Monday, May 27, 2019

প্ৰসংগ: কবিতা এক. কবিতা কাক বোলে জনচনক সুধিলে বচৱেলে: --ছাৰ, তেনেহ'লে কবিতানো কাক বোলে? জনচনে উত্তৰ দিলে: --তাতকৈ কোনবোৰ কবিতা নহয়, সেইটো নোসোধে কিয় মহাশয়? সেই কথা ক'বলৈকে সহজ হ'লহেঁতেন। পোহৰ কি বস্তু আমি সকলোৱেই জানো। কিন্তু পোহৰ কি সেই কথা কোৱাটো সহজ কাম নহয়। তথাপি যুগ যুগ ধৰি কবিতা কি, কাক বোলে কবিতা, সেই বিষয়ে ক'বলৈ প্ৰয়াস কৰিছে দেশে দেশে বিভিন্নজনে। আনকি এই প্ৰয়াস কৰিছে জনচনে নিজেও। কৈছে: কবিতা হৈছে ছন্দোবদ্ধ ৰচনা (metrical composition)। আনন্দ আৰু সত্য--এই দুয়োকে গ্ৰথিত কৰাৰ শিল্প, য'ত যুক্তিক সাহাৰ্য কৰিবলৈ কল্পনাক মাতি পথিওৱা হয়। জনচনৰ বহু পূৰ্বে এৰিষ্টটলে আকৌ কৈছিল: --কবিতা দৰ্শনতকৈ শ্ৰেয়; ইতিহাসতকৈ জ্যেষ্ঠ। এনেকৈয়ে কবিতাৰ সংজ্ঞা দিছে অন্যান্য বিভিন্ন জনেও। ফ্লবেয়াৰ: কবিতা জ্যামিতিৰ নিচিনাকৈয়ে নিখূত বিজ্ঞান। এডগাৰ এলেন পো: সৌন্দৰ্যৰ ছন্দোময় সৃষ্টি। শ্যেলী: কবিতা হৈছে পৰিতৃপ্ত শ্ৰেষ্ঠ মনৰ পৰিতৃপ্তি আৰু শ্ৰেষ্ঠ মুহূৰ্তবিলাকৰ বিৱৰণ। কাৰ্লাইল: কবিতা সাংগিতিক ভাৱনা। মেথিউ আৰ্নল্ড: Simply the most delightful and perfect form of utterance that human words can reach. কীটছ: কবিতা হ'ব লাগিব মহৎ আৰু বাঞ্ছিত, আত্মাৰ অন্তঃস্থলেদি যাৰ যাত্ৰা, যি তাৰ ৰূপ-বৈচিত্ৰ্যৰে বিমুগ্ধ বা বিস্মিত কৰিলে নহ'ব, বৰঞ্চ কৰিব লাগিব বিষয়বস্তুৰে। ক'লৰিজ: গদ্য= সৰ্বোকৃষ্ট শব্দৰ বিন্যাস। পদ্য= সৰ্বোকৃষ্ট শব্দৰ সৰ্বোকৃষ্ট বিন্যাস। ওৱৰ্ডছৱৰ্থ: সমগ্ৰ প্ৰজ্ঞাৰ উশাহ-নিশাহ আৰু সূক্ষ্ম আত্মা। অ'ডেন: কবিয়ে পিতৃত্বৰে কবিতাৰ জন্ম দিয়ে যি ভাষাক ধাৰণ কৰে। আৰু এলিয়ট? কবিতাৰ সম্পৰ্কে বহু কথাই কৈ গৈছে এলিয়টে। উদাহৰণ: ক. কবিতা ৰচনা হৈছে তেজক চিয়াহীলৈ ৰূপান্তৰিত কৰাৰ যন্ত্ৰণা। খ. অপৈণত কবিয়ে নকল কৰে; পৈণত কবিয়ে চুৰি কৰে; অকবিয়ে বিকৃত কৰে; ভাল কবিয়ে সকলোখিনি বদলাই দিয়ে নতুনভাৱে, অথবা সম্পূৰ্ণ নতুনকৈ সৃষ্টি কৰে নিজে। কবিতা সম্পৰ্কীয় আৰু কেইজনমানৰ বক্তব্য এয়া। অৱশ্যে পূৰ্বোল্লেখিতসকলৰ দৰে এখেতসকলো পাশ্চাত্যৰে। ১. বোডলেয়াৰ: সেইসকল কবিৰ বাবে দুঃখিত যিসকল কেৱল সহজাত প্ৰবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। ক'বলৈ গ'লে, তেওঁলোক অপৈণত। এজন সমালোচক কবি হৈ উঠাটো আশ্চৰ্যকৰ কথা। কিন্তু এজন কবিৰ মাজত যদি সমালোচক এজন জাগ্ৰত নহয়, সেইটো আৰু আশ্চৰ্যকৰ কথা। ২. ওৱৰ্ডছৱৰ্থ: কবি হৈছে a man, speaking to man. ৩. ভ্যালৰি: কবিতা হৈছে কাব্য-মানস উৎপাদক যন্ত্ৰ-বিশেষ, য'ত উৎপাদন মাধ্যম হৈছে শব্দ। ৪. মেলাৰ্ম: কবিতা শব্দৰ বিন্যাস, ধাৰণাৰ নহয়। ৫. ব্ৰেখ্ট: All great poem has a documentary value. ৬. ম্যাকিনচ: A poem should not mean but be. ৭. ৰবাৰ্ট ফ্ৰষ্ট: কবিতাৰ বিষয়ে মই বহু কথাই ক'ব পাৰোঁ। তথাপি তাৰ মাজতে মূল কথাটো হৈছে--ই metaphor, saying one thing and meaning another, saying one thing in terms of another. ৮. অ'ডেন: কোনোবা উচ্চাকাংক্ষী যুৱকে যদি মোক কয়হি-- 'মোৰ গুৰুত্বপূৰ্ণ বক্তব্য আছিল', তেওঁ কবি নহয়। বৰঞ্চ যদি স্বীকাৰ কৰেহি--'শব্দৰ চৌপাশে বিচৰণ কৰি মই ভাল পাওঁ, সিহঁতে কি ক'ব খুজিছে কাণ পাতি শুনিব খোজোঁ', তেন্তে তেওঁৰ বাবে কবি হ'বগৈ পৰাৰ সম্ভাৱনা আছে। ৯. ইয়েটছ: কবিতা হৈছে ৰক্ত, কল্পনা আৰু বোধৰ যৌথযাত্ৰা। দুই. কবিতা এক মৰ্যাদাপূৰ্ণ পৰিশীলিত কলা ব্ৰন'স্কিয়ে (১৯৭৩) কৈছিল: 'ভৌতিক বিজ্ঞানসমূহৰ অন্যতম উদ্দেশ্য হৈছে পাৰ্থিব বিশ্বৰ এক সমুচিত চিত্ৰ দাঙি ধৰা। অথচ এই উদ্দেশ্য যে অসাধ্য সেইটো ইতিমধ্যে প্ৰমাণিত হোৱাটো বিংশ শতাব্দীৰ পদাৰ্থবিজ্ঞানৰ অন্যতম সাফল্য।' ভৌতিক বিজ্ঞানৰ এই অপাৰগতাই ইতিমধ্যে উন্মোচিত কৰিছে সংযোগ মাধ্যম হিচাপে কবিতাৰ বিকল্প প্ৰাসংগিকতা। অনানুষ্ঠানিকভাৱে হ'লেও প্ৰায় স্বীকাৰ কৰিয়ে লোৱা হৈছে যে আবেগিক অভিজ্ঞতা আৰু বক্তব্য প্ৰকাশৰ বাবে আবেগিক ভাষাই অপৰিহাৰ্য, বৈজ্ঞানিক পৰিভাষা কেতিয়াও যথেষ্ট নহয়। সেয়ে যি কুৰি শতিকাৰ সত্তৰ-আশীৰ দশকে লক্ষ্য কৰিছিল কবিতাৰ বেলি লহিওৱা চাহিদা আৰু জনপ্ৰিয়তা সেই কুৰি শতিকাই শেহৰ ফালে উদযাপন কৰিলে প্ৰত্যাৱৰ্তিত কবিতাৰ ঐতিহ্য আৰু মহত্বৰ পুনৰাভিষেক। মুদ্ৰণ মাধ্যমতে হওক বা বৈদ্যুতিন মাধ্যমতে হওক কবিতাক সম্প্ৰতি ব্যাপকভাৱে দেশে-বিদেশে আদৰি লোৱা হৈছে। কবি-সমালোচক এলিয়টে কবিতাক 'a superior form of art' বুলি কৈছিল। সংস্কৃত আলংকাৰিক কুন্তকে আকৌ কবিতাৰ এক বিশেষ ধৰ্মলৈ আঙুলিয়াই দিছিল--'তদ্বিদ আহ্লাদকাৰিণী'। অৰ্থাৎ কবিতা হ'ব লাগে এক বিশেষ অৰ্হতাসম্পন্ন কাব্যৰসিকৰ (তদ্বিদ) বাবে আনন্দদায়ক। গতিকে কবিতা এক মৰ্যাদাবিশিষ্ট পৰিশীলিত কলা বিশেষ,--যি পাঠকৰ ৰুচিসন্মত উপস্থিতি দাবী কৰে, সংবেদনশীল পাঠকক সততে কবিতাৰ পাঠ(text)লৈ সাদৰ আমন্ত্ৰন জনায়। অৱশ্যে উপন্যাসো কলা। ছিনেমাও কলা। অথচ উপন্যাস বা ছিনেমাই সকলো কলাৰ উপাদান বিলাকৰ পৰা মৌ আহৰণ কৰি সম্প্ৰতি নিজকে যিদৰে ঋদ্ধ কৰিবলৈ সমৰ্থ হৈছে, কবিতা সম্ভৱ আজিও সিমানখিনি সক্ষম হোৱাগৈ নাই। আৰু যদি কবিতাই সাম্প্ৰতিক আধুনিক জীৱনৰ চক্ৰবেহুৰ অভিজ্ঞতা চয়ণ কৰাৰ সমানে সমানে আধুনিক কলাৰ উপকৰণবৈভৱক আপোন কৰি লোৱাৰ সম্পৰীক্ষাত অৱতীৰ্ণও হৈছে, কবিতাৰ পাঠকে হয়তো প্ৰায়ে তাত সঁহাৰি দিব বিচৰা নাই। কবিতাৰ বিপুল পাঠকৰ সৈতে চিৰাচৰিত দূৰত্বৰ ইও হয়তো অন্যতম কাৰণ। অথচ এক বিৰাট সম্ভাৱনাৰ সমুদ্ৰই আমাৰ আমাৰ সন্মুখত তিৰবিৰাই আছে। কবি আৰু পাঠক---উভয়ৰে দায়িত্ব আছে এই দূৰত্ব অতিক্ৰম কৰাৰ। কুৰি শতিকাৰে সত্তৰৰ দশকে পৰিচয় হোৱা পাঠক-প্ৰতিক্ৰিয়াশীল সমালোচনাই (Readers Response Criticism) ইতিমধ্যে পাঠকৰ হাতত অধিক দায়িত্ব ন্যস্ত কৰিছে। তিনি. কবিতাত দুৰ্বোধ্যতা পিকাছোৰ ওচৰলৈ গৈ এগৰাকী ভদ্ৰমহিলাই হেনো এবাৰ অভিযোগ কৰিছিল---বহু মানুহে বুজি নোপোৱা এইবোৰ আপুনি কি ছবি আঁকি আছে? পিকাছোৰ উত্তৰ: মহাশয়া, পৃথিৱীৰ সৰহসংখ্যকে বুজি নোপোৱা কি ভাষাত আপুনি ইমান দিনে কথা পাতি আছে? মহিলাগৰাকী জাৰ্মানভাষী আছিল। অকল পিকাছোৰ ছবি বা আধুনিক কবিতাই নহয়, বহু কথাই আমি ভালকৈ বুজি নাপাওঁ। হয়তো প্ৰায়বোৰ কথাই, আনকি একো কথাই কিজানি আমি সম্পূৰ্ণকৈ বুজি নাপাওঁ। তথাপি কবিতাক 'আৰু অলপ' বুজিবলৈ চেষ্টা পাঠকৰ সৰ্বকালৰ। কাৰণ ভাল কবিতাই সদায় পাঠকৰ মন, মগজু আৰু হৃদয়ত হেঁপাহ আৰু পিয়াহৰ সৃষ্টি কৰে। তাতে আধুনিক জীৱন জটিল। সেই আধুনিক জীৱনৰ যান-জঁট থকা কবিতাৰ ভাষাও দস্তুৰমত জটিল হ'বলৈ বাধ্য। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এই পংক্তিটো হয়তো হাততে পোৱা এটা দৃষ্টান্ত হ'ব পাৰে: বৰ যতনেৰে এটা ফুলৰ গুটি তাইৰ চকুত থ'লো। গছজোপা গজা নাই, বুকুখন দাঙি শিপাডাল পালো।। কবিতা হয়তো এনেকুৱাই। কবিয়ে কেৱল সযতনে বীজ এটাহে থয় পাঠকৰ চকুত। এয়া কবিতাৰ পাঠ (text)। পাঠকৰ হৃদয়ৰ অতল তলিত প্ৰোথিত শিপাডালেই কবি বা কবিতাৰ বাবে যথেষ্ট প্ৰাপ্তি। আপডাল কৰি মহীৰূঢ়লৈ পৰিণত কৰাৰ দায়িত্ব নিঃসন্দেহে পাঠকৰহে। চাৰি. প্ৰতিভাৰ নুফুলা ফুলৰ শতপাহি কবিতা, ন-প্ৰতিভাৰে নতুনকৈ তাঁত মেলা কবি আৰু পাঠক, লগতে সম্ভাৱ্য সকলো অমংগলৰ পৰা আপোন সন্তানক পোহৰতকৈও তীব্ৰগতিৰে লুকুৱাই থ'ব খোজা (যশোদাৰ নিচিনাকৈ?) অভিভাৱকজনলৈ যদি নিৰপেক্ষ সহানুভূতিৰে চাওঁ, আমি দেখিম প্ৰতিজন দেখোন নিজৰ নিজৰ স্থানতেই আছে, --আগতেও যেনেকৈ আছিল! পঢে পঢায় ৰোৱে পাণ, সেই তিনিয়ে নিচিন্তে আন। কবিতাৰ বিদ্যায়তনিক দিশ এটা নিশ্চয় আছে। শিশু-কিশোৰহঁতৰ all round development (গান্ধীজী) ৰ বাবে বা তেওঁলোকক complete man (UNESCO) একোজন কৰি তুলিবলৈ সুসম আহাৰৰ যেনেকৈ প্ৰয়োজন, নিৰ্বাচিত পাঠ্যক্ৰমৰো তেনেকৈ প্ৰয়োজন আছে । তাত অন্যান্যৰ লগতে বছা বছা কবিতাই থাকিব লাগিব। কিন্তু কবিতা আৰু সাহিত্যৰ অন্যান্য ৰূপবোৰ, লগতে বিভিন্ন শৈল্পিক উপকৰণবোৰ কেৱল পাঠ্যক্ৰম নহয়; জীৱনৰ একান্ত ব্যক্তিগত শৈল্পিক উদযাপনহে। লোক-হিতৈষী আয়তনটো সৰহ সময়তে পৰৱৰ্তী সামাজিক সংযোগহে। অৱশ্যে শিকন আহিলা হিচাপেই প্ৰস্তুত সাহিত্যৰাজি বা শিল্পসমূহৰ কথা কোৱা নাই। গতিকে আমাৰ শিশু আৰু কিশোৰহঁতৰ বয়স, ব্যক্তিত্ব আৰু চাহিদাৰ উপযোগীকৈ পাঠ্য কবিতা নিৰ্বাচনৰ দায়িত্বটো পাঠকৰ (লগতে শিক্ষক, অভিভাৱক আৰু শিক্ষাবিদৰ।) কবি কিন্তু নিজে শিক্ষক নহয়; হ'বও নেলাগে। কোনো পূৰ্বচৰ্ত নোহোৱাকৈ তেওঁ কেৱল লেখক কবিতা। ৰসগ্ৰাহী পাঠকে জানে কোনটো থাপনাত থ'ব লাগে; কোনটো শিতানত ল'ব লাগে; কোনটো পাঠ্যক্ৰমত দিব লাগে; আৰু কোনটো নলৈ, নথৈ, নিদি দূৰলৈ দলিয়াই পেলাব লাগে। হয়, সকলো কবিয়ে সদায় সমানে 'ভাল' (এই ভাল কিন্তু আপেক্ষিক; ইয়াৰ মাপ ল'বলৈ কোনো সৰ্বজন গ্ৰাহ্য স্কেল নাই) কবিতা লেখা নাই। হয়তো লেখিবও নোৱাৰে। নোবেল পোৱা এলিয়টেও পৰা নাছিল। কবি-বন্ধু এজৰা পাউণ্ডে কচাইৰ হাতেৰে ডাল-পাত কলম দি নিৰ্মাণ কৰিছিল ওৱেষ্টলেণ্ড। তাতে সকলো কবি in born নহয়, গৰিষ্ঠ সংখ্যকেই made; তেজ-মঙহৰ মানুহ। ভুল-শুদ্ধৰ মাজেৰেই তেওঁলোকৰ যাত্ৰা। অথচ কবিতা কবিৰ গৰ্ভজাত সন্তান; আৰু কোনো মাতৃয়ে বাৰে বাৰে একেটা সন্তানৰে গৰ্ভধাৰণ নকৰে। কবিতাৰ নিৰ্মাণো মাতৃগৰ্ভস্থ বৃদ্ধিৰ দৰে এক অসূৰ্যস্পৰ্শিত সৃজনশীল প্ৰক্ৰিয়া। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ক'বৰ দৰে, 'সকলো কবিতা সৃষ্টিৰ কালছোৱাত সকলো স্ৰষ্টাই হৈ পৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকীৰ দৰেই আন্তৰিক, সেই মুহূৰ্তকেইটা তেওঁৰ বাবে হৈ পৰে জীৱনৰ কোনোদিনে পাহৰিব নোৱাৰা আনন্দময়, বেদনাময় হৃদয় ঐশ্চৰ্য।' আপোন সন্তানৰ মংগল কামনা আৰু তেওঁলোকৰ উপযোগীকৈ পাঠ্যক্ৰম নিৰ্মাণত কাৰো আপত্তি থাকিব নালাগে, কিন্তু কবিতা এটা দলিয়াই পেলোৱাৰ আগতে, কবিজনক গালী পৰাৰ আগতে আমি কবিৰ জন্ম যন্ত্ৰণাৰ আনন্দময়, গৰিমাময় স্মৃতিকণকো অসন্মান কৰিব নালাগে। সেইবুলি সৰুৱে য'ত পিছল খোৱাৰ ভয় থাকে ডাঙৰে তাত কেতিয়াও পানী পেলাবও নালাগে। এই সৰুজন কবিয়েই হওক বা পাঠকেই হওক। আমাৰ সমাজখনত সমানে আপোন হৈ তেওঁলোক সদায় আমাৰ ওচৰা-ওচৰিকৈয়ে আছে। উৎকৃষ্ট ফল দিবলৈ গছ এজোপাকো সময় লাগে। আমাৰ ঈপ্সিত কবিতা এটা আমাক দিবলৈ নবীন কবি এজনকো অলপ সময় লাগিব পাৰে। অন্যহাতে সমসাময়িক সময়ে নস্যাৎ কৰা বহু কবিতাক কিন্তু পৰৱৰ্তী সময়ে মৰ্যদা দি গামোচাও পিন্ধাই গৈছে। পাঁচ. সমালোচক এজনো প্ৰাৰম্ভিকভাৱে পাঠকেই সবিনয়ে ভাবোঁ, কবিতাও এক সংযোগ মাধ্যম; ই অন্য সংযোগ মাধ্যমৰ দৰেই এক ডি-ক'ডিং চিষ্টেম য'ত বক্তা/শ্ৰোতাৰ ব্যক্তিগত পাৰিপাৰ্শ্চ, ঐতিহ্য, সংস্কৃতি, অভিজ্ঞতা, যুক্তি, আবেগ, আৰু সীমাবদ্ধতাই বক্তব্যক আওবাটে নিয়াৰ অবকাশ এটা নিৰন্তৰ থাকে। এই অবকাশৰ বাটটোতে ভাষাৰ সীমাবদ্ধতা, কবিতাৰ দুৰ্বোধ্যতা আৰু কবিতাৰ চাজেচটিভনেচৰো প্ৰাসংগিকতা। অথচ সকলো সত্যই আকৌ আপেক্ষিক। শেষ সত্য বুলিবলৈ দৰাচলতে পৃথিৱীত একো নাই। পাৰিপাশ্ব আৰু প্ৰাসংগিকতাই সত্যক কেতিয়াবা অৰ্থবহো কৰে, ডাল-পাত কাটি কলমো দিয়ে। আধুনিক জীৱন দৰাচলতে জটিল। বহু ইতিহাস, সংস্কৃতি আৰু দৰ্শনৰ দিকচৌ বাটৰ অলেখ কণ্ঠস্বৰৰ সমৃদ্ধি আছে ইয়াত; আপাত-ভিন্ন অথচ অতি-ব্যক্তিগত অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ তেনেকৈ ঋদ্ধিও আছে তাত। আধুনিক জীৱনৰ এই জটিল অভিজ্ঞতাৰ পৰা শিল-বালি-ইটা বুটলি নিৰ্মিত আধুনিক কবিতাৰ চৰিত্ৰও জটিল হ'বলৈকে বাধ্য। যদিও নিৰ্দিষ্ট কোনো ছাতিৰ তলত দীৰ্ঘদিন স্থায়ী বাসিন্দা হোৱাৰ বাধ্যবাধকতা আধুনিক কবিতাই স্বীকাৰ নকৰাটোৱেই স্বাভাৱিক। কবিসকল যেনেকৈ স্বাধীন; কবিতাৰ পাঠকো মূলতঃ স্বাধীন। পাঠকেও নিজৰ নিজৰ প্ৰিয় কবি আৰু প্ৰিয় কবিতা নিৰ্বাচন কৰি লোৱাৰ গণতান্ত্ৰিক অধিকাৰ উপভোগ কৰে; --কৰিব বিচাৰে। কবিতাৰ সকলো পাঠক নিজে হয়তো কবি নহয়। কোনো দিন নাছিলো। সেই বুলিয়ে তেওঁলোকে কবিতা নপঢ়িবনে? যদি পঢ়িবই নালাগে, কবিয়ে কবিতা লেখে কাৰ বাবে? অকল কবিসকলে পঢ়িবৰ বাবেইনে? নে নিজে পঢ়িবৰ বাবে? পাঠকৰ কোনো ভূমিকাই নাইনেকি কবিতাত? নে পাঠক হ'ব লাগে বোবা? থাকিব নালাগে কোনো বক্তব্য? এজন কবিয়ে কৈছিল, পাঠেহে কবিতাৰ পূৰ্ণতা আনে। কবি জ্ঞান পূজাৰীয়েও কৈছিল, কবি আৰু পাঠকৰ দুয়োখন হাত লগ হ'লেহে কবিতাৰ সভাত হাততালি বাজিব। কবিতা ভালপাওঁ। পঢ়োঁ। বাৰে বাৰে পঢ়োঁ। কবিতাটোৱে কি কৈছে কাণ পাতি শুনিবলৈ যত্ন কৰোঁ। তাৰ মাজতো সীমাবদ্ধতা স্বীকাৰ কৰোঁ। যেতিয়া দেখোঁ, আমাৰ বহু প্ৰতিষ্ঠিত প্ৰাজ্ঞ কবিয়ে দুভৰিয়ে স্বৰ্গ আৰু মৰ্ত্য ইতিমধ্যে দখল কৰিছে; তেওঁলোকৰ তৃতীয় ভৰি এখন শূন্যতে ওলমি আছে; আৰু তৃতীয় ভৰিখন থ'বলৈ পাঠকৰ মূঢ়তাৰে সন্ধান কৰিছে, মই অৱনত হৈ দিওঁ। সমালোচক এজনো প্ৰাৰম্ভিকভাৱে পাঠকেই। আৰু অৱনত পাঠক বহু বৰেণ্য কবিৰ হয়তো তৃতীয় ভূৱন!!! ছয়. কবিতাত চৌৰ্যবৃত্তি: জোনাক নে দৌৰাত্ম্য শিল্পী-সাহিত্যিকৰ ব্যক্তিত্বৰ বিশালতাই কেতিয়াবা কেতিয়াবা একোটা উপত্যকাৰ সৃষ্টি কৰি লয়। কেতিয়াবা আকৌ গুণমুগ্ধসকলে সেই উপত্যকাৰ পৰা শিল-বালি বুটলি সৃষ্টি কৰি লয় প্ৰতিবেশী চুবুৰী। গুণমুগ্ধজনৰ এই প্ৰৱণতাত সততে সৌজন্যতা, সততা আৰু আত্মলঘিমা থাকে---যি উৰ্বৰা শক্তি হৈ পৰৱৰ্তীকালত মৌলিকত্বৰ সন্ধান দিয়াই নহয়, স্বকীয় অনুশীলনেৰে জাতিষ্কাৰ হোৱাতো প্ৰতিবেশীজনক সাহাৰ্য দিয়ে। কেতিয়াবা আকৌ চৌৰ্যবৃত্তিৰ দৌৰাত্ম্যও থাকে, ---যি সাময়িক চিকমিকনিৰ যোগান ধৰিলেও নিজৰ মৌলিকত্বক সততে বিপৰ্যস্ত কৰে, আনকি নিজৰ সৃজনশীলতাকো অনতিপলমে আপোনঘাতী হ'বলৈ বাধ্য কৰে। সেয়ে স্বীকৃতি, সৌজন্যতা আৰু কৃতজ্ঞতা প্ৰতিষ্ঠিত শিল্পী-লেখকৰ প্ৰতি প্ৰাপ্য-পৰিশোধেই কেৱল নহয়, বৰঞ্চ চুবুৰীয়াজনৰ আত্ম-প্ৰতিৰোধো। এই আত্ম-প্ৰতিৰোধৰ বাটটোতে হয়তো অন্য এক পৰ্যায়ত সজ্ঞান-সচেতন সৌৰভ চলিহাই মাৰ্কুইজৰ 'One Hundred Years of Solitude' মেলি লৈও নপঢ়াকৈ আছিল মাৰ্কুইজৰ অবিসংবাদী প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিবলৈ। কাৰণটো নক'লেও হয়--একেখন আকাশৰে বাসিন্দা হ'লেও নক্ষত্ৰবোৰৰ পাৰস্পৰিক অৱস্থান সদায় দূৰণিবটীয়াহে; গাতে গা লগাই সিহঁত উজ্বলি নুঠে। প্ৰসংগতঃ প্ৰান্তিক(১-১৫ আগষ্ট, ২০১৬)ৰ কবিতা এটা পঢ়োতে ভাব হ'ল--কবিতাটো আগতেও পঢ়িছোঁ কিজানি কৰবাত। কিছু সন্ধানৰ পিছত সিদ্ধান্তলৈ আহিলোঁ। কবিতাটো পঢ়িছিলোঁ দৈনিক জনমভূমি (২৫ জুন ২০১৬)ত। কবি বিশাল অনুৰাগ। শিৰোনাম: বৰষুণৰ বাটবোৰ প্ৰেমৰ। সাম্প্ৰতিক বিশাল অনুৰাগৰ কবিতা আৰু কণ্ঠ, বিষয়বস্তু চয়ণৰ বৈচিত্ৰ্য আৰু ৰচনা-ৰীতিৰ বৈশিষ্ট্য ৰসজ্ঞ পাঠকৰ বাবে অচিনাকি মুঠেই নহয়। কবিতা দুটাৰ প্ৰকাশৰ দিন একে নহয়। জনমভূমিৰ কবিতাটো আগৰ। অথচ দুজন কবিৰ কবিতা দুটাৰ থীমহে আশ্চৰ্যজনকভাৱে ওচৰৰ। প্ৰকাশভংগীও কিছু আঁতৰৰ। জনমভূমিৰ কবিতাটোৰ চুটি স্কাৰ্ট পিন্ধা ছোৱালী এজনীয়ে যেন প্ৰান্তিকৰ কবিতাটোত স্কাৰ্টটো টানি-টুনি দীঘল কৰিবলৈ যত্ন কৰিছে। বিশাল অনুৰাগে প্ৰান্তিকৰ কবিতাটো পঢ়িছেনে নাইপঢ়া মই নাজানোঁ, প্ৰান্তিকৰ কবিজনেও বিশাল অনুৰাগৰ কবিতাটো পঢ়িছেনে নাই মই নাজানোঁ। মইহে কিন্তু বিশাল অনুৰাগৰ কবিতাটো কেইবাবাৰো পঢ়িলোঁ---প্ৰান্তিকৰ কবিতাটো পঢ়াৰ আগতো, পিছতো; আনকি প্ৰান্তিকৰ কবিতাটো পঢ়ি থাকোতেও। হয়, জোনাকত বুৰ গৈ থাকোতেও আমি জানো সজ্ঞান হৈ নাথাকোঁ---জোনৰ নিজা পোহৰ নাই; এই পোহৰ আচলতে বেলিৰে! সাত. ফেচবুকত কবিতাৰ অনুশীলন আৰু সমালোচনা কোনেও যেনেকৈ অভিধান এখন হাতত লৈ মাতৃভাষাত কথা ক'বলৈ নিশিকে তেনেকৈ কোনেও হয়তো আলংকাৰিক ব্যাকৰণ বা সাহিত্যিক সংবিধান এখন সন্মুখত লৈ কবিতাও নিলিখে। আৰু কাব্য-সমালোচকৰ ভূমিকা প্ৰাথমিকভাৱে এজন কাব্য-ৰসিকৰহে, তেওঁ ন্যায়পালিকা নহয় যে কবি/কবিতাক কাঠগড়াত ঠিয় কৰাই ঔদ্ধত ভাষাৰে ৰায় দিব? পাল্লাত উঠাই কবি/কবিতাৰ ওজন কৰাজন সমালোচক নহয়েই; সেই অপকৰ্মৰ বাবে সমালোচকক গালী-গালাজ কৰি থকাজন চাগৈ শূন্যতে পাখি কোবাই থকা দেৱদূত। কবিতা কবিৰ মাতৃভাষা; তেওঁ নিলিখাকৈ থাকিব নোৱাৰে। অথচ প্ৰতিজন কবিয়েই সকলো সময়তে সকলোৰে বাবে 'ভাল' কবিতা লিখিব নোৱাৰে। ইতিহাসে কয়--সৰ্বকালৰ প্ৰতিষ্ঠিত কবিসকলৰো প্ৰতিজনে পৰা নাছিল। এলিয়টৰ The Waste Land-ৰো ডাল-পাত কলম দিছিল কবি-বন্ধু এজৰা পাউণ্ডে। তাতে, কবিতা মূলতঃ এক পঠন আৰু শ্ৰৱন-বিশেষ যি আকৌ সততে এক de-coding ব্যৱস্থা য'ত পাঠক-সমালোচকৰ স্বকীয় আবেগ-অভিমান-পূৰ্ব ধাৰণা আদিৰ ভিন্নতাই কবিতাৰ বক্তব্যক আওবাটে নিয়াৰ আশংকা এটাও সদায় থাকে। গতিকে আজি এজনে নাকচ কৰা কবিতা এটাও কাইলৈ অন্য এজনৰ দ্বাৰা, আনকি হয়তো একেজনৰ দ্বাৰাও প্ৰশংসিত হ'ব পাৰে। ইতিহাসে কয়, ভৱিষ্যতে সদায় বৰ্তমানক অতিক্ৰম কৰে, যদিও অতীতক বুনীয়াদ হিচাপে লৈয়ে বৰ্তমানে গঢ় লয়। বহুজনে হয়তো ফেচবুকতে কবিতা লিখিবলৈ লৈছে, কী পেডত আঙুলি বুলাইছে। ফেচবুক নাথাকিলে তেওঁলোকৰ বহুতে হয়তো কবিতা নিলিখে; দুৰ্ঘটনাবশতঃ আঙুলীকেইটা নাথাকিলেও লিখিবলৈ অসুবিধা পাব; কিন্তু এই দুৰ্ভাৱনাক মাপ-কাঠি হিচাবে লৈ তেওঁলোকৰ কাব্যিকতাৰ মূল্যায়ন কৰিবলৈ গ'লে নিশ্চয় ভুল হ'ব। ব্যক্তিগতভাৱে মই কবি বা সমালোচক নহওঁ। তথাপি আশা কৰোঁ---কবিতা/সমালোচনাৰ ইতিহাস-ৰীতি-নীতি যিসকলৰ নখ-দৰ্পনত সেই বিজ্ঞসকল নবীন কবি-সমালোচকৰ প্ৰতি সহানুভূতিশীল হওক, তুচ্ছ-তাচ্ছিল্য নকৰি স্বকীয়া প্ৰাজ্ঞতাৰে আঁৰিয়া ধৰি আগবঢ়াই নিয়ক। অৱশ্যে বনৰীয়াৰ পৰা পোহনীয়া হোৱাটোও সভ্যতাৰ এটা ঢাপ। আঠ. কবিতা পঢ়েনে কবিতা পঢ়েনে? আৰু কবিতা-বিষয়ক আলোচনা-সমালোচনাবোৰ? পঢ়েনে কোনোবাই? যদি সঁচাকৈ পঢ়ে, ---কিমানে পঢ়ে? এজন কবিয়ে কৈছিল---কবিতা যিসকলে নপঢ়ে, কবিতা সেইসকলৰ বাবে! কিন্তু কবিতা-বিষয়ক আলোচনা-সমালোচনাবোৰো সিহঁতক নপঢ়াসকলৰ বাবে হয়নে? নিশ্চয় নহয়। তেন্তে এইযে আমি কবিতা এটি পঢ়ি মন্তব্যবোৰ লিখোঁ, লিখিয়েই থাকোঁ সদায়, ---কাৰ বাবে লিখোঁ? কিয় লিখোঁ? মই কিন্তু নিজৰ বাবে পঢ়োঁ। নিজৰ বাবেই লিখোঁ। কবিতা পঢ়ি ভালপাওঁ বাবে ভাললগাখিনি কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যায় বাবে লিখোঁ। সাম্প্ৰতিক কবিতা কাব্যৰসিকৰ যথেচ্ছা বিহাৰ নহয়, বৰঞ্চ এক পৰিশীলিত মৰ্যাদাপূৰ্ণ কলা বুলি বিশ্বাস কৰোঁ বাবে দেশ-বিদেশৰ কাব্য-সাহিত্যত উৎকৃষ্ট বুলি বিবেচিত সমলবোৰ আমাৰ কবিতাত পুনৰাৱিস্কাৰ কৰিবলৈ লিখোঁ। ব্যক্তিগত পৰ্যায়ত মোৰ বাবে গুৰুত্বপূৰ্ণ কথা একোটা বহু বিজ্ঞজনৰ বাবে গুৰুত্বপূৰ্ণ নোহোৱাই স্বাভাৱিক। তেন্তে মই নক'লেনো কি হয়? নিলিখিলেনো কি হয়? একেষাৰে----হয়তো একো নহয়! সংগৃহীত


No comments:

Post a Comment