Wednesday, February 20, 2019
** বিদ্যালয় দুষ্ট লৰাটো ----** ( মনলৈ যেতিয়া লৰালি ওভতি আহে) আজি এৰিথৈ অহা বিদ্যালয়ত অধ্যয়ণ কৰি থকা দুষ্টামিবোৰে বৰকৈ আমনি কৰে ৷ ভাবিলে এনে লাগে তাহানি আমিবোৰে কম দুষ্ট আছিলোঁ নে? প্ৰাক্ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা আমাৰ বিদ্যালয় কাষতে এটা জুমা মজিদ আছিল ৷ অন্যহাতে বিদ্যালয়ৰ বেৰবোৰ আজি দৰে পকীবেৰ নাছিল ৷ বাঁহৰ ভগাবেৰে আমি বিদ্যালয়ৰ পৰা প্ৰতি শুক্ৰবাৰে পাৰহৈ মজিদত চেনিখাব দৌৰিছিলোঁ ৷ সকলোবে লক্ষ্য মাথোঁ এটাই শুক্ৰবাৰৰ আজানটো ৷ কিমান সোবাদ আজি চেনি ( হালোবা) হাতত শিক্ষকৰ বেটৰ কোববোৰ আমি পাহৰি গৈছিলোঁ ৷ আমাৰ অপৰাধ যেতিয়া সুবিধা পাওঁ তেতিয়াই বিদ্যালয়ৰ ভঙা বেৰকেইখনৰ বেচিকৈ ভাঙি অহা যোবা কৰিব বাবে পথ মুকলি কৰা ৷ কাৰণ যিদিনাই আমাক যিকোনো এটা বিষয়ৰ ওপৰত মূখস্থ কৰিব বাবে টানকৈ শিক্ষক শিক্ষয়ত্ৰীয়ে ধৰিছিল ৷ মুখস্থ নথকা কেইজনে সেই ভগাবেৰে ঘৰলৈ বুলি কিটাপ বহী লৈ দৌৰ মাৰিছিল ৷ এই দৌৰ প্ৰতিযোগীতা এবাৰ অংশ গ্ৰহন কৰি বহু সময় কাণত ধৰি আঠু কাঢ়িব লগা হৈছিল ৷ কাৰণ সেইদিনা ছাত্ৰ ছাত্ৰী উপস্থিত সেৰেঙা আছিল ৷ মোৰ মুখস্থ আছিল যদিও লগৰ কেইজনৰ সেই বিষয়টো মূখস্থ নাথকা বাবে মোকো তেওঁলোকৰ লগত সহযোগীতা কৰিব অনুৰোধ কৰাত মই তেনে কৰিছিল ৷ পিছে তেওঁলোকৰ শাস্তিতকৈ মোৰ শাস্তি পিচদিনা বেছি হল ৷ তেনেকুবা বহু ঘটনা কেতিয়াবা মনত পৰিলে হাঁহি উঠে ৷ সেইদৰে হাইস্কুলত পঢ়ি থকা সময়টো বহু লগৰ বন্ধু বান্ধৱীক লটি ঘটি কৰি বিদ্যালয়ত ৰং কৰিব গৈ বহু বাৰ বেঞ্চত থিয় হৈ বা কেতিয়াবা বেট কোবৰ বাবে দুই হাত আগুৱাই যিহে নৃত্য অভিনয় কৰা হৈছিল ভাবিলে আচৰিত লাগে ৷ সেই সময়কণত কৰ পৰা যে কিমান দুষ্ট বুদ্ধি মনলৈ আহিছিল ৷ শ্ৰেণীটো ভিতৰত উৎপাত কৰি থকা লৰা দলটো মই আছিলোঁ সকলোতকৈ শান্ত লৰা ৷ বুদ্ধিবোৰ বাকী কেইজনক দি ৰং চায় বৰ ভাল লাগিছিল ৷ কিন্তু কেতিয়াবা মই দিয়া দুষ্ট বুদ্ধিবোৰ ধৰা পৰি যায়; তেতিয়া আৰু ৰক্ষা নাই ৷ হাইস্কুলত পঢ়ি থকা সময়ত কবিতা গল্প লেখা হেঁপাৰ আৰম্ভ হয় ৷ এবাৰ বাতৰি কাকতত এটা বিজ্ঞাপন পালোঁ "" তেজপুৰ সাহিত্য চৰা সৌজন্যত " সদৌ অসমভিত্তি চুটি গল্প প্ৰতিযোগীতা আয়োজন ৷ বিদ্যালয় প্ৰধানশিক্ষকৰ চহী থকা এখন প্ৰমান পত্ৰ প্ৰয়োজন হল ৷ তেওঁ চহীটো জালিয়তি কৰি মই প্ৰতিযোগীতাত অংশ গ্ৰহন কৰিলোঁ ৷ বহুত ভয় লাগি আছিল ৷ শেষট যেতিয়া দ্বিতীয় পুৰস্কাৰটো বিদ্যালয়লৈ পোষ্ট যোগে আহিল ৷ আৰু প্ৰধান শিক্ষকে মাতিলে তেতিয়া এনে লাগিছিল মই কৰা অপৰাধটো তেওঁ গম পালে ৷ আজি কি হব মোৰ সেই অপৰাধ শাস্তি ৷ ভয়ে ভয়ে প্ৰধান শিক্ষকৰ ৰূমত সোমালো যদিও সেইদিনা তেওঁ মূখত মিচিকীয়া হাঁহিটো দেখি বেচি ভয় লাগিছিল ৷ তেওঁ চকীদাৰ জনক মাতি যেতিয়া মোৰ পুৰস্কাৰটো অনা কথা কলে; মই চৌদিশে অন্ধকাৰ দেখা পালোঁ ৷ সহ শিক্ষক, চকীদাৰ জনে হাত এটি ডাকঘৰৰ টোপোলা লৈ মিচিকিয়া হাঁহি মাৰি মোৰ সুধিলে ""কেতিয়া পৰা গল্প লেখা আৰম্ভ কৰিলা ৷ আজিহে গম পায়ছোঁ যে আমাৰ বিদ্যালয়ত সাহিত্য চচ্চা কৰা লৰা এজন আছে ৷ তুমি তেজপুৰ সাহিত্য চৰা প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰিছা ৷ এইয়া লোৱা তোমাৰ পুৰস্কাৰ ৷ "" তেতিয়া মই উশাহ সলাব পৰা অবস্থালৈ ঘুৰি আহিলো ৷ সেইযে মোৰ প্ৰথম চুটি গল্প "" ৰমণী গাভৰু ডামিনি "" ৷ সেইদিনটোলৈ মনত পৰিলে আজিও অপৰাধী দৰে লাগে ৷ সেই লৰালি দুষ্ট কৰা লৰাটো আজিও যেন মহাদুষ্ট ৷
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment