Friday, March 1, 2019
*** বৰ্তমান সময় আৰু শিশু সকল *** ( মনৰ এক অনুভূতি) আজি একবিংশ শতিকা গৰকা শিশু সকলৰ আমি বোৰ অভিভাৱক ৷ আজি আমি শিশু সকলক কিছু কিছু ক্ষেত্ৰত মুক্ত মনে ডাঙৰ হোৱা বাধা দিয়া পৰিলক্ষিত হয় ৷ তেওঁলোকৰ ইচ্ছা, হেঁপাহ সমূহ আমি বুজি নলৈ আমাৰ ইচ্ছা, আশাবোৰ একো একোটা ডাঙৰ বেগত ভৰাই তেওঁলোকক লৈ ফুৰিব বাবে দ্বায়িত্ব ভাৰ অৰ্পন কৰি আমি অভিভাৱক সকলে গৌৰৱ বা আন আগত ফুটনি মৰাটোও আজি সমাজত পৰিলক্ষিত ৷ "" আমাৰ লৰাটোবে অমুকটো কৰিব জানে, অমুকটো বজাবলৈ জানে,অমুকটো বিষয়ত ভাল নম্বৰ পালে ইত্যাদি ইত্যাদি! """ বাকী অভিভাৱক সকলে যেতিয়া নিজৰ সন্তানে তেনে কৰিব নোৱাৰে তেতিয়া বলপূৰ্বক হেচাঁ প্ৰয়োগ কৰি সেইবোৰ আয়ত্ব কৰিব বাধ্য কৰাও বহু ক্ষেত্ৰত পৰিলক্ষিত হয় ৷ এতিয়া প্ৰশ্ন হয় তেনে বোৰ বোজা আমি শিশু সকলক দিয়া উচিত নে? দাসত্ব জীৱনৰ মাজত আবদ্ধ আমাৰ শিশু সকলে আজি আনন্দত সেই গীত সমূহ চিঞৰী নাগাই ৷ "" কি কথা? বেং কথা,কি বেং? পাত বেং? কি পাত? মৰাপাত, কি মৰা? দেওঁ মৰা, কি দেওঁ? শণি দেওঁ, কি শণি? কুকুৰা কণী!!! """ আজি শিশু সকলে খলিগুটি, ৰজা- ৰানী,কুকুৰা যুজঁ, কপটি বা হৈ গুদু ইত্যাদি ইত্যাদি খেলিব নাজানে আৰু ফুটকলি বা বাঁহৰ খজা বন্দুক হাতত লৈ খেল ধেমালি নকৰে ৷ তমোল গছ পাতেৰে গাড়ী বনাই চোতালত এজনে আনজনক বহিব দি জুচৰাই টনা টনি নকৰে ৷ কাৰণ আমি তেওঁলোকক সেই খেলবোৰৰ বিষয়ে শিকিব সুবিধা নিদি আমাৰ মতে বৰ্তমান সময়ৰ লগত মিলা খেল সমূহত আবদ্ধ কৰি ৰাখিছোঁ ৷ কাৰণ আমাৰ দৃষ্টিত সেইবোৰ আধুনিক সমাজৰ তালিকাত নাই ৷ কিন্তু আমি বিশ্লেষণ কৰি নাচাওঁ সেই খেল সমূহ মাজত কি তত্ব আছে বা কি গুণাগুন আছে ৷ সেই খেল সমূহ পৰা আমাৰ শিশুবে আয়ত্ব কৰিব পৰা বহু কথা আছে ৷ কিন্তু??? আজি অভিভাৱ সকলে মনত এবাৰ পেলাওঁক আমি শিশু অবস্থাত খেলা অঞ্চল অনুসৰি বিভিন্ন নাম থকা খেল সমুহৰ ভিতৰত "" কপটি বা হৈ গুদু "" খেলোটে একে উশাহে গোৱা গীতটো ------- "" মাগুৰ কি মাগুৰ জালি ঘোঁৰাৰ আগত দিলো পানী ঘোঁৰাই বোলে নাখাওঁ পানী ইৰিকতি, মিৰিকতি,বাঁহৰ শলা মোমায়েৰ আনিব তিনিটা ঘোঁৰা অ বান্দৰ পোৱালি কচকচী ছোৱালী ৰামে দিয়া শাৰীখন কত সেন্দুৰ লগালি ৷ ""
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment