Wednesday, March 27, 2019

*** মৰমৰ বহনালৈ বুলি মুকলি চিঠি ----------****** ""তাঁতৰ পাতত বহি ভৰি গৰকাতে তই চেনাই আহিবি এই বহাগতে ৷ """ মৰমৰ বহনা তাহানিতে আমাৰ গাওঁৰ হুচৰি দলটো তুমি গোবা গীতটিয়ে বৰকৈ আজি আমনি কৰে ৷ আজি অতীতৰ গাঁওখনলৈ বৰকৈ মনত পৰে ৷ একবিংশ শতিকা গৰকা নগৰাঞ্চলৰ সমাজ ব্যবস্থাৰ মাজত আবদ্ধ হৈ পৰি নিজা গাঁওখনৰ কথা পাৰহি যাওঁ কেতিয়াবা ৷ ফাগুনৰ পচোৱা বতাহজাকে উৰুৱা ফুৰা মনটোলৈ তাহানি বহু জল্পনা কল্পনাত হয়টো ব্যস্ত হৈ ৰং ধেমালি কৰি সময়বোৰ পাৰ কৰিছিলোঁ ৷ গাঁওৰ প্ৰতিঘৰৰ চোতালত থকা তাঁতশাল খনে এটা সময়ত গাঁওৰ বোৱাৰী - জীয়াই সকলোকে ব্যস্ত কৰি আনন্দ দিছিল কিজানি!!! আজি সেই আনন্দবোৰ নোহোৱা যেন পৰিলক্ষিত হয় ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰৰ দেবৰ মহান সৃষ্টিৰাজি ""বৃন্দাবন বস্ত্ৰ "" খনে অসমীয়া শিপিনি তাঁতশালৰ আৰম্ভনি বুলি অনুমান কৰিব পৰা যায় ৷ তাঁত শালৰ চাৰিটা খুটা, গাৰি,মুঠি,মকৰা,চেৰী,ফুলচেৰী,মহুৰা,যতঁৰ,গৰকাবাৰী,চেৰেকী,বলন দিয়া, ববিন,সৰুকাঠি ইত্যাদি অসমীয়া শিপিনি চিৰ পৰিচিতত ৷ তাঁতশালত সৃষ্টি গামোচাখন অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক ৷ বহনা আমাৰ অসমৰ নামনি ফালে গামোচাখনক গাম্চা,মক্চা,বা দুহেইটা আদি নামেৰে পৰিচিতত ৷ এই গামোচাখন ব্যবহাৰৰ ওপৰত নিৰ্ভৰ কৰি পানী গামোচা, তামোল গামোচা, বিহুবান আদি নামেৰে নামাকৰণ কৰা হয় ৷ আমাৰ নামনিত আকৌ বিয়া আদি কাৰ্য্য বাবে আনাকাটা গামোচা ব্যবহাৰ কৰা হয় ৷ বহনা তাহানিতে বিহুগীত জুৰিছিলা ------- "" ৰাতি দুপৰলৈ কাটি সূতালাহী ধনলৈ বিহুবান বলো ৰঙাকৈ আঁচুৰে বাছি পানে কটা টিপতে লুকুবাই থলোঁ ৷ """ বহনা জাপি অসমৰ অন্যতম লোককলা ৷ আমাৰ গাঁও অঞ্চলত ব্যবহাৰ অনুযায়ী জাপি তিনি প্ৰকাৰৰ ৷ সেইবোৰ হল --- উকা জাপি, বৰ জাপি আৰু ফুলাম জাপি ৷ উকা জাপি ছাতি সলনি, বৰ জাপি ডা- ডাঙৰীয়া অথবা সম্ভান্ত লোকৰ সন্মানাৰ্থে, ফুলাম জাপি অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপে ব্যবহাৰ কৰা হয় ৷ সেইহে গোবা হয় ---- "" সৰুদৈয়া জাপি দুহাতে ঘুৰাই ঘুৰাই, নাচিলি নচুবালি মোক ------ "" আজি অতীতৰ বিহু হুচৰি দলটোলৈ বৰকৈ মনত পৰে অ বহনা ৷ গতিকে শেষত বিহুগীত ফাকিৰে আজিলৈ সামৰনি মাৰিছোঁ --------------- "" বৰ নৈ শুকালে মাছৰে বেজাৰত ৰঙা নৈ শুকালে কিয় মই চেনাই খীনাইছো তোমাৰে বেজাৰত তুমি খীমাইছা কিয় """

No comments:

Post a Comment