Thursday, May 9, 2019

** নেপথ্যত :: "" মই ভোলা নাথে এ কৈছো -----"" এটা গল্পৰ কাহিনী সন্ধানত যেতিয়া গল্পকাৰে কল্পনা সাগৰত মগ্ন আছিল ; ঠিক সেই সময়তে তেওঁৰ ঘৰত স্বয়ং ভোলা নাথ উপস্থিত হৈছিল কিবা এটা কামৰ সমাধান বিচাৰি । সেইসময়ত গল্পকাৰে নিজা ঘৰৰ চোতালত বহি আছিল । গল্পকাৰ দেখা লগে লগে মিচিকিয়াই হাঁহিটোৱে ভোলানাথ এ সুধিলে, "" হেৰা ডম্বৰু তোমাৰ গাটো ভাল নহয় নেকি? তোমাৰ মনটো ৰঙালী নহয যে ?"" গল্পকাৰ এ হাঁহি মাৰি কলে ,"" গাটো ভালেই । কিন্তু এটা গল্প কাহিনী সন্ধানত আছো । পিছে তুমি এই পুৱাতে যে ।"" গল্প কাহিনী বাবে চিন্তা প্ৰয়োজন নাই । তুমি দেখোন মোৰ বিষয়ে গল্প বিষয বস্তু লৈ লিখিব পৰা । ""---ভোলানাথ এ কলে । গল্পকাৰে মই খুলি হাঁহি মাৰি কলে, "" হয়তো তোমাৰ জীৱনত ঘটি যোৱা ঘটনাবোৰ ও এটা কাহিনী হব পাৰে । তোমাক কি বুলি ধন্যবাদ জনাম ভাষা বিচাৰি পোৱা নাই । ""ইটো সিটো কথা পাতি ভোলানাথক গল্পকাৰে বিদায় দি নিজৰ ৰূমৰ টেবুলৰ কাষ পালেগৈ । ওচৰতে থকা চকী খন টানি বহিলৈ টেবুলত থকা বহী আৰু কলমটো হাতত তুলি ললে । বহু সময় চিন্তা কৰি কলমটোবে লিখিব আৰম্ভ কৰিলে "" মই ভোলানাথ এ কৈছো ---" । নগাঁও জিলাৰ গুৰিমাৰি অঞ্চলৰ নন্দৰাম নাথে শংকৰীযা কলা কৃষ্টি, একশৰণ ধৰ্ম প্ৰতি আকৰ্ষিত হৈ মাজুলী দক্ষিণ পাত সত্ৰলৈ ঘৰবাৰী ত্যাগ কৰি গোপনে আহি সত্ৰৰ সত্ৰাধিকাৰ শৰনাগত হৈ কেবলীযা ভকত হিচাপে সত্ৰতে থাকিব ললে । সেইসময়ত সত্ৰাধিকাৰ মহাপ্ৰভুবে বিভিন্ন স্থানত থকা ভকত সকলক সুবিধাৰ্থে বিভিন্ন স্থানত অস্থায়ী শিবিৰ পাতি সত্ৰ আদৰ্শ প্ৰচাৰ কৰা লগতে ভকত সকলক শৰন ভোজন দিব বাবে ঘুৰি ফুৰোতে নন্দৰামক লগত লৈ গৈছিল । প্ৰভু বিশ্বাসী নন্দৰাম এও প্ৰভু আদেশ শিৰোধাৰ্য্য কৰি সিঠাই ইঠাই প্ৰভু লগত ঘুৰি ফুৰোতে এবাৰ গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰ লৈ অহা পথত দেৰগাঁৱৰ গেলাবিল নদী দাঁতিকাষৰীয়া অঞ্চল ফুলগুৰি চাপৰিত অস্থায়ী ভাবে পতা শিবিৰত বহু কেইমাহ জিৰণি লৈ ভক্ত সকলক শৰন ভোজন দিয়া দিহা কৰিলে । নন্দৰামেও সেই কেইমাহমান প্ৰভু সকলো কামত সহযোগীতা কৰা লগতে প্ৰভু আগমনৰ কথা প্ৰচাৰৰ বাবে দাঁতিকাষৰীয়া অঞ্চল ৰ বৈষ্ণৱক দেখা সাক্ষাত কৰা সময়ত এগৰাকী ৰূপে গুণে গুণৱতী যুবতী আইদেউ প্ৰেমত পৰিল আইদেউ আৰু নন্দৰাম প্ৰেমৰ কাহিনী গম্ভীৰ হোবাত ইকান সিকান কৰি প্ৰভু ইশ্বৰেও অবশেষত গম পালে । এদিন ফুলগুৰি পুখুৰী পৰা পানী তুলি নন্দৰামে অস্থায়ী ভাবে প্ৰতিষ্ঠা কৰা সত্ৰ নামঘৰটো পৰিস্কাৰ কৰা সময়ত প্ৰভু ইশ্বৰে নন্দৰাম চলন-ফুৰন জিৰণি চৰাত বহি লক্ষ্য কৰি আছিল আৰু কিছু সময়ৰ পিছত নন্দৰামক তেওঁৰ কাষলৈ মাতি পঠিয়ালে । নন্দৰামেও খৰধৰকৈ গাটো তিয়াই উঠি জিৰণি চৰাত বহি থকা প্ৰভু ওচৰত আঠু লৈ সেবা ললে । প্ৰভু ইশ্বৰেও আৰ্শীবাদ দি বহু সময় নন্দৰাম লৈ চাই হাঁহি মাৰি কলে, """ আপুনি যদি সংসাৰ কৰিব ইচ্ছা প্ৰকাশ কৰিছে তেন্তে আপুনি সংসাৰ নিশ্চিত মনে কৰিব পাৰে । আৰু এটা দিন পিছত মই মাজুলী লৈ যাত্ৰা কৰিম । গতিকে সকলো সিদ্ধান্ত আপোনাৰ ওপৰত । লাজ বা ভয নকৰিব । যদি আপোনাৰ সিদ্ধান্ত ইতিবাচক হয তেন্তে বৈষ্ণৱী গৰাকী লগতে পৰিয়ালৰ সদস্য সকলক মই মাতিছো বুলি কব । তেওঁলোক কিছু দিহা দি স -সন্মানেৰে আপোনাক মই বিদায দিব বিচাৰো ।"" কথাষাৰ কৈ প্ৰভু ইশ্বৰে সত্ৰ নামঘৰত প্ৰবেশ কৰিলে গৈ । গল্পকাৰে লিখি থাকোঁতে তেওঁলোকৰ পদূলিৰে আযতি সককে বিয়া নাম গাই পানী তুলিব যোবা দৃশ্যটো ৰূমৰ খিৰিকীৰ খনে জুমি চালে । "" হেৰি শুনিছেনে আজি গধূলিকৈ কতো ওলাই নাযাবা । দৰা কন্যা আৰ্শীবাদ এটা দিব বাবে বিয়া ঘৰলৈ যাব লাগিব ।"" --ভিতৰৰপৰা শ্ৰীমতীয়ে মাত লগালে ।( পৰবৰ্তী লেখাত ।)


No comments:

Post a Comment