Sunday, December 16, 2018

গায়ত্ৰী

"ওঁম ভূ ভবঃস্বঃতৎ সবিতু বৰ্ণৰেৰ্ণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ ""
( ঋকবেদ 3/4/10 -35/62/10, যজুবেদ 3/35,30/2, সামবেদ উত্তৰচ্চিক 6/3/10)
""পৰমাত্মা প্ৰাণস্বৰূপ, দুখনাশক আৰু সুখস্বৰূপ,সেই জগতসৃষ্টিকাৰী আৰু ঐশ্বৰ্যপ্ৰদাতা পৰমাত্মা বৰণযোগ্য পাপ বিনাশক সমগ্ৰ ঐশ্বৰ্যকতা ধাৰণ কৰি প্ৰজ্ঞা সমূহক যেন আমাক সত্য জ্ঞান প্ৰদান কৰক ৷ ""
  গায়ত্ৰী মন্ত্ৰ হল বৈদিক হিন্দুধৰ্মৰ অত্যন্ত গুৰুত্ব পূৰ্ণ মন্ত্ৰ; গায়ত্ৰী মন্ত্ৰ অন্য এটি নাম সাবিত্ৰী মন্ত্ৰ ৷ সাবিত্ৰীৰ ভিন্ন ভিন্ন বাখ্যা অনুসৰি এই মন্ত্ৰ সূৰ্য পূজা, যোগ,তন্ত্ৰ বা শাক্তধৰ্ম লগত সংযুক্ত ৷উপনয়ন সংস্কাৰৰ সময়ত গায়ত্ৰী দীক্ষা প্ৰদান কৰা লগতে দ্বিজ সকলে এইমন্ত্ৰ নিত্য জপ কৰে ৷
           ব্ৰক্ষৰ্ষি বিশ্বামিত্ৰ গায়ত্ৰী মন্ত্ৰ ৰচোঁতা ৷তেওঁ "ধনুবেদ ""সংকলৰ জডিয়তে মানৱ সমাজত গায়ত্ৰী প্ৰচাৰ কৰিছিল ৷ গায়ত্ৰী এনে একধৰনৰ মন্ত্ৰ যাক সকলো ধৰণৰ প্ৰাৰ্থনাত উচ্চাৰণ হয় ৷ইয়াৰ উপৰিও ঋকবেদ, যজুবেদ,সামবেদত এই মন্ত্ৰ উল্লেখিত ৷
         "" শব্দ কল্পদ্ৰুত "" অনুসৰি এবাৰ যজ্ঞস্থানত ব্ৰক্ষা পত্নী সাবিত্ৰীযে ব্ৰক্ষা অনুমতি নোলোৱাকৈ যজ্ঞ আসনত বহাত ব্ৰক্ষাই খংত অন্য নাৰীক বিয়া কৰা সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ আদেশ অনুসৰি ইন্দ্ৰ দেবতাই পাত্ৰী বিচাৰি আভীৰকন্যা ক মনোনীত কৰে আৰু বিষ্ণু অনুৰোধ অনুসৰি ব্ৰক্ষাই গন্ধৰ্ব বিবাহ কৰাই ৷সেইগৰাকী কন্যাই হল গায়ত্ৰী ৷

Monday, December 3, 2018

নাথ যোগী সকল ৰুদ্ৰজ ব্ৰাক্ষণ তথা বিদ্যাবংশ

পুৰাণ আদি কৰি বহু শাস্ত্ৰ গ্ৰন্থত উল্লেখিত "" ব্ৰক্ষাৰ বা বিৰাট পুৰুষৰ মূখত ব্ৰাক্ষণ, বাহুত ক্ষত্ৰিয়, উৰুত বৈশ্য ,পদত শুদ্ৰ উৎপত্তি ৷ অন্যহাতে মুখমন্ডলৰ সৰ্ব্বোচ্চ স্থান কপালত একাদ্বশ ৰুদ্ৰ ( নাথ যোগী সকলৰ পূৰ্বপুৰুষ সকল) উৎপত্তি ৷
এতিয়া প্ৰশ্নহল একাদ্বশ ৰুদ্ৰ কোন?  তেতিয়া আমি কব লাগিব যে, মহান,মহাত্মা,মতিমান,ভীষণ,ভয়ঙ্কৰ,ঋতু, উৰ্ধ্বকেশ,পিংগলাক্ষ, ৰুচি, শুচি,কালাগ্নি ৷ প্ৰজাপতি দক্ষই তেওঁ একাদ্বশ কন্যাক একাদ্বশ ৰুদ্ৰলৈ বিয়া দিয়ে ৷একাদ্বশ কন্যা হল - কলা,কলাবতী,কাষ্ঠা,কালিকা,কলহপ্ৰিয়া,কন্দলী,ভীষনা,ৰাস্না,প্ৰমাদা,ভূষণা, শুক্লী ৷
       একাদ্বশ ৰুদ্ৰৰ বীৰ্যে একাদ্বশ ৰুদ্ৰপত্নী গৰ্ভত বহু বহু সংখ্যক শিৱভক্ত ৰুদ্ৰ জন্ম লাভ কৰে ৷ যিহেতু ৰুদ্ৰগন মহাযোগী ৷ সেইহে তেওঁলোকৰ পুত্ৰ সকল যোগী ৷ অন্যহাতে একাদ্বশ ৰুদ্ৰ সকল শিৱতুল্য গতিকে একাদ্বশ ৰুদ্ৰ নাম অনুসৰি একাদ্বশ গোত্ৰ ; আৰু প্ৰতিটো গোত্ৰত শিৱ নামযুক্ত ৷ যেনে -- মহান শিৱ গোত্ৰ, মহাত্মা শিৱগোত্ৰ ইত্যাদি ৷ প্ৰাচীন ভাৰতত একমাত্ৰ ব্ৰাক্ষণ সকলেহে সাধনা বা তপস্যা কৰিব পাৰিছিল ৷ অন্যসকলৰ বাবে নিষেধ আছিল ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, "" নাথ "" শব্দৰ অৰ্থ স্বামী,প্ৰভূ, ঈশ্বৰ,পতি ৷ নাথ যোগী সম্প্ৰদায়ৰ প্ৰধান বৃত্তি আছিল গুৰুগিৰি আৰু যজন- যাজন ৷ সেয়েহে এওঁলোক নাথ ৷ "" নাথন্তং গুৰু প্ৰোক্তিং ৷ "" নাথ যোগী সকল শিৱযোগী ৷ তেওঁলোক ঈশ্বৰ বা মহেশ্বৰ তুল্য, গুৰুৰূপে বন্দিত হৈ শিষ্যৰ তথা ভক্তৰ দ্বাৰা "" নাথ "" উপাধিত ভূষিত ৷ অন্যহাতে নাথ যোগী সকল যোগসাধনাত ৰত থকা কাৰণে জনগনই যোগী বুলি কয় বা জনগণৰ মাজত যোগী হিচাপে পৰিচিত ৷ নাথযোগী সকলক দুটা শ্ৰেণীত বিভক্ত ৷ গৃহস্থ বা বিন্দুজ বা যোনি বংশ আৰু সন্ন্যাসী বা নাদজ বা বিদ্যাবংশ ৷ দুয়োটা দলে সাধনা কৰি ব্ৰক্ষজ্ঞান লাভ কৰিব সক্ষম হৈছিল বাবে এই ৰুদ্ৰজ ব্ৰাক্ষণ সকলক শ্ৰেষ্ঠ ব্ৰাক্ষণ হিচাপে কব পৰা যায় ৷ ব্ৰাক্ষণ্য ধৰ্মৰ পুনঃ প্ৰতিষ্ঠাকাৰী জগতগুৰু শংকৰাচাৰ্য্য আছিল গোবিন্দ নাথৰ শিষ্য ৷ সকলো ব্ৰাক্ষণতকৈ শ্ৰেষ্ঠ ব্ৰাক্ষণ সম্প্ৰদায় হোৱা বাবে ব্ৰাক্ষণ্য ধৰ্মৰ ধ্বজাধাৰী শংকৰাচাৰ্য্যই নাথগুৰু ওচৰত দীক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও "" বল্লাল চৰিত্ৰ,আগম সংহিতা,ব্ৰক্ষবৈৰ্ৱত পুৰাণ"" ইত্যাদি গ্ৰন্থত নাথ যোগী সকলক ব্ৰাক্ষণ বুলি উল্লেখ কৰিছে ৷ যোগিনীতন্ত্ৰত সুন্দৰ ভাবে উল্লেখিত ---- "" যি তুৰুদ্ৰোদ্ভ বা বিপ্ৰাস্তপস সংযম সংযুতা ঃঃ ৷ ঐশ্বৰ্য্য সিদ্ধি সংযুক্তাস্তেতু নাথা প্ৰকীৰ্তিতাঃ ৷৷ 

Sunday, November 25, 2018

তেনেকৈ নকবা তুমি ( কবিতা)

তেনেকৈ নকবা তুমি
মইযে তোমাৰ বাবে বলিয়া
জানানে বাৰু তুমি?
মোৰ মনে প্ৰতিক্ষণত তোমাকে বিচাৰে
তোমাক কাষত পালে মোক আৰু একো নালাগে
তেনেকৈ নকবা তুমি
"" অহা কাইলৈ লগপোৱা আশাৰে বুলি ৷ ""