Friday, May 10, 2019
*** পাপ,পূণ্য মাজতে মানব জীৱন টো *** পৃথিৱীত বসবাস কৰা জীব সমূহৰ ভিতৰত মানব জীব শ্ৰেষ্ঠ বুলি বিবেচিত কৰা হয । কাৰণ মানব বা মানুহৰ আবেগ, অনুভূতি, দয়া আৰু বিবেক ইত্যাদি আছে । নিজা বিবেকৰ জড়িয়তে মানুহে শুদ্ধ -অশুদ্ধ, ভাল-বেযা ইত্যাদি বিবেচনা কৰিব পাৰে । গতিকে প্ৰতিজন মানুহে পাপ পুণ্য বিশ্লেষণ কৰি পৰা ক্ষমতা আছে । আনৰ আগত ইশ্বৰ বা পাপ ,পূণ্য বিশ্বাস নকৰো বুলি যুক্তি আগবঢ়োৱা জনেও জীৱনৰ কোনো এক ক্ষণত ইশ্বৰ বা পাপ-পূণ্য ইত্যাদি গোপনে বিশ্বাস কৰা লগতে অনুসূচনা কৰিব বাধ্য হয । পুবা শুই উঠা পৰা বিচনালৈ যোৱা সময়ৰ লৈকে প্ৰতি জন ব্যক্তিয়ে জ্ঞাত বা অজ্ঞাত ভাবে এনে কিছুমান কাম কৰিবলৈ বাধ্য হয যিবোৰ কামৰ ক্ষেত্ৰত সমালোচক সকলে তেওঁক লৈ সমালোচনা কৰা সময়ত পাপ-পূণ্য কথা পৰিলক্ষিত হয । পৃথিৱীত বসবাস কৰা প্ৰতিজন মানুহে যিহেতু ইশ্বৰ নামৰ এক অদৃশ্য শক্তি বিশ্বাস কৰে । গতিকে এই সূত্ৰ অনুসৰি সকলোৱে পাপ-পূণ্য বিশ্বাস কৰে । এতিয়া মূল কথা হল মানব জাতি কল্যান আৰু উন্নয়ন হকে কৰা কাৰ্য্য সমৃহ হল পূণ্য আৰু বাকী সমূহ পাপ । ইয়াৰ উপৰিও মানুহ চৰিত্ৰ দোষ সমূহ সংশোধন কৰা ক্ষেত্ৰত সমাজ ব্যৱস্থাত পাপ-পূণ্য দিশটো উপস্থাপন কৰি সমালোচনা কৰা হয । ইয়াৰ মূল লক্ষ্য হল যাতে শৃংখলা বদ্ধ ভাবে পৰিচালিত হৈ সুখ,শান্তি, সমৃদ্ধি আৰু ঐক্য এনাজৰী মাজত মানব জাতি জয গান গাব পৰা যায । সেইবাবে পৃথিৱীৰ সকলো ধৰ্মৰ গ্ৰন্থ সমূহত পাপ-পূণ্য কথা পৰিলক্ষিত । আমাৰ বিবেক থাকিও কোনো কোনো ক্ষেত্ৰত আমি বিবেকহীন কাম কৰি যোৱা হাজাৰ হাজাৰ উদাহৰণ পৰিলক্ষিত । আজি সমাজৰ এক শ্ৰেণী লোকে নিজৰ স্বাৰ্থৰ হকে নিজৰ সম্পৰ্ক লোকৰ ক্ষেত্ৰত ও বিবেকহীন কাৰ্য্য সম্পাদন কৰা হাজাৰ হাজাৰ উদাহৰণ পোবা যায । উদাহৰণ স্বৰূপে বৃদ্ধাশ্ৰম আজি সমাজৰ এক নতুনত্বৰ চিন্তা বা মানসিকতা । পিতৃ -মাতৃ বৃদ্ধ হলে লালন পালন কৰাতকৈ বৃদ্ধাশ্ৰমত ৰাখিব লাগে । শিশুটোৱে নিজে খোজ কাঢ়ি অকণমান জনা হলে আবাসী বিদ্যালয়ত নামভৰ্তি কৰি নিজকে মুক্ত কৰিব বিচৰা এক নতুন মানসিকতা পৰিলক্ষিত । আৰু সেই সকলোকে এসময়ত অনুসূচনা কৰে জীবনত কি পাপ কৰিলো? এখন সুস্থ সবল চিন্তা ধাৰা সমাজ প্ৰতিষ্ঠা কৰা ক্ষেত্ৰত এসময়ত পাপ-পূণ্য বিষযটোবে গুৰুত্বপূৰ্ণ লাভ কৰিছিল যদিও ধৰ্মৰ কিছু গোড়ামিৰ বাবে সেইবোৰ গুৰুত্ব কমি নতুন মানসিক চিন্তা প্ৰচলন হোবা উদাহৰণ ওপৰত উল্লেখ কৰা হৈছে । যেতিয়া লৈকে প্ৰতি জন ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি সমাজৰ বিভিন্ন স্তৰত কাম কৰি যাব তেতিয়া লৈকে পৃথিৱীৰ সকলো স্তৰত পাপে স্থান লাভ কৰি এটা সময়ত সকলোৱে ক্ষতি কৰিব । গতিকে প্ৰথম নিজা পৰিয়ালটোৰ সকলোকে গুৰুত্ব দি উন্নতি সাধন কৰিব পৰা কাম জড়িয়তে সমাজৰ সকলো স্তৰৰ লোকক একেডাল এনাজৰী ডোলেৰে বান্ধি সকলো উন্নয়ন কথা চিন্তা কৰিব পাৰিলে হে পূণ্য ই সমাজত স্থান পাব । যিহেতু পাপ-পূণ্য মাজত হে মানব জীৱন ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment