Sunday, April 14, 2019
** গৰু বিহু ** "" দীঘলতিৰ দীঘল পাত,গৰু কোবাও জাত জাত মাখিয়তীৰ মাখি পাত,মাখি মাৰো জাত জাত ।"" চতৰ সংক্ৰান্তি দিনা দীঘলতি, মাখিয়তীৰ, যাগ বা থুপা( নামনি অসমত ) গৰুক নোবাই ধোবাই গৰুকেইটা মংগল ৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায । জনবিশ্বাস অনুসৰি যাগ বা থুপা ধোবাই মহ-ডাহ ,কীট-পতংগ,বেমাৰ বীজাণু ৰোধ কৰিব পৰা ক্ষমতা থকা বুলি ধাৰণা কৰা হয । চতৰ সংক্ৰান্তি দিনা হঠাত গৰু বিহুৰ দিনা গৃহস্থী ঘৰত এক উখলমাখল পৰিবেশ সৃষ্টি হয । মাহ হালধি পিচা, ছাট প্ৰস্তুত কৰা আদি । মাহ হালধি যে গৰুক নোবাই ধোবাই ছাটৰ গৰু গালৈ মাৰি আনন্দ আৰু হাঁহি ধেমালিৰে গোৱা হয "" লাওখা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু ।"" এই সকলোবোৰ পৰ্ব সমাপ্ত কৰি গৃহস্থই গৰু গাধোৱা থাকি যোৱা মাহ হালধিৰে নিজে স্নান কৰে । জনপ্ৰবাদ অনুসৰি সেইবোৰে স্নান কৰিলে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি । সন্ধিয়া পৰত পথাৰৰ পৰা গৰু ঘৰলৈ ঘুৰি অহা পাছত যাগ বা থুপা দি বিচনীৰে বিচি দিয়া পিছৰ পৰা সকলোৱে বিচনি ব্যৱহাৰ কৰে । জনবিশ্বাস অনুসৰি সন্ধিয়া পৰত গৰু খুডাত কোনো ধৰনৰ বেমাৰ নহবলৈ মাছৰ পানীৰে গৰু ভৰি ধোওবা হয । সেইদিনা নাহৰ পাতত লেখা হয । "" দেব দেব মহাদেব নীলগ্ৰীব জটাধাৰ বাত বৃষ্টি হৰং দেব মহাদেব নমস্তে ।""
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment