মোৰ সপোন
Wednesday, June 5, 2019
বিশ্ব পৰিবেশ দিৱসৰ কিছু নিজা চিন্তা সৰু সৰু মানুহৰ কথা বা চিন্তাবোৰ গ্ৰহণযোগ্য নহয় তথাপিও লিখিব মন গল বাবে লিখিলোঁ ৷ এই লিখনিয়ে কাৰোঁবা অন্তৰত আঘাট হানিলে প্ৰথমে তেওঁলোকে ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ ৷ প্ৰথম কথা হল মানুহ বুলি যদি আমি নিজক পৰিচয় দিব বিচাৰোঁ তেতিয়া হলে নিজকে লাজ লাগে ৷ কাৰণ আমি সদায় সুযোগ গ্ৰহণ কৰি সমাজৰ সকলোবে মাজত জ্ঞানী বা বুদ্ধিয়ক বা শ্ৰেষ্ঠ নেতা পৰিচয় দি ভাল পাওঁ ৷ আজি দিনটো কথাকে কওঁ গছপুলি ৰোপন বা কোনো সৰু ঠাইত অকণমান ঝাড়ু এডাল লৈ পৰিস্কাৰ কৰি দেখুৱা লগতে কেইজন মান সমাজৰ গণ্যমান ব্যক্তি ডিঙিত কেইখন মান গামোচা পিন্ধাই দীঘলীয়া ভাষণ শুনি হাত চাপৰি বজাইয়ে "" বিশ্ব পৰিবেশ দিৱস "" উদযাপন কৰি পৰিবেশটো ৰক্ষা কৰিছোঁ বুলি গৌৰৱ কৰা আমি জীৱ শ্ৰেষ্ঠ মানুহ ৷ 1 ম দৃশ্য সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজা পদূলী সন্মূখৰ দি যোৱা পদপথ (ফুটপাদ) টো বা নলাটোত ঘৰৰ পেলনীয়া সামগ্ৰী সমূহ দলি মাৰি পেলোৱাঁ সময়ত আমি আমাৰ পৰিবেশটো কথা এবাৰোঁ নাভাবোঁ ৷ কিন্তু পৰিবেশ দিৱস দিনা আনক দেখুৱাবলৈ পৰিস্কাৰ কৰাত নামি পৰোঁ কাৰণ "" বিশ্ব পৰিবেশ দিৱস "" ত সহযোগীতা কৰা নামটো নলগালে অন্যান সকলে বেয়া পাৱ ৷ 2 য় দৃশ্য "" বিশ্ব পৰিবেশ দিৱস "" ৰ দিনা আমি কোৰ চিকপাং আৰু গছ পুলি লৈ যতে ততে যি যেনেকৈ পাৰে ৰোপন কৰোঁ আৰু নিজকে গৌৰৱ কৰোঁ আজি এটা গছ পুলি ৰোপন কৰিলোঁ আৰু আমাৰ পৰিবেশটো ৰক্ষা কৰিলোঁ ৷ কিন্তু সেই পথে বা সেই ঠাইকণলৈ আমি দৈনিক অহা যোৱা কৰিলেওঁ আমি নিজে "" বিশ্ব পৰিবেশ দিৱস ""ৰ দিনা ৰোপন কৰা গছপুলিটো কোনো গুৰুত্ব প্ৰদান নকৰোঁ ৷ কাৰণ দ্বিতীয় বছৰৰ "" বিশ্ব পৰিবেশ দিৱস "" ৰ দিনা সেই ঠাইকণত পোনৰ গছ পুলি ৰোপন কৰিব লাগিব নহয় ৷ নহলে কত আমি গছ পুলি ৰোপন কৰিম ৷ আজি দিনটোত লাখ লাখ পুলি ৰোপন কৰি পৰিবেশ ৰক্ষা কৰা নামত পৰিবেশ নষ্ট কৰিছোঁ শত দহটা পুলি যিকোনো প্ৰকাৰে জীৱিত থাকে বাকী 90 টা পুলিক আমি হত্যা কৰিছোঁ ৷ আমি জীৱ শ্ৰেষ্ঠ মানুহ ৷ কাৰণ আমাৰ বিবেক আছে বাবে আমি কৰিব পাৰোঁ ৷ 3 নং দৃশ্য নগৰৰ সমিতি বা পৌৰ সভা ক্ষেত্ৰ কওঁ তেওঁলোকৰ দ্বায়িত্ব নিজা নগৰৰ বা পৌৰ সভা এলেকাটো প্ৰতিদিনে পৰিস্কাৰ কৰি ৰাখিব লাগে ৷ তাৰ বাবে নিদিষ্ট ৰং ৰ পেলনীয়া সামগ্ৰী নাগৰিকে পেলাব পৰাকৈ ঠাই অনুসৰি পেলনীয়া সামগ্ৰী পাত্ৰ ৰাখিব লাগে ৷ যাতে সেই বোৰ ৰং অনুসৰি নাগৰিকে পেলনীয়া কাগজ বা তেনে ধৰণ সামগ্ৰী সমূহ পেলাব, খোৱা খাদ্য অতিৰিক্ত সামগ্ৰী বাবে বেলেগ ৰং ৰ পাত্ৰ, অতিৰিক্ত জড় সামগ্ৰী যেনে বটল, কাঠ, বাঁহ আদি বাবে বেলেগ পাত্ৰ ব্যবহাৰ কৰা লগতে সেই অনুসৰি সেইবোৰ সংগ্ৰহ কৰি নষ্ট কৰিব পৰা বোৰ নষ্ট কৰি পেলাব লাগে বা যিবোৰ নষ্ট কৰিব নোবাৰে সেইবোৰ সুৰক্ষিত স্হান কাৰোকে অনিষ্ট নকৰাকৈ পেলোবা ব্যবস্থা কৰিব লাগে কিন্তু তেওঁলোকে তাকে নকৰি সকলোবোৰ সামগ্ৰী একে লগে সংগ্ৰহ কৰি অ সুৰক্ষিত ভাবে পেলাই প্ৰতিদিনে এটা অ স্বাস্থ্য আৰু সুন্দৰ পৰিবেশ এটা নষ্ট কৰা সময়ত "" বিশ্ব পৰিবেশ দিৱস "" অনুভৱটো পাহৰি যায় ৷ এই ক্ষেত্ৰত সু নাগৰিক সকলেও নগৰৰ সমিতি বা পৌৰ কৰ্মী সকলক সহযোগীতা কৰা দেখা নাযায় ৷ কাৰণ আমি জীৱ শ্ৰেষ্ঠ মানুহ হয় ৷ নগৰৰ সমিতি বা পৌৰ সভা দ্বায়িত্ব আমি কিয় গ্ৰহণ কৰিম ৷ 4 নং দৃশ্য "" বিশ্ব পৰিবেশ দিৱস "" ৰ দিনা জন সংযোগ মাধ্যমত গছ পুলি ৰোপন, ঝাড়ুলৈ হাতে হাতে পৰিস্কাৰ কৰা দৃশ্য সমূহ প্ৰচাৰ কৰি আমোদ পোৱা যেন মোৰ অনুভৱ হয় ৷ তেওঁলোকে সকলে বৃক্ষৰোপন বা পৰিস্কাৰ কৰা লোক সকলক দেখুৱাই কি বুজাৱ বিচাৰে মই বুজি নাপাওঁ ৷ "" আজি আপোনালোকে কিমান বৃক্ষৰোপ কৰিলে? "" তেওঁলোকে ৰোপন কৰোঁতা সকলক প্ৰশ্ন কৰি ৷ কিন্তু তেওঁলোকে এইটো প্ৰশ্ন নকৰে "" আজি আপোনালোকে বৃক্ষ ৰোপন কৰা এই কাৰ্য্য সূচী সমূহ আমাৰ কেমেৰাত আৱদ্ধ বা আমাৰ কাকতত লিপিবদ্ধ হৈ প্ৰচাৰ হোৱা লগতে প্ৰকাশ পাৱ ৷ আমি আশা কৰিম আপোনালোকে যি মহান উদ্দেশ্য আৰু লক্ষ্য লৈ এই কাৰ্য্যসূচী হাতত ললে আগন্ত বৰ্ষত আপোনালোকে ৰোপন কৰা বৃক্ষ জোপা তলত আমি অন্তৰংগ আলাপ জড়িয়তে আপোনালোকৰ লগত লৈ "" বিশ্ব পৰিবেশ দিৱস "" উদযাপন কৰিম ""৷ এনে কৰিব বাবে আমাৰ হাতত সময় অভাৱ ৷ কাৰণ ৰোপ কৰা বৃক্ষজোপা জীৱিত বা মৃত তাৰ খৱৰ লোৱা আমাৰ প্ৰয়োজন ৱা কি? কাৰণ আমি সদায় পৰিৰ্বতন বিচাৰোঁ ৷ সেই পৰিৰ্বতনে আমাক উপকাৰ বা অপকাৰ যিয়ে নকৰক কিয় তাৰ লগত আমাৰ কোনো ধৰণ সম্পৰ্ক নাই ৷ শেষত সকলোৱে ওচৰত কৰযোৰে ক্ষমা ভিক্ষাৰে অনুৰোধ কৰিছোঁ মোৰ মনত যিবোৰ ভাৱ সৃষ্টি হৈছিল সেইবোৰ লিখিত কৰাত হয়টো কিৱা অপৰাধ হৱ পাৰে তাৰ বাবে ক্ষমা বিচাৰিছোঁ ৷ আশা কৰিছোঁ সকলোবে নিজক এজন সু নাগৰিক হিচাপে পৰিচয় দি নিজা চুবুৰীটো, নিজা গাঁও বা নগৰ খন সুন্দৰ কৈ সজাই তুলি সুন্দৰ পৰিবেশৰ বাৰ্তা বিশ্ব বাসী আগত দাঙি ধৰিব সক্ষম হৱ ৷ আজি দিনটো সকলোবে যেনেকৈ নিজা পৰিকল্পনা অনুসৰি পৰিবেশ ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰিছে তেনেকৈ প্ৰতিদিনেই আজৰি সময়কণৰ পৰা অকণমান সময় খৰছ কৰি নিজা পৰিবেশটো সুন্দৰ কৰিব ৷ """" সেউজী ধৰণী ধুনীয়া """
Monday, May 27, 2019
প্ৰসংগ: কবিতা এক. কবিতা কাক বোলে জনচনক সুধিলে বচৱেলে: --ছাৰ, তেনেহ'লে কবিতানো কাক বোলে? জনচনে উত্তৰ দিলে: --তাতকৈ কোনবোৰ কবিতা নহয়, সেইটো নোসোধে কিয় মহাশয়? সেই কথা ক'বলৈকে সহজ হ'লহেঁতেন। পোহৰ কি বস্তু আমি সকলোৱেই জানো। কিন্তু পোহৰ কি সেই কথা কোৱাটো সহজ কাম নহয়। তথাপি যুগ যুগ ধৰি কবিতা কি, কাক বোলে কবিতা, সেই বিষয়ে ক'বলৈ প্ৰয়াস কৰিছে দেশে দেশে বিভিন্নজনে। আনকি এই প্ৰয়াস কৰিছে জনচনে নিজেও। কৈছে: কবিতা হৈছে ছন্দোবদ্ধ ৰচনা (metrical composition)। আনন্দ আৰু সত্য--এই দুয়োকে গ্ৰথিত কৰাৰ শিল্প, য'ত যুক্তিক সাহাৰ্য কৰিবলৈ কল্পনাক মাতি পথিওৱা হয়। জনচনৰ বহু পূৰ্বে এৰিষ্টটলে আকৌ কৈছিল: --কবিতা দৰ্শনতকৈ শ্ৰেয়; ইতিহাসতকৈ জ্যেষ্ঠ। এনেকৈয়ে কবিতাৰ সংজ্ঞা দিছে অন্যান্য বিভিন্ন জনেও। ফ্লবেয়াৰ: কবিতা জ্যামিতিৰ নিচিনাকৈয়ে নিখূত বিজ্ঞান। এডগাৰ এলেন পো: সৌন্দৰ্যৰ ছন্দোময় সৃষ্টি। শ্যেলী: কবিতা হৈছে পৰিতৃপ্ত শ্ৰেষ্ঠ মনৰ পৰিতৃপ্তি আৰু শ্ৰেষ্ঠ মুহূৰ্তবিলাকৰ বিৱৰণ। কাৰ্লাইল: কবিতা সাংগিতিক ভাৱনা। মেথিউ আৰ্নল্ড: Simply the most delightful and perfect form of utterance that human words can reach. কীটছ: কবিতা হ'ব লাগিব মহৎ আৰু বাঞ্ছিত, আত্মাৰ অন্তঃস্থলেদি যাৰ যাত্ৰা, যি তাৰ ৰূপ-বৈচিত্ৰ্যৰে বিমুগ্ধ বা বিস্মিত কৰিলে নহ'ব, বৰঞ্চ কৰিব লাগিব বিষয়বস্তুৰে। ক'লৰিজ: গদ্য= সৰ্বোকৃষ্ট শব্দৰ বিন্যাস। পদ্য= সৰ্বোকৃষ্ট শব্দৰ সৰ্বোকৃষ্ট বিন্যাস। ওৱৰ্ডছৱৰ্থ: সমগ্ৰ প্ৰজ্ঞাৰ উশাহ-নিশাহ আৰু সূক্ষ্ম আত্মা। অ'ডেন: কবিয়ে পিতৃত্বৰে কবিতাৰ জন্ম দিয়ে যি ভাষাক ধাৰণ কৰে। আৰু এলিয়ট? কবিতাৰ সম্পৰ্কে বহু কথাই কৈ গৈছে এলিয়টে। উদাহৰণ: ক. কবিতা ৰচনা হৈছে তেজক চিয়াহীলৈ ৰূপান্তৰিত কৰাৰ যন্ত্ৰণা। খ. অপৈণত কবিয়ে নকল কৰে; পৈণত কবিয়ে চুৰি কৰে; অকবিয়ে বিকৃত কৰে; ভাল কবিয়ে সকলোখিনি বদলাই দিয়ে নতুনভাৱে, অথবা সম্পূৰ্ণ নতুনকৈ সৃষ্টি কৰে নিজে। কবিতা সম্পৰ্কীয় আৰু কেইজনমানৰ বক্তব্য এয়া। অৱশ্যে পূৰ্বোল্লেখিতসকলৰ দৰে এখেতসকলো পাশ্চাত্যৰে। ১. বোডলেয়াৰ: সেইসকল কবিৰ বাবে দুঃখিত যিসকল কেৱল সহজাত প্ৰবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। ক'বলৈ গ'লে, তেওঁলোক অপৈণত। এজন সমালোচক কবি হৈ উঠাটো আশ্চৰ্যকৰ কথা। কিন্তু এজন কবিৰ মাজত যদি সমালোচক এজন জাগ্ৰত নহয়, সেইটো আৰু আশ্চৰ্যকৰ কথা। ২. ওৱৰ্ডছৱৰ্থ: কবি হৈছে a man, speaking to man. ৩. ভ্যালৰি: কবিতা হৈছে কাব্য-মানস উৎপাদক যন্ত্ৰ-বিশেষ, য'ত উৎপাদন মাধ্যম হৈছে শব্দ। ৪. মেলাৰ্ম: কবিতা শব্দৰ বিন্যাস, ধাৰণাৰ নহয়। ৫. ব্ৰেখ্ট: All great poem has a documentary value. ৬. ম্যাকিনচ: A poem should not mean but be. ৭. ৰবাৰ্ট ফ্ৰষ্ট: কবিতাৰ বিষয়ে মই বহু কথাই ক'ব পাৰোঁ। তথাপি তাৰ মাজতে মূল কথাটো হৈছে--ই metaphor, saying one thing and meaning another, saying one thing in terms of another. ৮. অ'ডেন: কোনোবা উচ্চাকাংক্ষী যুৱকে যদি মোক কয়হি-- 'মোৰ গুৰুত্বপূৰ্ণ বক্তব্য আছিল', তেওঁ কবি নহয়। বৰঞ্চ যদি স্বীকাৰ কৰেহি--'শব্দৰ চৌপাশে বিচৰণ কৰি মই ভাল পাওঁ, সিহঁতে কি ক'ব খুজিছে কাণ পাতি শুনিব খোজোঁ', তেন্তে তেওঁৰ বাবে কবি হ'বগৈ পৰাৰ সম্ভাৱনা আছে। ৯. ইয়েটছ: কবিতা হৈছে ৰক্ত, কল্পনা আৰু বোধৰ যৌথযাত্ৰা। দুই. কবিতা এক মৰ্যাদাপূৰ্ণ পৰিশীলিত কলা ব্ৰন'স্কিয়ে (১৯৭৩) কৈছিল: 'ভৌতিক বিজ্ঞানসমূহৰ অন্যতম উদ্দেশ্য হৈছে পাৰ্থিব বিশ্বৰ এক সমুচিত চিত্ৰ দাঙি ধৰা। অথচ এই উদ্দেশ্য যে অসাধ্য সেইটো ইতিমধ্যে প্ৰমাণিত হোৱাটো বিংশ শতাব্দীৰ পদাৰ্থবিজ্ঞানৰ অন্যতম সাফল্য।' ভৌতিক বিজ্ঞানৰ এই অপাৰগতাই ইতিমধ্যে উন্মোচিত কৰিছে সংযোগ মাধ্যম হিচাপে কবিতাৰ বিকল্প প্ৰাসংগিকতা। অনানুষ্ঠানিকভাৱে হ'লেও প্ৰায় স্বীকাৰ কৰিয়ে লোৱা হৈছে যে আবেগিক অভিজ্ঞতা আৰু বক্তব্য প্ৰকাশৰ বাবে আবেগিক ভাষাই অপৰিহাৰ্য, বৈজ্ঞানিক পৰিভাষা কেতিয়াও যথেষ্ট নহয়। সেয়ে যি কুৰি শতিকাৰ সত্তৰ-আশীৰ দশকে লক্ষ্য কৰিছিল কবিতাৰ বেলি লহিওৱা চাহিদা আৰু জনপ্ৰিয়তা সেই কুৰি শতিকাই শেহৰ ফালে উদযাপন কৰিলে প্ৰত্যাৱৰ্তিত কবিতাৰ ঐতিহ্য আৰু মহত্বৰ পুনৰাভিষেক। মুদ্ৰণ মাধ্যমতে হওক বা বৈদ্যুতিন মাধ্যমতে হওক কবিতাক সম্প্ৰতি ব্যাপকভাৱে দেশে-বিদেশে আদৰি লোৱা হৈছে। কবি-সমালোচক এলিয়টে কবিতাক 'a superior form of art' বুলি কৈছিল। সংস্কৃত আলংকাৰিক কুন্তকে আকৌ কবিতাৰ এক বিশেষ ধৰ্মলৈ আঙুলিয়াই দিছিল--'তদ্বিদ আহ্লাদকাৰিণী'। অৰ্থাৎ কবিতা হ'ব লাগে এক বিশেষ অৰ্হতাসম্পন্ন কাব্যৰসিকৰ (তদ্বিদ) বাবে আনন্দদায়ক। গতিকে কবিতা এক মৰ্যাদাবিশিষ্ট পৰিশীলিত কলা বিশেষ,--যি পাঠকৰ ৰুচিসন্মত উপস্থিতি দাবী কৰে, সংবেদনশীল পাঠকক সততে কবিতাৰ পাঠ(text)লৈ সাদৰ আমন্ত্ৰন জনায়। অৱশ্যে উপন্যাসো কলা। ছিনেমাও কলা। অথচ উপন্যাস বা ছিনেমাই সকলো কলাৰ উপাদান বিলাকৰ পৰা মৌ আহৰণ কৰি সম্প্ৰতি নিজকে যিদৰে ঋদ্ধ কৰিবলৈ সমৰ্থ হৈছে, কবিতা সম্ভৱ আজিও সিমানখিনি সক্ষম হোৱাগৈ নাই। আৰু যদি কবিতাই সাম্প্ৰতিক আধুনিক জীৱনৰ চক্ৰবেহুৰ অভিজ্ঞতা চয়ণ কৰাৰ সমানে সমানে আধুনিক কলাৰ উপকৰণবৈভৱক আপোন কৰি লোৱাৰ সম্পৰীক্ষাত অৱতীৰ্ণও হৈছে, কবিতাৰ পাঠকে হয়তো প্ৰায়ে তাত সঁহাৰি দিব বিচৰা নাই। কবিতাৰ বিপুল পাঠকৰ সৈতে চিৰাচৰিত দূৰত্বৰ ইও হয়তো অন্যতম কাৰণ। অথচ এক বিৰাট সম্ভাৱনাৰ সমুদ্ৰই আমাৰ আমাৰ সন্মুখত তিৰবিৰাই আছে। কবি আৰু পাঠক---উভয়ৰে দায়িত্ব আছে এই দূৰত্ব অতিক্ৰম কৰাৰ। কুৰি শতিকাৰে সত্তৰৰ দশকে পৰিচয় হোৱা পাঠক-প্ৰতিক্ৰিয়াশীল সমালোচনাই (Readers Response Criticism) ইতিমধ্যে পাঠকৰ হাতত অধিক দায়িত্ব ন্যস্ত কৰিছে। তিনি. কবিতাত দুৰ্বোধ্যতা পিকাছোৰ ওচৰলৈ গৈ এগৰাকী ভদ্ৰমহিলাই হেনো এবাৰ অভিযোগ কৰিছিল---বহু মানুহে বুজি নোপোৱা এইবোৰ আপুনি কি ছবি আঁকি আছে? পিকাছোৰ উত্তৰ: মহাশয়া, পৃথিৱীৰ সৰহসংখ্যকে বুজি নোপোৱা কি ভাষাত আপুনি ইমান দিনে কথা পাতি আছে? মহিলাগৰাকী জাৰ্মানভাষী আছিল। অকল পিকাছোৰ ছবি বা আধুনিক কবিতাই নহয়, বহু কথাই আমি ভালকৈ বুজি নাপাওঁ। হয়তো প্ৰায়বোৰ কথাই, আনকি একো কথাই কিজানি আমি সম্পূৰ্ণকৈ বুজি নাপাওঁ। তথাপি কবিতাক 'আৰু অলপ' বুজিবলৈ চেষ্টা পাঠকৰ সৰ্বকালৰ। কাৰণ ভাল কবিতাই সদায় পাঠকৰ মন, মগজু আৰু হৃদয়ত হেঁপাহ আৰু পিয়াহৰ সৃষ্টি কৰে। তাতে আধুনিক জীৱন জটিল। সেই আধুনিক জীৱনৰ যান-জঁট থকা কবিতাৰ ভাষাও দস্তুৰমত জটিল হ'বলৈ বাধ্য। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এই পংক্তিটো হয়তো হাততে পোৱা এটা দৃষ্টান্ত হ'ব পাৰে: বৰ যতনেৰে এটা ফুলৰ গুটি তাইৰ চকুত থ'লো। গছজোপা গজা নাই, বুকুখন দাঙি শিপাডাল পালো।। কবিতা হয়তো এনেকুৱাই। কবিয়ে কেৱল সযতনে বীজ এটাহে থয় পাঠকৰ চকুত। এয়া কবিতাৰ পাঠ (text)। পাঠকৰ হৃদয়ৰ অতল তলিত প্ৰোথিত শিপাডালেই কবি বা কবিতাৰ বাবে যথেষ্ট প্ৰাপ্তি। আপডাল কৰি মহীৰূঢ়লৈ পৰিণত কৰাৰ দায়িত্ব নিঃসন্দেহে পাঠকৰহে। চাৰি. প্ৰতিভাৰ নুফুলা ফুলৰ শতপাহি কবিতা, ন-প্ৰতিভাৰে নতুনকৈ তাঁত মেলা কবি আৰু পাঠক, লগতে সম্ভাৱ্য সকলো অমংগলৰ পৰা আপোন সন্তানক পোহৰতকৈও তীব্ৰগতিৰে লুকুৱাই থ'ব খোজা (যশোদাৰ নিচিনাকৈ?) অভিভাৱকজনলৈ যদি নিৰপেক্ষ সহানুভূতিৰে চাওঁ, আমি দেখিম প্ৰতিজন দেখোন নিজৰ নিজৰ স্থানতেই আছে, --আগতেও যেনেকৈ আছিল! পঢে পঢায় ৰোৱে পাণ, সেই তিনিয়ে নিচিন্তে আন। কবিতাৰ বিদ্যায়তনিক দিশ এটা নিশ্চয় আছে। শিশু-কিশোৰহঁতৰ all round development (গান্ধীজী) ৰ বাবে বা তেওঁলোকক complete man (UNESCO) একোজন কৰি তুলিবলৈ সুসম আহাৰৰ যেনেকৈ প্ৰয়োজন, নিৰ্বাচিত পাঠ্যক্ৰমৰো তেনেকৈ প্ৰয়োজন আছে । তাত অন্যান্যৰ লগতে বছা বছা কবিতাই থাকিব লাগিব। কিন্তু কবিতা আৰু সাহিত্যৰ অন্যান্য ৰূপবোৰ, লগতে বিভিন্ন শৈল্পিক উপকৰণবোৰ কেৱল পাঠ্যক্ৰম নহয়; জীৱনৰ একান্ত ব্যক্তিগত শৈল্পিক উদযাপনহে। লোক-হিতৈষী আয়তনটো সৰহ সময়তে পৰৱৰ্তী সামাজিক সংযোগহে। অৱশ্যে শিকন আহিলা হিচাপেই প্ৰস্তুত সাহিত্যৰাজি বা শিল্পসমূহৰ কথা কোৱা নাই। গতিকে আমাৰ শিশু আৰু কিশোৰহঁতৰ বয়স, ব্যক্তিত্ব আৰু চাহিদাৰ উপযোগীকৈ পাঠ্য কবিতা নিৰ্বাচনৰ দায়িত্বটো পাঠকৰ (লগতে শিক্ষক, অভিভাৱক আৰু শিক্ষাবিদৰ।) কবি কিন্তু নিজে শিক্ষক নহয়; হ'বও নেলাগে। কোনো পূৰ্বচৰ্ত নোহোৱাকৈ তেওঁ কেৱল লেখক কবিতা। ৰসগ্ৰাহী পাঠকে জানে কোনটো থাপনাত থ'ব লাগে; কোনটো শিতানত ল'ব লাগে; কোনটো পাঠ্যক্ৰমত দিব লাগে; আৰু কোনটো নলৈ, নথৈ, নিদি দূৰলৈ দলিয়াই পেলাব লাগে। হয়, সকলো কবিয়ে সদায় সমানে 'ভাল' (এই ভাল কিন্তু আপেক্ষিক; ইয়াৰ মাপ ল'বলৈ কোনো সৰ্বজন গ্ৰাহ্য স্কেল নাই) কবিতা লেখা নাই। হয়তো লেখিবও নোৱাৰে। নোবেল পোৱা এলিয়টেও পৰা নাছিল। কবি-বন্ধু এজৰা পাউণ্ডে কচাইৰ হাতেৰে ডাল-পাত কলম দি নিৰ্মাণ কৰিছিল ওৱেষ্টলেণ্ড। তাতে সকলো কবি in born নহয়, গৰিষ্ঠ সংখ্যকেই made; তেজ-মঙহৰ মানুহ। ভুল-শুদ্ধৰ মাজেৰেই তেওঁলোকৰ যাত্ৰা। অথচ কবিতা কবিৰ গৰ্ভজাত সন্তান; আৰু কোনো মাতৃয়ে বাৰে বাৰে একেটা সন্তানৰে গৰ্ভধাৰণ নকৰে। কবিতাৰ নিৰ্মাণো মাতৃগৰ্ভস্থ বৃদ্ধিৰ দৰে এক অসূৰ্যস্পৰ্শিত সৃজনশীল প্ৰক্ৰিয়া। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ক'বৰ দৰে, 'সকলো কবিতা সৃষ্টিৰ কালছোৱাত সকলো স্ৰষ্টাই হৈ পৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকীৰ দৰেই আন্তৰিক, সেই মুহূৰ্তকেইটা তেওঁৰ বাবে হৈ পৰে জীৱনৰ কোনোদিনে পাহৰিব নোৱাৰা আনন্দময়, বেদনাময় হৃদয় ঐশ্চৰ্য।' আপোন সন্তানৰ মংগল কামনা আৰু তেওঁলোকৰ উপযোগীকৈ পাঠ্যক্ৰম নিৰ্মাণত কাৰো আপত্তি থাকিব নালাগে, কিন্তু কবিতা এটা দলিয়াই পেলোৱাৰ আগতে, কবিজনক গালী পৰাৰ আগতে আমি কবিৰ জন্ম যন্ত্ৰণাৰ আনন্দময়, গৰিমাময় স্মৃতিকণকো অসন্মান কৰিব নালাগে। সেইবুলি সৰুৱে য'ত পিছল খোৱাৰ ভয় থাকে ডাঙৰে তাত কেতিয়াও পানী পেলাবও নালাগে। এই সৰুজন কবিয়েই হওক বা পাঠকেই হওক। আমাৰ সমাজখনত সমানে আপোন হৈ তেওঁলোক সদায় আমাৰ ওচৰা-ওচৰিকৈয়ে আছে। উৎকৃষ্ট ফল দিবলৈ গছ এজোপাকো সময় লাগে। আমাৰ ঈপ্সিত কবিতা এটা আমাক দিবলৈ নবীন কবি এজনকো অলপ সময় লাগিব পাৰে। অন্যহাতে সমসাময়িক সময়ে নস্যাৎ কৰা বহু কবিতাক কিন্তু পৰৱৰ্তী সময়ে মৰ্যদা দি গামোচাও পিন্ধাই গৈছে। পাঁচ. সমালোচক এজনো প্ৰাৰম্ভিকভাৱে পাঠকেই সবিনয়ে ভাবোঁ, কবিতাও এক সংযোগ মাধ্যম; ই অন্য সংযোগ মাধ্যমৰ দৰেই এক ডি-ক'ডিং চিষ্টেম য'ত বক্তা/শ্ৰোতাৰ ব্যক্তিগত পাৰিপাৰ্শ্চ, ঐতিহ্য, সংস্কৃতি, অভিজ্ঞতা, যুক্তি, আবেগ, আৰু সীমাবদ্ধতাই বক্তব্যক আওবাটে নিয়াৰ অবকাশ এটা নিৰন্তৰ থাকে। এই অবকাশৰ বাটটোতে ভাষাৰ সীমাবদ্ধতা, কবিতাৰ দুৰ্বোধ্যতা আৰু কবিতাৰ চাজেচটিভনেচৰো প্ৰাসংগিকতা। অথচ সকলো সত্যই আকৌ আপেক্ষিক। শেষ সত্য বুলিবলৈ দৰাচলতে পৃথিৱীত একো নাই। পাৰিপাশ্ব আৰু প্ৰাসংগিকতাই সত্যক কেতিয়াবা অৰ্থবহো কৰে, ডাল-পাত কাটি কলমো দিয়ে। আধুনিক জীৱন দৰাচলতে জটিল। বহু ইতিহাস, সংস্কৃতি আৰু দৰ্শনৰ দিকচৌ বাটৰ অলেখ কণ্ঠস্বৰৰ সমৃদ্ধি আছে ইয়াত; আপাত-ভিন্ন অথচ অতি-ব্যক্তিগত অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ তেনেকৈ ঋদ্ধিও আছে তাত। আধুনিক জীৱনৰ এই জটিল অভিজ্ঞতাৰ পৰা শিল-বালি-ইটা বুটলি নিৰ্মিত আধুনিক কবিতাৰ চৰিত্ৰও জটিল হ'বলৈকে বাধ্য। যদিও নিৰ্দিষ্ট কোনো ছাতিৰ তলত দীৰ্ঘদিন স্থায়ী বাসিন্দা হোৱাৰ বাধ্যবাধকতা আধুনিক কবিতাই স্বীকাৰ নকৰাটোৱেই স্বাভাৱিক। কবিসকল যেনেকৈ স্বাধীন; কবিতাৰ পাঠকো মূলতঃ স্বাধীন। পাঠকেও নিজৰ নিজৰ প্ৰিয় কবি আৰু প্ৰিয় কবিতা নিৰ্বাচন কৰি লোৱাৰ গণতান্ত্ৰিক অধিকাৰ উপভোগ কৰে; --কৰিব বিচাৰে। কবিতাৰ সকলো পাঠক নিজে হয়তো কবি নহয়। কোনো দিন নাছিলো। সেই বুলিয়ে তেওঁলোকে কবিতা নপঢ়িবনে? যদি পঢ়িবই নালাগে, কবিয়ে কবিতা লেখে কাৰ বাবে? অকল কবিসকলে পঢ়িবৰ বাবেইনে? নে নিজে পঢ়িবৰ বাবে? পাঠকৰ কোনো ভূমিকাই নাইনেকি কবিতাত? নে পাঠক হ'ব লাগে বোবা? থাকিব নালাগে কোনো বক্তব্য? এজন কবিয়ে কৈছিল, পাঠেহে কবিতাৰ পূৰ্ণতা আনে। কবি জ্ঞান পূজাৰীয়েও কৈছিল, কবি আৰু পাঠকৰ দুয়োখন হাত লগ হ'লেহে কবিতাৰ সভাত হাততালি বাজিব। কবিতা ভালপাওঁ। পঢ়োঁ। বাৰে বাৰে পঢ়োঁ। কবিতাটোৱে কি কৈছে কাণ পাতি শুনিবলৈ যত্ন কৰোঁ। তাৰ মাজতো সীমাবদ্ধতা স্বীকাৰ কৰোঁ। যেতিয়া দেখোঁ, আমাৰ বহু প্ৰতিষ্ঠিত প্ৰাজ্ঞ কবিয়ে দুভৰিয়ে স্বৰ্গ আৰু মৰ্ত্য ইতিমধ্যে দখল কৰিছে; তেওঁলোকৰ তৃতীয় ভৰি এখন শূন্যতে ওলমি আছে; আৰু তৃতীয় ভৰিখন থ'বলৈ পাঠকৰ মূঢ়তাৰে সন্ধান কৰিছে, মই অৱনত হৈ দিওঁ। সমালোচক এজনো প্ৰাৰম্ভিকভাৱে পাঠকেই। আৰু অৱনত পাঠক বহু বৰেণ্য কবিৰ হয়তো তৃতীয় ভূৱন!!! ছয়. কবিতাত চৌৰ্যবৃত্তি: জোনাক নে দৌৰাত্ম্য শিল্পী-সাহিত্যিকৰ ব্যক্তিত্বৰ বিশালতাই কেতিয়াবা কেতিয়াবা একোটা উপত্যকাৰ সৃষ্টি কৰি লয়। কেতিয়াবা আকৌ গুণমুগ্ধসকলে সেই উপত্যকাৰ পৰা শিল-বালি বুটলি সৃষ্টি কৰি লয় প্ৰতিবেশী চুবুৰী। গুণমুগ্ধজনৰ এই প্ৰৱণতাত সততে সৌজন্যতা, সততা আৰু আত্মলঘিমা থাকে---যি উৰ্বৰা শক্তি হৈ পৰৱৰ্তীকালত মৌলিকত্বৰ সন্ধান দিয়াই নহয়, স্বকীয় অনুশীলনেৰে জাতিষ্কাৰ হোৱাতো প্ৰতিবেশীজনক সাহাৰ্য দিয়ে। কেতিয়াবা আকৌ চৌৰ্যবৃত্তিৰ দৌৰাত্ম্যও থাকে, ---যি সাময়িক চিকমিকনিৰ যোগান ধৰিলেও নিজৰ মৌলিকত্বক সততে বিপৰ্যস্ত কৰে, আনকি নিজৰ সৃজনশীলতাকো অনতিপলমে আপোনঘাতী হ'বলৈ বাধ্য কৰে। সেয়ে স্বীকৃতি, সৌজন্যতা আৰু কৃতজ্ঞতা প্ৰতিষ্ঠিত শিল্পী-লেখকৰ প্ৰতি প্ৰাপ্য-পৰিশোধেই কেৱল নহয়, বৰঞ্চ চুবুৰীয়াজনৰ আত্ম-প্ৰতিৰোধো। এই আত্ম-প্ৰতিৰোধৰ বাটটোতে হয়তো অন্য এক পৰ্যায়ত সজ্ঞান-সচেতন সৌৰভ চলিহাই মাৰ্কুইজৰ 'One Hundred Years of Solitude' মেলি লৈও নপঢ়াকৈ আছিল মাৰ্কুইজৰ অবিসংবাদী প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিবলৈ। কাৰণটো নক'লেও হয়--একেখন আকাশৰে বাসিন্দা হ'লেও নক্ষত্ৰবোৰৰ পাৰস্পৰিক অৱস্থান সদায় দূৰণিবটীয়াহে; গাতে গা লগাই সিহঁত উজ্বলি নুঠে। প্ৰসংগতঃ প্ৰান্তিক(১-১৫ আগষ্ট, ২০১৬)ৰ কবিতা এটা পঢ়োতে ভাব হ'ল--কবিতাটো আগতেও পঢ়িছোঁ কিজানি কৰবাত। কিছু সন্ধানৰ পিছত সিদ্ধান্তলৈ আহিলোঁ। কবিতাটো পঢ়িছিলোঁ দৈনিক জনমভূমি (২৫ জুন ২০১৬)ত। কবি বিশাল অনুৰাগ। শিৰোনাম: বৰষুণৰ বাটবোৰ প্ৰেমৰ। সাম্প্ৰতিক বিশাল অনুৰাগৰ কবিতা আৰু কণ্ঠ, বিষয়বস্তু চয়ণৰ বৈচিত্ৰ্য আৰু ৰচনা-ৰীতিৰ বৈশিষ্ট্য ৰসজ্ঞ পাঠকৰ বাবে অচিনাকি মুঠেই নহয়। কবিতা দুটাৰ প্ৰকাশৰ দিন একে নহয়। জনমভূমিৰ কবিতাটো আগৰ। অথচ দুজন কবিৰ কবিতা দুটাৰ থীমহে আশ্চৰ্যজনকভাৱে ওচৰৰ। প্ৰকাশভংগীও কিছু আঁতৰৰ। জনমভূমিৰ কবিতাটোৰ চুটি স্কাৰ্ট পিন্ধা ছোৱালী এজনীয়ে যেন প্ৰান্তিকৰ কবিতাটোত স্কাৰ্টটো টানি-টুনি দীঘল কৰিবলৈ যত্ন কৰিছে। বিশাল অনুৰাগে প্ৰান্তিকৰ কবিতাটো পঢ়িছেনে নাইপঢ়া মই নাজানোঁ, প্ৰান্তিকৰ কবিজনেও বিশাল অনুৰাগৰ কবিতাটো পঢ়িছেনে নাই মই নাজানোঁ। মইহে কিন্তু বিশাল অনুৰাগৰ কবিতাটো কেইবাবাৰো পঢ়িলোঁ---প্ৰান্তিকৰ কবিতাটো পঢ়াৰ আগতো, পিছতো; আনকি প্ৰান্তিকৰ কবিতাটো পঢ়ি থাকোতেও। হয়, জোনাকত বুৰ গৈ থাকোতেও আমি জানো সজ্ঞান হৈ নাথাকোঁ---জোনৰ নিজা পোহৰ নাই; এই পোহৰ আচলতে বেলিৰে! সাত. ফেচবুকত কবিতাৰ অনুশীলন আৰু সমালোচনা কোনেও যেনেকৈ অভিধান এখন হাতত লৈ মাতৃভাষাত কথা ক'বলৈ নিশিকে তেনেকৈ কোনেও হয়তো আলংকাৰিক ব্যাকৰণ বা সাহিত্যিক সংবিধান এখন সন্মুখত লৈ কবিতাও নিলিখে। আৰু কাব্য-সমালোচকৰ ভূমিকা প্ৰাথমিকভাৱে এজন কাব্য-ৰসিকৰহে, তেওঁ ন্যায়পালিকা নহয় যে কবি/কবিতাক কাঠগড়াত ঠিয় কৰাই ঔদ্ধত ভাষাৰে ৰায় দিব? পাল্লাত উঠাই কবি/কবিতাৰ ওজন কৰাজন সমালোচক নহয়েই; সেই অপকৰ্মৰ বাবে সমালোচকক গালী-গালাজ কৰি থকাজন চাগৈ শূন্যতে পাখি কোবাই থকা দেৱদূত। কবিতা কবিৰ মাতৃভাষা; তেওঁ নিলিখাকৈ থাকিব নোৱাৰে। অথচ প্ৰতিজন কবিয়েই সকলো সময়তে সকলোৰে বাবে 'ভাল' কবিতা লিখিব নোৱাৰে। ইতিহাসে কয়--সৰ্বকালৰ প্ৰতিষ্ঠিত কবিসকলৰো প্ৰতিজনে পৰা নাছিল। এলিয়টৰ The Waste Land-ৰো ডাল-পাত কলম দিছিল কবি-বন্ধু এজৰা পাউণ্ডে। তাতে, কবিতা মূলতঃ এক পঠন আৰু শ্ৰৱন-বিশেষ যি আকৌ সততে এক de-coding ব্যৱস্থা য'ত পাঠক-সমালোচকৰ স্বকীয় আবেগ-অভিমান-পূৰ্ব ধাৰণা আদিৰ ভিন্নতাই কবিতাৰ বক্তব্যক আওবাটে নিয়াৰ আশংকা এটাও সদায় থাকে। গতিকে আজি এজনে নাকচ কৰা কবিতা এটাও কাইলৈ অন্য এজনৰ দ্বাৰা, আনকি হয়তো একেজনৰ দ্বাৰাও প্ৰশংসিত হ'ব পাৰে। ইতিহাসে কয়, ভৱিষ্যতে সদায় বৰ্তমানক অতিক্ৰম কৰে, যদিও অতীতক বুনীয়াদ হিচাপে লৈয়ে বৰ্তমানে গঢ় লয়। বহুজনে হয়তো ফেচবুকতে কবিতা লিখিবলৈ লৈছে, কী পেডত আঙুলি বুলাইছে। ফেচবুক নাথাকিলে তেওঁলোকৰ বহুতে হয়তো কবিতা নিলিখে; দুৰ্ঘটনাবশতঃ আঙুলীকেইটা নাথাকিলেও লিখিবলৈ অসুবিধা পাব; কিন্তু এই দুৰ্ভাৱনাক মাপ-কাঠি হিচাবে লৈ তেওঁলোকৰ কাব্যিকতাৰ মূল্যায়ন কৰিবলৈ গ'লে নিশ্চয় ভুল হ'ব। ব্যক্তিগতভাৱে মই কবি বা সমালোচক নহওঁ। তথাপি আশা কৰোঁ---কবিতা/সমালোচনাৰ ইতিহাস-ৰীতি-নীতি যিসকলৰ নখ-দৰ্পনত সেই বিজ্ঞসকল নবীন কবি-সমালোচকৰ প্ৰতি সহানুভূতিশীল হওক, তুচ্ছ-তাচ্ছিল্য নকৰি স্বকীয়া প্ৰাজ্ঞতাৰে আঁৰিয়া ধৰি আগবঢ়াই নিয়ক। অৱশ্যে বনৰীয়াৰ পৰা পোহনীয়া হোৱাটোও সভ্যতাৰ এটা ঢাপ। আঠ. কবিতা পঢ়েনে কবিতা পঢ়েনে? আৰু কবিতা-বিষয়ক আলোচনা-সমালোচনাবোৰ? পঢ়েনে কোনোবাই? যদি সঁচাকৈ পঢ়ে, ---কিমানে পঢ়ে? এজন কবিয়ে কৈছিল---কবিতা যিসকলে নপঢ়ে, কবিতা সেইসকলৰ বাবে! কিন্তু কবিতা-বিষয়ক আলোচনা-সমালোচনাবোৰো সিহঁতক নপঢ়াসকলৰ বাবে হয়নে? নিশ্চয় নহয়। তেন্তে এইযে আমি কবিতা এটি পঢ়ি মন্তব্যবোৰ লিখোঁ, লিখিয়েই থাকোঁ সদায়, ---কাৰ বাবে লিখোঁ? কিয় লিখোঁ? মই কিন্তু নিজৰ বাবে পঢ়োঁ। নিজৰ বাবেই লিখোঁ। কবিতা পঢ়ি ভালপাওঁ বাবে ভাললগাখিনি কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যায় বাবে লিখোঁ। সাম্প্ৰতিক কবিতা কাব্যৰসিকৰ যথেচ্ছা বিহাৰ নহয়, বৰঞ্চ এক পৰিশীলিত মৰ্যাদাপূৰ্ণ কলা বুলি বিশ্বাস কৰোঁ বাবে দেশ-বিদেশৰ কাব্য-সাহিত্যত উৎকৃষ্ট বুলি বিবেচিত সমলবোৰ আমাৰ কবিতাত পুনৰাৱিস্কাৰ কৰিবলৈ লিখোঁ। ব্যক্তিগত পৰ্যায়ত মোৰ বাবে গুৰুত্বপূৰ্ণ কথা একোটা বহু বিজ্ঞজনৰ বাবে গুৰুত্বপূৰ্ণ নোহোৱাই স্বাভাৱিক। তেন্তে মই নক'লেনো কি হয়? নিলিখিলেনো কি হয়? একেষাৰে----হয়তো একো নহয়! সংগৃহীত
Wednesday, May 15, 2019
** আত্মসন্তুষ্টি বনাম বিশ্ব পৰিবেশ দিবস আৰু কিছু প্ৰাসংগিকতা ইত্যাদি *** ৰাজনৈতিক, কৰ্মোদ্যম আৰু জনসচেতনতা বাবে প্ৰতিবছৰে পাচ জুন তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আমি মাথো আত্মসন্তুষ্টি লাভ কৰি আহিছো । সেই দিনটো হাজাৰ হাজাৰ গছপুলি ৰোপন কৰি আত্ম সন্তুষ্টি লাভ কৰা হৈছে বৰ্তমান সমাজৰ এক নতুনত্বৰ আদৰ্শ বা লক্ষ্য । আমি আত্ম বিশ্লেষণ নকৰো যে আমি সেই দিনা ৰোপণ কৰি অহা হাজাৰ হাজাৰ জোপা মূল্য বান গছ মৃত্যু মুখলৈ ঠেলি ৰং চাইছো । কাৰণ আমাৰ বহুতৰে পৰিবেশ অধ্যয়ন সম্পৰ্কে সাম্য জ্ঞানৰ অভাৱ । আৰু পৰিবেশ অধ্যয়ন সম্পৰ্কে জ্ঞান থকা সকলৰ অবহেলা বাবে সেউজী ধৰণী খনৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয । সমাজ পাতি বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে যিদিনা নিজৰ ঘৰটো, বাৰীখন, পদুলি টো , চুবুৰীটো সুন্দৰকৈ সজাই তুলিব নিশিকিব সেই দিনালৈকে আমাৰ পৰিবেশ বাৰ্তাবৰণ প্ৰদূষিত হৈ ৰব । এটা সুন্দৰ মনৰ অধিকাৰী গৰাকী হে বিশ্ব পৰিবেশ দিবস ৰ মূল্য দিব পাৰে । উদাহৰণ স্বৰূপে আজি আমি যদি লক্ষ্য কৰো আমাৰ পদূলি সমূহ তেতিয়া হয়তো দেখা পাম বহু লেতেৰা আৰ্বজনাৰে পদুলি মুখত ভৰি আছে । বাৰীখন সুন্দৰকৈ সজাবলৈ নজনা বাবে বহু সম্পদ অনিষ্ট হোবা উপৰিও পৰিবেশটো সুন্দৰ বাৰ্তাবৰণ দিব সক্ষম নহয । চুবুৰীয়া লোক সকলৰ পদুলি মুখত সমূহ লেতেৰা বাবে ৰাস্তা পদুলি সমূহ লেতেৰা বোকা আৰু দুগুন্ধময । গতিকে আমি সেইবোৰ পৰিপাটি কৰি এটা সুন্দৰ পৰিবেশ সৃষ্টি কৰিব পদক্ষেপ যিদিনা লব শিকিম সেইদিনা পৰা আমি আমাৰ পৰিবেশ টো প্ৰদুষণ পৰা লাহে লাহে সম্পূৰ্ণ মুক্ত কৰি সক্ষম হম । আজি অলপ দিনৰ আগৰ পৰা আমি এটি কাৰ্যসূচী হাতত লৈ আগবাঢ়িছিলো যে আমাৰ সহকৰ্মী, বন্ধু বান্ধৱী সকলৰ যি কোনো শুভ অনুষ্ঠানত উপহাৰ আৰু শুভকামনা জনাবলৈ যাওঁতে দুটা কৈ মূল্য বান গছপুলি তেওঁৰ হাতত দি সেই শুভ দিন টো বা দুখৰ দিন টো স্মৃতি জীয়াই ৰাখিব লৈ গছ পুলি দুটা ৰোপন কৰি পালন কৰিব দ্বায়িত্ব প্ৰদান কৰা লগতে অনুৰোধ কৰিছিলো । আৰু পৰৰ্ৱতী সময়ত তেখেতৰ সকলৰ ঘৰলৈ আলহী হিচাপে গৈ গছপুলি কেইটা কিমান ডাঙৰ হৈছে তেওঁৰ উপস্থিত নিজে চাই আহিছিলো । সেইদৰে আমি বনভোজ খাবলৈ যোবা ঠাই সমূহলৈ গলে বহুতো কাগজৰ কাটুন লৈ গৈছিল উদ্দেশ্য হল আমাৰ কাষতে বনভোজ খাবলৈ যোৱা দল সমূহক সেইবোৰ দি তেওঁলোকৰ পেলনীয়া সামগ্ৰী সমূহ তাত পেলাবলৈ অনুৰোধ কৰিছিলো । আৰু বনভোজ পৰা উভতি অহা আগতে এটি নিদিষ্ট স্থানত সেইবোৰ জ্বলাই নষ্ট কৰি আহিছো । ইয়াৰ উপৰিও বিভিন্ন ৰাজহুৱা স্থান সমূহ এটা নিৰ্দিষ্ট দিনৰ অন্তৰালত পৰিস্কাৰ কৰি সেই স্থানৰ ব্যক্তি সকলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছো । এনেকুৱা কাৰ্য্য সুচী সমুহ গ্ৰহণ কৰি সফলতা লাভ কৰা লগতে পৰিবেশ সুৰক্ষা দিবলৈ এটি প্ৰযাস জড়িয়তে আত্ম সন্তুষ্টি লাভ কৰিব সক্ষম হৈছো । গতিকে আমি প্ৰতিজন মানুহে এনেকুৱা অভিনব কাৰ্যসূচী হাতে কামে কৰি গলে আমি এটা সময়ত পৰিবেশ প্ৰদূষণ পৰা কিছু পৰিমানে মুক্ত কৰি সক্ষম হম । আজি ব্যস্ততাপূৰ্ণ জীৱনত এনেকুৱা সৰু সৰু চিন্তা বোৰ কৰি মানব জাতিটোৰ সময় অভাৱ নে মনৰ উৎসাহ অভাৰ বুজি নাপালো? আমি সকলোৱে সাধাৰণতে কেইটামান গছপুলি ৰোপন কৰি ডাঙৰ ডাঙৰ ফলক কেইখনমান আৰি দি বা ডাঙৰ ডাঙৰ ভাষণ দি বা সভা সমিতি আয়োজন কৰিলে বিশ্ব পৰিবেশ দিৱস পালন কৰা লক্ষ্য আৰু উদ্দেশ্য সফলতা লাভ কৰিবলৈ সক্ষম নহয । উল্লেখযোগ্য যে আমি যি স্থানত বিশ্ব পৰিবেশ দিবস পালন কৰা বাবে সভা আয়োজন কৰো সেই ঠাইকন সভা ভংগ হোৱা পিছত লেতেৰা হৈ থকা সকলো পৰিলক্ষিত । ইয়াৰ উপৰিও সেই গছপুলি কেইটা পিছদিনা ৰদত শুকাই পৰা অনুভব কণ আমি কৰিব নোৱাৰা এক লজ্জাজনক কথা । তেন্তে কিয এই নিদিষ্ট দিনটো আমি উলহমালহেৰে আয়োজন কৰি আহিছো?? আজি পলিথিন মোনা বা পলিথিনৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পাইছে যে তাক ভাষাৰে প্ৰকাশ কৰিবলৈ কঠিন । এই পলিথিন ব্যৱহাৰ ফলত আমাৰ সমাজত কিমান ভয়ংকৰ প্ৰদুষণ আমি নিজে সৃষ্টি কৰিছো সেই কথা টো চিন্তা কৰি কাৰো সময় নাই । এই ক্ষেত্ৰত প্ৰতিজন মানুহেই সুবিধা বাদী । আজি সাগৰৰ তলিত প্ৰতি দিনত কিমান টন পলিথিন আবদ্ধ হৈ আছে আমি জানিব ইচ্ছা প্ৰকাশ কৰিছো নে? সেইদৰে মটৰ গাড়ী, কল কাৰখানা, আধুনিক মিউজিক চিষ্টেম ব্যৱহাৰকাৰীয়ে এবাৰ প্ৰদূষণ ৰ দৰে ভবিষ্যত ভয়ংকৰ ছবি খনৰ কথা চিন্তা কৰি নোবাৰা বাবে দিনক দিনে এই বোৰৰ পৰা প্ৰদুষণ বৃদ্ধি পাইছে । গতিকে আমি সজাগ আৰু কৰ্মোদ্যোগী নহয বা হবলৈ প্ৰযাস নকৰা বাবে এসময়ত এখন সুন্দৰ পৃথিৱী আমাৰ বাবে ধবংস হব । গতিকে পৰিবেশ দিবস পালন কৰা দৰে আমি প্ৰতিদিনে পৰিবেশ সুৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ।
Tuesday, May 14, 2019
*** আত্মসন্তুষ্টি অন্য এক নাম ইশ্বৰ বিশ্বাস **(আত্ম বিশ্লেষণ ) বহু লোকে মোক প্ৰশ্ন কৰে আপুনি ইশ্বৰক বিশ্বাস কৰে নে ? মই একেষাৰতে কব বিচাৰো মই ইশ্বৰ বিশ্বাস নকৰো বা ইশ্বৰ ভক্ত বা নাস্তিক ও নহও । কাৰণ মই সদায় মোৰ শৰীৰৰ সন্মুখ অংশ দেখি আহিছো আৰু নিজ চকুৰে দেখা অংশ টো বিশ্বাস কৰো আৰু সেই অংশ সমূহ বিষয়ে সম্পূৰ্ণ বাখ্যা দাঙিব পাৰিম । কিন্তু মোৰ শৰীৰৰ পিছ অংশ মানে পিঠি অংশ টো সম্পূৰ্ণ ভাৱে দেখা পোবা নাই আৰু সেই অংশটো চাবলৈ চেষ্টা কৰা নাই বাবে মতামত দিব নোবাৰিম বাবে আনে কলেও বিশ্বাস নকৰো । সেইদৰে ইশ্বৰ ক্ষেত্ৰত মই কিছু অবাস্তব ধাৰণা বা যুক্তি কথা শুনিবলৈ নিবিচাৰো আৰু বিশ্বাস নকৰো । এই ক্ষেত্ৰত ইয়াৰ অৰ্থ এইটো নহয যে মই নাস্তিক । মানুহে সমাজ পাতি বসবাস কৰা দিনৰপৰা আত্ম সন্তুষ্টিৰ বাবে হক বা শান্তি, সম্প্ৰতি, সমৃদ্ধি, ঐক্যবদ্ধ বাবে হক ইশ্বৰ শব্দটো প্ৰয়োগ কৰি নানা নাম দি পৰম্পৰাগত ভাৱে বিভিন্ন ধৰণৰ ৰীতি নীতি জড়িয়তে ইশ্বৰ সন্ধান বা বিশ্বাস কৰি আছে আৰু কৰি গলে আত্ম সন্তুষ্টি লাভ উপায পাই তেন্তে সেই ক্ষেত্ৰত একো নাই । কিন্তু ইশ্বৰ শব্দটো প্ৰয়োগ কৰি গুৰামি , দাম্ভকতা,অযুক্তিকৰ তত্ত্ব বাখ্যা জড়িয়তে সমাজত নিজকে সৰ্বজ্ঞানী বুলি প্ৰতিস্থা কৰিব বিচৰা ক্ষেত্ৰত অসন্তুষ্ট । সমাজত এনে বহুতো ব্যক্তি আছে যিসকলে দুখনমান ধৰ্ম পুথি অধ্যয়ণ কৰি ইশ্বৰক যেন সাক্ষাৎকাৰ কৰা লগতে দৰ্শন কৰি আহিছে । বিজ্ঞানেও কৰিব নোৱাৰা যুক্তি প্ৰদৰ্শিত কৰি তেওঁলোকক ইশ্বৰ স্বৰূপ হৈ পৰা যুক্তি প্ৰদৰ্শন কৰি সমাজ সমূহ পৰিচালনা কৰা পৰিলক্ষিত । তেওঁলোকৰ যুক্তি খন্ডন কৰিব নোবাৰা সকল ভক্ত হৈ অন্ধকাৰ জগতত প্ৰৱেশ কৰা হাজাৰ হাজাৰ উদাহৰণ বৰ্তমান সমাজত উল্লেখযোগ্য উদাহৰণ হব । মানবতা কল্যান নামত ইশ্বৰ শব্দ প্ৰতিষ্ঠা কৰা বিপৰীতে মানবতা ধবংস কৰা বাবে এচাম লোকে ঈশ্বৰ শব্দটো প্ৰয়োগ কৰি ইশ্বৰ নামত একো একোটা বৃহত্তম ব্যবসায দোকান খুলি বহি থকা আমি সকলোকে জানো যদি আপত্তি নকৰো । কাৰণ আমি আমাৰ আত্ম সন্তুষ্টি বাবে ঈশ্বৰক বিশ্বাস কৰো । দহজন আগত নিজকে ধাৰ্মিক হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা বাবে এচাম লোকে ইশ্বৰ দোকান খুলিবলৈ সুবিধা লাভ কৰিছে । সেইসকলে ইশ্বৰ দৰ্শন কৰা পিছতো লোভ -মোহ ত্যাগ কৰিব নোৱাৰে; ইয়াৰ মূলত দোষ আমাৰ বিনা ঘোচত ইশ্বৰে চকু মেলি নাচায বাবে আমি ঘোচ আগবঢাও । যেনে -- অমুক কামটো বাবে অমুকটো দিম । আৰু যেতিয়া আপুনি সন্তুষ্ট লাভ কৰি সেইটো কাৰোবাক সাক্ষী কৰি দিবলৈ আগবাঢ়িব সেই সময়ত আপুনি ভবা দৰে অঙ্কটো নহয়গৈ । কাৰণ সাক্ষী সকলেও ইশ্বৰ সাক্ষী এনেই নহয তেওঁলোকৰ বাবে ইশ্বৰে কিছুমান ৰীতি নীতি বান্ধি দিছে যিবোৰ ইশ্বৰ ক এবাৰ দেখুৱাই নিজৰ নিজৰ বেগটো ভৰ্তি কৰা হয । অন্যহাতে আপুনি সেইবোৰ পৰিশোধ কৰিবলৈ বাধ্য কাৰণে ইশ্বৰক আপুনি ঘোচ দিম বুলি আশা দিছিল নহলে আপুনি পাপ পৰাতকৈ শান্তি ৰে থাকিব নোৱাৰে এই কাৰণে আপুনি আত্ম সন্তুষ্ট লাভ কৰিব বাবে সেইবোৰ দিব লাগিব । জীবনত আত্ম সন্তুষ্টি লাভ কৰিব হলে নিজৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যক্ষ ভাৱে চাই নিজকে পুবা গধূলি এবাৰ বিশ্লেষণ কৰক । আৰু ভুল বোৰ সংশোধন কৰি মানব কল্যান হকে চিন্তা কৰিলে ইশ্বৰক পাব ।
Saturday, May 11, 2019
**প্ৰাসঙ্গিক :: সন্মান বনাম কৃত্ৰিম সন্মান ** মানব জীবনৰ অন্য এক উল্লেখযোগ্য চাবিকাঠি হল সন্মান । পৃথিৱীৰ সকলো মানুহৰে একো একোটা নিজস্ব সন্মান আছে । সন্মানৰ ক্ষেত্ৰত জাতি-ধৰ্ম ,বৰ্ণ , উচ্চ -নিম্ন মধ্যবিত্ত আদিৰ কথা নাহে । গতিকে প্ৰতিজন ব্যক্তি যে নিজৰ সন্মানক সদায প্ৰধান্য দিয়া পৰিলক্ষিত । সন্মান টকাৰে কিনিব নোৱাৰে । সন্মান স্বতন্ত্ৰ বিষয । আজি আধুনিক সমাজৰ ব্যৱস্থাত দেখা পোৱা গৈছে যে যাৰ টকা পইচা, ধন সম্পত্তি আছে তেওঁৰ সন্মান আছে । আৰু সেই সকললোকে সদায সন্মানৰ সন্ধানত দৌৰি ফুৰা পৰিলক্ষিত । প্ৰকৃততে সেইসকল লোকে সন্মান প্ৰকৃত অৰ্থ হৃদয়ৰ সংগম বা উপলব্ধি কৰিব নোৱাৰে । কেইটকা মান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বৰঙণি আগবঢ়োৱা সভা সমিতি সমুহত ৰাইজৰ মাজত ডিঙিত আনে গামোচা এখন পিন্ধালেই তেওঁলোকে বহু সন্মান পালো বুলি আত্ম গৌৰৱৰ কৰাটো পৰিলক্ষিত । সেইবোৰ হল কৃত্ৰিম সন্মান । আজি সমাজৰ মানসিকতা পৰিবৰ্তনৰ হোৱা পৰিলক্ষিত কেইখনমান কিতাপ, কেইটামান সমাজ সেবা কাম কৰি , কেইখনমান নাটক বা অভিনয কৰি টকা জড়িয়তে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এ প্ৰদান কৰা সন্মানীয় বটা কেইটামান গ্ৰহণ কৰিব পৰাটো কিছুমান ব্যক্তিৰ জীৱনৰ এক লক্ষ্য হৈ পৰিছে । ৰাতিটো ভিতৰত আজি সমাজত বহু হাজাৰ জন এনে ধৰণৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, গল্পকাৰ, উপন্যাসিক, সমাজসেৱক ইত্যাদি ইত্যাদি হোবা সকলোৱে জ্ঞাত । সেই সন্মান সমুহৰ মূল্য ক্ষণতেকিযা । আচলতে প্ৰকৃত ব্যক্তিয়ে কেতিয়াবা তেনে সন্মান আশা নকৰে বাবে তেওঁলোক সমাজৰ প্ৰচাৰ বিমুখ ব্যক্তি তালিকা অন্তৰ্ভুক্ত । আজি সমাজৰ মানসিকতা হল হকে বিহকে যিকোনো এটা অনুষ্ঠান সময বা অসময়ত আয়োজন কৰি মোটা অংকৰ অনুঠানটোলৈ আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ কৰি গামোচা পিন্ধোৱা সংস্কৃতি গঢ়ি তোলা এক প্ৰকাৰ লক্ষ্য হৈ পৰিছে । গামোচা বদনাম বিশিষ্ট ব্যক্তি এক উল্লেখযোগ্য অনুষ্ঠান আজি সমাজৰ এক লক্ষ্য কিছু দিশত হোৱা দেখা পোৱা যায । উদাহৰণ স্বৰূপে আজি আমি কব পাৰো বৰ্তমান প্ৰায সংখ্যাক বিহু মঞ্চত "" স্মৃতি গ্ৰন্থ "" প্ৰকাশ কৰাটো এক শুভ লক্ষণ । সেই গ্ৰন্থ সমুহত কিছুমান ব্যক্তিয়ে আনপৰা টকা জড়িয়তে উন্নত লেখা সংগ্ৰহ কৰি নিজৰ নামত প্ৰকাশ কৰা কোনো ক্ষেত্ৰত দৃষ্টিগোচৰ আমাৰ সকলোৰে হয । সেই ব্যক্তি সকলে তেনে কৰা কাৰন হল বিহু সমিটি খনত তেখেত গুৰুত্বপূৰ্ণ দ্বায়িত্ব ব্যক্তি । দ্বায়িত্বশীল ব্যক্তি হৈ তেওঁৰ আয়োজন কৰা বিহু খনত যদি লেখা এটা প্ৰকাশ কৰিব নোবাৰে লাজ বিষয । গতিকে টকা জড়িয়তে তেখেতে এগৰাকী সাহিত্যিক ও এই কথা সমাজৰ আগত দাঙি ধৰা তেওঁৰ এটা লক্ষ্য । আন গীত এটা নিজৰ গীত আৰু সুৰ বুলি কব বিচৰা আমাৰ সমাজত বহু উদাহৰণ আছে । কিন্তু প্ৰকৃতাৰ্থত সেই সাহিত্যিক, গীতিকাৰ, সুৰকাৰ সমাজ প্ৰচাৰ বিমুখ ব্যক্তি হিচাপে চিৰদিনৰ বাবে থাকি যায । আৰু তেওঁলোকৰ সন্মান সদায উচ্চ স্থান লাভ কৰে যেতিয়া তেওঁলোকৰ বিষয়ে সকলোৱে জানে ।
@@@@ মন যায় @@@ ( পুত্ৰ সুশান্তু নাথৰ অনুৰোধ ক্ৰমে তেওঁ হাতত তুলি দিব পৰাকৈ এখন শিশু নাট লিখা প্ৰয়াস মাথোঁ) ( নেপথ্য পৰা:::::: আমি কণমানি আমাৰো আছে বহু হেপাঁহ, আশা, আৰু জগত মুহি নিজক প্ৰতিষ্ঠা কৰিব পৰা ধৈৰ্য্য,সাহসক, বুদ্ধিমত্তা ৷ আমাৰ সপোন বোৰ, আমাৰ ৰাপ, হাবিয়াস,লক্ষ্য, উদ্দেশ্য বোৰত মাথোঁ আপোনালোকৰ আৰ্শীবাদ আৰু প্ৰেৰণা প্ৰয়োজন ৷ আপোনালোকৰ আৰ্শীবাদ, প্ৰেৰণা পালে আমি আমাৰ লক্ষ্য উদ্দেশ্যত সফল হব পাৰিম ৷ গতিকে আমাৰ মনক আপোনা সবে বুজিব চেষ্টা কৰিব বুলি আশা কৰিছোঁ ৷) বি: দ্ৰ: পৰিচাকে নিজৰ সুবিধা অনুসৰি বাদ্য যন্ত্ৰ, অভিনেতা, অভিনেত্ৰী সৃষ্টি কৰি লব ৷ ( মুকলি মঞ্চত তিনিটা স্থানত শিশু সকলে বিভিন্ন ভংগীমা যেনে খেলা,পঢা, নচা, ভাওনা কৰা, পঢা, আদি ভংগীমাত ৰৈ থাকিব ৷ মঞ্চ কাপোৰ আতৰা লগে লগে "" নেযাবি ৰঙে মন মাছে মাৰিবলৈ ধুমুহা আহিব হল ৷ ক 'ৰবাত কেনেবকৈ ঘৰিয়ালে পাব বোবাৱ তেজেৰে নৈ ৷ আকাশলৈ চাই চাই হিয়া খনি ভুকুবাই ৰ 'দৈ বাউলী হল ৷ "" ৰংমন:: সেইয়া আই মাত ৷ মোক মাতিছে ৷ আই!!!! ( উচুপি উচুপি) আই তুমি মোক বাধা দিলেও মই যাব লাগিব আই ৷ নহলে ভোকে মৰিব লাগি আটাই ৷ ( দ্বিতীয় দলত """ আগলী কলৰ পাত লৰে কি চৰে চিলনী আই মোৰ আগতে পৰে ৷ (নেপথ্য পৰা গীতটো গাব ) পৰী::: আই , আই!!! ( উচুপি উচুপি) আই মোৰ বৰ ভোক লাগিছে জানা ৷ তুমি কিয় মোক এৰি গুচি গলা আই???? ( ত়তীয় দলত::: ( নেপথ্য পৰা) "" হালধীয়া চৰাই বাউধান খাই সাউদৰ পুতেকে নাওঁ মেলি যায় নাওঁবে বুলে তুলুং ভূটং বঠাই বোলে নাওঁ গধুলিতে গধুলিতে দৱা কোৱাও ৷ হিৰণ্য:: ( কিটাপ খন জপাই,হামিয়া) ওহ!! কিমান পঢিবা আৰু ৷ ইমান বোৰ কিতাপ!!! (গাটো বেকা বেকি কৰি) কিটাপ বেগটোলৈ মনত পৰিলে পিঠিখন দেখুন বিষাই ৷ ( মঞ্চত মিনতি প্ৰবেশ) মিনতি:: ৰতন, বিমল, পৰী,ৰংমন তহঁতবোৰ ক 'ত গলি অ '!! বেলি বঢিব হল ৷ আহ হৈ আহ হঁত ৷ ( তিনিওটা দলে একে লগে::::: "" গৈছোঁ, আমি সকলো গৈছো ৰ ৷) ( প্ৰথম দলে নাচি নাচি "" অ' লৌ গুটি, টো 'লৌ গুটি কচু গুটি লাই ৷ যি খন হাত গুটি আছে সেই হাতে পাই ৷ "" সকলোবে একে লগে হাঁহি মাৰে ৷ "" তই হৱা কেতিয়াবাই আহিলি ন?? "" মিনতি:: অ '!! বাকী বোৰ ক 'ত অ '!!! ( দ্বিতীয়, তৃতীয় দলে এলেলগে ৰেল গাড়ী দৰে হৈ উকি মাৰি, নাচি বাগি "" ৰেল অ ' ৰেল ৷ """ """ আমিও আহি পালোঁ ভাই ৷ "" ( সকলোবে হাঁহি হাঁহি হাত ধৰা ধৰিকৈ গাৱ "" বগলীয়ে সবাহলৈ নগলি কিয়? "" ৷ এটা সময়ত সকলো নাচি বাগি ভাগৰি যেনি তেনি বঢিব ৷ কোনো কোনোবে শুই পৰিব ৷ কিছু সময় পিছত) মিনতি:: ঐ!! তহঁতবোৰে বঢ়ি শুইয়েই কটাবি নেকি? ়়়়়় উঠ আকৌ!! ৰংমন::: মোৰ হলে বৰ ভাগৰ লাগিছে পাই ৷ হিৰণ্য:: ভাগৰিলে নহৱ ৷ মিনতিবাই ,আমাৰ উদ্দেশ্যবোৰ কোৱা আকৌ ৷ মিনতি:: কৈছোঁ ৰবা ভাইটি!! ( সকলোবে থিয় হৈ মিনতিক মাজত লৈ """ কোৱা, কোৱা মিনতি বাই ৷) তেন্তে শুনা সকলোবে ৷ আমাৰ গাওঁৰ ক্লাৱত শিশু দিৱস পাতিব বুলি কোৱা শুনিছোঁ ৷ আমি সকলোবে যদি তাত যোগদান কৰিব পাৰোঁ কেনে হব বাৰু ৷ ( সকলোবে একে লগে "" কেনেকৈ যোগদান কৰিবা বাই ৷ "") আমি তাত সকলোবে নাচিম, গাম, কবিতা আবৃত্তি কৰিম, নাটক কৰিম আৰু???? ৰংমন::: আমাক সেইবোৰ কোনে শিকাব? আমাক জানো ক্লাৱত সেইবোৰ কৰিব দিব ?? হিৰণ্য:: আমি সেইবোৰ নিজে নিজে শিকি কৰিম অ ' ৷ মিনতি::: আমাৰ মা ক্লাৱৰ সভানেত্ৰী মই মাক কৈছিলোঁ কথাটো ৷ ( সকলোবে "" কি কথা বাই?? "") আমি নাচিম, গাম,কবিতা আবৃত্তি কৰিম বুলি ৷ ( সকলোবে "" তেওঁ কি কলে? "") তেওঁ দিম বুলি কলে!! ( সকলোবে কিৰিলি মাৰি জপিয়া জপিয়া ফুত্তি কৰে ৷ ৰংমন আৰু পৰী দুয়ো মন মাৰি আতঁৰত বঢ়ি পৰে ৷) মিনতি:: ( ৰংমনৰ কাষলৈ গৈ গাত ধৰি) কি হল ৰংমন ৷ তুমি যে ভাগি পৰিছা ৷ হিৰণ্য:: ( পৰী কাষলৈ গৈ) তোমাৰ মূখতযে আজি হাঁহি নাই ৷ ( মিনতিয়ে ৰংমনক হিৰণ্যই পৰীক হাত ধৰি উঠাই মঞ্চ মাজলৈ আনে সকলোবে দুয়ো কাষে থিয় হৈ সিহঁত দুয়োলৈ চাই সুধে """ কি হল এওঁলোকৰ? """) ৰংমনে::: ( উচুপি উচুপি চকুপানী মোহাৰি) মোৰো মন যায় তোমালোকৰ লগত বিদ্যালয় যাব ৷ হাঁহি ধেমালি কৰি সকলোবোৰ কথা শিকিব ৷ কিন্তু? ( সকলোবে "" কিন্তু?? কি? "") মই জানো সেইবোৰ কৰিব পাৰিম ৷ কচু,ঢেকীয়া বুটলি, মাছ ধৰি বজাৰত বা মানুহ ঘৰত বিক্ৰি নকৰিলে গধূলী পাকঘৰত চৌকা নজ্বলে অ '!! পৰী::: ( উচুপি উচুপি চকুলোঁ মোহাৰি) মোৰো বৰ ভয় লাগে মাহী আইলৈ ৷ তেওঁ যিহে খং!! পিতাইও ঘৰত নাথাকে ৷ ( ভৰি কলাফুল দুটা দেখোৱাই) এইয়া চা!! ( সকলোবে একেলগে জুমি চাই """ ইচ!! ইচ!! ইমান বেয়া নে তেওঁ?? "") হিৰণ্য:: তহঁতবোৰ দূখ কাহিনীবোৰ দেখি শুনি বৰ দূখ পালোঁ ৷ তেন্তে মোৰ দূখৰ কাহিনী শুন, নিজা গাওঁ, ভাষা, তহঁতবোৰ লগত থাকিলে মই বেয়া হম বুলি মা দেউতাই আলোচনা কৰি চহৰৰ ব্যক্তিগত বিদ্যালয়ত নাম লগাই দিছে ৷ যাতে তহঁতবোৰতকৈ মই বহু বেলেগ হৈ তহঁতবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ ৷ কিন্তু?? (সকলোবে "" কিন্তু?? কি? "") মই তহঁতবোৰক পাহৰিব নোৱাৰোঁ ৷ নোৱাৰো সহিব সেই কিটাপৰ বুজাবোৰ!! ( তেনেতে নেপথ্য পৰা কিৰিলি মাৰে, সকলোবে ইফালে সিফালে জুমি চাই যদিও একো দেখা নেপায়,; পুণবাৰ কিৰিলি মাৰে সকলোবে জুমি চাই ৷ মিনতিয়ে দেখা পাই!) মিনতি:: ঐ!! ঐ !! নামি আহ ৷ নামি আহ ৷ ( সকলোবে মিনতি কাষত থিয় হৈ ৷ "" অ ' সেইটো আমাৰ জলৌ দেখুন!!! ়়়়় ঐ নামি আহ!! নামি আহ!! "" কিছু সময়ৰ পিছত সেমেনা সেমেনিকৈ জলৌ সকলোবে মাজলৈ আহে সকলোবে হাত ধৰা ধৰিকৈ জলৌক মাজত ৰাখি নাচি বাগি গাই "" হলৌ উঠিল তকৌ গছত লগাই খদৌ মদৌ, ়়়়়়় "" সকলোবে হাঁহি হাঁহি "" কি খবৰ জলৌ??? , আমাৰ লগত থাকি বেয়া পাওঁ নেকি?? """ জলৌ::: না়়়় পাওঁ অ৷ ত়়়়়়়ত়়়তহঁ়়তে জো়়়়়়কা়়়়়়়অ বা়়়়়বা়়়়়়বাবে গ়়়়়়গ়়়়়়়গছৰ প়়়়়়়পৰা শু ়়়়়শু়়়় শুনি আ়়়়়ছোঁ ৷( সকলোবে "" অ ' ই আমাৰ সকলো কথা শুনিলে, এতিয়া তই কি কৰিবি ন? জলৌ::: মো ়়় মো ়়়়মোৰ ম ়়় ম ়়়়় মন যা ়়়যা ়়়়় যায় ৷( সকলোবে "" মন যায় "" (নেপথ্যত "" মন যায় "" গীতটো বাজিব সকলোবে এটা ভংগীত ৰৈ থাকিব ৷) সমাপ্ত বি: দ্ৰ: নাটক লিখা অভ্যাস নাই যদিও পুত্ৰ সুশান্তু নাথক উৎসাহিতত কৰিব বাবে প্ৰয়াস কৰিছোঁ ৷ ভূল বোৰ আঙুলিয়াই দিব বুলি কৰযোৰে সকলোকে অনুৰোধ কৰিলোঁ ৷
*** প্ৰসঙ্গ মাতৃ দিৱস :: নৈ সমান বব কোন ? আই সমান হব কোন ?*** আমি প্ৰতিবছৰে মাতৃ সকলে সমাজলৈ আগবঢ়োৱা অবদানৰ কথা সুবঁৰি মাতৃ সকলৰ সন্মানাৰ্থে "" মাতৃ দিৱস "" পালন কৰি আহিছো । আমি সকলোৱে জানো সেই সকল ব্যক্তি সদায সৌভাগ্যৱান যি সকলৰ মাতৃ বৰ্তমান জীবিত । এগৰাকী নাৰীয়ে সেইটো ভালদৰে অনুভব কৰে যে এটা সময়ত তেওঁৰ এগৰাকী মাতৃ হব । মাতৃ হোবা সেই সৌভাগ্য কথা হয়তো তেওঁৰ হয়তো ভাষাৰে বুজাব নোবাৰে । এখন ঘৰৰ পৰা গৈ আন এখন ঘৰ আকোঁৱালি লৈ সমস্ত দ্বায়িত্ব লগতে নিজৰ সতি সন্ততিক ডাঙৰ দীঘল কৰা উপৰিও সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ জৰিয়তে নিজকে সমাজত প্ৰতিষ্ঠা কৰা ত্যাগ আমি পাহৰি যোবা উচিত নহয । আজি সমাজ ব্যৱস্থাত কিছু ক্ষেত্ৰত দেখা পোৱা যায যে মাতৃ সকলৰ কথা আমি পাহৰি নিলাজ ৰ দৰে আমি নিজৰ পুত্ৰ পৰিবাৰ লগত আনন্দত মতলীয়া হৈ পৰো । নিজা জন্ম দিযা মাতৃগৰাকীক দাসী দৰে ব্যৱহাৰ কৰো । বছৰৰ যিকোনো উৎসব আদিত নিজৰ মাতৃক পাহৰি যোৱা বহু উদাহৰণ আজি সমাজত পৰিলক্ষিত । এই সকলোবোৰ দোষ -কষ্ট সহ্য কৰি সতি সন্ততি বিপদৰ সময়ত সকলোতকৈ আগত খবৰ আৰু যত্ন লোৱা নাৰী গৰাকীয়ে হল মা ।""মা"" তুমি অনন্যা । কবি আনন্দ চন্দ্ৰ আগৰৱালা কৈছে --'---------- "" কোনে মোক তুলি -তালি কৰিলে ডাঙৰ মৌ সনা মিঠা মাতে মাৰিলে ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেওঁ মোৰ পূজনীয় মৰমৰ আই । """
Subscribe to:
Posts (Atom)