Thursday, March 28, 2019

** নাথ বা যোগী সম্প্ৰদায় চমু আভাষ (2) ** ( যোৱা সংখ্যা পিছত) নাথ সকল ত্ৰয়োদশ বা পঞ্চদশ শতিকাৰ আগভাগৰ পৰাই অসমত বসবাস কৰি ( ইতিহাসে বঙ্গ দেশৰপৰা অহাটো ডাঙি ধৰে) জীবিকা নিবাহৰ বাবে পাট পলু পুহি আথিৰ্ক দিশটো ভাৰসাম্য ৰক্ষা কৰিছিল ৷ আগৰ সংখ্যা উল্লেখ কৰিছিলোঁ যদিও পুণ বল্লালসেনৰ ৰাজত্ব কালৰ ( 1158AD - 1169 AD) বণৰ্না দিয়া ""বল্লাল চৰিত্ৰ ""ত উল্লেখ ৰ মতে ব্ৰাক্ষণ সকল ব্ৰক্ষাৰ মূখৰ পৰা, ক্ষত্ৰিয় স্কন্ধৰ পৰা,বৈশ্য উৰুৰ পৰা,শূদ্ৰ ভৰিৰ পৰা, পুলস্ত্য সোঁ কাণৰ পৰা,পুলহ বাওঁ কাণৰ পৰা, অত্ৰি সোঁ চকুৰ পৰা,ক্ৰত বাওঁ চকুৰ পৰা আৰু একাদশ ৰূদ্ৰ ( নাথ বা যোগী) ব্ৰক্ষাৰ কপালৰ পৰা জন্ম বুলিও উল্লেখিত ৷ আগাম সংহিতাৰ মতে--- ""নামযোগী পঞ্চবিপ্ৰা যোগ যোগী সহস্ত্ৰশঃ বিন্দু নাথ মমকায়ঃ তস্মাৎ যোগী নিৰঞ্জণ ঃ ৷ অনাদি গোত্ৰ যোগী চ উৎপত্তি ৰুদ্ৰ কুলকে ত ত্ৰৈব শিৱ গোত্ৰস্য কাশ্যপ গোত্ৰে বিবাহিতং ৷ **************************************** যোগীদেহং ভস্মং কৃত্বা স যোগী নৰকং ব্ৰজেৎ ৷৷ "" অন্যহাতে প্ৰাচীন ভাৰতত একমাত্ৰ ব্ৰাক্ষণেই সাধনা বা তপস্যা কৰিব পাৰিছিল ৷ অন্য সকলৰ বাবে নিষেধ আছিল ৷ যিহেতু সন্যাসী নাথযোগী ( নাদজ) আৰু গৃহস্থী নাথযোগী ( বিন্দুজ) সকলে সাধনা কৰি ব্ৰক্ষজ্ঞান লাভ কৰে ৷ সেইবাবে তেওঁলোক শ্ৰেষ্ঠ ব্ৰাক্ষণ ৷ নাথ বা যোগী সকলক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি (1) সাধাৰণ যোগী (2) জাতত যোগী ( 3) সন্যাসী যোগী ৷ শাপ আৰু সাপ, যুগী আৰু যোগী শব্দৰ বৰ্ণবিন্যাস আৰু অৰ্থ নজনা বাবে বহুলোকে নাথ বা যোগী সম্প্ৰদায় লোক সকলক সাপ খোৱা যোগী বুলি মৌখিক প্ৰতিফলন ঘটা দেখা যায় ৷ আচলতে ইয়াৰ এক কাহিনী আছে বশিষ্টৰ শাপত শাপ ভ্ৰষ্ট হৈছিল যোগী বা নাথ সম্প্ৰদায় ৷ শ্ৰীমন্ত শংকৰ দেব আৰু শ্ৰীশ্ৰী মাধৱ দেবে পঞ্চদশ শতিকাত নববৈষ্ণৱ ধৰ্ম প্ৰচাৰত ব্ৰাক্ষণ্য ধৰ্মৰ দ্বাৰা বহু বাধাৰ সন্মুখীন হব লগাত পৰিছিল ৷ বহুলাংশে নাথ ধৰ্মও অৱলুপ্তিৰ পথত অগ্ৰসৰ হৈছিল ৷ আৰ, চি,মজুমদাৰ ৰ মতে ""নাথ সকল ক্ৰমে লাহে লাহে তেওঁলোকৰ চৰিত্ৰৰে উন্নয়ণ সাধণ কৰি নাথ পন্থাৰ উদাসীন সন্নাসীৰ আশ্ৰম ব্যবস্থা পৰিত্যাগ কৰি হিন্দু সমাজত বেলেগ জাতি হিচাপে প্ৰতিষ্ঠা হল ৷ নাথ সকলে বৰ্ণবাদক অগ্ৰাহ্য কৰে ৷ মূৰ্ত্তি পূজা নামানে, বিধি বিধান থকা ব্ৰাক্ষণ ধৰ্মক কৃত্ৰিম মিছা ধৰ্ম বুলি অভিহিত কৰে ৷ শিক্ষা, সংস্কৃতি আৰু ধৰ্মৰ ওপৰত গোড়া ব্ৰাক্ষণ্যবাদৰ নিস্পেষণৰ বিপৰীতে একপক্ষীয় আধিপত্যৰ মুক্তি পাবলৈ নাথ সকল সচেতন৷ """ ( বন্ধুবৰ্গৰ অনুৰোধ ক্ৰমে নাথ বা যোগী সম্প্ৰদায় সম্পৰ্কে কিছু আভাষ সংগ্ৰহ আৰু সাম্য জ্ঞানে লিখিছোঁ ৷ বিৰ্তক নকৰি ভূলসমূহ আঙুলিয়া দিব ৷)

1 comment:

  1. নাথসকল বংগ দেশৰ পৰাই বঙ্গদেশৰ পৰা অহা বুলি ক'ত পাইচে জনাব তথ্যসহকাৰে অন্যথা ব্যৱস্থা লম।

    ReplyDelete