Monday, April 29, 2019

** চোৰ গলে লাঠি, বৰষুণ গলে জাপি;জীৱনৰ লটিঘটি আৰু মানসিকতা ** আমাৰ সমাজত অতীতৰ পৰা কিছু প্ৰবচন চলি আহিছে আৰু চলি যাব । কৰ্মস্থলীত বা ব্যক্তিগত জীৱনৰ যিকোনো সময়ত সফলতা, নিজা বুদ্ধিমত্তা, দক্ষতা ইত্যাদি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰযোগ্য প্ৰবচন ফাকি হল "" চোৰ গলে লাঠি, বৰষুণ গলে জাপি "" । আমি সঠিক সময়ত সঠিক সিদ্ধান্তত উপনীত হব নোৱাৰা বাবে কেতিয়াবা জীবনত বহু লটিঘটি খাব লাগে যাৰ ফলত আমাৰ মানসিকতা পৰিবৰ্তন হোবা পৰিলক্ষিত । আমি কেতিয়াও নিজক আত্মবিশ্লেষণ কৰিব নিবিচাৰো । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ অন্য এক উল্লেখযোগ্য কাৰণ হল আত্মবিশ্লেষণ নকৰাটো । আমি সদায লোক ওপৰত নিজে কৰা ভূল সমূহ বা দোষ সমূহ জাপি দিব বিচাৰো । যাৰ ফলস্বৰূপে আমাৰ সমাজত এক বিভেদশীল মনোভাব সৃষ্টি আৰু অভ্যান্তৰিক সংঘাত অংকুৰ ফলত সমাজ ব্যৱস্থাত ঘূণে ধৰে । এটি সাধাৰণ উদাহৰণ হল---- বজাৰত এজন বেপাৰী যে দুটা ছাগলী বিক্ৰী কৰিব আনিলে সেই সময়তে এজন গ্ৰাহক তাত উপস্থিত হল । গ্ৰাহক জনৰ লক্ষ্য কম মূল্যত ভাল ছাগলী কিনা ।তেওঁ বেপাৰী জনৰ লগত দাম দৰ কৰি গম পালে সৰু ছাগলী টো দাম দুশ টকা আৰু ডাঙৰ ছাগলী টো দাম চাৰিশ টকা । তেতিয়া গ্ৰাহক জনে লগে লগে বেপাৰী জনক কলে মোৰ হাতত ডাঙৰ ছাগলী টো কিনিব পৰা টকা নাই কিন্তু মোক ডাঙৰ ছাগলী টো প্ৰয়োজন যদি আপুনি নগদ দুশ টকা আৰু সৰু ছাগলী টো বিনিময়ত মানে চাৰি শ টকা ডাঙৰ ছাগলী টো দিয়ে তেন্তে মই সুখী হম । বেপাৰী জনে হিচাপ কৰিলে সৰু ছাগলী টো যিহেতু বিক্ৰী কৰি তেওঁৰ পৰা দুশ টকা পালেই ইয়াৰ উপৰিও তেওঁক বিক্ৰী কৰা সৰু ছাগলী টোও দিব । গতিকে তেওঁৰ উচিত মূল্য পালো বুলি গ্ৰাহক জনক ডাঙৰ ছাগলী টো দি বিদায দিলে । পিছত যেতিয়া হিচাপ কৰি গম পালে তেও নিজে ভূল কৰা বাবে লটিঘটি খাব লগা হল আৰু তাৰ পৰা এক সংঘাত সৃষ্টি হব পাৰে বুলি জানি নিজক সংশোধন কৰা চিন্তা কৰিলে । আৰু গ্ৰাহক জনৰ বিচাৰি নিজৰ ভূল স্বীকাৰ কৰি উচিত মূল্য গ্ৰহণ কৰিলে । দুয়োৰে মানসিকতা এক হোবা বাবে শুধৰোৱা সম্ভব হল । নহলে? ??? গতিকে সঠিক সময়ত সঠিক চিন্তা ৰে আগবঢ়ালে আমি শুদ্ধ মানসিকতা সুন্দৰ সমাজ তেতিয়া ও গঢিব নোৱাৰো । নিজেও তেতিয়া ও সফল হব নোৱাৰিম ।

** চোৰ গলে লাঠি,  বৰষুণ গলে জাপি;জীৱনৰ লটিঘটি আৰু মানসিকতা **

আমাৰ সমাজত অতীতৰ পৰা কিছু প্ৰবচন চলি আহিছে আৰু চলি যাব । কৰ্মস্থলীত বা ব্যক্তিগত জীৱনৰ  যিকোনো সময়ত সফলতা, নিজা বুদ্ধিমত্তা, দক্ষতা  ইত্যাদি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰযোগ্য প্ৰবচন ফাকি হল "" চোৰ গলে লাঠি, বৰষুণ গলে জাপি "" । আমি সঠিক সময়ত সঠিক সিদ্ধান্তত উপনীত হব নোৱাৰা বাবে কেতিয়াবা জীবনত বহু লটিঘটি খাব লাগে যাৰ ফলত আমাৰ মানসিকতা পৰিবৰ্তন হোবা পৰিলক্ষিত ।
             আমি কেতিয়াও নিজক আত্মবিশ্লেষণ কৰিব নিবিচাৰো । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ অন্য এক উল্লেখযোগ্য কাৰণ হল আত্মবিশ্লেষণ নকৰাটো । আমি সদায লোক ওপৰত নিজে কৰা ভূল সমূহ বা দোষ সমূহ জাপি দিব বিচাৰো । যাৰ ফলস্বৰূপে আমাৰ সমাজত এক বিভেদশীল মনোভাব সৃষ্টি  আৰু অভ্যান্তৰিক সংঘাত অংকুৰ ফলত সমাজ ব্যৱস্থাত ঘূণে ধৰে ।
             এটি সাধাৰণ উদাহৰণ হল----  বজাৰত এজন বেপাৰী যে দুটা ছাগলী বিক্ৰী কৰিব আনিলে সেই সময়তে এজন গ্ৰাহক তাত উপস্থিত হল । গ্ৰাহক জনৰ লক্ষ্য কম মূল্যত ভাল ছাগলী কিনা ।তেওঁ বেপাৰী জনৰ লগত দাম দৰ কৰি গম পালে সৰু ছাগলী টো দাম দুশ টকা আৰু ডাঙৰ ছাগলী টো দাম চাৰিশ টকা । তেতিয়া গ্ৰাহক জনে লগে লগে বেপাৰী জনক কলে মোৰ হাতত ডাঙৰ ছাগলী টো কিনিব পৰা টকা নাই কিন্তু মোক ডাঙৰ ছাগলী টো প্ৰয়োজন যদি আপুনি নগদ দুশ টকা আৰু সৰু ছাগলী টো বিনিময়ত মানে চাৰি শ টকা ডাঙৰ ছাগলী টো দিয়ে তেন্তে মই সুখী হম । বেপাৰী জনে হিচাপ কৰিলে সৰু ছাগলী টো যিহেতু বিক্ৰী কৰি তেওঁৰ পৰা দুশ টকা পালেই ইয়াৰ উপৰিও তেওঁক বিক্ৰী কৰা সৰু ছাগলী টোও দিব । গতিকে তেওঁৰ উচিত মূল্য পালো বুলি গ্ৰাহক জনক ডাঙৰ ছাগলী টো দি বিদায দিলে । পিছত যেতিয়া হিচাপ কৰি গম পালে তেও নিজে ভূল কৰা বাবে  লটিঘটি খাব লগা হল আৰু তাৰ পৰা এক সংঘাত সৃষ্টি হব পাৰে বুলি জানি নিজক সংশোধন কৰা চিন্তা কৰিলে । আৰু গ্ৰাহক জনৰ বিচাৰি নিজৰ ভূল স্বীকাৰ কৰি উচিত মূল্য গ্ৰহণ কৰিলে । দুয়োৰে মানসিকতা এক হোবা বাবে শুধৰোৱা সম্ভব হল । নহলে? ???
গতিকে সঠিক সময়ত সঠিক চিন্তা ৰে আগবঢ়ালে আমি শুদ্ধ  মানসিকতা সুন্দৰ  সমাজ তেতিয়া ও গঢিব  নোৱাৰো । নিজেও তেতিয়া ও সফল হব নোৱাৰিম ।

Sunday, April 14, 2019

## আজি মানুহ বিহু ## ""ন পানী বঢ়া নাই; নাহৰ ফুল ফুলা নাই বিহু লগা নাই গাত এই বেলি বিহু টি ৰমকে জমকে নাহৰ ফুল ফুলিব বতৰ নাহৰ ফুলৰ গোন্ধে নাচনী ততে নাই গছকত ভাঙি যাওঁ যতৰ । "" আজি পুৱা সকলোৱে স্নান কৰি গুৰু ঘৰত সেৱা লয । সৰুবে ডাঙৰৰ ওচৰত সেবা লৈ বছৰটো মংগলাৰ্থে আৰ্শীবাদ লয । ইজনে সিজনক মৰমৰ বিহুবান দিযাটো এটি পৰম্পৰা । পৰম্পৰাগত নীতি অনুসৰি নাম ঘৰত সামূহিক নাম কীৰ্ত্তন কৰা হয । অঞ্চলৰ অনুসৰি বুলবুলি চৰাইৰ যুঁজ, কণী যুঁজ,ম'হ যুঁজ, কড়ি খেল ইত্যাদি আয়োজন কৰা হয । কড়ি খেল প্ৰজনন ৰ প্ৰতীক । জনবিশ্বাস অনুসৰি যদি কোনো পুৰুষ ৰ কড়ি ফুটে তেন্তে সেই পুৰুষৰ ভাগ্যোদয হয আৰু যদি জিকে অবিবাহিত হলে বিবাহৰ যোগ মিলে । সেইদৰে কথিত আছে যে বিহু দিনা আমৰলি পৰুৱা বাহঁ ভাঙিলে বিভিন্ন বেমাৰৰ পৰা উপশম পোবা লগতে বংশ ৰক্ষা হয । আজি সকলোৱে হুচঁৰি মাৰে । হুচঁৰি ভাগ দুটা । হুচঁৰি খোলা আনটো বিহুতলী নাচ বা যোজনা নাচ বুলি কোৱা হয । মোৱামৰীয়া বিদ্ৰোহৰ পৰাই অসম বুৰঞ্জী ত বহাগ বিহুত হুচঁৰি গোবা উল্লেখ পোবা যায । মিছিং ডেকা গাভৰু সকলে ইজনে সিজনৰ হাতে হাতে বিহু গায । এই কাৰ্য্যত "" আচতি "" বোলা হয । বিহু নাচ স্বতঃস্ফুত নচা নাচ । বিহু নাচ ভংগীমা যুক্ত বা মুদ্ৰাযুক্ত নাচ নহয । বিহুগীতত গোবা হয --- " " কানীয়াৰ নযাবি ,কানি দিব লাগিব আৰু দিব লাগিব কুটি কানি খাই থাকোতে পিঠা দিব লাগিব ধুই দিব লাগিব ধূতি ।" সেইদৰে আকৌ বিহু গীত পোবা যায ----- "" চাহপাত ছিঙিলো চটাইত মেলিছিলো তেতেলীপতীযা হল শহুৰ জীয়েক ক আনি বৰে পৰা খুটি ম'হ বিকিযে গল । গৃহস্থ চোতালত গোবা হয ---- এটা বাটিত নহৰু এটা বাটিত পনৰু এটা বাতি খতুৰা শাক মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে থাক । ""

** গৰু বিহু ** "" দীঘলতিৰ দীঘল পাত,গৰু কোবাও জাত জাত মাখিয়তীৰ মাখি পাত,মাখি মাৰো জাত জাত ।"" চতৰ সংক্ৰান্তি দিনা দীঘলতি, মাখিয়তীৰ, যাগ বা থুপা( নামনি অসমত ) গৰুক নোবাই ধোবাই গৰুকেইটা মংগল ৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায । জনবিশ্বাস অনুসৰি যাগ বা থুপা ধোবাই মহ-ডাহ ,কীট-পতংগ,বেমাৰ বীজাণু ৰোধ কৰিব পৰা ক্ষমতা থকা বুলি ধাৰণা কৰা হয । চতৰ সংক্ৰান্তি দিনা হঠাত গৰু বিহুৰ দিনা গৃহস্থী ঘৰত এক উখলমাখল পৰিবেশ সৃষ্টি হয । মাহ হালধি পিচা, ছাট প্ৰস্তুত কৰা আদি । মাহ হালধি যে গৰুক নোবাই ধোবাই ছাটৰ গৰু গালৈ মাৰি আনন্দ আৰু হাঁহি ধেমালিৰে গোৱা হয "" লাওখা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু ।"" এই সকলোবোৰ পৰ্ব সমাপ্ত কৰি গৃহস্থই গৰু গাধোৱা থাকি যোৱা মাহ হালধিৰে নিজে স্নান কৰে । জনপ্ৰবাদ অনুসৰি সেইবোৰে স্নান কৰিলে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি । সন্ধিয়া পৰত পথাৰৰ পৰা গৰু ঘৰলৈ ঘুৰি অহা পাছত যাগ বা থুপা দি বিচনীৰে বিচি দিয়া পিছৰ পৰা সকলোৱে বিচনি ব্যৱহাৰ কৰে । জনবিশ্বাস অনুসৰি সন্ধিয়া পৰত গৰু খুডাত কোনো ধৰনৰ বেমাৰ নহবলৈ মাছৰ পানীৰে গৰু ভৰি ধোওবা হয । সেইদিনা নাহৰ পাতত লেখা হয । "" দেব দেব মহাদেব নীলগ্ৰীব জটাধাৰ বাত বৃষ্টি হৰং দেব মহাদেব নমস্তে ।""

Thursday, April 11, 2019

** বাপতি সাহোন ৰঙালী বিহু **(2) আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত পথাৰ আৰু গছ তলৰ বিহু আহি ৰংঘৰৰ বাকৰিত শুৱনি কৰিলে । এইক্ষেত্ৰত স্বগদেউ ৰুদ্ৰ সিংহই পোন প্ৰথমে বিহুক জাতীয উৎসব হিচাপে স্বীকৃতি দিয়ে বুলি কথিত আছে । অন্যহাতে ৰাজকুমাৰ বিদ্যা ৰত্নৰ "" উদাসীন সত্য শ্ৰবাৰ অসম ভ্ৰমণ ""(1881)শীৰ্ষক গ্ৰন্থক বিহুক জাতীয উৎসব হিচাপে অভিহিত কৰিছে । বিহুত আৰ্যমূলীয উপাদান নৃতান্তই গৌণ কাৰণ বিহু মূলত মংগোলীয উৎসব । অসম আন্দোলনৰ (1979-85) সময়ত বিভিন্ন সভাসমিতি অথবা সমদলত বিহুক অসমৰ স্বাভিমান আৰু জাতীয জাগৰনৰ প্ৰতীক হিচাপে তুলি ধৰা হৈছিল । সেইদৰে ভাষা আন্দোলনৰ (1960-61) সময়ত মহান গণশিল্পী ভূপেন হাজৰিকাদেৱৰ, হেমাংগ বিশ্বাস দেবে শান্তি বাহিনীত গণশিল্পী মঘাই ওজা ৰ জৰিয়তে বিহুক উপস্থাপন কৰি জনগণৰ মাজত শান্তি আৰু একতা বাৰ্তা প্ৰেৰণ কৰা তথ্য পোবা যায ।সেইদৰে 1934 চনত বৰ্তমানৰ গোলাঘাট জিলাৰ বেতিয়নি অঞ্চলত মঞ্চত বিহু পৰিবেশন ৰ তথ্য পোবা যায । পৰবৰ্তীকালত 1952 চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত বিহু সন্মিলনেই আছিল সবাতোকৈ চৰ্চিত বিহু মঞ্চ । স্থান বা অঞ্চল বিশেষ আৰু বিভিন্ন জাতিৰ জনজাতিৰ সকলৰ মাজত প্ৰচলিত বিভিন্ন উৎসব ,গীত ,নৃত্য আদিত বিহু পৰিলক্ষিত । যেনে -- মিজো সকলৰ ছাবছাৰকুট , ত্ৰিপুৰীসকলৰ গৰিযা পূজা ,মণিপুৰীসকলৰ চাইৰোবা , নাগসকলৰ চিচো ,গাৰোসকলৰ উবান গালা আৰু ৰংচোগালা ইত্যাদি । বিহু গীত সমূহত ডেকা গাভৰু প্ৰেম পীৰিতিত আভাষ পোৱা যায । যেনে -- **মিছিং গীতত "" বৰনৈ চুমলি পৃন দুঃৰঃ পৌদং আচি পাঅঃ মালা ঙককৌ আচিন পৃন দুঃৰঃ অইনক অগম পাঅঃ মালা ।"" অসমীয়া অনুবাদ এনেকুৱা -- "" বৰ নৈ শুকাইছে পানীৰে বেজাৰত / দিচাং নৈ শুকাইছে কিয /মই চেনাই শুকাইছো তোমাৰে বেজাৰত / তুমি শুকাইছা কিয ? "" (পৰবৰ্তী লেখাত )

** বাপতি সাহোন ৰঙালী বিহু ** "" ঢোলৰ চেৱে চেৱে মনটি ৰঙাই চিফুঙৰ সুৰে হৃদয় জুৰাই আমাৰ মৰমৰ এনাজৰী কৃষ্টিৰ পথাৰত ইজনে সিজনক একতা ডোলেৰে বান্ধো আজি ।"" চতৰ আৰম্ভণি ৰ লগেলগে অসমৰ গ্ৰাম্য জীৱনত নতুন ক চোবা হেপাহত উখলমাখল হৈ পৰে ।তাঁতশাল, বননিত কুলি কেতেকী সুমধুৰ গীত, ঢেঁকী চাপ,পথাৰ সমাৰ , ফুল ফলৰ গোন্ধত চৌদিশে আমোলমোল, বিহুবান ডেকা গাভৰুৱে বিহু গীতত গাই ---- "" বিহু আনন্দীযা বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰান এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান । "" এই বিহু শব্দটো "বিষু বা বিষুবণ"ৰ পৰা আহিছে বুলি বহু পণ্ডিত তে মন্তব্য কৰা পৰিলক্ষিত । ডঃ পবন চন্দ্ৰ শ ইকীয়া ""দেউৰী চুতীয়া " ত তথ্য সহকাৰে প্ৰকাশ কৰিছে "" চুতীয়া ভাষাত বিহু ক " বিচু" বুলি কোৱা হয । " বি" মানে অতি আৰু "চু" মানে আনন্দময বুজাই । বিচু শব্দটো অপভ্ৰংশ ই বিহু উৎপত্তি । অন্য হাতে গবেষক ডিম্বেশ্বৰ গগৈ যে মত প্ৰকাশ কৰিছে যে টাই ভাষাৰ "" পযহু"" শব্দ অপভ্ৰংশ হল বিহু । " পয " মানে উৎসৱ আৰু " হু" মানে গৰু মহ ক গা ধোৱা বুজাই ।যিকি নহওঁক কিয় অসমৰ জাতি জনজাতিৰ বাবে বহাগ উৰ্বৰা পথাৰ । হেমাংগ বিশ্বাসে কৈছিল --- "" যি নাই বিহু গীতত সি নাই অসমত । যি নাই অসমত সি নাই বিহুগীতত । অসম আৰু অসমীয়া জনমানসৰ নিভুল দাপোণ এই বিহু ।"" 19শতিকাৰ আগভাগলৈ বিহু উজনি অসমৰ খিলঞ্জীয়াৰ জনগোষ্ঠী সমূহৰ একচেতীয়া সংস্কৃতি আছিল । আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত বিহুক অন্য মাত্ৰা প্ৰদান কৰিলে । ( পৰবৰ্তী লেখাত )

অনুশোচনা ( অনুগল্প) আজিৰ পৰা কেইদিনমানৰ আগতে বৰুৱানীয়ে চুবুৰীয়া শইকীয়ানী ঘৰত গৈ বোৱাৰী কেইগৰাকী বুজাই আহিছে যে শাহু গৰাকী মনত কোনো দূখ নিদি তেওঁৰ স্বাস্থ্য যত্ন কি দৰে লব লাগে ৷ অসুস্থ শাহুৱেকে স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া অনুভৱ কৰিলে কি হব ইত্যাদি ৷ আজি দুদিন হল বৰুবানী পেট চলা অসুখ ৷ ঘৰত থকা বোৱাৰী দুজনী লগতে পুত্ৰ দুজনও খবৰ এটা লবলৈ সময় নাই ৷ আজি স্বামী জীয়াই থকা হলে কিমান যে যত্ন ললে হয় ৷ বৰুবানীয়ে আজি মনত পেলাবলৈ চেষ্টা কৰিছে তেওঁ বাৰু তেওঁৰ শাহু গৰাকীক কেতিয়াবা কিবা কামত অবহেলা কৰিছিল নেকি ?

Wednesday, April 10, 2019

কলাজিৰা বা কালজিৰাৰ ঔষধি গুুণৰ বিষয়ে জানো আহক। * * * * কলাজিৰাক সকলো ৰোগৰ উপশমকাৰী ভেষজ বুলি কোৱা হয়।ইয়াক হিন্দীত কলোঞ্জী, ইংৰাজীত Nigella seeds বোলে। ইয়াৰ বৈজ্ঞানিক নাম- Nigella sativa linn. বিভিন্ন ৰোগত ইয়াৰ প্ৰয়োগ সম্পৰ্কে জানি নগণ্য মূল্যতে নানা অসাধ্য ৰোগৰ পৰা পৰিত্ৰাণ পাওক। ১. প্ৰসূতিৰ গাখীৰ নহলে ৫০০ মি.গ্ৰা. কলাজিৰা গৰম কৰি গুৰি কৰি লৈ ১০ চামুচ গাখীৰৰ লগত মিহলাই পুৱা গধুলি এসপ্তাহ খোৱালে গাখীৰ বাঢ়িব। ২. মহিলাৰ মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়া, কমকৈ হোৱা, বেছিকৈ হোৱা আদি কষ্টকৰ আৰু বিৰক্তিকৰ ৰোগত কলাজিৰা কম জুইত তাৱা বা কেৰাহীত গৰম কৰি মাহেকীয়া আৰম্ভ হোৱাৰ ৫/৭ দিন আগৰ পৰা ৫০০ মিলি গ্ৰাম মাত্ৰাত গুৰি কৰি কুহুমিয়া গৰম পানীৰ লগত পুৱা গধুলি খাব। বা ভালদৰে লেলাওতিৰ লগত মিলি যোৱাকৈ চোবাই খাই গৰম পানী খাব। অসুবিধা ৰৈ গলে একেদৰেই পিছৰ ২/৩ মাহ খাব লাগিব । ৩. বাধক দোষ ছোৱালীৰ বয়ঃসন্ধি বা যৌৱন প্ৰাপ্তিৰ পিছৰ এক জটিল সমস্যা ।এই সমস্যাত ৰোগীৰ মানসিক ভাৰসাম্য হেৰাই। কিছু ৰোগী আত্মসুখৰ বিকৃতিত পৰে, কোনোবা সুচিবায়ু গ্ৰস্থ হয়, কোনোবা শুকাই খীনাই যাব ধৰে, কোনোবাই দেৱী শক্তি ঐশ্বৰীক শক্তি লাভ কৰাৰ বিভিন্ন ক্ৰিয়া কলাপ দেখুৱাব খোজে, মনৰ ওপৰত এইৰোগৰ ভিষণ প্ৰতিক্ৰিয়া হয়। কিছুমানে কামজ উন্মাদত ভোগে, এইদোষত কিছুমানে জননগ্ৰন্থিৰ ক্ৰিয়াশক্তি হেৰুৱাই পেলাই আৰু লগে লগে এশ এবুৰি সমস্যা আৰু উপসৰ্গই দেখা দিয়ে। কলাজিৰা গৰম কৰি গুৰি কৰি এটা পাত্ৰত থৈ ৭৫০ মিলিগ্ৰাম পৰিমাণে পুৱা গধুলি ২/৩ মাহ খালে বাধক দোষ নিৰাময় হয়। মাহেকীয়াৰ মাজতো ইয়াৰ গুৰি খাই থাকিব লাগিব । ৪. প্ৰসৱৰ পিছত কলাজিৰাৰ ক্বাথ খালে গৰ্ভাশয়ৰ দ্বাৰ সংকোচণ হয় আৰু প্ৰসূতিৰ গাখীৰ বাঢ়ে। ৫. কষ্টৰজ বা অল্পৰজত পৰিমাণ মতে কলাজিৰা সেৱনে আৰোগ্য কৰে ঋতুস্ৰাব বঢ়ায় কিন্তু অধিক মাত্ৰায় গৰ্ভস্ৰাব কৰায়। ৬. মূৰৰ বিষ আৰু পানী লগাত ৰুমালৰ চুক এটাত আধাচামুচ কলাজিৰাৰ টোপোলা বান্ধি টোপোলা টো মোহাৰি এটা নাকৰ ফুটা বন্ধ কৰি আনটো ফুটাত দি উশাহ টানিলে মূৰৰ বিষ ভাল হয়। ৭. কলাজিৰা সিজোৱা পানী খুৱালে সন্তান প্ৰসৱ সোনকালে হয়। ৮. ঘিউৰ লগত মিহলাই খালে মুখৰ ৰঙ উজ্জ্বল আৰু বগা হয়। ৯. ভিনেগাৰত তিয়াই খালে গুৰাকৃমি নষ্ট হয়। ১০. পৰিমাণ মতে কলাজিৰা খালে বন্ধ প্ৰস্ৰাৱ খোলে। পেচাব পৰিস্কাৰ হয়। *** ইছলাম ধৰ্মৰ হাদিচত কলাজিৰাক মৃত্যুৰ বাহিৰে আন সকলো ৰোগৰ ঔষধ বুলি কোৱা হৈছে। অৰ্থাৎ মৃত্যুৰ বাহিৰে আন যিকোনো ৰোগ কলাজিৰাই আৰোগ্য বা প্ৰতিৰোধ কৰিব পাৰে। এই লিখনিত বিশেষকৈ মহিলা সকলৰ বিভিন্ন জটিল সমস্যাৰ (মেচেঞ্জাৰ যোগে পোৱা) কলাজিৰাৰ দ্বাৰা সৰল সমাধান আগবঢ়োৱা হল। কলাজিৰাৰ আন দহটা ৰোগ নিৰাময়ৰ বিষয়ে পুনৰ লিখিম। বিঃদ্ৰঃ শ্বেয়াৰ কৰি আনৰো উপকাৰ কৰিব । কপি কৰাৰ আগত অনুমতি লব।