Wednesday, May 15, 2019

** আত্মসন্তুষ্টি বনাম বিশ্ব পৰিবেশ দিবস আৰু কিছু প্ৰাসংগিকতা ইত্যাদি *** ৰাজনৈতিক, কৰ্মোদ্যম আৰু জনসচেতনতা বাবে প্ৰতিবছৰে পাচ জুন তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আমি মাথো আত্মসন্তুষ্টি লাভ কৰি আহিছো । সেই দিনটো হাজাৰ হাজাৰ গছপুলি ৰোপন কৰি আত্ম সন্তুষ্টি লাভ কৰা হৈছে বৰ্তমান সমাজৰ এক নতুনত্বৰ আদৰ্শ বা লক্ষ্য । আমি আত্ম বিশ্লেষণ নকৰো যে আমি সেই দিনা ৰোপণ কৰি অহা হাজাৰ হাজাৰ জোপা মূল্য বান গছ মৃত্যু মুখলৈ ঠেলি ৰং চাইছো । কাৰণ আমাৰ বহুতৰে পৰিবেশ অধ্যয়ন সম্পৰ্কে সাম্য জ্ঞানৰ অভাৱ । আৰু পৰিবেশ অধ্যয়ন সম্পৰ্কে জ্ঞান থকা সকলৰ অবহেলা বাবে সেউজী ধৰণী খনৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয । সমাজ পাতি বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে যিদিনা নিজৰ ঘৰটো, বাৰীখন, পদুলি টো , চুবুৰীটো সুন্দৰকৈ সজাই তুলিব নিশিকিব সেই দিনালৈকে আমাৰ পৰিবেশ বাৰ্তাবৰণ প্ৰদূষিত হৈ ৰব । এটা সুন্দৰ মনৰ অধিকাৰী গৰাকী হে বিশ্ব পৰিবেশ দিবস ৰ মূল্য দিব পাৰে । উদাহৰণ স্বৰূপে আজি আমি যদি লক্ষ্য কৰো আমাৰ পদূলি সমূহ তেতিয়া হয়তো দেখা পাম বহু লেতেৰা আৰ্বজনাৰে পদুলি মুখত ভৰি আছে । বাৰীখন সুন্দৰকৈ সজাবলৈ নজনা বাবে বহু সম্পদ অনিষ্ট হোবা উপৰিও পৰিবেশটো সুন্দৰ বাৰ্তাবৰণ দিব সক্ষম নহয । চুবুৰীয়া লোক সকলৰ পদুলি মুখত সমূহ লেতেৰা বাবে ৰাস্তা পদুলি সমূহ লেতেৰা বোকা আৰু দুগুন্ধময । গতিকে আমি সেইবোৰ পৰিপাটি কৰি এটা সুন্দৰ পৰিবেশ সৃষ্টি কৰিব পদক্ষেপ যিদিনা লব শিকিম সেইদিনা পৰা আমি আমাৰ পৰিবেশ টো প্ৰদুষণ পৰা লাহে লাহে সম্পূৰ্ণ মুক্ত কৰি সক্ষম হম । আজি অলপ দিনৰ আগৰ পৰা আমি এটি কাৰ্যসূচী হাতত লৈ আগবাঢ়িছিলো যে আমাৰ সহকৰ্মী, বন্ধু বান্ধৱী সকলৰ যি কোনো শুভ অনুষ্ঠানত উপহাৰ আৰু শুভকামনা জনাবলৈ যাওঁতে দুটা কৈ মূল্য বান গছপুলি তেওঁৰ হাতত দি সেই শুভ দিন টো বা দুখৰ দিন টো স্মৃতি জীয়াই ৰাখিব লৈ গছ পুলি দুটা ৰোপন কৰি পালন কৰিব দ্বায়িত্ব প্ৰদান কৰা লগতে অনুৰোধ কৰিছিলো । আৰু পৰৰ্ৱতী সময়ত তেখেতৰ সকলৰ ঘৰলৈ আলহী হিচাপে গৈ গছপুলি কেইটা কিমান ডাঙৰ হৈছে তেওঁৰ উপস্থিত নিজে চাই আহিছিলো । সেইদৰে আমি বনভোজ খাবলৈ যোবা ঠাই সমূহলৈ গলে বহুতো কাগজৰ কাটুন লৈ গৈছিল উদ্দেশ্য হল আমাৰ কাষতে বনভোজ খাবলৈ যোৱা দল সমূহক সেইবোৰ দি তেওঁলোকৰ পেলনীয়া সামগ্ৰী সমূহ তাত পেলাবলৈ অনুৰোধ কৰিছিলো । আৰু বনভোজ পৰা উভতি অহা আগতে এটি নিদিষ্ট স্থানত সেইবোৰ জ্বলাই নষ্ট কৰি আহিছো । ইয়াৰ উপৰিও বিভিন্ন ৰাজহুৱা স্থান সমূহ এটা নিৰ্দিষ্ট দিনৰ অন্তৰালত পৰিস্কাৰ কৰি সেই স্থানৰ ব্যক্তি সকলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছো । এনেকুৱা কাৰ্য্য সুচী সমুহ গ্ৰহণ কৰি সফলতা লাভ কৰা লগতে পৰিবেশ সুৰক্ষা দিবলৈ এটি প্ৰযাস জড়িয়তে আত্ম সন্তুষ্টি লাভ কৰিব সক্ষম হৈছো । গতিকে আমি প্ৰতিজন মানুহে এনেকুৱা অভিনব কাৰ্যসূচী হাতে কামে কৰি গলে আমি এটা সময়ত পৰিবেশ প্ৰদূষণ পৰা কিছু পৰিমানে মুক্ত কৰি সক্ষম হম । আজি ব্যস্ততাপূৰ্ণ জীৱনত এনেকুৱা সৰু সৰু চিন্তা বোৰ কৰি মানব জাতিটোৰ সময় অভাৱ নে মনৰ উৎসাহ অভাৰ বুজি নাপালো? আমি সকলোৱে সাধাৰণতে কেইটামান গছপুলি ৰোপন কৰি ডাঙৰ ডাঙৰ ফলক কেইখনমান আৰি দি বা ডাঙৰ ডাঙৰ ভাষণ দি বা সভা সমিতি আয়োজন কৰিলে বিশ্ব পৰিবেশ দিৱস পালন কৰা লক্ষ্য আৰু উদ্দেশ্য সফলতা লাভ কৰিবলৈ সক্ষম নহয । উল্লেখযোগ্য যে আমি যি স্থানত বিশ্ব পৰিবেশ দিবস পালন কৰা বাবে সভা আয়োজন কৰো সেই ঠাইকন সভা ভংগ হোৱা পিছত লেতেৰা হৈ থকা সকলো পৰিলক্ষিত । ইয়াৰ উপৰিও সেই গছপুলি কেইটা পিছদিনা ৰদত শুকাই পৰা অনুভব কণ আমি কৰিব নোৱাৰা এক লজ্জাজনক কথা । তেন্তে কিয এই নিদিষ্ট দিনটো আমি উলহমালহেৰে আয়োজন কৰি আহিছো?? আজি পলিথিন মোনা বা পলিথিনৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পাইছে যে তাক ভাষাৰে প্ৰকাশ কৰিবলৈ কঠিন । এই পলিথিন ব্যৱহাৰ ফলত আমাৰ সমাজত কিমান ভয়ংকৰ প্ৰদুষণ আমি নিজে সৃষ্টি কৰিছো সেই কথা টো চিন্তা কৰি কাৰো সময় নাই । এই ক্ষেত্ৰত প্ৰতিজন মানুহেই সুবিধা বাদী । আজি সাগৰৰ তলিত প্ৰতি দিনত কিমান টন পলিথিন আবদ্ধ হৈ আছে আমি জানিব ইচ্ছা প্ৰকাশ কৰিছো নে? সেইদৰে মটৰ গাড়ী, কল কাৰখানা, আধুনিক মিউজিক চিষ্টেম ব্যৱহাৰকাৰীয়ে এবাৰ প্ৰদূষণ ৰ দৰে ভবিষ্যত ভয়ংকৰ ছবি খনৰ কথা চিন্তা কৰি নোবাৰা বাবে দিনক দিনে এই বোৰৰ পৰা প্ৰদুষণ বৃদ্ধি পাইছে । গতিকে আমি সজাগ আৰু কৰ্মোদ্যোগী নহয বা হবলৈ প্ৰযাস নকৰা বাবে এসময়ত এখন সুন্দৰ পৃথিৱী আমাৰ বাবে ধবংস হব । গতিকে পৰিবেশ দিবস পালন কৰা দৰে আমি প্ৰতিদিনে পৰিবেশ সুৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ।


No comments:

Post a Comment