Thursday, March 28, 2019
** নাথ বা যোগী সম্প্ৰদায় চমু আভাষ (2) ** ( যোৱা সংখ্যা পিছত) নাথ সকল ত্ৰয়োদশ বা পঞ্চদশ শতিকাৰ আগভাগৰ পৰাই অসমত বসবাস কৰি ( ইতিহাসে বঙ্গ দেশৰপৰা অহাটো ডাঙি ধৰে) জীবিকা নিবাহৰ বাবে পাট পলু পুহি আথিৰ্ক দিশটো ভাৰসাম্য ৰক্ষা কৰিছিল ৷ আগৰ সংখ্যা উল্লেখ কৰিছিলোঁ যদিও পুণ বল্লালসেনৰ ৰাজত্ব কালৰ ( 1158AD - 1169 AD) বণৰ্না দিয়া ""বল্লাল চৰিত্ৰ ""ত উল্লেখ ৰ মতে ব্ৰাক্ষণ সকল ব্ৰক্ষাৰ মূখৰ পৰা, ক্ষত্ৰিয় স্কন্ধৰ পৰা,বৈশ্য উৰুৰ পৰা,শূদ্ৰ ভৰিৰ পৰা, পুলস্ত্য সোঁ কাণৰ পৰা,পুলহ বাওঁ কাণৰ পৰা, অত্ৰি সোঁ চকুৰ পৰা,ক্ৰত বাওঁ চকুৰ পৰা আৰু একাদশ ৰূদ্ৰ ( নাথ বা যোগী) ব্ৰক্ষাৰ কপালৰ পৰা জন্ম বুলিও উল্লেখিত ৷ আগাম সংহিতাৰ মতে--- ""নামযোগী পঞ্চবিপ্ৰা যোগ যোগী সহস্ত্ৰশঃ বিন্দু নাথ মমকায়ঃ তস্মাৎ যোগী নিৰঞ্জণ ঃ ৷ অনাদি গোত্ৰ যোগী চ উৎপত্তি ৰুদ্ৰ কুলকে ত ত্ৰৈব শিৱ গোত্ৰস্য কাশ্যপ গোত্ৰে বিবাহিতং ৷ **************************************** যোগীদেহং ভস্মং কৃত্বা স যোগী নৰকং ব্ৰজেৎ ৷৷ "" অন্যহাতে প্ৰাচীন ভাৰতত একমাত্ৰ ব্ৰাক্ষণেই সাধনা বা তপস্যা কৰিব পাৰিছিল ৷ অন্য সকলৰ বাবে নিষেধ আছিল ৷ যিহেতু সন্যাসী নাথযোগী ( নাদজ) আৰু গৃহস্থী নাথযোগী ( বিন্দুজ) সকলে সাধনা কৰি ব্ৰক্ষজ্ঞান লাভ কৰে ৷ সেইবাবে তেওঁলোক শ্ৰেষ্ঠ ব্ৰাক্ষণ ৷ নাথ বা যোগী সকলক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি (1) সাধাৰণ যোগী (2) জাতত যোগী ( 3) সন্যাসী যোগী ৷ শাপ আৰু সাপ, যুগী আৰু যোগী শব্দৰ বৰ্ণবিন্যাস আৰু অৰ্থ নজনা বাবে বহুলোকে নাথ বা যোগী সম্প্ৰদায় লোক সকলক সাপ খোৱা যোগী বুলি মৌখিক প্ৰতিফলন ঘটা দেখা যায় ৷ আচলতে ইয়াৰ এক কাহিনী আছে বশিষ্টৰ শাপত শাপ ভ্ৰষ্ট হৈছিল যোগী বা নাথ সম্প্ৰদায় ৷ শ্ৰীমন্ত শংকৰ দেব আৰু শ্ৰীশ্ৰী মাধৱ দেবে পঞ্চদশ শতিকাত নববৈষ্ণৱ ধৰ্ম প্ৰচাৰত ব্ৰাক্ষণ্য ধৰ্মৰ দ্বাৰা বহু বাধাৰ সন্মুখীন হব লগাত পৰিছিল ৷ বহুলাংশে নাথ ধৰ্মও অৱলুপ্তিৰ পথত অগ্ৰসৰ হৈছিল ৷ আৰ, চি,মজুমদাৰ ৰ মতে ""নাথ সকল ক্ৰমে লাহে লাহে তেওঁলোকৰ চৰিত্ৰৰে উন্নয়ণ সাধণ কৰি নাথ পন্থাৰ উদাসীন সন্নাসীৰ আশ্ৰম ব্যবস্থা পৰিত্যাগ কৰি হিন্দু সমাজত বেলেগ জাতি হিচাপে প্ৰতিষ্ঠা হল ৷ নাথ সকলে বৰ্ণবাদক অগ্ৰাহ্য কৰে ৷ মূৰ্ত্তি পূজা নামানে, বিধি বিধান থকা ব্ৰাক্ষণ ধৰ্মক কৃত্ৰিম মিছা ধৰ্ম বুলি অভিহিত কৰে ৷ শিক্ষা, সংস্কৃতি আৰু ধৰ্মৰ ওপৰত গোড়া ব্ৰাক্ষণ্যবাদৰ নিস্পেষণৰ বিপৰীতে একপক্ষীয় আধিপত্যৰ মুক্তি পাবলৈ নাথ সকল সচেতন৷ """ ( বন্ধুবৰ্গৰ অনুৰোধ ক্ৰমে নাথ বা যোগী সম্প্ৰদায় সম্পৰ্কে কিছু আভাষ সংগ্ৰহ আৰু সাম্য জ্ঞানে লিখিছোঁ ৷ বিৰ্তক নকৰি ভূলসমূহ আঙুলিয়া দিব ৷)
Wednesday, March 27, 2019
*** মৰমৰ বহনালৈ বুলি মুকলি চিঠি ----------****** ""তাঁতৰ পাতত বহি ভৰি গৰকাতে তই চেনাই আহিবি এই বহাগতে ৷ """ মৰমৰ বহনা তাহানিতে আমাৰ গাওঁৰ হুচৰি দলটো তুমি গোবা গীতটিয়ে বৰকৈ আজি আমনি কৰে ৷ আজি অতীতৰ গাঁওখনলৈ বৰকৈ মনত পৰে ৷ একবিংশ শতিকা গৰকা নগৰাঞ্চলৰ সমাজ ব্যবস্থাৰ মাজত আবদ্ধ হৈ পৰি নিজা গাঁওখনৰ কথা পাৰহি যাওঁ কেতিয়াবা ৷ ফাগুনৰ পচোৱা বতাহজাকে উৰুৱা ফুৰা মনটোলৈ তাহানি বহু জল্পনা কল্পনাত হয়টো ব্যস্ত হৈ ৰং ধেমালি কৰি সময়বোৰ পাৰ কৰিছিলোঁ ৷ গাঁওৰ প্ৰতিঘৰৰ চোতালত থকা তাঁতশাল খনে এটা সময়ত গাঁওৰ বোৱাৰী - জীয়াই সকলোকে ব্যস্ত কৰি আনন্দ দিছিল কিজানি!!! আজি সেই আনন্দবোৰ নোহোৱা যেন পৰিলক্ষিত হয় ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰৰ দেবৰ মহান সৃষ্টিৰাজি ""বৃন্দাবন বস্ত্ৰ "" খনে অসমীয়া শিপিনি তাঁতশালৰ আৰম্ভনি বুলি অনুমান কৰিব পৰা যায় ৷ তাঁত শালৰ চাৰিটা খুটা, গাৰি,মুঠি,মকৰা,চেৰী,ফুলচেৰী,মহুৰা,যতঁৰ,গৰকাবাৰী,চেৰেকী,বলন দিয়া, ববিন,সৰুকাঠি ইত্যাদি অসমীয়া শিপিনি চিৰ পৰিচিতত ৷ তাঁতশালত সৃষ্টি গামোচাখন অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক ৷ বহনা আমাৰ অসমৰ নামনি ফালে গামোচাখনক গাম্চা,মক্চা,বা দুহেইটা আদি নামেৰে পৰিচিতত ৷ এই গামোচাখন ব্যবহাৰৰ ওপৰত নিৰ্ভৰ কৰি পানী গামোচা, তামোল গামোচা, বিহুবান আদি নামেৰে নামাকৰণ কৰা হয় ৷ আমাৰ নামনিত আকৌ বিয়া আদি কাৰ্য্য বাবে আনাকাটা গামোচা ব্যবহাৰ কৰা হয় ৷ বহনা তাহানিতে বিহুগীত জুৰিছিলা ------- "" ৰাতি দুপৰলৈ কাটি সূতালাহী ধনলৈ বিহুবান বলো ৰঙাকৈ আঁচুৰে বাছি পানে কটা টিপতে লুকুবাই থলোঁ ৷ """ বহনা জাপি অসমৰ অন্যতম লোককলা ৷ আমাৰ গাঁও অঞ্চলত ব্যবহাৰ অনুযায়ী জাপি তিনি প্ৰকাৰৰ ৷ সেইবোৰ হল --- উকা জাপি, বৰ জাপি আৰু ফুলাম জাপি ৷ উকা জাপি ছাতি সলনি, বৰ জাপি ডা- ডাঙৰীয়া অথবা সম্ভান্ত লোকৰ সন্মানাৰ্থে, ফুলাম জাপি অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপে ব্যবহাৰ কৰা হয় ৷ সেইহে গোবা হয় ---- "" সৰুদৈয়া জাপি দুহাতে ঘুৰাই ঘুৰাই, নাচিলি নচুবালি মোক ------ "" আজি অতীতৰ বিহু হুচৰি দলটোলৈ বৰকৈ মনত পৰে অ বহনা ৷ গতিকে শেষত বিহুগীত ফাকিৰে আজিলৈ সামৰনি মাৰিছোঁ --------------- "" বৰ নৈ শুকালে মাছৰে বেজাৰত ৰঙা নৈ শুকালে কিয় মই চেনাই খীনাইছো তোমাৰে বেজাৰত তুমি খীমাইছা কিয় """
Wednesday, March 20, 2019
তোমালৈ বুলি এখন চিঠি ়়়়় মৰমৰ, স্নেহৰ, শ্ৰদ্ধা, প্ৰিয়তম আদি শব্দবোৰ প্ৰায় নোহোৱা হল চিঠিবোৰ যেন কোনেও গুৰুত্ব নিদিয়া হল ডাকোৱা জনও আজি কালি আমাৰ গাওঁলৈ অহা সেৰেঙা হল তথাপিও তোমালৈ বুলি এখন চিঠি লিখিবলৈ মন গল ৷ তোমাৰ জানো মনত আছে এল পি স্কুলৰ পাটী বহি তোমালৈ বুলি লিখা চিঠি খনৰ কথা!! টুকুৰা কাকত খনত যে লিখা আছিল "" প্ৰিয়তমা ভাল নে তোমাৰ? তোমাৰ অবিহনে মোৰ জীৱনটো আধৰুৱা ৷ "" তুমিযে বৰ ভয় খাইছিলা বাইদেউ হাতত চিঠি টুকুৰাটো দি বহু সময় চিঞৰী চিঞৰী কান্দিছিলা সেই খনেই আছিল মোৰ জীৱনৰ প্ৰথম নীলা খামৰ চিঠি তোমালৈ বুলি ৷ নীলা নীলা চৰাই নীল আকাশত উৰি যায় তোমালৈ লিখা চিঠিবোৰে অতীতটোক সোৱঁৰাই ৷ অতি হেঁপাহে বাট যাওঁ ডাকোৱা জনলৈ পাওঁ নেকি তোমাৰ পৰা নীলা খামৰ চিঠি বহু আশালৈ ৷ আজি ব্যস্ততা মাজত থাকি চিঠি লিখিবলৈ সময় নোহোৱা হল হাতত থকা মবাইটোৰ এচ এম এচ বোৰ একোখন যেন চিঠি হৈ গল ৷ প্ৰিয়তমা ভাল নে তোমাৰ? চিঠি লিখিবলৈ ভাষাবোৰ নোহোৱা হৈ গল চিঠি মাজত লিখা কবিতা বোৰৰ ভাষা বোৰ লুপ্ত হল তথাপিও তোমালৈ বুলি চিঠি এখন লিখিব মন গল ( বি: দ্ৰ: কবিতা লিখা প্ৰয়াস কৰিছোঁ গতিকে ভুল সমূহ দেখুৱাই দিৱ বুলি আশা কৰিলোঁ ৷)
*** হৰ্ষ, উল্লাস আৰু সদ্ভাব প্ৰতিছবি উৎসৱ ফাকুৱা বা হোলী ****** "" ৰংগে ফাগু খেলে চৈতন্য বনমালী দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী ৷৷ ----শ্ৰীমন্ত শংকৰদেব অসমত শ্ৰীমন্ত শংকৰদেবৰ 21 বছৰ বয়সত বৰদোৱাত তেওঁ নিজে দৌল উৎসব আৰম্ভনি কৰিছিল ৷ ফাকুৱা বা হোলী বিভিন্ন নামে জনা যায় সেইবোৰ হল --- হোলী,ফাকুৱা,ফলগু,বসন্তোৎসব ,মদনোৎসব, হোলিকা দাহন, দেউল উৎসব ইত্যাদি ৷ এই উৎসৱৰ বিষয়ে বিভিন্ন কাহিনী পোৱা যায় ৷ যেনে - পুৰাণত উল্লেখিত অনুসৰি এসময়ত ধুন্দা নাম ৰাক্ষসী এগৰাকীয়ে বহু উপদ্ৰব কৰিছিল ৷ সেই উপদ্ৰবৰ পৰা হাত সাৰিব বাবে ফাগুন মাহৰ পূৰ্ণিমা তিথি দিনা সন্ধিয়া সময়ত সকলোবে গাত নানা তৰহৰ ৰং সানি একে লগে চিঞৰ বাখৰ কৰি ৰাক্ষসী খেদি গৈছিল আৰু ধুন্দা নাম ৰাক্ষস গৰাকীয়ে ভয়তে পলাইছিল ৷ আৰু তেতিয়া পৰা ফাকুৱা উৎসব আৰম্ভ হয় বুলি কব বিচাৰে ৷ সেইদৰে জনবিশ্বাস মতে কুৰুক্ষেত্ৰ যুদ্ধত শৰশষ্যাত থকা ভীস্মদেবক ইচ্ছা মৃত্যু পিছত ফাকুব দিনা দহন কাৰ্য সম্পন্ন কৰিছিল ৷ অন্যএক জনবিশ্বাসৰ মতে হিৰণ্যকশিপুৰৰ ভনীয়েক হোলীকাই নিজা কোলাত প্ৰহ্লাদক লৈ জুইমাজত বহোতে নিজা অংহকাৰ কথা বুজি প্ৰহ্লাদক ক্ষমা প্ৰৰ্থনা বিচৰাত প্ৰহ্লাদে ফাগুন ফাকুৱা দিনটো হোলী দিন হিচাপে সকলোবে স্মৰণ কৰিব বুলি বৰ দিছিল ৷ গতিকে ফাকুবা প্ৰথম দিনটো হোলিকা দহন দিন বা সৰুহোলি দিন হিচাপে পালন কৰা দেখা যায় ৷ ঠিকসেই দৰে পাৰ্বতীয়ে মহাদেব শিব স্বামী হিচাপে পাবলৈ তপস্যাত ব্ৰত থকা সময়ত মহাদেবও গম্ভীৰ তপস্যাত মগ্ন আছিল ৷ দেবতা সকলে ঘটনাটো গম্ভীৰভাবে লৈ মহাদেবৰ তপস্যা ভংগ কৰিব বাবে কামদেবক কামবান নিক্ষেপ কৰিব কয় ৷ তেতিয়া মহাদেব ক্ৰোধ হৈ ত্ৰিনয়নৰ জডিয়তে কামদেবক ভস্মীভূত কৰিছিল ৷ গতিকে ফাকুৱা দিনটো কাম দহন দিন হিচাপেও পালন কৰা দেখা যায় ৷ সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ,ত্যাগৰ প্ৰতিনিধিত্ব দিন হিচাপে কাম দহন দিনা পালন কৰা হয় ৷ আকৌ হোলী উৎসৱৰ উপলক্ষে গোৱা গীতবোৰত যথেষ্ট প্ৰানবন্ত আৰু উদ্দীপনাময় কৃষ্ণ লীলাৰ সাবলীল বৰ্ণনা পোৱা যায় ৷ যিকি নহওঁক কিয় হৰ্ষ,উল্লাস আৰু সদ্ভাব প্ৰতিছবি হোলী বা ফাকুৱা উৎসব ৷ অতীতত গছৰ ফুল, ফল, মূল আদি জডিয়তে ৰং প্ৰস্তুত কৰি ৰং এজনে আনজনক সানি আনন্দ লাভ কৰিছিল ৷ বৰ্তমান বিভিন্ন ধৰণ ৰসায়নিক সামগ্ৰী দ্বাৰা প্ৰস্তুত কৰা ৰং গুৰিবোৰ পৰা আনন্দ মাজত আমাৰ শৰীৰত বিষ বিষপাব পাৰে ৷ গতিকে ৰং আনন্দ কৰিব যাওঁতে সাবধানতা অৱলম্বন কৰা উচিত ৷
Sunday, March 17, 2019
এখন শৰাই দিয়া এটা পৰম্পৰা বা ধৰ্মীয় নীতি। এনেদৰে আগবঢ়োৱা মাহ প্ৰসাদৰ শৰাইত আছে অসমীয়া জাতীয় জীৱনৰ সমাজ নীতি, কৃষিনীতি, নৈতিকতাৰ আদৰ্শ আৰু খাদ্য নীতিৰ এক সুন্দৰ বিজ্ঞানসন্মত সমাহাৰ। প্ৰসাদত থকা ঔষধি গুণবোৰ এনেধৰণৰ- #মগুমাহ মগুমাহ হৈছে পুষ্টিকাৰক, শক্তিবৰ্ধক। মগুমাহ খালে কফ-পিত্তনাশ হয়। চকুৰ দৃষ্টি শক্তি বাঢ়ে। #বুটমাহ বুটমাহ হৈছে শক্তি বৰ্দ্ধক। বুট আৰু মগুমাহত উচ্চ মত্ৰাত প্ৰোটিন থাকে। ইয়াৰ ঔষধি গুণ হৈছে-ই তেজ বৃদ্ধি কাৰক, বাত-বিষ নিবাৰক। বুটে ৰক্ত দোষ নাশ কৰে। ইয়াৰ উপৰি বুট মাহ খালে শৰীৰৰ শক্তি বাঢ়ে। বুট মাহত বিশেষকৈ ভিটামিন ‘এ’ আৰু ‘চি’ অধিক পৰিমাণে থাকে। সৰুতে আমাক আয়ে ৰাতি পাত্ৰত বুট তিয়াই তাৰ পানী ৰাতিপুৱা খাবলৈ দিছিল। ইয়াৰ কাৰণ আছিল বুট তিওৱা পানী খালে শক্তি বৃদ্ধি হয়, মুখৰ ৰ্ং উজ্জ্বল হয় আৰু ছালৰ সৌন্দৰ্য বাঢ়ে। #আৰৈ_চাউল ই হজম শক্তি বৃদ্ধি কৰে। অম্ল ৰোধকাৰী হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। আগতে মানুহে মাহ প্ৰসাদৰ উপৰি ৰাতিপুৱা আৰৈ চাউল আৰু দুবৰি বনৰ ৫ টা আগ চোবাই খাইছিল।। ইয়াৰ দ্বাৰা পিত্ত নাশ হয় বুলি কোৱা হৈছিল। আমাক সৰুতে গধুলি আৰৈ চাউল বা আহু চাউল তিয়াই থৈ শুকান নাৰিকল সৰু সৰুকৈ কাটি তাত অকণমান নিমখ দি খাবলৈ দিছিল। এনেদৰে চাউল নাৰিকল চোবাই খোৱাৰ ফলত দাঁতৰ গুৰি বহি যায়, দাঁত টান আৰু মজবুত হয় বুলি কোৱা হয়। ইয়াৰ উপৰি কেঁচা আৰৈ চাউলত ফ্লৰিণ কিছু পৰিমাণে থাকে। ই হাড়ৰ বেমাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে। #নাৰিকল মাহ প্ৰসাদত নাৰিকল নহ’লে নহয়। মাহ প্ৰসাদৰ লগত সৰু সৰুকৈ নাৰিকল কুটি দিয়া হয়। দীঘলকৈ কাটিও প্ৰসাদৰ শৰাইত উপকৰণ ৰুপে দিয়া হয়। পূজা পাৰ্বন আদিতো নাৰিকল অপৰিহাৰ্য। বৈষ্ণো মাতা মন্দিৰত আকৌ নাৰিকল প্ৰসাদ হিচপে আগ বঢ়োৱাৰ নিয়ম। নাৰিকল ভাৰতৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত অতি জনপ্ৰিয় ফল। নাৰিকল গুৰুপাকী, পুষ্টিকাৰক আৰু শীত বীৰ্জ গুণ সম্পন্ন। ই পিত্তজনিত ৰোগ নাশ কৰে। #কল কল খালে বল হয়। পকা কলত থাকে ক, খ, গ ভিটামিন আৰু ‘নিয়াচিন’ নামৰ এবিধ পদাৰ্থ। কলত থাকে কাৰ্বোহাইড্ৰেট আৰু কেলচিয়াম। কল হজমকাৰী, সুস্বাদু ফল। কল শুক্ৰবৰ্দ্ধক, বলকাৰক আৰু ই খোৱাৰ ৰুচি বৃদ্ধি কৰে। কলৰ বহুতো ঔষধি গুণ আছে। ই তৃঞ্চা নাশক, পিত্ত নাশ কাৰক আৰু শক্তি বৃদ্ধিকাৰক। চৰ্বি বৃদ্ধি কৰাত কল বিশেষ সহায়ক হয় বুলি কোৱা হৈছে। গতিকে মাহ প্ৰসাদৰ শৰাইখনত কল নহ’লে উপকৰণ সম্পূৰ্ণ নহয়। শৰাই এখনি আগবঢ়াবলৈ হ’লে কল অপৰিহাৰ্য। #আদা আদা হজম শক্তি বৃদ্ধি কাৰক গুণ সম্পন্ন। ই গুৰু, তীক্ষ্ণবীৰ্য, বাত, কফ, পিত্ত নাশকাৰক, উত্তম ঔষধি গুণ থকা মছলাজাতীয় দ্ৰব্য। আদাই হজম শক্তি বৃদ্ধি কৰে। সেয়েহে কেতিয়াবা পেটৰ অসুখ হ’লে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খাবলৈ দিয়া হয়। কুষ্ঠ, পাণ্ডু ৰোগ বাত বিষ, দাঁতৰ বিষ, দাঁত ফুলা আদি ৰোগৰ উত্তম ঔষধ। দাঁতৰ গুৰি উখহি উঠিলে তাত আদা বটি লগালে বিষ নাইকীয়া হয়। #নিমখ নিমখ এবিধ হজম শক্তি বঢ়োৱা লুণীয়া বস্তু। মাহ প্ৰসাদত এই নিমখ দিয়াটো অত্যন্ত জৰুৰী। নিমখ বা চেনি মিহলাই দিলে মাহ প্ৰসাদখিনি খাবলৈ সোৱাদ হয় আৰু আদা আৰু নিমখে ইয়াক হজম কৰাত বিশেষ সহায় কৰে। #তিয়ঁহ মাহ প্ৰসাদৰ শৰাইখনত তিয়ঁহৰ উপকৰণ দিয়াটোও এটা নিয়ম। এই তিয়ঁহত পটাচিয়াম যথেষ্ট থাকে। শৰীৰৰ বিষ, কোষ্ঠ্য কাঠিন্য আদি নাইকীয়া কৰে। চৰ্মৰোগ, স্নায়ু দুৰ্বলতা, পেট জ্বলা পোৰা কৰা আদি ৰোগ নিৰাময় কৰে। তিয়ঁহ বমি নাশক এবিধ উত্তম ঔষধি গুণ সম্পন্ন খাদ্য। সহজলভ্য তিয়ঁহ পাচলি ৰুপেও ব্যৱহাৰ কৰা হয়। তিয়ঁহত পানীৰ পৰিমাণ অধিক থাকে। #কুহিয়াৰ কুঁহিয়াৰ নৈবদ্যৰ এবিধ অতি লাগতিয়াল উপকৰণ। কুঁহিয়াৰ খালে দাঁতৰ শক্তি বাঢ়ে। শৰীৰ শীতল হয় আৰু পেচাব পৰিস্কাৰ হয়। ●মাহ-প্ৰসাদৰ শৰাইত দিয়া উপকৰণৰ কথাহে ইয়াত উল্লেখ কৰা হৈছে। বাকী দামী উপকৰণ, যিবোৰ সৰ্বসাধাৰণ ৰাইজে সহজতে যোগাৰ কৰিব নোৱাৰে সেইবোৰৰ কথা এৰা হৈছে। উৎস : ধনেশ্বৰ হুজুৰি, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন ●●●অনুগ্ৰহ কৰি পেজটো লাইক কৰিব ●●●
Saturday, March 16, 2019
মই কোন?? মই কোনো বুলি সুধিছা সচাঁই সুধিবা মোক সদায়ই মই কোন? মই কোন? মই এজন ক্ষুদ্ৰ খেতিয়ক বুলি কৱলৈ নিজকে লাজ লাগে নদী দাঁতি কাষৰীয়া খেতি মাটি কেইডৰা বলীয়া বানে বাৰে বাৰে নষ্ট কৰে কোনো মতে দুবেলা দুমুঠি পাম বুলি আশা কৰা খেতি মাটি কেইডৰা নিৰাশ কৰে ৷ তেন্তে মই কোন? কোন মই? মই এজন দক্ষ শ্ৰমিক বুলি কৱলৈ নিজকে লাজ লাগে কাৰন নিদিষ্টকৈ শ্ৰমদান কৰিবলৈ শ্ৰমদান কৰি পৰাকৈ একোটা স্থান বা লক্ষ্য মোক লাগে কিন্তু সেইয়া মোৰ বাবে অসম্ভৱ হৈ পৰে শ্ৰমদান কৰিলেহে পাঘৰ চৌকাটো জ্বলে ৷ তেন্তে মই কোন? মই কোন? মই নহয় কোনো কবি সাহিত্যক গল্পকাৰ, উপন্যাসিক অথৱা প্ৰবন্ধকাৰক মই নহয় কোনো নেতা অথৱা পালি নেতা যাকলৈ নোৱাৰোঁ নিজা পৰিচয় তোমাক দিবলৈ!! তেন্তে মই কোন তুমি সুধিছাঁ সচাঁই সুধিৱা মোক সদায়ই মই কোন? কোন মই? নহওঁ মই খেতিয়ক, শ্ৰমিক, কবি সাহিত্যক নহওঁ মই নেতা পালিনেতা অথৱা দেশৰ ৰজা মই মাথো ধৰিত্ৰীৰ বুকু এটি মাথোঁ ক্ষুদ্ৰতম ধূলিকনা ৷ আহিবানে তুমি সদায়ই সুধিৱা নে সঁচাই ""তুমি কোন বুলি? "" তুমি আহিৱা সদায়ই আঁকিৱা সঁচাই এটি বিষাক্ত পখিলা ছৱি ৷
সকলোৰে জানিব লগীয়া কিছু কথা,,১)চাৰিবেদ- ঋ্ক,যজু,সাম আৰু অথৰ্ব্ব। ২)চাৰিধাম-শ্ৰীজগন্নাথ, শ্ৰীদ্বাৰিকানাথ,শ্ৰীৰামনাথ আৰু শ্ৰীবদৰিনাথ (বদৰিকাশ্ৰম)। ৩)চাৰিশৰণ-দেৱ,গুৰু,নাম আৰু ভকত। ৪)চাৰিসিদ্ধি-সনক,সনন্দ,সনতকুমাৰ আৰু সনাতন। ৫)চাৰিঅস্ত্ৰ-শঙ্খ,চক্ৰ,গদা আৰু পদ্ম। ৬)চাৰিপুৰুষাৰ্থ-ধৰ্ম্ম,অৰ্থ,কাম আৰু মোক্ষ। ৭)বিষ্ণুৰ দশ অৱতাৰ- মৎস্য,কুৰ্ম্ম,বৰাহ,নৰসিংহ,বামন,পৰশুৰাম,হলিৰাম,শ্ৰীৰাম,বুদ্ধ আৰু কল্কি। ৮)দশপ্ৰাণ-প্ৰাণ,অপান,সমান,উদান,ব্যান,নাগ,কৃকৰ,কূৰ্ম্ম,দেৱদত্ত আৰু ধনঞ্জয়। ৯)সাত পাতাল-অতল,বিতল,সুতল,তলাতল,মহাতল,ৰসাতল আৰু পাতাল। ১০)সাত বৈকুন্ঠ- শ্বেতবিলাস,চিত্ৰবিলাস,কুপিনীবিলাস,অম্বৰুবিলাস,পুষ্পবিলাস,কনকদন্তবিলাস আৰু পঙ্কজবিলাস। ১১)অষ্টাঙ্গ যোগ-যম,নিয়ম,আসন,ধ্যান,ধাৰণা,প্ৰাণায়ম,প্ৰত্যাহাৰ আৰু সমাধি। ১২)ছয় ৰিপু -কাম,ক্ৰোধ,লোভ,মোহ,মদ আৰু মাৎসৰ্য্য। ১৩)ছয় ভক্ত-উদ্ধৱ,মৈত্ৰেয়,বিদুৰ,হনুমান,বিভীষণ আৰু জাম্বৱন্ত। ১৪)বাৰ বৈষ্ণৱ- ব্ৰহ্মা,মনু,হৰ,কপিল,কুমৰ,শুক,ভীষ্ম,বলি,যম,জনক,নাৰদ আৰু প্ৰহ্লাদ। ১৫)অষ্ট ঐশ্বৰ্য্য- অনিমা,লঘিমা,প্ৰাপ্তি,প্ৰকাম্যা,ঈশিতা,মহিমা,বশিতা আৰু কাম্যা। ১৬)অষ্ট প্ৰকৃতি- পৃথিৱী,জল,বহ্নি,বায়ু,আকাশ,অহঙ্কাৰ,মন আৰু বুদ্ধি । ১৭)চৈধ্যশাস্ত্ৰ -শিক্ষা,কল্প,জ্যোতিষ,মীমাংসা,ন্যায়,নীতি,দণ্ড,ব্যাকৰণ,আয়ুৰ্ব্বেদ,স্মৃতি,নিৰুক্তি,গান্ধৰ্ব্ব,ধনুৰ্ব্বেদ আৰু কাব্য। ১৮)চৈধ্য পাৰিষদ- সুনন্দ,কুমুদ,নন্দ,পুষ্পদন্ত,প্ৰবল,বিজয়,জয়,উজ্বল,জয়ন্ত,বিশ্বসেন,কুমুদাক্ষ,শ্ৰুতদেৱ,গৰুন্দ আৰু সাত্যকি। ১৯)বাৰ বনৰ নাম- নালবন,তমালবন,কুঞ্জবন,মুঞ্জবন,অশোকবন,ভাণ্ডিৰবন,লোভবন,মোহবন,কামাবন,নিকুঞ্জবন, তীমালবন আৰু সুদ্ৰবৃহদল। ২০)বাৰ গোপালৰ নাম- স্তোককৃষ্ণ,দেৱপস্থ, সুবল, সুদাম,ঋষভ, বিষাল, বৰূথপ,বসুদাম,ভদ্ৰসেন,অৰ্জ্জুন,দাম আৰু শ্ৰীদাম। ২১)ওঠৰ পুৰাণ- ব্ৰহ্মা, পদ্ম, বিষ্ণু, শিৱ, ভবিষ্য,নাৰদ, ভাগৱত,অগ্নি, লিঙ্গ, মাৰ্কণ্ডেয়, স্কন্দ, ব্ৰহ্মাণ্ড, গৰুড়, কূৰ্ম্ম, বৰাহ, বামন, মৎস্য, আৰু ব্ৰহ্মবৈৱৰ্ত্ত। ২২)ওঠৰ উপপূৰাণ- আদি, নৃসিংহ, বায়ু, শিৱধৰ্ম্ম, দুৰ্ব্বাসা, নাৰদ, নন্দীকেশ্বৰ, উসনস, পিল, বৰুণ, শাম্ব, কালিকা, মহেশ্বৰ, পদ্ম, দেৱ, পৰাশৰ, মৰীচ আৰু ভাস্কৰ । ২৩)কীৰ্ত্তনৰ পাঁচ ৰস- লীলা, প্ৰেম, মান, বীৰ আৰু নিবিৰ। ২৪)ঘোষাৰ চাৰি ৰস- সেৱা, নাম, ফল আৰু কৃপা। ২৫)ভাগৱতৰ দশ ৰস- চোৰ, চাটুৰী, শৃঙ্গাৰ, মাধুৰী, বীৰ, বীৰত্ব, লাবণ্য, কলা, কৌশল আৰু সুগন্ধি। ২৬)মহাতীৰ্থ- গঙ্গা, গয়া, কাশী, প্ৰয়াগ, যমুনা, গোদাবৰী, সৰস্বতী, নৰ্মদা, সিন্ধু, কাবেৰী, গণ্ডকী, কুৰুক্ষেত্ৰ, পুষ্কৰ, তান্ৰপনী, কৃতমালা, পয়স্বিনী, প্ৰতাচী আৰু মহানদী । (-কীৰ্ত্তনৰ পৰা সংগ্ৰহ কৰা)।ধন্যবাদ
Friday, March 15, 2019
তুমি হয়টো ভুল নুবুজিৱা প্ৰেম হয়টো এনেকৈয়ে হয় দুটি অচিনাকী চিনাকী মন লৈ ৷ প্ৰেম মানে এটি মিঠা অনুভৱ মাথোঁ প্ৰেম মানে এজাক ফাগুনৰ বতাহ প্ৰেম মানে আৰু বহু কিৱা!!!!!! এটি মাথোঁ ৰং নম্বৰ এটি মিচিকীয়া হাঁহি অচিনাকী চিনাকী হৈ গঢ় দিয়া এটি মিঠা অনুভৱ মাথোঁ ৷ এটি বীজ অঙ্কুৰণ হল এখন সমাজত দুটি অচিনাকী চিনাকী মনৰ চিন্তা ভাৱনা বিনিময় হল ৷ উজাগৰী নিশা শব্দ মায়াজাল এটি দুটিকৈ শব্দ বুটলি লিখিছোঁ কবিতা তোমালৈ বুলি ়়়়়!! মই তোমাক বহু ভাল পাওঁ তুমি হয়টো ভুল নুবুজিৱা ৷
Wednesday, March 13, 2019
** বিচিত্ৰ পৃথীৱী, বিচিত্ৰ মানুহ ** আমি বসবাস কৰা পৃথীৱীখনৰ বৰ্ণনা দিবলৈ বহু জটিল ৷ কাৰণ এই পৃথীৱীখনত বসবাস কৰা সকলো বস্তুবেই বিচিত্ৰময় ৷ বিচিত্ৰময় পৃথীৱীখনত সভ্যতা পোহৰলৈ নহা আগৰ পৰা মানুহ নাম প্ৰাণী বিধ বসবাস কৰি আহিছে ৷ বৰ্তমান একবিংশ শতিকা গৰকা সভ্যতা পোহৰৰ মাজত আবদ্ধ সৰহ সংখ্য মানুহৰ ব্যক্তিগতত চিন্তা,ভাব, আদৰ্শ,চৰিত্ৰ বৈশিষ্ট বিচিত্ৰময় ৷ মানুহ পৰিবেশৰ দাসত্ব ৷ পৰিবেশ প্ৰভাৱত মানুহৰ চিন্তা, ভাৱনা,আদৰ্শ, চৰিত্ৰ বৈশিষ্ট ইত্যাদি গঠনৰ ক্ষেত্ৰত বহু প্ৰভাব পৰে ৷ মানুহে যেতিয়া পৰা সমাজ পাতি বসবাস কৰিব ললে তেতিয়া পৰা মানুহে বহু ৰীতি নীতি, ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰাগত আদৰ্শ, ইত্যাদিবোৰ সুকীয়াকৈ প্ৰস্তুত কৰি নিজা জাতিয় পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰা লগতে গৌৰববোধ কৰিব লয় ৷ মানুহে গঢা মানুহ সমাজ খনত পৰম্পগত, ভাষা, সাহিত্য- সংস্কৃতি, ৰীতি- নীতি, জাতীয় সাজ- পাৰ, ধৰ্ম, ইত্যাদিবোৰ বিচিত্ৰময় ৷ এই বিচিত্ৰময় সমাজখনৰ মাজত বসবাস কৰা প্ৰতিজন ব্যক্তি চৰিত্ৰ বোৰ বিচিত্ৰময় ৷ বিচিত্ৰতা মাজত বসবাস কৰা প্ৰতিজন মানুহেই একতা এনাজৰী মাজত আবদ্ধ হৈ নিজকে জীৱ শ্ৰেষ্ঠতা পৰিচয় দাঙি ধৰাটো বিচিত্ৰ যেন অনুভৱ হয় ৷
Sunday, March 3, 2019
** শিয়ালৰ বংশধৰ আমাৰ বৰুৱা *** ( বৰুৱাকলৈ অনুভূতি সমুহ মন কথাৰে ---) আমাৰ সমাজত প্ৰচলিত অমুক সিংহ পুৰুষ, অমুকৰ বাঘ কলিজা, অমুক চুঙা বাদুল কিন্তু আমাৰ আজি আখলৰ শিয়ালৰ বংশধৰ আমাৰ সকলোবে চিৰ পৰিচিত বৰুৱা ৷ সকলো দিশত পাৰ্গত, সকলোবে মন জয় কৰিব পৰা আমাৰ বৰুৱা মুখত সকলো সময়তে হাঁহিটো থাকেই ৷ পুৱা - গধুলি সময়ত আমাৰ আখলৰ উল্লেখযোগ্য ব্যক্তি হল বৰুৱা ৷ বৰুৱা নহলে আমাৰ আখলত আড্ডা নজন্মে ৷ বৰুৱাই মূখে বিভিন্ন বাদ্য বজাই, বিভিন্ন ভংগীমাই নাচ, ভাও ,সুৱলা কণ্ঠৰে গীত গাই, সুহুতিয়া কথা কব জনা বৰুৱা হল শিয়ালৰ বংশ ধৰৰ ৷ অভাবে মানুহক কেতিয়াবা স্বভাৱ নষ্ট কৰা দৰে বৰুৱা কিছু স্বভাৱ আছে আৰু সেই স্বভাৱ সমূহৰ বাবে ক্ষন্তেক সময়ৰ বাবে আন ওচৰত অপ্ৰিয় হয় ক্ষন্তেক সময়ৰ বাবে ৷ যদিও ক্ষন্তেক সময়তে নিজৰ দোষ স্বীকাৰ কৰি অপ্ৰিয় হোৱা ব্যক্তি জনৰ ওচৰত প্ৰিয় হব পৰা শিয়াল বুদ্ধি গুণ সম্পন্ন বৰুৱা সচাঁকৈয়ে শিয়ালৰ বংশ ধৰ ৷ পৰিবেশ আৰু পৰিস্থিতি সপেক্ষে বৰুৱাই নতুনত্ব ৰূপ লৈ ন - ন কথাৰে এটি সুন্দৰ পৰিবেশ গঢিব পৰা ক্ষমতাটো খুব কম সংখ্যক ব্যক্তি গাত থাকে ৷ এবাৰ দুয়ো একে লগে বেংকলৈ গৈ আছিলো ৷ মোৰ হাতত মোৰ ব্যক্তিগত তথ্য এটা ফাইল আছিল ৷ দুয়ো গৈ থাকোতে হঠাৎ মোৰ হাতৰ ফাইলটো বৰুৱা টান মাৰি কাষ লতি তলত লৈ পকেটৰ পৰা চাদা টেমাটো উলিয়াই হাতত চাদা লৈ চাদা বনাবলৈ আৰম্ভ কৰিলে ৷ মই তেওঁ তেনে কৰা কাৰ্য্যতে বুজি পালো ইয়াত কিবা এটা ৰহস্য আছে ৷ অলপ আগবাঢি যোৱা পাছতে দে ক লগ পালোঁ মানে মুখা মুখি হলোঁ ৷ দে দেখা মাত্ৰকে বৰুৱা হাঁহিটো মাৰি দুগুন জোৰে হাতত থকা চাদাখিনি চাপ দি কলে "" দেখিছেই নহয়, বেংক মেনেজাৰ এইমাত্ৰ ফোন কৰিলে এই সপ্তাহতে কামটো হব ৷ কামটো হলেই মই আপোনা ঘৰলৈ গৈ আছোঁ ৷ """ চাদা এপালি দে লৈ আগুৱাই দি কলে , "" নাথে সকলো জানে ৷ এই কাগজ পত্ৰ পুৰ কৰা কামবোৰত মই কেচাঁ গতিকে নাথক লৈ আহিলোঁ ( হাতৰ ফাইটো দে দেখুৱাই ) ৷ দে কথা হয় নে বুলি মোক সুধা লগে লগে দে নেদেখাকৈ মোক চকু টিপ দি হয় কৱলৈ ইংগিত দিয়ে ৷ মইও উপায়হীন হৈ হয় বুলি উত্তৰ দিয়াত দে আমাৰ পৰা বিদায় লৈ আতঁৰি গল ৷ দে যোৱা পিছত বৰুৱা পৰা কথাটো কি গম পায় তেওঁ উপস্থিত বুদ্ধি শালাগ লোৱা লগতে ইমান সুন্দৰ পৰিবেশ এটা ক্ষন্তেকতে উপস্থাপ কৰা বাবে আচৰিত হলো ৷ গতিকে সকলোবে পৰিচিতত শিয়ালৰ বংশধৰ আমাৰ আড্ডা আখলৰ বৰুবা কথাবোৰ নেলেখাকৈ থাকিব নোৱাৰা বাবে এই লেখাতে এটি আভাষ দিলোঁ মাথোঁ ৷ আপোনালোকে হয়টো সেই বৰুবা নামৰ মানুহজনৰ নামটো কল্পনা কৰি লব ৷
Friday, March 1, 2019
*** বৰ্তমান সময় আৰু শিশু সকল *** ( মনৰ এক অনুভূতি) আজি একবিংশ শতিকা গৰকা শিশু সকলৰ আমি বোৰ অভিভাৱক ৷ আজি আমি শিশু সকলক কিছু কিছু ক্ষেত্ৰত মুক্ত মনে ডাঙৰ হোৱা বাধা দিয়া পৰিলক্ষিত হয় ৷ তেওঁলোকৰ ইচ্ছা, হেঁপাহ সমূহ আমি বুজি নলৈ আমাৰ ইচ্ছা, আশাবোৰ একো একোটা ডাঙৰ বেগত ভৰাই তেওঁলোকক লৈ ফুৰিব বাবে দ্বায়িত্ব ভাৰ অৰ্পন কৰি আমি অভিভাৱক সকলে গৌৰৱ বা আন আগত ফুটনি মৰাটোও আজি সমাজত পৰিলক্ষিত ৷ "" আমাৰ লৰাটোবে অমুকটো কৰিব জানে, অমুকটো বজাবলৈ জানে,অমুকটো বিষয়ত ভাল নম্বৰ পালে ইত্যাদি ইত্যাদি! """ বাকী অভিভাৱক সকলে যেতিয়া নিজৰ সন্তানে তেনে কৰিব নোৱাৰে তেতিয়া বলপূৰ্বক হেচাঁ প্ৰয়োগ কৰি সেইবোৰ আয়ত্ব কৰিব বাধ্য কৰাও বহু ক্ষেত্ৰত পৰিলক্ষিত হয় ৷ এতিয়া প্ৰশ্ন হয় তেনে বোৰ বোজা আমি শিশু সকলক দিয়া উচিত নে? দাসত্ব জীৱনৰ মাজত আবদ্ধ আমাৰ শিশু সকলে আজি আনন্দত সেই গীত সমূহ চিঞৰী নাগাই ৷ "" কি কথা? বেং কথা,কি বেং? পাত বেং? কি পাত? মৰাপাত, কি মৰা? দেওঁ মৰা, কি দেওঁ? শণি দেওঁ, কি শণি? কুকুৰা কণী!!! """ আজি শিশু সকলে খলিগুটি, ৰজা- ৰানী,কুকুৰা যুজঁ, কপটি বা হৈ গুদু ইত্যাদি ইত্যাদি খেলিব নাজানে আৰু ফুটকলি বা বাঁহৰ খজা বন্দুক হাতত লৈ খেল ধেমালি নকৰে ৷ তমোল গছ পাতেৰে গাড়ী বনাই চোতালত এজনে আনজনক বহিব দি জুচৰাই টনা টনি নকৰে ৷ কাৰণ আমি তেওঁলোকক সেই খেলবোৰৰ বিষয়ে শিকিব সুবিধা নিদি আমাৰ মতে বৰ্তমান সময়ৰ লগত মিলা খেল সমূহত আবদ্ধ কৰি ৰাখিছোঁ ৷ কাৰণ আমাৰ দৃষ্টিত সেইবোৰ আধুনিক সমাজৰ তালিকাত নাই ৷ কিন্তু আমি বিশ্লেষণ কৰি নাচাওঁ সেই খেল সমূহ মাজত কি তত্ব আছে বা কি গুণাগুন আছে ৷ সেই খেল সমূহ পৰা আমাৰ শিশুবে আয়ত্ব কৰিব পৰা বহু কথা আছে ৷ কিন্তু??? আজি অভিভাৱ সকলে মনত এবাৰ পেলাওঁক আমি শিশু অবস্থাত খেলা অঞ্চল অনুসৰি বিভিন্ন নাম থকা খেল সমুহৰ ভিতৰত "" কপটি বা হৈ গুদু "" খেলোটে একে উশাহে গোৱা গীতটো ------- "" মাগুৰ কি মাগুৰ জালি ঘোঁৰাৰ আগত দিলো পানী ঘোঁৰাই বোলে নাখাওঁ পানী ইৰিকতি, মিৰিকতি,বাঁহৰ শলা মোমায়েৰ আনিব তিনিটা ঘোঁৰা অ বান্দৰ পোৱালি কচকচী ছোৱালী ৰামে দিয়া শাৰীখন কত সেন্দুৰ লগালি ৷ ""
Subscribe to:
Posts (Atom)