পুৰাণ আদি কৰি বহু শাস্ত্ৰ গ্ৰন্থত উল্লেখিত "" ব্ৰক্ষাৰ বা বিৰাট পুৰুষৰ মূখত ব্ৰাক্ষণ, বাহুত ক্ষত্ৰিয়, উৰুত বৈশ্য ,পদত শুদ্ৰ উৎপত্তি ৷ অন্যহাতে মুখমন্ডলৰ সৰ্ব্বোচ্চ স্থান কপালত একাদ্বশ ৰুদ্ৰ ( নাথ যোগী সকলৰ পূৰ্বপুৰুষ সকল) উৎপত্তি ৷
এতিয়া প্ৰশ্নহল একাদ্বশ ৰুদ্ৰ কোন? তেতিয়া আমি কব লাগিব যে, মহান,মহাত্মা,মতিমান,ভীষণ,ভয়ঙ্কৰ,ঋতু, উৰ্ধ্বকেশ,পিংগলাক্ষ, ৰুচি, শুচি,কালাগ্নি ৷ প্ৰজাপতি দক্ষই তেওঁ একাদ্বশ কন্যাক একাদ্বশ ৰুদ্ৰলৈ বিয়া দিয়ে ৷একাদ্বশ কন্যা হল - কলা,কলাবতী,কাষ্ঠা,কালিকা,কলহপ্ৰিয়া,কন্দলী,ভীষনা,ৰাস্না,প্ৰমাদা,ভূষণা, শুক্লী ৷
একাদ্বশ ৰুদ্ৰৰ বীৰ্যে একাদ্বশ ৰুদ্ৰপত্নী গৰ্ভত বহু বহু সংখ্যক শিৱভক্ত ৰুদ্ৰ জন্ম লাভ কৰে ৷ যিহেতু ৰুদ্ৰগন মহাযোগী ৷ সেইহে তেওঁলোকৰ পুত্ৰ সকল যোগী ৷ অন্যহাতে একাদ্বশ ৰুদ্ৰ সকল শিৱতুল্য গতিকে একাদ্বশ ৰুদ্ৰ নাম অনুসৰি একাদ্বশ গোত্ৰ ; আৰু প্ৰতিটো গোত্ৰত শিৱ নামযুক্ত ৷ যেনে -- মহান শিৱ গোত্ৰ, মহাত্মা শিৱগোত্ৰ ইত্যাদি ৷ প্ৰাচীন ভাৰতত একমাত্ৰ ব্ৰাক্ষণ সকলেহে সাধনা বা তপস্যা কৰিব পাৰিছিল ৷ অন্যসকলৰ বাবে নিষেধ আছিল ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, "" নাথ "" শব্দৰ অৰ্থ স্বামী,প্ৰভূ, ঈশ্বৰ,পতি ৷ নাথ যোগী সম্প্ৰদায়ৰ প্ৰধান বৃত্তি আছিল গুৰুগিৰি আৰু যজন- যাজন ৷ সেয়েহে এওঁলোক নাথ ৷ "" নাথন্তং গুৰু প্ৰোক্তিং ৷ "" নাথ যোগী সকল শিৱযোগী ৷ তেওঁলোক ঈশ্বৰ বা মহেশ্বৰ তুল্য, গুৰুৰূপে বন্দিত হৈ শিষ্যৰ তথা ভক্তৰ দ্বাৰা "" নাথ "" উপাধিত ভূষিত ৷ অন্যহাতে নাথ যোগী সকল যোগসাধনাত ৰত থকা কাৰণে জনগনই যোগী বুলি কয় বা জনগণৰ মাজত যোগী হিচাপে পৰিচিত ৷ নাথযোগী সকলক দুটা শ্ৰেণীত বিভক্ত ৷ গৃহস্থ বা বিন্দুজ বা যোনি বংশ আৰু সন্ন্যাসী বা নাদজ বা বিদ্যাবংশ ৷ দুয়োটা দলে সাধনা কৰি ব্ৰক্ষজ্ঞান লাভ কৰিব সক্ষম হৈছিল বাবে এই ৰুদ্ৰজ ব্ৰাক্ষণ সকলক শ্ৰেষ্ঠ ব্ৰাক্ষণ হিচাপে কব পৰা যায় ৷ ব্ৰাক্ষণ্য ধৰ্মৰ পুনঃ প্ৰতিষ্ঠাকাৰী জগতগুৰু শংকৰাচাৰ্য্য আছিল গোবিন্দ নাথৰ শিষ্য ৷ সকলো ব্ৰাক্ষণতকৈ শ্ৰেষ্ঠ ব্ৰাক্ষণ সম্প্ৰদায় হোৱা বাবে ব্ৰাক্ষণ্য ধৰ্মৰ ধ্বজাধাৰী শংকৰাচাৰ্য্যই নাথগুৰু ওচৰত দীক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও "" বল্লাল চৰিত্ৰ,আগম সংহিতা,ব্ৰক্ষবৈৰ্ৱত পুৰাণ"" ইত্যাদি গ্ৰন্থত নাথ যোগী সকলক ব্ৰাক্ষণ বুলি উল্লেখ কৰিছে ৷ যোগিনীতন্ত্ৰত সুন্দৰ ভাবে উল্লেখিত ---- "" যি তুৰুদ্ৰোদ্ভ বা বিপ্ৰাস্তপস সংযম সংযুতা ঃঃ ৷ ঐশ্বৰ্য্য সিদ্ধি সংযুক্তাস্তেতু নাথা প্ৰকীৰ্তিতাঃ ৷৷

No comments:
Post a Comment