Thursday, February 21, 2019

*** মোৰ দৃষ্টিত সুখ- দুখৰ সংজ্ঞা ৰ এক অনুভূতি আলোকপাত *** সৰুতে বিদ্যালয়ত পঢ়িছিলোঁ "" সুখ নাই সুখ নাই ক' ত ধাৰোৱা ---- "" ৷ সুখ সংজ্ঞা বিচাৰি আমি আজি হাবাতুখাই ফুৰি প্ৰতিক্ষণত দুখৰ সন্মুখিন হওঁ কিয়? মৰু মাজৰ মৰীচিকা দৰে আমাৰ চৌদিশে সুখবোৰ ঘুৰি ফুৰে কিন্তু ধৰিব নোৱাৰোঁ কিয়? বহু সম্পতি, বহু শিক্ষা দীক্ষা, পৰিকল্পনা অনুসৰি জীৱনৰ কাৰ্য্যক্ৰমনিকা হাতত লৈ আগুবাই গলেও আমি সুখ নেপাওঁ ৷ মানৱ জীৱনৰ মুল ভেটি হল:: মানৱ চৰিত্ৰ ৷ যিদৰে এটি ঘৰৰ ভেটিটো সবল নহল এদিন নহয় এদিন ভাগি পৰে ঠিক সেইদৰে মানৱৰ চৰিত্ৰ ভেটিটো সবল নহলে এদিন নহয় এদিন সুখৰ পৰা বঞ্চিতত হব লগা হয় ৷ মই ভাবোঁ মানৱৰ জীৱনটো ই' গ হঠাৎ আবেগ, অনুভূতি আদিবোৰৰ লগত জড়িতত ৷ আবেগক প্ৰধান্য দি আমি প্ৰতি খোজত আগুৱাই যাওঁ বাবে আমাৰ প্ৰতিক্ষণত দুখে পিছ নেৰে ৷ আমাৰ জীৱনৰ প্ৰবল ইচ্ছা শক্তিক বাধা প্ৰদান কৰাত আমি সুখী হব নোৱাৰোঁ ৷ আমাৰ ইচ্ছা শক্তিক সবল কৰিব হলে আমি কেতিয়াবা আবেগ - অনুভুতি ত্যাগ কৰি আগুৱাই যাব লাগিব ৷ আমাৰ পৰিকল্পনা,আমাৰ লক্ষ্য- উদ্দেশ্য সমুহ কঠিন হব লাগিব তেতিয়া হয়টো সুখৰ সংজ্ঞা পাম ৷ হঠাৎ প্ৰবল ইচ্ছা শক্তি থাকিলেহে আমি সুখী হব পাৰিম ৷ উদাহৰণ হিচাপে আমি সকলোবে জানো "" মানুহ মৰণশীল ৷ জন্ম হলে এদিন মৃত্যু হব ৷ "" তথাপিও আমি আমাৰ আত্মীয় বিয়োগত ভাগি পৰো কিয়? কাৰণ আমাৰ সকলোবে আবেগ- অনুভূতি আছে; আবেগ- অনুভূতিক আমি আশ্ৰয় দি নিজে দুখৰ সমভাগী হওঁ ৷ ঠিক সেইদৰে আমি জানো যে জীৱনত প্ৰতিটো ক্ষণত সফলতা - বিফলতা, জয়- পৰাজয় আদি থাকিবই ৷ যেতিয়া আমি কোনো এটা কাম কৰি বিফল হওঁ বা পৰাজয় স্বৃীকাৰ কৰোঁ তেতিয়া আমি দুখ অনুভৱ কৰোঁ ৷ কিন্তু আমি কেতিয়াও বিশ্লেষণ কৰি নাচাওঁ কি কাৰণত আমি বিফল বা পৰাজয় হলোঁ ৷ ইয়াৰ মূলত্ব আমাৰ চৰিত্ৰ ভেটি লগতে ইচ্ছা শক্তি কোনোবা এটি ক্ষণত দুৰ্বল ৷ দুৰ্বল ইচ্ছা শক্তি আৰু চৰিত্ৰ ভেটি বাবে জীৱনত সুখৰ সংজ্ঞা বিচাৰিলেওঁ দুখহে পাওঁ ৷ গতিকে সুখী হবলৈ আমাক প্ৰবল ইচ্ছাশক্তি আৰু সবল চৰিত্ৰ ভেটি প্ৰয়োজন ৷

No comments:

Post a Comment