Tuesday, May 7, 2019

@@একাপ চাহৰ অনুভৱ@@@ আগচোতালৰ বাৰান্ডা খনত আৰামি চকী খনত আউজি বাতৰি কাকত খন হাতত লৈ চকু ফুৰাবলৈ চেষ্টা কৰা মহেন্দ্ৰ বৰুৱাই বৰ ভাগৰুৱা অনুভৱ কৰাই নহয় আজি কালি অকলশৰীয়াও অনুভৱ কৰে ৷ তেতিয়া মহেন্দ্ৰ বৰুৱা চকু কেইটা জপাই অনুৱভ কৰা লগতে অতীতৰ হেৰাৱ খোজা স্মৃতিবোৰ মনত পেলাৱলৈ চেষ্টা কৰে ৷ বয়স হৈ অহা কাৰণে চকু দুটাইও ভালকৈ নেদেখে, লাখুটি ডাল নহলেও ইফাল সিফাল কৰিব নোৱাৰে ৷ বৰ্তমান তেওঁ সাৰথি একমাত্ৰ ঘৰুৱা কাম কৰা বিধৱা মহিলা মালতী ৷বৰুৱা পত্নী বিয়োগ হোৱা পিছৰে পৰা স্বাস্থ্য, খোৱা, বোৱা আদি সকলো দিশতে মালতিয়ে তদাৰক নকৰিলে পৰিয়াল আন সকলৰ খৱৰ নাই ৷ শিক্ষকতা নিচিনা কামত জীৱনটো উৎসৰ্গা কৰি বহু ছাত্ৰ ছাত্ৰীক মানুহ হিচাপে গঢ়ি তুলিব সক্ষম হল যদিও নিজা লৰা ছোৱালী কেইটাক মানুহও মানুহ কৰিলে যদিও তেওঁ জীৱন অন্তিম সময়কণত লৰা ছোৱালী কেইটা পৰা যি আশা কৰিছিল সেই আশাবোৰ পূৰণ নোহোৱা বাবে তেওঁ অকলশৰীয়া অনুভৱ কৰে ৷ পুৱা পৰা ৰাতি শোৱাপাটিলৈ নোযোৱালৈকে হামিয়া হিকতিয়া সময়বোৰ প্ৰায় পাৰ কৰে ৷ মাজে সময়ে চুবুৰিটো ই ঘৰ সি ঘৰলৈ গৈ কিছু সুখ দূখ কথা পতা লগতে চুবুৰিটো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বোৰত অংশ গ্ৰহণ নকৰা কৰি আনন্দ পালেও ঘৰখনত যেন সেই আনন্দ বোলা বস্তুটো অভাৱ হৈছে তেওঁ বৰকৈ আজি কালি অনুভৱ কৰে ৷ তেওঁ ছোৱালী মীনাক্ষিক বিয়া দিয়া পিছত একমাত্ৰ পুত্ৰ সৌৰভৰ সংসাৰ খন পাতি দিছিল ঘৰ খন ধৰি ৰাখিব বাবে কিন্তু তেওঁ ভৱাদৰে সেইটো নহল গৈ ৷ চৰকাৰী চাকৰি সূত্ৰে পূত্ৰ ই ঠাই পৰা সি ঠাই বদলি হৈ ঘূৰি ফুৰা ৰাজহ চক্ৰ বিষয়া সৌৰভ ৰ লগে লগে সৌৰভৰ পত্নী পুত্ৰও ঘুৰি ফুৰে ৷ মহেন্দ্ৰ বৰুৱা একমাত্ৰ নাতি বিপ্লব হঠাৎ সৌৰভৰ পুত্ৰ পুৱা গধুলী ফোনৰ জড়িয়তে তেওঁ খবৰ লয় ৷ জী জোৱাই চাকৰি সূত্ৰে অসমৰ বাহিয়ত থাকে ৷ গতিকে কেতিয়াৱা কেতিয়াৱা মনত পৰিলে ফোনৰ জড়িয়তে কথা বতৰা হয় ৷ পত্নী দেৱলতা বিয়োগ হোৱা পিছত বৃহৎ ঘৰটো শূন্য হৈ পৰাত চুবুৰী মালতীক তেওঁ বাৰি ঢাপতে সৰুকৈ জুপুৰি এটা সাজি লৰা ছোৱালী কেইটা সৈতে ৰাখি নিজা ঘৰ খনৰ চোৱা চিতা দ্বায়িত্ব দিয়ে ৷ সৌৰভে ফোন জড়িয়তে ঘৰটো ভাড়া দি তেওঁলোকৰ লগত থাকিব বাবে মহেন্দ্ৰ বৰুৱাক কয় যদিও তেওঁ ইচ্ছা প্ৰকাশ নকৰে ৷ আজি তেওঁ বৰ ভাগৰুৱা অনুভৱ কৰিছে শিক্ষকতা চাকৰি কালৰ পৰা সঘনাই চাহ আৰু তামোলখন খোৱা অভ্যাসটো গঢ লৈ উঠা বাবে এতিয়া তেওঁ হুমুনি থাকিব লগা হয় ৷ দেৱলতাই তেওঁ সেই অনুভৱ কণ বুজি পাইছিল কাৰণে সময়ে সময়ে সেই খাদ্য দুবিধ যোগান ধৰিছিল ৷ আজি পত্নী নোহোৱা দহটা বছৰ অতিক্ৰম কৰিলে ৷ তেওঁ পত্নী পিছতে এতিয়া সেইবোৰ সাধ্য অনুসৰি কামৰ ব্যস্তা মাজত মালতীয়ে যোগান ধৰে ৷ যোৱা কালি পৰা মালতী গাটো বৰ ভাল নহয় বুলি তেওঁ গম পাই সেইহে তেওঁ একাপ চাহৰ অনুভৱ ৰ ইচ্ছা চকুদুটা জপাই দমন কৰিব চেষ্টা কৰিছে ৷


No comments:

Post a Comment