সকলোবোৰ বিচাৰ বিবেচনা কৰি বহু চিন্তা চৰ্চ্চা জড়িয়তে কোনো এটা সিদ্ধান্ত লোৱা হয় ৷ যত আমিবোৰে সমাজ পাতি বসবাস কৰিব বাবে প্ৰস্তুত কৰিলোৱা আইনখনও আমাৰ দেশৰ আইন খনত আধাৰত বিচাৰ যোগ্য ৷ তেনে ক্ষেত্ৰত আমিবোৰে ইমান গধুৰ সিদ্ধান্ত "" এঘৰীয়া "" কৰা অধিকাৰ আছে নে? নে আমিবোৰে ম 'ৰেল ন্যায়ধিকৰ ভূমিকা পালন কৰিব বিচাৰোঁ? আমি কাৰোঁবাক আমাৰ সমাজ ব্যবস্হাৰ পৰা এঘৰীয়া নকৰি আমাৰ সমাজ ব্যৱস্হাৰ উলংঘ কৰা অভিযোগৰ জড়িয়তে দেশ আইন খন সহায়ও লব পাৰোঁ ৷ "" এঘৰীয়া "" শব্দটো যদি পৰম্পৰাগত হয় তাক আমি যুক্তি বিচাৰ বিশ্লষণেৰে সংশোধন কৰি সংস্কাৰ পদ্ধতিয়ে আমি গঢ় দিয়া সমাজ ব্যবস্হাৰ ঐক্যতা এনাজৰী মাজত বান্ধি ৰাখিব নোৱাৰাটো আমাৰ দূৰ্বলতা ৷ যাৰ বাবে আমিবোৰে কেতিয়াৱা লজ্জিত হব লগা হয় ৷ কাৰণ আমি এঘৰীয়া কৰা ব্যক্তি তথা পৰিয়ালটোৰ বিপদ আপদত ""মানবতা "" কথাটো গুৰুত্ব প্ৰদান নকৰি গোৰামী কৰিব হাত সাবটি ৰং চাব বিচৰা অন্য এটি চৰিত্ৰ যেতিয়া সমাজৰ দাপোন খনত ওলাই পৰে তেতিয়া আমি বসবাস কৰিব বিচৰা সমাজখনৰ মানদন্ড কত থাকে? আমাৰ দেশ খনত বহু উচ্চ আধ্যাত্মিক ভাৱ আৰ্দশৰ, পৰম্পৰাগত ৰীতি নীতিয়ে পৰিচালিত সমাজ ব্যবস্হাৰ আছে আৰু প্ৰতিখনে মানৱতা কল্যাণ তথা মানৱতা জয় গান নিজা আৰ্দশ ভিত্তিত গাই নিজৰ সমাজখন উচ্চ আসনত প্ৰতিষ্ঠা কৰিব প্ৰয়াস কৰে ৷ তেনে সময়ত কোনো এখন সমাজে "" এঘৰীয়া "" কৰা জনক আন এখন সমাজে "" গ্ৰহণ "" কৰি প্ৰথম সমাজখনৰ ভাৱ আৰ্দশক হাঁহি বা সমালোচনা কৰা সময় বা স্হান অনুসৰি দেখা পোৱা যায় ৷ তেতিয়া সেই ঠাইকণৰ সমাজ ব্যবস্থাটো সমাজৰ দাপোণত সমাজৰ ওলাই পৰে ৷ তেতিয়া হলে "" গধূৰ শাস্তি এঘৰীয়া "" কিমান যুক্তি সংগত? যত উক্ত ঠাইডোখৰৰ সুন্দৰ বৰ্তাবৰণ বিনষ্ট হোৱা লগতে সমাজৰ দাপোন স্বৰূপ অনুষ্ঠান প্ৰতিষ্ঠা সমূহ বিনষ্ট হব ধৰে ৷ আচলতে এই কথাবোৰ আজি দুদিনমান দৈনিক কাকত, দূৰদশন, আদি প্ৰচাৰ হৈ থকা দেখি নিজা মনৰ মাজত প্ৰশ্ন হোৱা বাবে লিখিলোঁ ৷ কাৰণ একবিংশ শতিকা গৰকা আমি আধুনিক সমাজৰ বহু যুক্তি বিশ্লেষণ কৰিব পৰা আমি বোৰ সভ্য সমাজৰ মানুহ ৷
Sunday, February 17, 2019
এ টি এম ( অনুগল্প) মনেশ্বৰ দাইটি বুলিলে সেই ৰসাল মৰমীয়াল, সৎ, সাহসী, ত্যাগী ধন সম্পত্তিৰে ভৰপূৰ খেতিয়ক জনৰ মূখ খন বৰকৈ মনত পৰে ৷ ভৱানীপূৰ নামৰ গাঁও খনৰ এজন আৰ্দশ সংগঠক ৷ যাৰ পৰশত ভৱানীপূৰত বিদ্যালয়, চিকিৎসালয়, মহাবিদ্যালয়, পুথিভৰাঁল, বৰনাম ঘৰটো আজিও জিলিকি আছে ৷ এই অনুষ্ঠান সমূহ গঢ় দিওঁতে তেওঁ নিজাগাঠি ধন ভঙা নহয়, মাটিও ৰাইজৰ নামত দান কৰিছিল ৷ যাৰ ফলত তেওঁ এখন আদৰ্শ গাওঁৰ সপোন মনতে পুহি ৰাখিছিল ৷ গাঁওবাসীয়ে তেওঁক নুসুধাকৈ বা পৰামৰ্শ গ্ৰহন নকৰাকৈ একো কাম কৰা নাছিল ৷ তেওঁ বিপৰিতে আছিল সমপয্যায় ধন সম্পত্তিৰে ভৰপূৰ অংকাৰী দন্ডদাইটি ৷ তেওঁ নিজা কথা বাদে সমাজৰ কোনো কথাত মত দিয়া নাছিল ৷ তেওঁ সপোন গাঁওবাসী তেওঁ তলত থাকক ৷ তেওঁক সকলোবে তোষামোদ কৰক ৷ সেইহে তেওঁ মনেশ্বৰ দাইটি প্ৰতিটো কামত বাধা দিয়া চেষ্টা কৰি আহিছিল ৷ তেওঁ কূ কৌশল প্ৰয়োগৰ ফল স্বৰূপে লাহে লাহে মনেশ্বৰ দাইটিক সকলোবে পাহৰি যোৱা দৰে হল ৷ এইবাৰ বিহুত গাওঁ ঘৰলৈ যাওঁতে মনেশ্বৰ দাইটিক মাত এষাৰ দিও বুলি তেওঁ ঘৰ পালোগৈ ৷ আগৰ সেই ৰসাল, মৰমীয়াল মানুহজন আজি পংগু হৈ যোৱা অনুভৱ হয় ৷ যি সকলো কামত আগভাগ লৈ সকলোবে বিপদৰ সময়ত থিয় হৈছিল এখন আদৰ্শ গাওঁ গঢা সপোন দেখিছিল ৷ সেই গাওঁত দুনীৰ্তি, কূ নীতি লগতে মদ ভাং আদি আড্ডা স্থলী হল ৷ তেওঁ দুখেৰে কৈছিল -- "" বুজিচ লক্ষেশ্ব, আজি মই এ টি এম মেচিন আৰু কাৰ্ড হৈ ৰলোঁ ৷ যেতিয়া গাওঁবাসীয়ে মোক প্ৰয়োজন বুলি ভাবে তেতিয়া দৌৰি আহি হাতে ভৰিৰে ধৰে ৷ প্ৰয়োজন শেষ হল মোৰ কাম নোহোৱা হয় ৷ গাওঁ খনৰ উন্নতি কথা উপস্থাপন কৰিলে সকলোবে উপলুঙা কৰে ৷ সেইহে এনেদৰে কোনো মতে জীয়াই আছোঁ ৷ "" চাহকাপ খাই মনেশ্বৰ দাইটি ঘৰৰ পৰা ঘৰলৈ বুলি অহা পথত মইও ভাবিব বাধ্য হলোঁ আজি আমি সেই মহান ব্যক্তি সকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক ইনচাল কৰি আহিছোঁ নেকি? যাৰ নীতি আদৰ্শ বাবে আমি আজি মানুহ হব পাৰিছোঁ, যাৰ ত্যাগ, ধৈৰ্য্য, প্ৰেৰণা আৰু সাহকৰ বাবে আজি নিজা পৰিচয় সমাজৰ আগত দিব পাৰিছোঁ ৷ সেই মহান ব্যক্তি সকল সচাঁকৈ এ টি এম হৈ গৈছে নেকি?
সংস্কাৰ বতৰটো বৰ ডাৱৰীয়া হঠাৎ যেন এজাক বৰষুণ কিছু সময় পাছত আহিব ৷ আগ চোতালৰ বাৰান্ডাখনৰ আৰামি চকী খনত বঢ়ি পদুমীয়ে তাই জীৱনৰ অতীতৰ কথাবোৰ ভাবিছে ৷ সৌৰভ বৰুৱা লগত জীৱন সংগী হিচাপে কটোৱা আজি প্ৰায় ষাঠি টা বছৰ পাৰ হৱ হল ৷ তাই সন্তান দুটিয়েও নিজাকৈ ঘৰ সংসাৰ পাতিলে ৷ নাতি নাতিনী মূখ দেখা পদূমী যি দিনা এই খন ঘৰলৈ ন বোৱাৰী হিচাপে আহিছিল সেইদিনা তাই বুকুত বহু সপোন লৈ আশাৰে ন জীৱনৰ প্ৰতিটো খোজ দিব ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু তেওঁ শাহুৱেকৰ বাবে সেই ইচ্ছা বাস্তৱ ৰূপত খোজ পেলাৱ পাৰিছিল জানো?? গ্ৰাম্য সমাজৰ ৰীতি নীতি, ধৰ্মীয় পৰম্পৰা, আধ্যাত্মিক ভাৱ আৰ্দশত চলা তাই শাহুবেকে প্ৰতিটো খোজ, প্ৰতিটো কামত দূখাৰোপ কৰা লগতে কথাবোৰ শিকাই বুজাই আগলৈ তেনে নকৰিৱলৈ সকীয়ণী দিছিল ৷ তেতিয়া পদুমী শাহু ওপৰত খং উঠিছিল যদি সকলো আদেশ ,পৰামৰ্শ শাহুবেকে দিয়া ধৰণে পালন কৰি গৈছিল ৷ কোনো দিনে তাই শাহুক টান সুৰত কথা কোৱা নাছিল ৷ লাহে লাহে তাই শাহু সকলো কথা বতৰা, সকলো কাম ভাল লগা হল ৷ শাহুবেকেও আজলী বোৱাৰী বুলি তাইক কম মৰম কৰিছিল নে? তাই আগত প্ৰকাশ নকৰিলেওঁ গাওঁ খন আন মহিলা সকলৰ আগত পদূমী গুণ বোৰৰ লগতে তাই কাম সমূহত প্ৰশংসা কৰিছিল ৷ সেইহে পদূমীয়েও তাই শাহু মৃত্যু সময়ৰ লৈকে শ্ৰদ্ধা, সেৱা লালন পালন কৰিছিল ৷ পদূমী শাহুবেকৰ পৰামৰ্শ অনুসৰি ঘৰ খন ঘৰ হৈ আছিল ৷ কিন্তু এতিয়া পদূমীয়ে নিজা দুই পুত্ৰ বোৱাৰী পৰা কি পাইছে?? বোৱাৰী দুগৰাকীক নিজা জী দৰে মৰম কৰি সিহঁতৰ ভূলবোৰ আঙুলীয়াই দিলে সিহঁতবোৰ পদূমীক ইনচাল কৰে ৷ "" মা, অতীতৰ সেই পৰম্পৰাবোৰ এতিয়া নচলে ৷ আজি যান্ত্ৰিক যুগ, একবিংশ শতিকা গছকি আমি নতুন চিন্তা ধাৰাই, নতুন পথে আগবাঢ়ি যাৱ লাগি ৷ ইত্যাদি ৷ইত্যাদি ৷৷"" বহু কথা দুযো গৰাকীয়ে পদূমীক কয় ৷ তেতিয়া পদূমী মূখৰ মাত হেৰাই যায় ৷ কি বুলি কব পদূমীয়ে নিজা বোৱাৰী দুগৰাকীক? বহাগ প্ৰথম বিহু দিনা সৰুবে ডাঙৰক সন্মান জনোৱা, সৰু সৰু সকলক মৰম স্নেহ দিয়া, হুচৰি আহিলে ন সাজেৰে পিন্ধ উৰি শ্ৰদ্ধা ভক্তিয়ে চোতাললৈ আদৰি অনা আদিবোৰ কাম কথা কলে বোৱাৰী দুগৰাকীয়ে গেঙেৰী মাৰি আহে ৷ সিহঁত দুগৰাকীয়ে গুৰু গোসাই, ভকতক শ্ৰদ্ধা সেৱা নকৰে কৰিলেও তাত ভক্তি ভাৱ প্ৰকাশ নাপায় ৷ তেতিয়া পদূমীয়ে অন্তৰত বহু দূখ পাই, দুচকুৰে দি ওলাৱ খোজা চকু পানী বহু কষ্টৰে ধৰি ৰাখে কিন্তু তেওঁ বোৱাৰী দুগৰাকীক কোনো দিনে দোষাৰোপ কৰিব নিবিচাৰে ৷ পদূমী বহু আশা এদিন দুয়ো গৰাকী বোৱাৰীয়ে কথাবোৰ বুজিব তেতিয়া পুণ আগ দৰে ঘৰ খন ঘৰ হৈ পৰিৱ ৷ হঠাৎ ডাঙৰকৈ বতাহ ধুমুহা সৈতে অহা বৰষুণ জাক কেনেকৈ পাৰ হৈ গল পদুমীয়ে গমেই নাপালে ৷"" আইতা!! ভিতৰলৈ নহা কিয়? বাহিয়ত ইমান বতাহ বৰষুণ!! "" অত তত ধৰি কোনোমতে পদূমী এখোজ দুখোজ কৈ ভিতৰ সোমাল ৷ ভিতৰত উচ্চ স্বৰত পাশ্চিমীয়া গীত এটি তেতিয়াও বাজি থকা সুৰে পদুমী কাণ খন কলা কৰা নিচিনা কৰিলে ৷
Friday, February 15, 2019
@@ শেষ উপহাৰ @@ পুৱা গুৰু ঘৰত চাকি গছ জ্বলাই জুনুৱে পাকঘৰলৈ বুলি সোমাৱ লওঁতে তাই মোৱাইল ফোনটো বাজি উঠিল ৷ তাই ফোনটো টেবুলপৰা হাতত তুলি লৈ মিচিকীয়া হাঁহিটো মাৰিলে ৷ আজি এসপ্তাহ হল অতুল মানে তাই স্বামী পৰা কোনো ধৰণৰ ফোনৰ যোগাযোগৰ সহাঁৰি পোৱা নাই ৷ এতিয়া ভাৰতৰ সীমান্তবতি ঠাইবোৰত ভাৰতীয় সেনা যুদ্ধ আখৰা হৈ আছে কোন সময়ত যুদ্ধ হয় কোনো ঠিক নাই ৷ অতুল ভাৰতীয় সেনা বাহিনী এগৰাকী দ্বায়িত্ব শীল বিষয়া হোৱা বাবে তাই নিজকে গৌৰৱ কৰা লগতে কেতিয়াবা কেতিয়াবা অতুলৰ ওপৰত তাই খং উঠে যেতিয়া তাই নিজক অকলশৰীয়া অনুভৱ কৰে ৷ মাক জুনুবে হাঁহি ধেমালী কৰি অতুলৰ লগত কথা পাতি থকা শুনি তেওঁলোকৰ একমাত্ৰ পুত্ৰ বিক্ৰমে মাকৰ ওচৰচাপি আহি সিওঁ তাৰ দেউতাকৰ লগত কথা পাতিব বিচাৰিলে ৷ মাকে আঠ বছৰীয়া বিক্ৰমৰ হাতত ফোনটো দিয়াত সি তাৰ জন্ম দিনৰ বিষয়ে দেউতাক কলে আৰু তাক লগা প্ৰয়োজনীয় সামগ্ৰী এখন দীঘল তালিকা দি তাৰ জন্ম দিনৰ দিনা দেউতাক উপস্থিত থাকিব অনুৰোধ জনালে ৷ দেউতাকেও তাৰ প্ৰতিটো সামগ্ৰী দিয়া প্ৰতিশ্ৰুতি লগতে জন্ম দিনৰ দিনা উপস্থিত থকা কথা ঘোষনা কৰিলে ৷ সি মাকৰ হাতত ফোনটো দি আনন্দত জপিয়া জপিয়া নাচি উঠিল ৷ মাকে ফোনটো কাটি পাকঘৰ পালে গৈ আৰু বিক্ৰমে তাৰ জন্ম দিনত তাৰ বাবে দেউতাকে কি কি সামগ্ৰী আনিৱ, কেনেকৈ জন্মদিন পালন কৰিৱ সেই বিষয়ে ককা আইতাক, খুড়াক,পেহীয়েক আৰু লগৰ সমনীয়া সকলক কবলৈ বাহিয়লৈ দৌৰ দিলে ৷ কাৰণ অহা কাইলৈ তাৰ জন্মদিন ৷ সি তাৰ প্ৰয়োজনী সামগ্ৰী সমূহ লগতে এইবাৰ তাৰ জন্ম দিনত তাৰ দেউতাক কাষত থাকিব কিমানযে আনন্দ লাগিব সি কল্পনা কৰি কৰি তাৰ মন ভাৱবোৰ সকলোবে আগত প্ৰকাশ কৰি দিনটো ব্যস্ত হয় গল ৷ সি গমকে নাপালে দিনটো পাৰ হৈ তাৰ নিদিষ্ট জন্ম দিনৰ দিনটো আহি পোৱা কথা ৷ খুড়াক,পেহীয়েক আৰু মাকে তাৰ জন্মদিন বাবে ঘৰখন সজাই তুলা লগতে ককা আইতাকে গুৰুঘৰত তাৰ জন্ম দিন বাবে চাকি জ্বলাই মংগল কামনা কৰিলে ৷ এজন দুজনকৈ তাৰ সমনীয়া আৰু নিমন্ত্ৰণীয় অতিথি সমূহ সিহঁতৰ ঘৰত ভিৰ হল কিন্তু সি তাৰ মৰমৰ দেউতাক অহালৈ হেঁপাৰে বাট যাব ধৰিলে ৷ সি অনুভৱ কৰিলে আজি তাৰ জন্মদিনত কিবা এটি সামগ্ৰী যেন অভাৱ হৈছে ৷ ঠিক সেই সময়তে এটি গুৰুত্ব পূণ্য সংবাদ লৈ সিহতঁৰ এলেকা আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া সিহঁত ঘৰত উপস্থিত হৈ তাৰ মৰমৰ পিতৃ পুৱতি নিশা সীমান্ত সেই ঠাইকণ যুদ্ধ কৰি দেশৰ বাবে শ্বহীদ হোৱা কথা আনুষ্ঠানিক ঘোষনা কৰা লগতে তেওঁক অন্তিম বিদায় কাৰণে আনি থকা হৈছে বুলি জনাই ৷ সংবাদটো শুনি সকলোবে উচুপি উঠিল ৷ কিন্তু বিক্ৰম সি আবেগিক নহল ৷সি সকলোকে কলে, "" তোমালোকে মিছাতে কান্দিছা ৷ যোৱা আজি মোৰ জন্ম দিনৰ দিনা মোৰ মৰমৰ দেউতাই মোক এটি ডাঙৰ উপহাৰ দিলে ৷ আজি দেউতা দেশৰ বাবে শ্বহিদ হল , তাতকৈ ডাঙৰ উপহাৰ বাৰু কিৱা আছে নে? """ সকলোবে বিক্ৰমক সাৱটি ধৰিলে ৷
Wednesday, February 13, 2019
** প্ৰেম হেনো এনেকুৱাই *** "" Love is a feeling, What you feel after or before "" হয় পায় প্ৰেম হেনো এনেকুৱাই ৷ মানে প্ৰেমেৰ কোনো নিদিষ্ট স্থান নাই, প্ৰেমৰ কোনো উচ্চ বা নিম্ন জাতি- ধৰ্ম,বয়স নাই ৷ তাহানি বিদ্যালয়ত পঢ়ি থকা সময় কত নীলা খামত চিঠি লিখিছিলো প্ৰেয়সী তোমাৰ বাবে বুলি ৷ উজাগৰী ৰাতি তোমাকে শয়নে সপোনে প্ৰেমৰ ৰানী কৰি ৰচিছিলোঁ বহু কবিতা তোমালৈ বুলি ৷ তুমি দুচকুত কাজলৈ এখোজ দুখোজ কৰি বিদ্যালয়লৈ যোৱা পথত যেতিয়া মাৰিচিলা সেই মিচিকীয়া হাঁহিটি সেইয়া আছিল প্ৰেমৰ আৰম্ভনি ৷ হয় প্ৰেম এক সচাঁ হৃদয়ৰ অনুভূতি, প্ৰেম কেতিয়া, কত, কেনেকৈ হয় কোনেও নাজানে ৷ মাথোঁ প্ৰেমৰ অনুভূতি হৃদয়ত জাগ্ৰত হয় ৷ এইধৰক বাৰী ঢাপত থকা আমগছ জোপা বহু যত্ন কৰি আপুনী ৰুলে কিন্তু আপোনী নজনাকৈ এদিন ঘৰৰ কোনো ব্যক্তিয়ে গছজোপা কাটি পেলালে ৷ যেতিয়া আপুনী ঘৰৰ অন্যব্যক্তি আগত প্ৰকাশ কৰিলে বৰ ভাল আম জোপা কিয় কাটিব লগা হল ? এইয়া হল আপোনা প্ৰেম ৷ প্ৰতিজন ব্যক্তি অনুভৱ তথা অনুভূতি, স্পৰ্শ, দুচকু মিলন, আদিবোৰেই প্ৰেম নহয় জানোঁ ৷ গতিকে প্ৰেম হেনো এনেকুৱাই ৷
Tuesday, January 8, 2019
নিলবেদ আৰু শোসম্বেদ কি?
আমি সকলোবে চাৰি বেদৰ বিষয়ে জানো; কিন্তু যোগিতন্ত্ৰ কলা আৰু অনাদিপুৰাণত নিলবেদ আৰু শোসম্বেদ নামৰ দুখন বেদৰ বিষয়ে উল্লেখ পোৱা যায় ৷ যদিও বহু অনুসন্ধান কৰি এই বেদ দুখনৰ বিষয়ে কোনো ধৰণৰ বিবৰণ সংগ্ৰহ কৰিব পৰা নগল ৷ কিন্তু যোগিতন্ত্ৰ কলা আৰু বেদমালা নামৰ পুথি দুখনত নিম্ন উল্লেখিত ধৰণে ব্যাখা পোৱা গল ৷
"" সামবেদ, যজুবেদ,অথৰ্ববেদ, ঋগ্বেদ আয়৷
নিল অনিল বেদ যষ্ঠম বেদ সাৰ ৷ ( যোগিতন্ত্ৰ কলা)
"পঞ্চমূখী ব্ৰক্ষা এক মূখ কাটিয়াছে ৰুদ্ৰ ৷
সেই মূখ হইতে সুসম্বনা বেদ উৎ পন্ন ৷ "" ( বেদমালা)
"" সামবেদ, যজুবেদ,অথৰ্ববেদ, ঋগ্বেদ আয়৷
নিল অনিল বেদ যষ্ঠম বেদ সাৰ ৷ ( যোগিতন্ত্ৰ কলা)
"পঞ্চমূখী ব্ৰক্ষা এক মূখ কাটিয়াছে ৰুদ্ৰ ৷
সেই মূখ হইতে সুসম্বনা বেদ উৎ পন্ন ৷ "" ( বেদমালা)
অজপা গায়ত্ৰী দীক্ষা বা হংস মন্ত্ৰ সাধনা::: নাথ যোগী তত্ব
গুৰু গোৰক্ষনাথ গুহ্য সাধন পদ্ধতি সংক্ষিপ্ত হল এনেধৰণৰ -----
""" হং "" কাৰে বৰ্হিয়াতি "" স "" কাৰে বিশেৎপুনঃ ৷
হংস - হংসেতি অমুং মন্ত্ৰং জীবো জপতি সৰ্বদা ৷৷
ষটশাতনি দিবাৰাত্ৰৌ সহস্ত্ৰান্যেক বিংশতিঃ ৷
এতৎ সংখ্যান্বিতং মন্ত্ৰং জীবো জপতি সৰ্বদা ৷৷
অজপা নাম গায়ত্ৰী যোগিনাং মোক্ষদায়িনী
তস্যাঃ স্মৰণ মাত্ৰেণ সৰ্বপাপৈঃ প্ৰমুচ্যতে ৷৷ ""
শ্বাস প্ৰশ্বাসৰ সময়ত ""হং "" শব্দ সৈতে বায়ু বাহিয়লৈ আহে আৰু "" স "" শব্দ জডিয়তে পুনবাৰ প্ৰবেশ কৰে ৷ জীৱই স্বাভাবিকত সদায় হংস মন্ত্ৰ জপ কৰে ৷ দিন ৰাতি 21600 বাৰ প্ৰত্যেকেই এই মন্ত্ৰ জপ কৰে ৷ ( প্ৰতি মিনিটত 15 বাৰ শ্বাস প্ৰশ্বাস হয় ৷ সেই হিচাপে 24×60×15 = 21600 বাৰ) প্ৰত্যেক বাৰ শ্বাস প্ৰশ্বাসৰ সৈতে হংস জপ হয়; যদি মনোযোগে শ্বাস প্ৰশ্বাস গতি লক্ষ্য কৰা বা অনুভৱ কৰা হয় বা অভ্যাস কৰা হয় তেতিয়া অজপা নামৰ গায়ত্ৰী সাধনা কৰা হয় ৷ ওঠ,জিভা বা মনৰ জডিয়তে বিশেষ কোনো বীজমন্ত্ৰ বাৰ বাৰ উচ্চাৰণ কৰিলে ই জপ কৰা নুবুজায় গতিকে ইয়াৰ নাম হল অজপা ৷
অজপা গায়ত্ৰী যোগী সকলৰ মোক্ষদায়িনী ৷ সিদ্ধ মহাপুৰুষ সকলৰ বাদে কোনেও এই কৌশল ধৰা বা সেই পথে পৰিচালনা কৰা ক্ষমতা নাই ৷
হংস মন্ত্ৰ তাৎপৰ্য্য "" অহংস ------ সোহহং অৰ্থাৎ আমি স্বৰূপত ব্ৰক্ষ ৷শ্বাস গ্ৰহন আৰু ত্যাগ মধ্যবৰ্তী স্বভাবতঃ আমি ব্ৰক্ষত্ব প্ৰাপ্ত হও ৷ হংস অৰ্থাৎ পৰমাত্মা শিব চৈতন্যই প্ৰত্যেক পঞ্চ ভৌতিক দেহত অবস্থান কৰে ৷ জীৱ চৈতন্যক হংস নামে কথিত হয় ৷ ""হন্তি গচ্ছিন্তি কৃৎস্ন ---- শৰীৰং ব্যাপ্যবৰ্ততে ইতি হংসঃ প্ৰাণঃ জীৱ চৈতন্যম ৷ ""
বুদ্ধি কৌশলে শ্বাস প্ৰশ্বাস অনুকৰণ কৰি এই ভাবটি স্মৰশ কৰি কৰি স্থায়ী কৰা চেষ্টাই হল এই সাধনা উদ্দেশ্য ৷ যোগ শাস্ত্ৰ আৰু শৈবাগম তন্ত্ৰত হংস মন্ত্ৰকেই অজপা বুলি কোৱা হয় ৷ শ্বেতাশ্বত উপনিষদ ত হংস পদ হল বৈদিক মূল ৷ শৈবাগম তন্ত্ৰৰ অন্তৰ্গত সাৰদা তিলক তন্ত্ৰত হংস মন্ৰৰ দ্বাৰা ইষ্ট দেবতাক অৰ্ধ নাৰী ৰূপে কল্পনা কৰা হৈছে ৷
""" হং "" কাৰে বৰ্হিয়াতি "" স "" কাৰে বিশেৎপুনঃ ৷
হংস - হংসেতি অমুং মন্ত্ৰং জীবো জপতি সৰ্বদা ৷৷
ষটশাতনি দিবাৰাত্ৰৌ সহস্ত্ৰান্যেক বিংশতিঃ ৷
এতৎ সংখ্যান্বিতং মন্ত্ৰং জীবো জপতি সৰ্বদা ৷৷
অজপা নাম গায়ত্ৰী যোগিনাং মোক্ষদায়িনী
তস্যাঃ স্মৰণ মাত্ৰেণ সৰ্বপাপৈঃ প্ৰমুচ্যতে ৷৷ ""
শ্বাস প্ৰশ্বাসৰ সময়ত ""হং "" শব্দ সৈতে বায়ু বাহিয়লৈ আহে আৰু "" স "" শব্দ জডিয়তে পুনবাৰ প্ৰবেশ কৰে ৷ জীৱই স্বাভাবিকত সদায় হংস মন্ত্ৰ জপ কৰে ৷ দিন ৰাতি 21600 বাৰ প্ৰত্যেকেই এই মন্ত্ৰ জপ কৰে ৷ ( প্ৰতি মিনিটত 15 বাৰ শ্বাস প্ৰশ্বাস হয় ৷ সেই হিচাপে 24×60×15 = 21600 বাৰ) প্ৰত্যেক বাৰ শ্বাস প্ৰশ্বাসৰ সৈতে হংস জপ হয়; যদি মনোযোগে শ্বাস প্ৰশ্বাস গতি লক্ষ্য কৰা বা অনুভৱ কৰা হয় বা অভ্যাস কৰা হয় তেতিয়া অজপা নামৰ গায়ত্ৰী সাধনা কৰা হয় ৷ ওঠ,জিভা বা মনৰ জডিয়তে বিশেষ কোনো বীজমন্ত্ৰ বাৰ বাৰ উচ্চাৰণ কৰিলে ই জপ কৰা নুবুজায় গতিকে ইয়াৰ নাম হল অজপা ৷
অজপা গায়ত্ৰী যোগী সকলৰ মোক্ষদায়িনী ৷ সিদ্ধ মহাপুৰুষ সকলৰ বাদে কোনেও এই কৌশল ধৰা বা সেই পথে পৰিচালনা কৰা ক্ষমতা নাই ৷
হংস মন্ত্ৰ তাৎপৰ্য্য "" অহংস ------ সোহহং অৰ্থাৎ আমি স্বৰূপত ব্ৰক্ষ ৷শ্বাস গ্ৰহন আৰু ত্যাগ মধ্যবৰ্তী স্বভাবতঃ আমি ব্ৰক্ষত্ব প্ৰাপ্ত হও ৷ হংস অৰ্থাৎ পৰমাত্মা শিব চৈতন্যই প্ৰত্যেক পঞ্চ ভৌতিক দেহত অবস্থান কৰে ৷ জীৱ চৈতন্যক হংস নামে কথিত হয় ৷ ""হন্তি গচ্ছিন্তি কৃৎস্ন ---- শৰীৰং ব্যাপ্যবৰ্ততে ইতি হংসঃ প্ৰাণঃ জীৱ চৈতন্যম ৷ ""
বুদ্ধি কৌশলে শ্বাস প্ৰশ্বাস অনুকৰণ কৰি এই ভাবটি স্মৰশ কৰি কৰি স্থায়ী কৰা চেষ্টাই হল এই সাধনা উদ্দেশ্য ৷ যোগ শাস্ত্ৰ আৰু শৈবাগম তন্ত্ৰত হংস মন্ত্ৰকেই অজপা বুলি কোৱা হয় ৷ শ্বেতাশ্বত উপনিষদ ত হংস পদ হল বৈদিক মূল ৷ শৈবাগম তন্ত্ৰৰ অন্তৰ্গত সাৰদা তিলক তন্ত্ৰত হংস মন্ৰৰ দ্বাৰা ইষ্ট দেবতাক অৰ্ধ নাৰী ৰূপে কল্পনা কৰা হৈছে ৷
Subscribe to:
Posts (Atom)