Tuesday, January 8, 2019

নিলবেদ আৰু শোসম্বেদ কি?

আমি সকলোবে চাৰি বেদৰ বিষয়ে জানো;  কিন্তু যোগিতন্ত্ৰ কলা আৰু অনাদিপুৰাণত নিলবেদ আৰু শোসম্বেদ নামৰ দুখন বেদৰ বিষয়ে উল্লেখ পোৱা যায় ৷ যদিও বহু অনুসন্ধান কৰি এই বেদ দুখনৰ বিষয়ে কোনো ধৰণৰ বিবৰণ সংগ্ৰহ কৰিব পৰা নগল ৷ কিন্তু যোগিতন্ত্ৰ কলা আৰু বেদমালা নামৰ পুথি দুখনত নিম্ন উল্লেখিত ধৰণে ব্যাখা পোৱা গল ৷
"" সামবেদ, যজুবেদ,অথৰ্ববেদ, ঋগ্বেদ আয়৷
নিল অনিল বেদ যষ্ঠম বেদ সাৰ ৷ ( যোগিতন্ত্ৰ কলা)
"পঞ্চমূখী ব্ৰক্ষা এক মূখ কাটিয়াছে ৰুদ্ৰ ৷
সেই মূখ হইতে সুসম্বনা বেদ উৎ পন্ন ৷ "" ( বেদমালা) 

অজপা গায়ত্ৰী দীক্ষা বা হংস মন্ত্ৰ সাধনা::: নাথ যোগী তত্ব

গুৰু গোৰক্ষনাথ গুহ্য সাধন পদ্ধতি সংক্ষিপ্ত হল এনেধৰণৰ -----
""" হং "" কাৰে বৰ্হিয়াতি "" স "" কাৰে বিশেৎপুনঃ ৷
হংস - হংসেতি অমুং মন্ত্ৰং জীবো জপতি সৰ্বদা ৷৷
ষটশাতনি দিবাৰাত্ৰৌ সহস্ত্ৰান্যেক বিংশতিঃ ৷
এতৎ সংখ্যান্বিতং মন্ত্ৰং জীবো জপতি সৰ্বদা ৷৷
অজপা নাম গায়ত্ৰী যোগিনাং মোক্ষদায়িনী
তস্যাঃ স্মৰণ মাত্ৰেণ সৰ্বপাপৈঃ প্ৰমুচ্যতে ৷৷ ""
শ্বাস প্ৰশ্বাসৰ সময়ত ""হং "" শব্দ সৈতে বায়ু বাহিয়লৈ আহে আৰু "" স "" শব্দ জডিয়তে পুনবাৰ প্ৰবেশ কৰে ৷ জীৱই স্বাভাবিকত সদায় হংস মন্ত্ৰ জপ কৰে ৷ দিন ৰাতি 21600 বাৰ প্ৰত্যেকেই এই মন্ত্ৰ জপ কৰে ৷ ( প্ৰতি মিনিটত 15 বাৰ শ্বাস প্ৰশ্বাস হয় ৷ সেই হিচাপে 24×60×15 = 21600 বাৰ)  প্ৰত্যেক বাৰ শ্বাস প্ৰশ্বাসৰ সৈতে হংস জপ হয়; যদি মনোযোগে শ্বাস প্ৰশ্বাস গতি লক্ষ্য কৰা বা অনুভৱ কৰা হয় বা অভ্যাস কৰা হয় তেতিয়া অজপা নামৰ গায়ত্ৰী সাধনা কৰা হয় ৷ ওঠ,জিভা বা মনৰ জডিয়তে বিশেষ কোনো বীজমন্ত্ৰ বাৰ বাৰ উচ্চাৰণ কৰিলে ই জপ কৰা নুবুজায় গতিকে ইয়াৰ নাম হল অজপা ৷
অজপা গায়ত্ৰী যোগী সকলৰ মোক্ষদায়িনী ৷ সিদ্ধ মহাপুৰুষ সকলৰ বাদে কোনেও এই কৌশল ধৰা বা সেই পথে পৰিচালনা কৰা ক্ষমতা নাই ৷
হংস মন্ত্ৰ তাৎপৰ্য্য "" অহংস ------ সোহহং অৰ্থাৎ আমি স্বৰূপত ব্ৰক্ষ ৷শ্বাস গ্ৰহন আৰু ত্যাগ মধ্যবৰ্তী স্বভাবতঃ আমি ব্ৰক্ষত্ব প্ৰাপ্ত হও ৷ হংস অৰ্থাৎ পৰমাত্মা শিব চৈতন্যই প্ৰত্যেক পঞ্চ ভৌতিক দেহত অবস্থান কৰে ৷ জীৱ চৈতন্যক হংস নামে কথিত হয় ৷ ""হন্তি গচ্ছিন্তি কৃৎস্ন ---- শৰীৰং ব্যাপ্যবৰ্ততে ইতি হংসঃ প্ৰাণঃ জীৱ চৈতন্যম ৷ ""
বুদ্ধি কৌশলে শ্বাস প্ৰশ্বাস অনুকৰণ কৰি এই ভাবটি স্মৰশ কৰি কৰি স্থায়ী কৰা চেষ্টাই হল এই সাধনা উদ্দেশ্য ৷ যোগ শাস্ত্ৰ আৰু শৈবাগম তন্ত্ৰত হংস মন্ত্ৰকেই অজপা বুলি কোৱা হয় ৷ শ্বেতাশ্বত উপনিষদ ত হংস পদ হল বৈদিক মূল ৷ শৈবাগম তন্ত্ৰৰ অন্তৰ্গত সাৰদা তিলক তন্ত্ৰত হংস মন্ৰৰ দ্বাৰা ইষ্ট দেবতাক অৰ্ধ নাৰী ৰূপে কল্পনা কৰা হৈছে ৷