Friday, May 3, 2019

** সময়ে কথা কয :: শৈশব ,অতীত, বৰ্তমান আৰু ভৱিষ্যত ***( আত্ম বিশ্লেষণ ) "" বাৰীৰে বগৰী পকি সৰিব আমাৰে মইনা বুটলি খাব ------------------------------------"" আজি এই গীতটি শুনি শৈশৱলৈ মনত পৰি গল । আই কোলাত ওমলৈ ; ককা -আইতা , জেঠাই -পেহী, বৰদেউতা -খুড়া সকলোৱে মৰম ,আদৰৰ মাজত আনন্দ মনে আমি ডাঙৰ হৈছিলো । সন্মান, শ্ৰদ্ধা নৈতিকতাৰ আৰু সামাজিক, সংস্কৃতিৰ পৰম্পৰাগত ৰীতি নীতি ইত্যাদি আদি পাঠ যৌথভাৱে থকা পৰিয়ালৰ পৰাই শিকিব প্ৰযাস কৰিছো । তাৰ পৰিবৰ্তে আজি আমাৰ ব্যস্ততাৰ মাজত (আচলতে নিজা সুবিধা বাবে ) আমিবোৰে পৃথক হৈ যৌথ পৰিয়ালৰ পৰা নিজাকৈ একোটা পৰিয়াল লৈ নিজা পৰিকল্পনা অনুসৰি এটি পৃথক পৰিয়াল সৃষ্টি কৰি বসবাস কৰিবলৈ লোৱা আমাৰ শিশু সকলক যৌথ পৰিয়ালৰ সুবাদৰ পৰা বঞ্চিত কৰি আহিছো । আজি আমি পাশ্চাত্য সভ্যতাৰ সংস্কৃতি গ্ৰহণ কৰি আমাৰ সভ্যতাৰ সংস্কৃতি দলিয়াই আমাৰ শিশুক সেইবোৰ শিক্ষা লাভ কৰিব সুযোগ প্ৰদান কৰা পৰিলক্ষিত । যাৰ বাবে আজি অসমীয়া জাতিটোৰ পৰম্পৰাগত সম্পৰ্ক আৰু সমন্ধ সমুহ লুপ্ত হৈ পৰাও পৰিলক্ষিত । আমাৰ শিশু সকলে পাপা,মামী ,আঙ্কূল ইত্যাদি সমন্ধবোৰ গ্ৰহণ কৰা বাবে তেওঁলোকে আমি মৰমত মতা আই ,পিতা , বৌটি , ইত্যাদি শব্দ বোৰ শুনিলে হাঁহি মাৰি উৰুৱাই দিয়ে । শৈশৱৰ সেই দিনবোৰত আমাৰ চুবুৰীয়া সকলো জাতি ভাষা সমনীয়া সমূহৰ লগত হাঁহি ধেমালি কৰি ডাঙৰ হৈছিলো । সমনীয়া সকলৰ পৰম্পৰা সাহিত্য সংস্কৃতি, ৰীতি নীতি, ধৰ্মীয উৎসব আদিত অংশ গ্ৰহণ কৰি সেইবোৰ শিকিব চেষ্টা কৰি আহিছো । কিন্তু আজি আমাৰ শিশু সকলে সেইবোৰ পৰা আতঁৰি নিজা পৰম্পৰাগত সংস্কৃতিৰ আৰু ধৰ্মীয ৰীতি নীতিক প্ৰাধান্যতা দিযাটো এটি দিশত শুভলক্ষণ যদিও অন্য হাতে ই অশুভ । কাৰণ সকলো ভাষা , সাহিত্য, সংস্কৃতি ধৰ্ম ৰীতি নীতি জড়িয়তে আমি অসমীয়া । যদি আজি আমি সকলোৱে পৃথক পৃথক ভাবে নিজৰ ভাষা ,সাহিত্য সংস্কৃতি ধৰ্মক গুৰুত্ব দি পৃথক পৃথক ভাবে কথাবোৰ চিন্তা কৰো তেতিয়া হযটো এটা সময়ত আমি সকলোৱে নিজক অসমীয়া বুলি পৰিচয দিব নোবাৰিম । এই সকলোবোৰ দিশ বৰ্তমানৰ সময়ত বিশ্লেষণ কৰিবলৈ হল । যিদৰে আমি যৌথ পৰিয়াল আমাৰ সুবিধা বাবে লুপ্ত কৰিলো সেই দৰে আমি আমাৰ সুবিধা বাবে এদিন সকলোৱে আগত নিজক পৰিচয দিয়া অসমীয়া জাতিটো লুপ্ত কৰি স্বতন্ত্ৰ নতুন জাতি হিচাপে পৰিচয দিব লাগিব । আজি আমাৰ শিশু সকলে নিজা জাতি ,জনজাতিৰ আদি বোৰ দাবী কৰি একেলগে বসবাস কৰি অহা আমাৰ চুবুৰীয়া বিভিন্ন জাতি -জনজাতি লোক সকলৰ পৰা আতঁৰি পৃথক ভাবে ক্ষমতা লাভৰ লুভত যি বোকা চটিওৱাৰ ৰাজনৈতিক বাৰ্তাবৰণ প্ৰচাৰত উঠি পৰি লগা পৰিলক্ষিত হৈছে ইয়াৰ পৰা আমি অসমীয়া জাতিটোৰ ভবিষ্যত যে অন্ধকাৰ তাৰ ইংগিত অনুভব কৰিছো । বৰ্তমান সময়ত আমাৰ সমাজখনত আমাৰ শিশু সকলক অতীতৰ সেই পৰম্পৰা সাহিত্য সংস্কৃতি ধৰ্মীয় ৰীতি নীতি মাজত থাকি ডাঙৰ হৈ আমি লাভ কৰা সুবাদ বোৰ দিব প্ৰয়াস কৰিব লাগিব । আমাৰ মাজত পৰস্পৰ সমন্বয়ৰ জড়িত আমাৰ সম্পৰ্ক বোৰৰ মাজত লুকাই থকা অন্তৰ্হিত কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব । (আগলৈ )


No comments:

Post a Comment