Sunday, February 17, 2019

এ টি এম ( অনুগল্প) মনেশ্বৰ দাইটি বুলিলে সেই ৰসাল মৰমীয়াল, সৎ, সাহসী, ত্যাগী ধন সম্পত্তিৰে ভৰপূৰ খেতিয়ক জনৰ মূখ খন বৰকৈ মনত পৰে ৷ ভৱানীপূৰ নামৰ গাঁও খনৰ এজন আৰ্দশ সংগঠক ৷ যাৰ পৰশত ভৱানীপূৰত বিদ্যালয়, চিকিৎসালয়, মহাবিদ্যালয়, পুথিভৰাঁল, বৰনাম ঘৰটো আজিও জিলিকি আছে ৷ এই অনুষ্ঠান সমূহ গঢ় দিওঁতে তেওঁ নিজাগাঠি ধন ভঙা নহয়, মাটিও ৰাইজৰ নামত দান কৰিছিল ৷ যাৰ ফলত তেওঁ এখন আদৰ্শ গাওঁৰ সপোন মনতে পুহি ৰাখিছিল ৷ গাঁওবাসীয়ে তেওঁক নুসুধাকৈ বা পৰামৰ্শ গ্ৰহন নকৰাকৈ একো কাম কৰা নাছিল ৷ তেওঁ বিপৰিতে আছিল সমপয্যায় ধন সম্পত্তিৰে ভৰপূৰ অংকাৰী দন্ডদাইটি ৷ তেওঁ নিজা কথা বাদে সমাজৰ কোনো কথাত মত দিয়া নাছিল ৷ তেওঁ সপোন গাঁওবাসী তেওঁ তলত থাকক ৷ তেওঁক সকলোবে তোষামোদ কৰক ৷ সেইহে তেওঁ মনেশ্বৰ দাইটি প্ৰতিটো কামত বাধা দিয়া চেষ্টা কৰি আহিছিল ৷ তেওঁ কূ কৌশল প্ৰয়োগৰ ফল স্বৰূপে লাহে লাহে মনেশ্বৰ দাইটিক সকলোবে পাহৰি যোৱা দৰে হল ৷ এইবাৰ বিহুত গাওঁ ঘৰলৈ যাওঁতে মনেশ্বৰ দাইটিক মাত এষাৰ দিও বুলি তেওঁ ঘৰ পালোগৈ ৷ আগৰ সেই ৰসাল, মৰমীয়াল মানুহজন আজি পংগু হৈ যোৱা অনুভৱ হয় ৷ যি সকলো কামত আগভাগ লৈ সকলোবে বিপদৰ সময়ত থিয় হৈছিল এখন আদৰ্শ গাওঁ গঢা সপোন দেখিছিল ৷ সেই গাওঁত দুনীৰ্তি, কূ নীতি লগতে মদ ভাং আদি আড্ডা স্থলী হল ৷ তেওঁ দুখেৰে কৈছিল -- "" বুজিচ লক্ষেশ্ব, আজি মই এ টি এম মেচিন আৰু কাৰ্ড হৈ ৰলোঁ ৷ যেতিয়া গাওঁবাসীয়ে মোক প্ৰয়োজন বুলি ভাবে তেতিয়া দৌৰি আহি হাতে ভৰিৰে ধৰে ৷ প্ৰয়োজন শেষ হল মোৰ কাম নোহোৱা হয় ৷ গাওঁ খনৰ উন্নতি কথা উপস্থাপন কৰিলে সকলোবে উপলুঙা কৰে ৷ সেইহে এনেদৰে কোনো মতে জীয়াই আছোঁ ৷ "" চাহকাপ খাই মনেশ্বৰ দাইটি ঘৰৰ পৰা ঘৰলৈ বুলি অহা পথত মইও ভাবিব বাধ্য হলোঁ আজি আমি সেই মহান ব্যক্তি সকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক ইনচাল কৰি আহিছোঁ নেকি? যাৰ নীতি আদৰ্শ বাবে আমি আজি মানুহ হব পাৰিছোঁ, যাৰ ত্যাগ, ধৈৰ্য্য, প্ৰেৰণা আৰু সাহকৰ বাবে আজি নিজা পৰিচয় সমাজৰ আগত দিব পাৰিছোঁ ৷ সেই মহান ব্যক্তি সকল সচাঁকৈ এ টি এম হৈ গৈছে নেকি?

No comments:

Post a Comment