Sunday, March 17, 2019
এখন শৰাই দিয়া এটা পৰম্পৰা বা ধৰ্মীয় নীতি। এনেদৰে আগবঢ়োৱা মাহ প্ৰসাদৰ শৰাইত আছে অসমীয়া জাতীয় জীৱনৰ সমাজ নীতি, কৃষিনীতি, নৈতিকতাৰ আদৰ্শ আৰু খাদ্য নীতিৰ এক সুন্দৰ বিজ্ঞানসন্মত সমাহাৰ। প্ৰসাদত থকা ঔষধি গুণবোৰ এনেধৰণৰ- #মগুমাহ মগুমাহ হৈছে পুষ্টিকাৰক, শক্তিবৰ্ধক। মগুমাহ খালে কফ-পিত্তনাশ হয়। চকুৰ দৃষ্টি শক্তি বাঢ়ে। #বুটমাহ বুটমাহ হৈছে শক্তি বৰ্দ্ধক। বুট আৰু মগুমাহত উচ্চ মত্ৰাত প্ৰোটিন থাকে। ইয়াৰ ঔষধি গুণ হৈছে-ই তেজ বৃদ্ধি কাৰক, বাত-বিষ নিবাৰক। বুটে ৰক্ত দোষ নাশ কৰে। ইয়াৰ উপৰি বুট মাহ খালে শৰীৰৰ শক্তি বাঢ়ে। বুট মাহত বিশেষকৈ ভিটামিন ‘এ’ আৰু ‘চি’ অধিক পৰিমাণে থাকে। সৰুতে আমাক আয়ে ৰাতি পাত্ৰত বুট তিয়াই তাৰ পানী ৰাতিপুৱা খাবলৈ দিছিল। ইয়াৰ কাৰণ আছিল বুট তিওৱা পানী খালে শক্তি বৃদ্ধি হয়, মুখৰ ৰ্ং উজ্জ্বল হয় আৰু ছালৰ সৌন্দৰ্য বাঢ়ে। #আৰৈ_চাউল ই হজম শক্তি বৃদ্ধি কৰে। অম্ল ৰোধকাৰী হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। আগতে মানুহে মাহ প্ৰসাদৰ উপৰি ৰাতিপুৱা আৰৈ চাউল আৰু দুবৰি বনৰ ৫ টা আগ চোবাই খাইছিল।। ইয়াৰ দ্বাৰা পিত্ত নাশ হয় বুলি কোৱা হৈছিল। আমাক সৰুতে গধুলি আৰৈ চাউল বা আহু চাউল তিয়াই থৈ শুকান নাৰিকল সৰু সৰুকৈ কাটি তাত অকণমান নিমখ দি খাবলৈ দিছিল। এনেদৰে চাউল নাৰিকল চোবাই খোৱাৰ ফলত দাঁতৰ গুৰি বহি যায়, দাঁত টান আৰু মজবুত হয় বুলি কোৱা হয়। ইয়াৰ উপৰি কেঁচা আৰৈ চাউলত ফ্লৰিণ কিছু পৰিমাণে থাকে। ই হাড়ৰ বেমাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে। #নাৰিকল মাহ প্ৰসাদত নাৰিকল নহ’লে নহয়। মাহ প্ৰসাদৰ লগত সৰু সৰুকৈ নাৰিকল কুটি দিয়া হয়। দীঘলকৈ কাটিও প্ৰসাদৰ শৰাইত উপকৰণ ৰুপে দিয়া হয়। পূজা পাৰ্বন আদিতো নাৰিকল অপৰিহাৰ্য। বৈষ্ণো মাতা মন্দিৰত আকৌ নাৰিকল প্ৰসাদ হিচপে আগ বঢ়োৱাৰ নিয়ম। নাৰিকল ভাৰতৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত অতি জনপ্ৰিয় ফল। নাৰিকল গুৰুপাকী, পুষ্টিকাৰক আৰু শীত বীৰ্জ গুণ সম্পন্ন। ই পিত্তজনিত ৰোগ নাশ কৰে। #কল কল খালে বল হয়। পকা কলত থাকে ক, খ, গ ভিটামিন আৰু ‘নিয়াচিন’ নামৰ এবিধ পদাৰ্থ। কলত থাকে কাৰ্বোহাইড্ৰেট আৰু কেলচিয়াম। কল হজমকাৰী, সুস্বাদু ফল। কল শুক্ৰবৰ্দ্ধক, বলকাৰক আৰু ই খোৱাৰ ৰুচি বৃদ্ধি কৰে। কলৰ বহুতো ঔষধি গুণ আছে। ই তৃঞ্চা নাশক, পিত্ত নাশ কাৰক আৰু শক্তি বৃদ্ধিকাৰক। চৰ্বি বৃদ্ধি কৰাত কল বিশেষ সহায়ক হয় বুলি কোৱা হৈছে। গতিকে মাহ প্ৰসাদৰ শৰাইখনত কল নহ’লে উপকৰণ সম্পূৰ্ণ নহয়। শৰাই এখনি আগবঢ়াবলৈ হ’লে কল অপৰিহাৰ্য। #আদা আদা হজম শক্তি বৃদ্ধি কাৰক গুণ সম্পন্ন। ই গুৰু, তীক্ষ্ণবীৰ্য, বাত, কফ, পিত্ত নাশকাৰক, উত্তম ঔষধি গুণ থকা মছলাজাতীয় দ্ৰব্য। আদাই হজম শক্তি বৃদ্ধি কৰে। সেয়েহে কেতিয়াবা পেটৰ অসুখ হ’লে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খাবলৈ দিয়া হয়। কুষ্ঠ, পাণ্ডু ৰোগ বাত বিষ, দাঁতৰ বিষ, দাঁত ফুলা আদি ৰোগৰ উত্তম ঔষধ। দাঁতৰ গুৰি উখহি উঠিলে তাত আদা বটি লগালে বিষ নাইকীয়া হয়। #নিমখ নিমখ এবিধ হজম শক্তি বঢ়োৱা লুণীয়া বস্তু। মাহ প্ৰসাদত এই নিমখ দিয়াটো অত্যন্ত জৰুৰী। নিমখ বা চেনি মিহলাই দিলে মাহ প্ৰসাদখিনি খাবলৈ সোৱাদ হয় আৰু আদা আৰু নিমখে ইয়াক হজম কৰাত বিশেষ সহায় কৰে। #তিয়ঁহ মাহ প্ৰসাদৰ শৰাইখনত তিয়ঁহৰ উপকৰণ দিয়াটোও এটা নিয়ম। এই তিয়ঁহত পটাচিয়াম যথেষ্ট থাকে। শৰীৰৰ বিষ, কোষ্ঠ্য কাঠিন্য আদি নাইকীয়া কৰে। চৰ্মৰোগ, স্নায়ু দুৰ্বলতা, পেট জ্বলা পোৰা কৰা আদি ৰোগ নিৰাময় কৰে। তিয়ঁহ বমি নাশক এবিধ উত্তম ঔষধি গুণ সম্পন্ন খাদ্য। সহজলভ্য তিয়ঁহ পাচলি ৰুপেও ব্যৱহাৰ কৰা হয়। তিয়ঁহত পানীৰ পৰিমাণ অধিক থাকে। #কুহিয়াৰ কুঁহিয়াৰ নৈবদ্যৰ এবিধ অতি লাগতিয়াল উপকৰণ। কুঁহিয়াৰ খালে দাঁতৰ শক্তি বাঢ়ে। শৰীৰ শীতল হয় আৰু পেচাব পৰিস্কাৰ হয়। ●মাহ-প্ৰসাদৰ শৰাইত দিয়া উপকৰণৰ কথাহে ইয়াত উল্লেখ কৰা হৈছে। বাকী দামী উপকৰণ, যিবোৰ সৰ্বসাধাৰণ ৰাইজে সহজতে যোগাৰ কৰিব নোৱাৰে সেইবোৰৰ কথা এৰা হৈছে। উৎস : ধনেশ্বৰ হুজুৰি, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন ●●●অনুগ্ৰহ কৰি পেজটো লাইক কৰিব ●●●
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment