Tuesday, May 14, 2019

*** আত্মসন্তুষ্টি অন্য এক নাম ইশ্বৰ বিশ্বাস **(আত্ম বিশ্লেষণ ) বহু লোকে মোক প্ৰশ্ন কৰে আপুনি ইশ্বৰক বিশ্বাস কৰে নে ? মই একেষাৰতে কব বিচাৰো মই ইশ্বৰ বিশ্বাস নকৰো বা ইশ্বৰ ভক্ত বা নাস্তিক ও নহও । কাৰণ মই সদায় মোৰ শৰীৰৰ সন্মুখ অংশ দেখি আহিছো আৰু নিজ চকুৰে দেখা অংশ টো বিশ্বাস কৰো আৰু সেই অংশ সমূহ বিষয়ে সম্পূৰ্ণ বাখ্যা দাঙিব পাৰিম । কিন্তু মোৰ শৰীৰৰ পিছ অংশ মানে পিঠি অংশ টো সম্পূৰ্ণ ভাৱে দেখা পোবা নাই আৰু সেই অংশটো চাবলৈ চেষ্টা কৰা নাই বাবে মতামত দিব নোবাৰিম বাবে আনে কলেও বিশ্বাস নকৰো । সেইদৰে ইশ্বৰ ক্ষেত্ৰত মই কিছু অবাস্তব ধাৰণা বা যুক্তি কথা শুনিবলৈ নিবিচাৰো আৰু বিশ্বাস নকৰো । এই ক্ষেত্ৰত ইয়াৰ অৰ্থ এইটো নহয যে মই নাস্তিক । মানুহে সমাজ পাতি বসবাস কৰা দিনৰপৰা আত্ম সন্তুষ্টিৰ বাবে হক বা শান্তি, সম্প্ৰতি, সমৃদ্ধি, ঐক্যবদ্ধ বাবে হক ইশ্বৰ শব্দটো প্ৰয়োগ কৰি নানা নাম দি পৰম্পৰাগত ভাৱে বিভিন্ন ধৰণৰ ৰীতি নীতি জড়িয়তে ইশ্বৰ সন্ধান বা বিশ্বাস কৰি আছে আৰু কৰি গলে আত্ম সন্তুষ্টি লাভ উপায পাই তেন্তে সেই ক্ষেত্ৰত একো নাই । কিন্তু ইশ্বৰ শব্দটো প্ৰয়োগ কৰি গুৰামি , দাম্ভকতা,অযুক্তিকৰ তত্ত্ব বাখ্যা জড়িয়তে সমাজত নিজকে সৰ্বজ্ঞানী বুলি প্ৰতিস্থা কৰিব বিচৰা ক্ষেত্ৰত অসন্তুষ্ট । সমাজত এনে বহুতো ব্যক্তি আছে যিসকলে দুখনমান ধৰ্ম পুথি অধ্যয়ণ কৰি ইশ্বৰক যেন সাক্ষাৎকাৰ কৰা লগতে দৰ্শন কৰি আহিছে । বিজ্ঞানেও কৰিব নোৱাৰা যুক্তি প্ৰদৰ্শিত কৰি তেওঁলোকক ইশ্বৰ স্বৰূপ হৈ পৰা যুক্তি প্ৰদৰ্শন কৰি সমাজ সমূহ পৰিচালনা কৰা পৰিলক্ষিত । তেওঁলোকৰ যুক্তি খন্ডন কৰিব নোবাৰা সকল ভক্ত হৈ অন্ধকাৰ জগতত প্ৰৱেশ কৰা হাজাৰ হাজাৰ উদাহৰণ বৰ্তমান সমাজত উল্লেখযোগ্য উদাহৰণ হব । মানবতা কল্যান নামত ইশ্বৰ শব্দ প্ৰতিষ্ঠা কৰা বিপৰীতে মানবতা ধবংস কৰা বাবে এচাম লোকে ঈশ্বৰ শব্দটো প্ৰয়োগ কৰি ইশ্বৰ নামত একো একোটা বৃহত্তম ব্যবসায দোকান খুলি বহি থকা আমি সকলোকে জানো যদি আপত্তি নকৰো । কাৰণ আমি আমাৰ আত্ম সন্তুষ্টি বাবে ঈশ্বৰক বিশ্বাস কৰো । দহজন আগত নিজকে ধাৰ্মিক হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা বাবে এচাম লোকে ইশ্বৰ দোকান খুলিবলৈ সুবিধা লাভ কৰিছে । সেইসকলে ইশ্বৰ দৰ্শন কৰা পিছতো লোভ -মোহ ত্যাগ কৰিব নোৱাৰে; ইয়াৰ মূলত দোষ আমাৰ বিনা ঘোচত ইশ্বৰে চকু মেলি নাচায বাবে আমি ঘোচ আগবঢাও । যেনে -- অমুক কামটো বাবে অমুকটো দিম । আৰু যেতিয়া আপুনি সন্তুষ্ট লাভ কৰি সেইটো কাৰোবাক সাক্ষী কৰি দিবলৈ আগবাঢ়িব সেই সময়ত আপুনি ভবা দৰে অঙ্কটো নহয়গৈ । কাৰণ সাক্ষী সকলেও ইশ্বৰ সাক্ষী এনেই নহয তেওঁলোকৰ বাবে ইশ্বৰে কিছুমান ৰীতি নীতি বান্ধি দিছে যিবোৰ ইশ্বৰ ক এবাৰ দেখুৱাই নিজৰ নিজৰ বেগটো ভৰ্তি কৰা হয । অন্যহাতে আপুনি সেইবোৰ পৰিশোধ কৰিবলৈ বাধ্য কাৰণে ইশ্বৰক আপুনি ঘোচ দিম বুলি আশা দিছিল নহলে আপুনি পাপ পৰাতকৈ শান্তি ৰে থাকিব নোৱাৰে এই কাৰণে আপুনি আত্ম সন্তুষ্ট লাভ কৰিব বাবে সেইবোৰ দিব লাগিব । জীবনত আত্ম সন্তুষ্টি লাভ কৰিব হলে নিজৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যক্ষ ভাৱে চাই নিজকে পুবা গধূলি এবাৰ বিশ্লেষণ কৰক । আৰু ভুল বোৰ সংশোধন কৰি মানব কল্যান হকে চিন্তা কৰিলে ইশ্বৰক পাব ।


No comments:

Post a Comment