Saturday, May 11, 2019

@@@@ মন যায় @@@ ( পুত্ৰ সুশান্তু নাথৰ অনুৰোধ ক্ৰমে তেওঁ হাতত তুলি দিব পৰাকৈ এখন শিশু নাট লিখা প্ৰয়াস মাথোঁ) ( নেপথ্য পৰা:::::: আমি কণমানি আমাৰো আছে বহু হেপাঁহ, আশা, আৰু জগত মুহি নিজক প্ৰতিষ্ঠা কৰিব পৰা ধৈৰ্য্য,সাহসক, বুদ্ধিমত্তা ৷ আমাৰ সপোন বোৰ, আমাৰ ৰাপ, হাবিয়াস,লক্ষ্য, উদ্দেশ্য বোৰত মাথোঁ আপোনালোকৰ আৰ্শীবাদ আৰু প্ৰেৰণা প্ৰয়োজন ৷ আপোনালোকৰ আৰ্শীবাদ, প্ৰেৰণা পালে আমি আমাৰ লক্ষ্য উদ্দেশ্যত সফল হব পাৰিম ৷ গতিকে আমাৰ মনক আপোনা সবে বুজিব চেষ্টা কৰিব বুলি আশা কৰিছোঁ ৷) বি: দ্ৰ: পৰিচাকে নিজৰ সুবিধা অনুসৰি বাদ্য যন্ত্ৰ, অভিনেতা, অভিনেত্ৰী সৃষ্টি কৰি লব ৷ ( মুকলি মঞ্চত তিনিটা স্থানত শিশু সকলে বিভিন্ন ভংগীমা যেনে খেলা,পঢা, নচা, ভাওনা কৰা, পঢা, আদি ভংগীমাত ৰৈ থাকিব ৷ মঞ্চ কাপোৰ আতৰা লগে লগে "" নেযাবি ৰঙে মন মাছে মাৰিবলৈ ধুমুহা আহিব হল ৷ ক 'ৰবাত কেনেবকৈ ঘৰিয়ালে পাব বোবাৱ তেজেৰে নৈ ৷ আকাশলৈ চাই চাই হিয়া খনি ভুকুবাই ৰ 'দৈ বাউলী হল ৷ "" ৰংমন:: সেইয়া আই মাত ৷ মোক মাতিছে ৷ আই!!!! ( উচুপি উচুপি) আই তুমি মোক বাধা দিলেও মই যাব লাগিব আই ৷ নহলে ভোকে মৰিব লাগি আটাই ৷ ( দ্বিতীয় দলত """ আগলী কলৰ পাত লৰে কি চৰে চিলনী আই মোৰ আগতে পৰে ৷ (নেপথ্য পৰা গীতটো গাব ) পৰী::: আই , আই!!! ( উচুপি উচুপি) আই মোৰ বৰ ভোক লাগিছে জানা ৷ তুমি কিয় মোক এৰি গুচি গলা আই???? ( ত়তীয় দলত::: ( নেপথ্য পৰা) "" হালধীয়া চৰাই বাউধান খাই সাউদৰ পুতেকে নাওঁ মেলি যায় নাওঁবে বুলে তুলুং ভূটং বঠাই বোলে নাওঁ গধুলিতে গধুলিতে দৱা কোৱাও ৷ হিৰণ্য:: ( কিটাপ খন জপাই,হামিয়া) ওহ!! কিমান পঢিবা আৰু ৷ ইমান বোৰ কিতাপ!!! (গাটো বেকা বেকি কৰি) কিটাপ বেগটোলৈ মনত পৰিলে পিঠিখন দেখুন বিষাই ৷ ( মঞ্চত মিনতি প্ৰবেশ) মিনতি:: ৰতন, বিমল, পৰী,ৰংমন তহঁতবোৰ ক 'ত গলি অ '!! বেলি বঢিব হল ৷ আহ হৈ আহ হঁত ৷ ( তিনিওটা দলে একে লগে::::: "" গৈছোঁ, আমি সকলো গৈছো ৰ ৷) ( প্ৰথম দলে নাচি নাচি "" অ' লৌ গুটি, টো 'লৌ গুটি কচু গুটি লাই ৷ যি খন হাত গুটি আছে সেই হাতে পাই ৷ "" সকলোবে একে লগে হাঁহি মাৰে ৷ "" তই হৱা কেতিয়াবাই আহিলি ন?? "" মিনতি:: অ '!! বাকী বোৰ ক 'ত অ '!!! ( দ্বিতীয়, তৃতীয় দলে এলেলগে ৰেল গাড়ী দৰে হৈ উকি মাৰি, নাচি বাগি "" ৰেল অ ' ৰেল ৷ """ """ আমিও আহি পালোঁ ভাই ৷ "" ( সকলোবে হাঁহি হাঁহি হাত ধৰা ধৰিকৈ গাৱ "" বগলীয়ে সবাহলৈ নগলি কিয়? "" ৷ এটা সময়ত সকলো নাচি বাগি ভাগৰি যেনি তেনি বঢিব ৷ কোনো কোনোবে শুই পৰিব ৷ কিছু সময় পিছত) মিনতি:: ঐ!! তহঁতবোৰে বঢ়ি শুইয়েই কটাবি নেকি? ়়়়়় উঠ আকৌ!! ৰংমন::: মোৰ হলে বৰ ভাগৰ লাগিছে পাই ৷ হিৰণ্য:: ভাগৰিলে নহৱ ৷ মিনতিবাই ,আমাৰ উদ্দেশ্যবোৰ কোৱা আকৌ ৷ মিনতি:: কৈছোঁ ৰবা ভাইটি!! ( সকলোবে থিয় হৈ মিনতিক মাজত লৈ """ কোৱা, কোৱা মিনতি বাই ৷) তেন্তে শুনা সকলোবে ৷ আমাৰ গাওঁৰ ক্লাৱত শিশু দিৱস পাতিব বুলি কোৱা শুনিছোঁ ৷ আমি সকলোবে যদি তাত যোগদান কৰিব পাৰোঁ কেনে হব বাৰু ৷ ( সকলোবে একে লগে "" কেনেকৈ যোগদান কৰিবা বাই ৷ "") আমি তাত সকলোবে নাচিম, গাম, কবিতা আবৃত্তি কৰিম, নাটক কৰিম আৰু???? ৰংমন::: আমাক সেইবোৰ কোনে শিকাব? আমাক জানো ক্লাৱত সেইবোৰ কৰিব দিব ?? হিৰণ্য:: আমি সেইবোৰ নিজে নিজে শিকি কৰিম অ ' ৷ মিনতি::: আমাৰ মা ক্লাৱৰ সভানেত্ৰী মই মাক কৈছিলোঁ কথাটো ৷ ( সকলোবে "" কি কথা বাই?? "") আমি নাচিম, গাম,কবিতা আবৃত্তি কৰিম বুলি ৷ ( সকলোবে "" তেওঁ কি কলে? "") তেওঁ দিম বুলি কলে!! ( সকলোবে কিৰিলি মাৰি জপিয়া জপিয়া ফুত্তি কৰে ৷ ৰংমন আৰু পৰী দুয়ো মন মাৰি আতঁৰত বঢ়ি পৰে ৷) মিনতি:: ( ৰংমনৰ কাষলৈ গৈ গাত ধৰি) কি হল ৰংমন ৷ তুমি যে ভাগি পৰিছা ৷ হিৰণ্য:: ( পৰী কাষলৈ গৈ) তোমাৰ মূখতযে আজি হাঁহি নাই ৷ ( মিনতিয়ে ৰংমনক হিৰণ্যই পৰীক হাত ধৰি উঠাই মঞ্চ মাজলৈ আনে সকলোবে দুয়ো কাষে থিয় হৈ সিহঁত দুয়োলৈ চাই সুধে """ কি হল এওঁলোকৰ? """) ৰংমনে::: ( উচুপি উচুপি চকুপানী মোহাৰি) মোৰো মন যায় তোমালোকৰ লগত বিদ্যালয় যাব ৷ হাঁহি ধেমালি কৰি সকলোবোৰ কথা শিকিব ৷ কিন্তু? ( সকলোবে "" কিন্তু?? কি? "") মই জানো সেইবোৰ কৰিব পাৰিম ৷ কচু,ঢেকীয়া বুটলি, মাছ ধৰি বজাৰত বা মানুহ ঘৰত বিক্ৰি নকৰিলে গধূলী পাকঘৰত চৌকা নজ্বলে অ '!! পৰী::: ( উচুপি উচুপি চকুলোঁ মোহাৰি) মোৰো বৰ ভয় লাগে মাহী আইলৈ ৷ তেওঁ যিহে খং!! পিতাইও ঘৰত নাথাকে ৷ ( ভৰি কলাফুল দুটা দেখোৱাই) এইয়া চা!! ( সকলোবে একেলগে জুমি চাই """ ইচ!! ইচ!! ইমান বেয়া নে তেওঁ?? "") হিৰণ্য:: তহঁতবোৰ দূখ কাহিনীবোৰ দেখি শুনি বৰ দূখ পালোঁ ৷ তেন্তে মোৰ দূখৰ কাহিনী শুন, নিজা গাওঁ, ভাষা, তহঁতবোৰ লগত থাকিলে মই বেয়া হম বুলি মা দেউতাই আলোচনা কৰি চহৰৰ ব্যক্তিগত বিদ্যালয়ত নাম লগাই দিছে ৷ যাতে তহঁতবোৰতকৈ মই বহু বেলেগ হৈ তহঁতবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ ৷ কিন্তু?? (সকলোবে "" কিন্তু?? কি? "") মই তহঁতবোৰক পাহৰিব নোৱাৰোঁ ৷ নোৱাৰো সহিব সেই কিটাপৰ বুজাবোৰ!! ( তেনেতে নেপথ্য পৰা কিৰিলি মাৰে, সকলোবে ইফালে সিফালে জুমি চাই যদিও একো দেখা নেপায়,; পুণবাৰ কিৰিলি মাৰে সকলোবে জুমি চাই ৷ মিনতিয়ে দেখা পাই!) মিনতি:: ঐ!! ঐ !! নামি আহ ৷ নামি আহ ৷ ( সকলোবে মিনতি কাষত থিয় হৈ ৷ "" অ ' সেইটো আমাৰ জলৌ দেখুন!!! ়়়়় ঐ নামি আহ!! নামি আহ!! "" কিছু সময়ৰ পিছত সেমেনা সেমেনিকৈ জলৌ সকলোবে মাজলৈ আহে সকলোবে হাত ধৰা ধৰিকৈ জলৌক মাজত ৰাখি নাচি বাগি গাই "" হলৌ উঠিল তকৌ গছত লগাই খদৌ মদৌ, ়়়়়়় "" সকলোবে হাঁহি হাঁহি "" কি খবৰ জলৌ??? , আমাৰ লগত থাকি বেয়া পাওঁ নেকি?? """ জলৌ::: না়়়় পাওঁ অ৷ ত়়়়়়়ত়়়তহঁ়়তে জো়়়়়়কা়়়়়়়অ বা়়়়়বা়়়়়়বাবে গ়়়়়়গ়়়়়়়গছৰ প়়়়়়়পৰা শু ়়়়়শু়়়় শুনি আ়়়়়ছোঁ ৷( সকলোবে "" অ ' ই আমাৰ সকলো কথা শুনিলে, এতিয়া তই কি কৰিবি ন? জলৌ::: মো ়়় মো ়়়়মোৰ ম ়়় ম ়়়়় মন যা ়়়যা ়়়়় যায় ৷( সকলোবে "" মন যায় "" (নেপথ্যত "" মন যায় "" গীতটো বাজিব সকলোবে এটা ভংগীত ৰৈ থাকিব ৷) সমাপ্ত বি: দ্ৰ: নাটক লিখা অভ্যাস নাই যদিও পুত্ৰ সুশান্তু নাথক উৎসাহিতত কৰিব বাবে প্ৰয়াস কৰিছোঁ ৷ ভূল বোৰ আঙুলিয়াই দিব বুলি কৰযোৰে সকলোকে অনুৰোধ কৰিলোঁ ৷


No comments:

Post a Comment