Tuesday, February 19, 2019
*** অচিনাকি ব্যক্তিজনৰ ঠিকনা সন্ধানত -----***( মনৰ এক অনুভৱ) মানুহে সমাজ পাতি বসবাস কৰা দিনৰ পৰা এজনে আনজনক সহায়ৰ হাত আগবঢ়াটো মানৱ সমাজৰ এক পৰম্পৰাগত সংস্কৃতি বুলি কব পৰা যায় ৷ সেইয়া মানৱ সমাজৰ এক সুন্দৰ নিৰ্দশন ৷ এজন বৃদ্ধ ব্যক্তিয়ে যেতিয়া চাৰি আলিটো পাৰ হৱ নোৱাৰি অসফল মনে অপেক্ষা কৰি থকা কোনো ব্যক্তি এজন ব্যক্তি দৃষ্টিগোচৰ হল আৰু বৃদ্ধ জনক হাতত ধৰি চাৰি আলিটো পাৰ কৰি কিছু দূৰ আগবঢ়াই দি দুয়োবে পোৱা আনন্দ কথা ভাষাৰে বুজাব নোৱাৰি ৷ মোৰ জীৱনত এনে বহু অচিন ব্যক্তিক লগ পাইছোঁ আৰু তেওঁলোকক সহায় কৰি বহু আনন্দ লাভ কৰিছোঁ ৷ ঠিক সেইদৰে মোকও বহু কেইজন অচিন ব্যক্তিয়ে সহায় কৰিছে আৰু মই তেওঁলোকৰ ঋৃণ হয়টো জীৱন পৰিশোধ কৰিব নোৱাৰোঁ ৷ তেনে এক ঘটনা আজি মই উপস্থান কৰিব বিচাৰোঁ ৷ সেইসময়ত মই একাদশ শ্ৰেণী ছাত্ৰ ৷ গুৱাহাটীলৈ এক বিশেষ কামত অকলে গৈছিলোঁ ৷ সকলো কাম কৰি ঘৰলৈ উভতিব সময়ত চিটিবাছত কোনো দুষ্ট ব্যক্তিয়ে মোৰ পকেটত মাৰিলে ৷ যেতিয়া চিটি বাছত মোক ভাড়া বিচাৰিছিল তেতিয়া মই গম পাইছিলো মোৰ মানিবেগটো কোনোবাই নিলে ৷ কথাটো লাজ আৰু ভয়ে ভয়ে প্ৰকাশ কৰাত তেওঁ হাঁহি মাৰি সুধিলে "" আপুনী গুৱাহাটী প্ৰথম আহিছে নেকি? ঘৰ কত? কত যাৱ? ইত্যাদি!! তেওঁ সকলো কথা প্ৰকাশ কৰাত তেওঁ ভাড়া কথা পুণবাৰ নকৈ মোক এখন চুপাৰত নিজা পকেটৰ টকা খৰছ কৰি ঘৰলৈ অহা সুবিধাকণ কৰি দিলে ৷ মই তেওঁ ঠিকনাটো বিচাৰিছিলোঁ যাতে ঘৰ পোৱা পিছত তেওঁ ঠিকনাত টকা কেইটা পৰিশোধ কৰিব পাৰোঁ ৷ কিন্তু!! তেওঁ হাঁহি মাৰি কলে এই চিটি বাছবোৰে আমাৰ ঠিকনা আজি ইয়াত কাইলৈ তাত ৷ আৰু লাহে লাহে তেওঁ আতঁৰি গৈ চিঞৰিলে গনেশগুৰি, গনেশগুৰি!! ----- আৰু কিছু সময়ৰ পিছত তেওঁ সেইঠাই পৰা বহু দূৰলৈ আতঁৰি গল ৷ এতিয়াও গুৱাহাটি গলে সেই মানুহ জনক চকুৰে বিচাৰোঁ কৰোঁৱাত দেখা পাওঁ নেকি? কিন্তু??????
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment